যোৱা মাহৰ ২৮ তাৰিখৰ পৰা সোণম ৱাংচুকে অনশন আৰম্ভ কৰিছিল, আৰু তাৰ পিছৰ পৰাই দিনে দিনে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তাৰ মাজতে এতিয়া চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁৰ সমৰ্থনত এটা পোষ্ট শ্বেয়াৰ কৰিছে।
সমাজকৰ্মী সোণম ৱাংচুকৰ অনশন ১৮ দিনলৈকে অব্যাহত আছে।বহুকেইগৰাকী তাৰকাই সোণমৰ সমৰ্থনত নিজৰ মাত মাতিছে। এতিয়া চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সোণম ৱাংচুকৰ সমৰ্থনত পোষ্ট শ্বেয়াৰ কৰিছে। অনুৰাগৰ মতে, অনশন কৰিব পৰাকৈ তেওঁৰ ইমান সাহস নাই। তেওঁ ৱাংচুকক অত্যন্ত সাহসী বুলি অভিহিত কৰে।
ইনষ্টাগ্ৰাম ষ্ট’ৰীত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লিখিছে-“এসময় আছিল যেতিয়া অনশন বা ভোক হৰতালৰ এটা অৰ্থ আছিল। মানুহে এনেয়ে ভোক হৰতালত বহি পৰা নাছিল। চিষ্টেম বা ব্যৱস্থাটো মানুহৰ জীৱনৰ প্ৰতি কেনেকৈ ইমান উদাসীন হৈ পৰিছে, সেয়া দেখাটো অতি দুখজনক। ভোক হৰতাল কেৱল সেইজন ব্যক্তিয়েহে কৰিব পাৰে যাৰ অন্তৰত আনৰ প্ৰতি সমবেদনা থাকে,যিয়ে সত্য আৰু ন্যায়ক বিশ্বাস কৰে। সোণম ৱাংচুকে যি কৰিলে, সেয়া কৰাৰ সাহস মোৰ নাই। কিন্তু ক্ষমতাত থকা সকলৰ নীৰৱতা ইমানেই গভীৰ যে ই তেওঁলোকৰ অপৰাধ আৰু কাৰোবাৰ প্ৰাণ লোৱাৰ মনোভাৱক প্ৰমাণ কৰে। মই সাহসী সোণম ৱাংচুকৰ সৈতে আছো।”
অনুৰাগ কেৱল ইমানতে ক্ষান্ত থকা নাছিল। তেওঁ ইনষ্টাগ্ৰামত আন এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে— “এতিয়া সীমা চেৰাই গৈছে।” কেপচনত তেওঁ লিখে-“বধিৰ সকলো ইমান বধিৰ নহয় আৰু অন্ধ সকলো ইমান অন্ধ নহয়। পশু আৰু দানৱৰ হৃদযো ইমান শিলৰ দৰে কঠিন নহয়। এওঁলোক তাতকৈও ভয়ংকৰ নৰখাদক। মৌন হৈ থকাটো এতিয়া লজ্জাজনক হৈ পৰিছে।”
অনুৰাগ কাশ্যপৰ পূৰ্বেও বহুতো তাৰকাই ৱাংচুকক সমৰ্থন জনাইছে। প্ৰকাশ ৰাজ, চিন্ময়ী শ্ৰীপদ, ওমি বৈদ্য, জীনত আমান, অভয় দেউল, ছোনী ৰাজদান, নাছিৰুদ্দিন শ্বাহ, ৰত্না পাঠক শ্বাহ, শাবানা আজমী, ৰুবিনা দিলাইকৰ দৰে শিল্পীসকলে ছচিয়েল মিডিয়াৰ জৰিয়তে ৱাংচুকৰ এই যুঁজত তেওঁৰ কাষত থিয় দিছে। ইয়াৰে বহুতে ৱাংচুকক অনশন ভংগ কৰিবলৈও অনুৰোধ জনাইছে।
লগতে পঢ়ক: “গৌৰী হিন্দু নহয়”; ‘লাভ জেহাদ’ৰ অভিযোগত প্ৰথমবাৰৰ বাবে মুখ খুলিলে আমিৰ খানে









