তৃণমূলৰ ভিতৰত হোৱা বিভাজনৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে,যাৰ ছেটিং আছে, তেওঁলোক বিজেপিৰ ৱাশ্বিং মেচিনলৈ গৈ আছে।
তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কামাৰহাটীৰ বিধায়ক মদন মিত্ৰই বুধবাৰে (১৫ জুলাই) মমতা বেনাৰ্জীৰ নেতৃত্বাধীন ফৈদৰ সকলো পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে তেওঁ বিৰোধী নেতা ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন আন এটা গোটত যোগদান কৰে। বিদ্ৰোহী নেতাসকলক বিশ্বাসঘাটক বুলি আখ্যা দি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। তেওঁ কয় যে যিসকলে টিএমচি এৰি যাব বিচাৰে তেওঁলোকে যাব পাৰে।
মমতা বেনাৰ্জীয়ে লগতে কয়, ‘বিজেপিয়ে বিচাৰিছিল মোৰ হাৰ্ট এটেক হওক, কিন্তু মই তেওঁলোকক ক’ব বিচাৰো যে যেতিয়ালৈকে বিজেপিৰ অন্ত নহয়, তেতিয়ালৈকে মই জীয়াই থাকিম।’ তৃণমূলৰ বিভাজনৰ পিছত অভিষেক বেনাৰ্জীক ৰক্ষা কৰি তেওঁ কয় যে তেওঁৰ ভতিজাকক দলটোক আক্ৰমণ কৰাৰ এটা ‘অজুহাত’ কৰি লোৱা হৈছে। মমতা বেনাৰ্জীয়ে কয় যে অভিষেক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক বাৰে বাৰে তলব কৰা হৈছিল, কিন্তু তেওঁলোকে বুজাবুজি কৰি সকাহ পোৱাৰ পৰিৱৰ্তে ৰাজনৈতিক যুঁজখন চলাই নিয়াটোকে বাছি ল’লে।
শেহতীয়াকৈ মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰা কেইবাজনো জ্যেষ্ঠ নেতাই অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে একনায়কত্ববাদীভাৱে দল চলোৱা আৰু ভয়ৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। দল সলনি কৰা নেতাসকলক লক্ষ্য কৰি মমতা বেনাৰ্জীয়ে কয়, ‘মই বিশ্বাসঘাটকসকলৰ হৈ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই ৰাজনৈতিক অস্তিত্ব ৰক্ষা কৰিবলৈ নিজৰ ‘বিবেক’ বিক্ৰী কৰা নাই।’ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে বুজাবুজি কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই তেওঁ আৰু তেওঁৰ পৰিয়ালে ধাৰাবাহিকভাৱে ৰাজনৈতিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে বিজেপিয়ে তদন্তকাৰী সংস্থা আৰু আৰক্ষীক ব্যৱহাৰ কৰি নেতাসকলক দল সলনি কৰিবলৈ বাধ্য কৰাইছে। তেওঁ দাবী কৰে যে বহু নেতাই ভয়ৰ বাবেই আন দললৈ গুচি গৈছে। তেওঁ কয়, ‘লোকসভা আৰু ৰাজ্যসভাত এতিয়াও আমাৰ ১৮ গৰাকী সাংসদ আছে। যিসকল সাংসদে ‘ছেটিং কোম্পানী’ত যোগ দিছে, তেওঁলোকে আৰক্ষীৰ ভয়তহে তেনে কৰিছে।’
মমতা বেনাৰ্জীয়ে বিজেপিৰ নাম নোলোৱাকৈয়ে কয় যে তৃণমূল কংগ্ৰেছ এৰি যোৱা নেতাসকল বিজেপিৰ ‘ৱাশ্বিং মেচিন’ আৰু বিজেপি সমৰ্থিত তৃণমূলৰ বিদ্ৰোহী গোটলৈ গৈ আছে। তেওঁ কয়, ‘যিজন ব্যক্তি (মদন মিত্ৰ) আজি গ’ল, তেওঁ কালি আমাক কৈছিল যে তেওঁ আৰু তেওঁৰ পৰিয়ালে চমন পাইছে। তেতিয়াই আমি বুজি পাইছিলোঁ যে তেওঁ দল সলনি কৰিব পাৰে। যাৰ ছেটিং আছে, তেওঁলোক বিজেপিৰ ৱাশ্বিং মেচিনলৈ গৈ আছে।’
লগতে পঢ়ক: ‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ









