“মৌন হৈ থকাটো এতিয়া লজ্জাজনক হৈ পৰিছে”; সোণম ৱাংচুকৰ সমৰ্থনত অনুৰাগ কাশ্যপ

যোৱা মাহৰ ২৮ তাৰিখৰ পৰা সোণম ৱাংচুকে অনশন আৰম্ভ কৰিছিল, আৰু তাৰ পিছৰ পৰাই দিনে দিনে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তাৰ মাজতে এতিয়া চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁৰ সমৰ্থনত এটা পোষ্ট শ্বেয়াৰ কৰিছে।

সমাজকৰ্মী সোণম ৱাংচুকৰ অনশন ১৮ দিনলৈকে অব্যাহত আছে।বহুকেইগৰাকী তাৰকাই সোণমৰ সমৰ্থনত নিজৰ মাত মাতিছে। এতিয়া চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সোণম ৱাংচুকৰ সমৰ্থনত পোষ্ট শ্বেয়াৰ কৰিছে। অনুৰাগৰ মতে, অনশন কৰিব পৰাকৈ তেওঁৰ ইমান সাহস নাই। তেওঁ ৱাংচুকক অত্যন্ত সাহসী বুলি অভিহিত কৰে।

ইনষ্টাগ্ৰাম ষ্ট’ৰীত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লিখিছে-“এসময় আছিল যেতিয়া অনশন বা ভোক হৰতালৰ এটা অৰ্থ আছিল। মানুহে এনেয়ে ভোক হৰতালত বহি পৰা নাছিল। চিষ্টেম বা ব্যৱস্থাটো মানুহৰ জীৱনৰ প্ৰতি কেনেকৈ ইমান উদাসীন হৈ পৰিছে, সেয়া দেখাটো অতি দুখজনক। ভোক হৰতাল কেৱল সেইজন ব্যক্তিয়েহে কৰিব পাৰে যাৰ অন্তৰত আনৰ প্ৰতি সমবেদনা থাকে,যিয়ে সত্য আৰু ন্যায়ক বিশ্বাস কৰে। সোণম ৱাংচুকে যি কৰিলে, সেয়া কৰাৰ সাহস মোৰ নাই। কিন্তু ক্ষমতাত থকা সকলৰ নীৰৱতা ইমানেই গভীৰ যে ই তেওঁলোকৰ অপৰাধ আৰু কাৰোবাৰ প্ৰাণ লোৱাৰ মনোভাৱক প্ৰমাণ কৰে। মই সাহসী সোণম ৱাংচুকৰ সৈতে আছো।”

অনুৰাগ কেৱল ইমানতে ক্ষান্ত থকা নাছিল। তেওঁ ইনষ্টাগ্ৰামত আন এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে— “এতিয়া সীমা চেৰাই গৈছে।” কেপচনত তেওঁ লিখে-“বধিৰ সকলো ইমান বধিৰ নহয় আৰু অন্ধ সকলো ইমান অন্ধ নহয়। পশু আৰু দানৱৰ হৃদযো ইমান শিলৰ দৰে কঠিন নহয়। এওঁলোক তাতকৈও ভয়ংকৰ নৰখাদক। মৌন হৈ থকাটো এতিয়া লজ্জাজনক হৈ পৰিছে।”

অনুৰাগ কাশ্যপৰ পূৰ্বেও বহুতো তাৰকাই ৱাংচুকক সমৰ্থন জনাইছে। প্ৰকাশ ৰাজ, চিন্ময়ী শ্ৰীপদ, ওমি বৈদ্য, জীনত আমান, অভয় দেউল, ছোনী ৰাজদান, নাছিৰুদ্দিন শ্বাহ, ৰত্না পাঠক শ্বাহ, শাবানা আজমী, ৰুবিনা দিলাইকৰ দৰে শিল্পীসকলে ছচিয়েল মিডিয়াৰ জৰিয়তে ৱাংচুকৰ এই যুঁজত তেওঁৰ কাষত থিয় দিছে। ইয়াৰে বহুতে ৱাংচুকক অনশন ভংগ কৰিবলৈও অনুৰোধ জনাইছে।

