বাংলাদেশক পৰাস্ত কৰি পাকিস্তানী অধিনায়ক ছলমানৰ প্ৰত্যাহ্বান
ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ ছুপাৰ-৪ মেচত বাংলাদেশক ১১ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে পাকিস্তানে।
এই ৰোমাঞ্চকৰ জয়ৰ পিছত অধিনায়ক ছলমান আলী আঘাই এটা ডাঙৰ বিবৃতি দি কয় যে তেওঁলোকৰ দলৰ যিকোনো প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ ক্ষমতা আছে,আনকি ভাৰতকো।
এতিয়া এছিয়া কাপৰ ফাইনেলত ভাৰত আৰু পাকিস্তানৰ মাজত ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাযুদ্ধ নিশ্চিত কৰা হৈছে।মুঠতে এছিয়া কাপ ২০২৫ৰ খিতাপ দখলৰ বাবে এই প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে মুখামুখি হ’ব পাকিস্তান আৰু ভাৰত।
মেচখনৰ পিছত ছলমানে কয়-যদি আপুনি এনে মেচত জয়ী হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি এটা বিশেষ দল,সকলোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।আমাৰ বেটিঙৰ কিছু উন্নতিৰ প্ৰয়োজন, কিন্তু আমি ইয়াৰ ওপৰত কাম কৰিম।
ছুপাৰ-৪ মেচখনত পাকিস্তানে বাংলাদেশক ১৩৫ ৰানৰ লক্ষ্য দিছিল।ইয়াৰ পিছত বাংলাদেশ ১২৪ ৰানত সীমাবদ্ধ হৈ পৰে।বলাৰসকলে উজ্জ্বল প্ৰদৰ্শন কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়।
ছলমানে আৰু কয় যে-আমি জানো আমি কি কৰিব লাগিব।আমাৰ দলটোৱে যিকোনো ব্যক্তিক পৰাস্ত কৰিব পাৰে।আমি দেওবাৰে খেলপথাৰত উঠি ভাৰতক পৰাস্ত কৰাৰ চেষ্টা কৰিম।
লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া… দেৱদত্ত পাডিক্কালৰ প্ৰৱেশ, বাহিৰ কৰুণ নায়াৰ