মহুৱা মৈত্ৰ

স্বামীৰ হাতত হাত থৈ নৃত্যত মগন মহুৱা মৈত্ৰ; নৱ বিবাহিত দম্পতীৰ ভিডিঅ’ ভাইৰেল

স্বামীৰ সৈতে নৃত্যত মগন মহুৱা মৈত্ৰ টিএমচিৰ সাংসদ মহুৱা মৈত্ৰ আৰু বিজেডি নেতা পিনাকী মিশ্ৰৰ বিবাহৰ খবৰ বৰ্তমান চৰ্চাত আছে।এতিয়া নৱবিবাহিত দম্পতীৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ভিডিঅ’টো মাহুৱা মৈত্ৰই নিজেই তেওঁৰ হোৱাটছএপ ষ্টেটাছত আপডেট কৰিছে।ইয়াত স্বামী পিনাকী মিশ্ৰৰ সৈতে তেওঁক নাচি

স্বামীৰ সৈতে নৃত্যত মগন মহুৱা মৈত্ৰ

টিএমচিৰ সাংসদ মহুৱা মৈত্ৰ আৰু বিজেডি নেতা পিনাকী মিশ্ৰৰ বিবাহৰ খবৰ বৰ্তমান চৰ্চাত আছে।এতিয়া নৱবিবাহিত দম্পতীৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ভিডিঅ’টো মাহুৱা মৈত্ৰই নিজেই তেওঁৰ হোৱাটছএপ ষ্টেটাছত আপডেট কৰিছে।ইয়াত স্বামী পিনাকী মিশ্ৰৰ সৈতে তেওঁক নাচি থকা দেখিবলৈ পোৱা গৈছে।ভিডিঅ’টোৰ সৌন্দৰ্য্য আৰু সৰলতাই সমৰ্থকসকলৰ হৃদয় চুই গৈছে।

ভিডিঅ’টোত শাৰী পিন্ধি থকা মহুৱাক অতি সুন্দৰ দেখা গৈছে আৰু তেওঁৰ মুখত সুখৰ দৃশ্য দেখা গৈছে।একে সময়তে পিনাকী মিশ্ৰাইও নিজৰ জীৱন সংগীৰ সৈতে তালত তাল মিলাই নৃত্য কৰা দেখা গৈছে।

ভিডিঅ’টোত মহুৱা মৈত্ৰই স্বামী পিনাকী মিশ্ৰৰ হাতত ধৰি আপোনমনে নাচি থকা দেখা গৈছে। নৱবিবাহিত দম্পতীক ইজনে সিজনৰ চকুত হেৰাই যোৱা দেখা গৈছে।দুয়োজনে মহম্মদ ৰফি আৰু আশা ভোছলেইৰ এটা গীতত নৃত্যু কৰি আছিল।

৩ মে’ত জাৰ্মানীৰ বাৰ্লিনত মহুৱা মৈত্ৰ আৰু পিনাকী মিশ্ৰই বিবাহপাশত আৱদ্ধ  হয়।এই বিবাহ অনুষ্ঠানটো অতি ব্যক্তিগতভাৱে ৰখা হৈছিল।

আৰু বৃহস্পতিবাৰে মহুৱাই তেওঁৰ X একাউণ্টত এখন ফটো শ্বেয়াৰ কৰে, য’ত এই নৱবিবাহিত দম্পতীয়ে বিয়াৰ কেক কাটি থকা দেখা গৈছিল।

লগতে পঢ়ক: পুনৰ অশান্ত মণিপুৰ; আৰামবাই টেংগোল সদস্যক গ্ৰেপ্তাৰক লৈ প্ৰতিবাদ, ৫জিলাত কৰ্তন ইন্টাৰনেট সেৱা

শেহতীয়া প্ৰৱন্ধসমূহ