লগতে পঢ়ক: “গৌৰী হিন্দু নহয়”; ‘লাভ জেহাদ’ৰ অভিযোগত প্ৰথমবাৰৰ বাবে মুখ খুলিলে আমিৰ খানে

‘মৰ্যদা পাহৰিলোঁ…’ সামাজিক মাধ্যমত ক্ষমা বিচাৰিলে অনুৰাগ কাশ্যপে

চলচ্চিত্ৰ নিৰ্মাতা-অভিনেতা অনুৰাগ কাশ্যপ বৰ্তমান বিশেষ বিতৰ্কৰ বাবে চৰ্চাত আছে । শেহতীয়াকৈ তেওঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিষয়ে কিছু মন্তব্য কৰিছিল, তাৰ পিছত তেওঁ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ পিছতে এতিয়া অনুৰাগ কাশ্যপে ক্ষমা বিচাৰিছে । ছচিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট লিখি ক্ষমা বিচাৰিছে চলচ্চিত্ৰ পৰিচালকজনে ।

ক্ষমা বিচাৰিলে অনুৰাগ কাশ্যপে-

অনুৰাগ কাশ্যপে লিখিছে, ‘খঙেৰে কাৰোবাক উত্তৰ দিওঁতে মোৰ মৰ্যদা পাহৰিলোঁ আৰু সমগ্ৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিষয়ে বেয়াকৈ ক’লো । সেই সমাজখন, যাৰ বহু লোক মোৰ জীৱনত আছিল, এতিয়াও আছে আৰু বহুত অৰিহণা যোগাইছে । আজি তেওঁলোক সকলোৱে মোৰ বাবে আঘাত পাইছে । মই সন্মান কৰা বহু বুদ্ধিজীৱীয়ে সেই খঙত কথা কোৱাৰ ধৰণত আঘাত পায় । এনে এটা কথা কৈ মই নিজেই বিষয়টোৰ পৰা বিচ্যুত হ’লোঁ ৷’

অনুৰাগে আৰু লিখিছে, ‘মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছো । এই সমাজখনক মই এই কথা ক’ব বিচৰা নাছিলো, কিন্তু খঙত কাৰোবাৰ বেয়া মন্তব্যৰ প্ৰতি সঁহাৰি জনাই লিখিছিলোঁ । মই ক্ষমা বিচাৰিছোঁ । মোৰ কথা কোৱাৰ ধৰণ আৰু গালি-গালাজৰ বাবে মোৰ সকলো সতীৰ্থ বন্ধুৰ পৰা, মোৰ পৰিয়ালৰ পৰা আৰু সেই সম্প্ৰদায়ৰ পৰা মই ক্ষমা বিচাৰিছো । এতিয়া মই ইয়াৰ ওপৰত কাম কৰিম যাতে পুনৰ এনেকুৱা নহয় । মোৰ খঙৰ ওপৰত কাম কৰিম আৰু যদি বিষয়টোৰ ওপৰত কথা পাতিব লাগে তেন্তে সঠিক শব্দ ব্যৱহাৰ কৰিম । আশাকৰোঁ আপোনালোকে মোক ক্ষমা কৰিব ।’

উল্লেখ্য যে, শেহতীয়াকৈ ফুলে নামৰ এখন হিন্দী ছবি মুক্তি পাবলগীয়া আছিল । কিন্তু এই ছবিখনে জাতিবাদৰ প্ৰচাৰ কৰা বাবে মুক্তি পাব নোৱাৰিলে । ইয়াৰ পিছত অনুৰাগ কাশ্যপে চেন্সৰ ব’ৰ্ড আৰু ব্ৰাহ্মণ সমাজক লৈ ছ’চিয়েল মিডিয়াত বহু আপত্তিজনক মন্তব্য কৰে । ইয়াৰ পিছত অনুৰাগে বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ।

বিতৰ্কিত মন্তব্যৰ পিছতে অনুৰাগ কাশ্যপৰ নতুন পোষ্ট…

অভিনেতা প্ৰতীক গান্ধী আৰু পত্ৰলেখাৰ ছবি ‘ফুলে’ বিগত কিছু দিনৰ পৰা বিতৰ্কৰ মাজত আবদ্ধ হৈ আছে । সমাজ সংস্কাৰক দম্পতী জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুক্তি পিছুৱাই দিয়া হৈছে । ছবিখনে জাতিবাদ বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল । অনুৰাগ কাশ্যপে ছবিখনৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা সন্দৰ্ভত চেঞ্চৰ ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশন তথা চি বি এফ চিৰ বিষয়ে এটা পোষ্ট লিখিছিল ।

এতিয়া অনুৰাগে পুনৰ এবাৰ বিতৰ্কিত বক্তব্য দি ক্ষোভ প্ৰকাশ কৰিলে । ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা প্ৰকাশ কৰি বিতৰ্কিত বিবৃতি দিলে । কিন্তু এতিয়া পৰিচালকজনে ক্ষমা বিচাৰিছে আৰু স্পষ্টীকৰণ দিছে । ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগে লিখিছে যে আপুনি মোক যি মন যায় কব পাৰে, কিন্তু পৰিয়ালটোক ৰেহাই দিয়ক ।

অনুৰাগৰ পোষ্ট-

ক্ষমা কৰিব । কিন্তু মই এইটো মোৰ পোষ্টৰ বাবে নহয়, সেই এটা শাৰীৰ বাবেহে বিচাৰিছো যিটো ভুল ধৰণেৰে লোৱা হৈছিল আৰু ঘৃণা বিয়পি পৰিল । আপোনাৰ ছোৱালী, পৰিয়াল, বন্ধু-বান্ধৱী আৰু আপোনজনতকৈ কোনো কাম বা কথা-বতৰা বেছি গুৰুত্বপূৰ্ণ নহয় । তেওঁলোকে ধৰ্ষণৰ ভাবুকি লাভ কৰিছে । হত্যাৰ ভাবুকি দিয়া হৈছে । নিজকে সংস্কৃতিবান বুলি কোৱা সকলে এই সকলোবোৰ কৰি আছে । গতিকে যি কোৱা হৈছে সেয়া উভতাই ল’ব নোৱাৰি আৰু মইও উভতাই নলওঁ, কিন্তু আপুনি মোক যিমান বিচাৰে সিমান গালি-গালাজ কৰিব পাৰে ।

তেওঁ লগতে কয়, মোৰ পৰিয়ালে একো কোৱা নাই । গতিকে যদি আপুনি মোৰ পৰা ক্ষমা বিচাৰিছে, তেন্তে এইটো মোৰ ক্ষমাপ্ৰাৰ্থনা । ব্ৰাহ্মণসকল, অনুগ্ৰহ কৰি নাৰীসকলক ৰেহাই দিয়ক, এনে মূল্যবোধ কেৱল মনুবাদত নহয়, শাস্ত্ৰতো আছে । আপুনি কোন ধৰণৰ ব্ৰাহ্মণ সেইটো নিৰ্ণয় কৰক । বাকীবোৰৰ বাবে মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছো ।

ছবিখনৰ ওপৰত মন্তব্য কৰিছিল অনুৰাগ কাশ্যপে-

অনুৰাগ কাশ্যপে ছবিখনৰ বিতৰ্কৰ সৈতে জড়িত এটা খবৰ তেওঁৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ জীৱনৰ প্ৰথমখন নাটক আছিল জ্যোতিবা আৰু সাবিত্ৰীবাই ফুলেৰ ওপৰত । যদি এই দেশত জাতিবাদ নাছিল তেন্তে তেওঁলোকৰ যুঁজ দিয়াৰ কি প্ৰয়োজন আছিল । এতিয়া এই ব্ৰাহ্মণ সকলে লাজ অনুভৱ কৰিছে বা লাজতে মৰিছে বা তেওঁলোকে বেলেগ ব্ৰাহ্মণ ভাৰতত বাস কৰি আছে যিটো আমি চাব পৰা নাই, কোনোবাই বুজাই দিয়ক কোন মূৰ্খ ।