“তেওঁলোকে বিচাৰিছিল মোৰ হাৰ্ট এটেক হওক, কিন্তু…”; বিদ্ৰোহৰ মাজতে বিজেপিক তীব্ৰ সমালোচনা মমতা বেনাৰ্জীৰ

তৃণমূলৰ ভিতৰত হোৱা বিভাজনৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে,যাৰ ছেটিং আছে, তেওঁলোক বিজেপিৰ ৱাশ্বিং মেচিনলৈ গৈ আছে।

তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কামাৰহাটীৰ বিধায়ক মদন মিত্ৰই বুধবাৰে (১৫ জুলাই) মমতা বেনাৰ্জীৰ নেতৃত্বাধীন ফৈদৰ সকলো পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে তেওঁ বিৰোধী নেতা ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন আন এটা গোটত যোগদান কৰে। বিদ্ৰোহী নেতাসকলক বিশ্বাসঘাটক বুলি আখ্যা দি  প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। তেওঁ কয় যে যিসকলে টিএমচি এৰি যাব বিচাৰে তেওঁলোকে যাব পাৰে।

মমতা বেনাৰ্জীয়ে লগতে কয়, ‘বিজেপিয়ে বিচাৰিছিল মোৰ হাৰ্ট এটেক হওক, কিন্তু মই তেওঁলোকক ক’ব বিচাৰো যে যেতিয়ালৈকে বিজেপিৰ অন্ত নহয়, তেতিয়ালৈকে মই জীয়াই থাকিম।’ তৃণমূলৰ বিভাজনৰ পিছত অভিষেক বেনাৰ্জীক ৰক্ষা কৰি তেওঁ কয় যে তেওঁৰ ভতিজাকক দলটোক আক্ৰমণ কৰাৰ এটা ‘অজুহাত’ কৰি লোৱা হৈছে। মমতা বেনাৰ্জীয়ে কয় যে অভিষেক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক বাৰে বাৰে তলব কৰা হৈছিল, কিন্তু তেওঁলোকে বুজাবুজি কৰি সকাহ পোৱাৰ পৰিৱৰ্তে ৰাজনৈতিক যুঁজখন চলাই নিয়াটোকে বাছি ল’লে।

শেহতীয়াকৈ মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰা কেইবাজনো জ্যেষ্ঠ নেতাই অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে একনায়কত্ববাদীভাৱে দল চলোৱা আৰু ভয়ৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। দল সলনি কৰা নেতাসকলক লক্ষ্য কৰি মমতা বেনাৰ্জীয়ে কয়, ‘মই বিশ্বাসঘাটকসকলৰ হৈ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই ৰাজনৈতিক অস্তিত্ব ৰক্ষা কৰিবলৈ নিজৰ ‘বিবেক’ বিক্ৰী কৰা নাই।’ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে বুজাবুজি কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই তেওঁ আৰু তেওঁৰ পৰিয়ালে ধাৰাবাহিকভাৱে ৰাজনৈতিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে বিজেপিয়ে তদন্তকাৰী সংস্থা আৰু আৰক্ষীক ব্যৱহাৰ কৰি নেতাসকলক দল সলনি কৰিবলৈ বাধ্য কৰাইছে। তেওঁ দাবী কৰে যে বহু নেতাই ভয়ৰ বাবেই আন দললৈ গুচি গৈছে। তেওঁ কয়, ‘লোকসভা আৰু ৰাজ্যসভাত এতিয়াও আমাৰ ১৮ গৰাকী সাংসদ আছে। যিসকল সাংসদে ‘ছেটিং কোম্পানী’ত যোগ দিছে, তেওঁলোকে আৰক্ষীৰ ভয়তহে তেনে কৰিছে।’

মমতা বেনাৰ্জীয়ে বিজেপিৰ নাম নোলোৱাকৈয়ে কয় যে তৃণমূল কংগ্ৰেছ এৰি যোৱা নেতাসকল বিজেপিৰ ‘ৱাশ্বিং মেচিন’ আৰু বিজেপি সমৰ্থিত তৃণমূলৰ বিদ্ৰোহী গোটলৈ গৈ আছে। তেওঁ কয়, ‘যিজন ব্যক্তি (মদন মিত্ৰ) আজি গ’ল, তেওঁ কালি আমাক কৈছিল যে তেওঁ আৰু তেওঁৰ পৰিয়ালে চমন পাইছে। তেতিয়াই আমি বুজি পাইছিলোঁ যে তেওঁ দল সলনি কৰিব পাৰে। যাৰ ছেটিং আছে, তেওঁলোক বিজেপিৰ ৱাশ্বিং মেচিনলৈ গৈ আছে।’

লগতে পঢ়ক: ‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ

‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ

বহৰামপুৰত উপস্থিত হৈ পশ্চিম বংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি লয়।

পশ্চিম বংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে শুক্রবাৰে (১০ জুলাই, ২০২৬) মুৰ্ছিদাবাদ জিলাৰ বহৰামপুৰ চহৰ ভ্ৰমণ কৰে, য’ত তেওঁ মুৰ্ছিদাবাদৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ AJUP মুৰব্বী হুমায়ুন কবীৰক লক্ষ্য কৰি কয়, ‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়। জনপ্ৰতিনিধিসকলৰ দায়িত্বহীন আৰু আপত্তিজনক মন্তব্য কোনো কাৰণতে সহ্য কৰা নহ’ব।’

ৰেজীনগৰ বিধানসভা উপ-নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ কয়, ‘দুটা মাহৰ ভিতৰত ৰেজীনগৰ বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু আমাৰ মনোযোগ মুৰ্ছিদাবাদৰ উন্নয়নৰ ওপৰত কেন্দ্ৰীভূত হৈ আছে। আমি মুৰ্ছিদাবাদত উন্নয়নৰ ৰাজনীতি কৰিম, দীৰ্ঘদিন ধৰি চলি অহা হিন্দু-মুছলমানৰ ৰাজনীতি নকৰো। উন্নয়নমূলক কাম-কাজত কোনো ব্যক্তিৰ ধৰ্মীয় পৰিচয় চোৱা নহ’ব। চৰকাৰে সকলো নাগৰিকৰ বাবে সমানে কাম কৰি আছে আৰু আমাৰ লক্ষ্য হৈছে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন আৰু সকলো মানুহৰ কল্যাণৰ বাবে কাম কৰা।’

আনহাতে, ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়, ‘ৰাজ্যৰ আইন-শৃংখলাৰ সন্দৰ্ভত আমি পৰ্যালোচনা কৰিছোঁ যে ইয়াত বকৰি ঈদ আৰু মহৰমৰ দৰে ডাঙৰ ডাঙৰ উৎসৱসমূহ উদযাপন কৰা হৈছে। অনাগত দিনত ৰথ যাত্ৰা আৰু শাওণ মাহৰ জল যাত্ৰাও হ’ব। আমাৰ উদ্দেশ্য হৈছে আইন-শৃংখলা পৰিস্থিতি সুচাৰুৰূপে পৰিচালিত কৰা আৰু সকলোৱে আইনক সন্মান কৰা।’

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বহৰামপুৰ ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়, ‘যিকোনো মূল্যৰ বিনিময়ত ৰাজ্যত আইন-শৃংখলা বজাই ৰখা হ’ব। ৰে’ললাইনত জুই লগোৱা, আৰক্ষী থানা আৰু বিডিঅ’ অফিচত জুই লগোৱা আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাটো এতিয়া অতীতৰ কথা হৈ পৰিছে। মহিলাৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে সীমান্তৱৰ্তী এলেকাসমূহত মানৱ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।’

লগতে পঢ়ক: তৃণমূল এৰি বিজেপিলৈ যোৱাৰ ডাঙৰ উপহাৰ! ২৪ ঘণ্টা নৌহওঁতেই ৩ নেতাক ৰাজ্যসভাৰ টিকট

মমতাৰ সংগ ত্যাগ চন্দ্ৰিমা ভট্টাচাৰ্যৰ; এৰিলে ৰাজ্যিক সভাপতিৰ পদ

পশ্চিম বংগত আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে টিএমচি। টিএমচিৰ জ্যেষ্ঠ নেত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই দলীয় সকলো পদৰ পৰা পদত্যাগ কৰিছে।

বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত ইতিমধ্যে সংকটত ভুগি থকা তৃণমূল কংগ্ৰেছ এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে।

প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ অত্যন্ত ঘনিষ্ঠ তথা টিএমচিৰ ‘ৰাইট হেণ্ড’ বুলি গণ্য কৰা চন্দ্ৰিমা ভট্টাচাৰ্যই দলৰ সকলো সাংগঠনিক পদৰ পৰা পদত্যাগ কৰিছে। টিএমচিৰ ভিতৰচ’ৰাত চলি থকা এই খেলিমেলিৰ মাজতে মমতা বেনাৰ্জীৰ আটাইতকৈ বিশ্বাসী সহযোগীসকলৰ অন্যতম চন্দ্ৰিমাৰ এনেদৰে হঠাতে আঁতৰি যোৱাটো টিএমচিৰ বাবে এক বৃহৎ ৰাজনৈতিক আঘাত হিচাপে বিবেচিত হৈছে।

তথ্য অনুসৰি, টিএমচিৰ ৰাজ্যিক সভানেত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই দলৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ লিখি নিজৰ এই সিদ্ধান্তৰ কথা জনাইছে। এই পত্ৰখনত ভট্টাচাৰ্যই স্পষ্ট কৰি দিছে যে তেওঁ কেৱল সাংগঠনিক পদৰ পৰাই মুক্ত হোৱা নাই, বৰঞ্চ দলৰ গুৰুত্বপূৰ্ণ বিত্তীয় আৰু প্ৰশাসনিক সিদ্ধান্তৰ সৈতে জড়িত স্বাক্ষৰ কৰাৰ কৰ্তৃত্বৰ পদৰ পৰাও তাৎক্ষণিকভাৱে আঁতৰি আহিছে।

চন্দ্ৰিমা ভট্টাচাৰ্য দীৰ্ঘদিন ধৰি তৃণমূল কংগ্ৰেছৰ এক শক্তিশালী মুখ হৈ আহিছে আৰু চৰকাৰৰ পৰা আৰম্ভ কৰি সংগঠনলৈকে তেওঁৰ এক শক্তিশালী দখল থকা বুলি ধৰা হৈছিল। বৰ্তমান এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছ বা মমতা বেনাৰ্জীৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই, কিন্তু এই ঘটনাই বংগৰ ৰাজনৈতিক উষ্ণতা হঠাতে বৃদ্ধি কৰি তুলিছে।

লগতে পঢ়ক: পুনৰ বাহাল হ’ল লালু যাদৱ আৰু ৰাবড়ী দেৱীৰ Z কেটেগৰীৰ নিৰাপত্তা

বংগৰ ৰাজনীতিত জোকাৰণি! অধ্যক্ষ পদৰ পৰা অপসাৰণ মমতা বেনাৰ্জীক!

নিৰ্বাচনী বিপৰ্যয়ৰ পিছতে ইটোৰ পিছত সিটো আঘাতৰ সন্মুখীন হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক মমতা বেনাৰ্জী । এইবাৰ মমতা বেনাৰ্জীক দলৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা বুলি ঘোষণা কৰিছে এটা বিদ্ৰোহী গোটে ।

পশ্চিমবংগৰ ৰাজনীতিত এক অভূতপূৰ্ব ঐতিহাসিক জোকাৰণি! তৃণমূল কংগ্ৰেছৰ অভ্যন্তৰত সৃষ্টি হোৱা এক তীব্ৰ বিদ্ৰোহৰ ফলস্বৰূপে দলৰ প্ৰতিষ্ঠাপক তথা অন্যতম শক্তিশালী নেত্ৰী মমতা বেনাৰ্জীক দলৰ অধ্যক্ষ পদৰ পৰা “অপসাৰণ” কৰা বুলি ঘোষণা কৰিছে এটা বিদ্ৰোহী গোটে । কেৱল ইমানেই নহয়, এই গোটটোৱে দলৰ এটা সমান্তৰাল নেতৃত্বও গঠন কৰি উলিয়াইছে ।

পঞ্চতাৰকা হোটেলত গোপন বৈঠক

পশ্চিমবংগ বিধানসভাত নতুনকৈ গঠন হোৱা বিজেপি চৰকাৰে নিজৰ প্ৰথমখন বাজেট উত্থাপন কৰাৰ দিনাই এই সমগ্ৰ ঘটনাৱলী পোহৰলৈ আহে । বিধানসভাৰ বাজেটৰ ঠিক পিছতেই তৃণমূলৰ বিদ্ৰোহী বিধায়ক আৰু নেতাসকলে কলকাতাৰ নিউ টাউন অঞ্চলৰ এখন পঞ্চতাৰকা হোটেলত এখন বিশেষ জৰুৰী বৈঠকত মিলিত হয় ।

বিৰোধী দলপতি ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত দলৰ কেইবাজনো জ্যেষ্ঠ নেতা, বৰ্তমানৰ আৰু প্ৰাক্তন বিধায়ক, জিলা সভাপতি তথা কাউঞ্চিলৰসহ প্ৰায় ৫০০ গৰাকী তৃণমূল কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে । এই গোটটোৰ দাবী যে তেওঁলোকৰ সৈতে তৃণমূলৰ এক বৃহৎ অংশৰ বিধায়ক আৰু কৰ্মকৰ্তাৰ সমৰ্থন আছে ।

১৯৯৮ চনত মমতা বেনাৰ্জীয়ে প্ৰতিষ্ঠা কৰা দলটোৰ নিয়ন্ত্ৰণ এতিয়া নিজৰ হাতলৈ নিবলৈ উঠি-পৰি লাগিছে এই বিদ্ৰোহী গোটটো । বৈঠকৰ সিদ্ধান্ত মৰ্মে মৌখিক ভোটৰ জৰিয়তে বিধায়ক অৰূপ ৰায়ক নতুন ‘প্ৰকৃত’ তৃণমূলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে । লগতে মমতা বেনাৰ্জীৰ অত্যন্ত ঘনিষ্ঠ হিচাপে পৰিচিত কলকাতাৰ প্ৰাক্তন মেয়ৰ ফিৰহাদ হাকিম, অৰূপ বিশ্বাস, ৰথীন ঘোষ আৰু চবিনা ইয়াছমিনক উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে । ইফালে ঋতব্ৰত বেনাৰ্জী, জাভেদ খান আৰু সন্দীপন সাহাক সাধাৰণ সম্পাদক আৰু আখৰুজ্জামান আনছাৰীক কোষাধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে ।

নোহোৱা হ’ল মমতা-অভিষেকৰ ছবি

এই বিশেষ বৈঠকৰ আটাইতকৈ লক্ষ্যণীয় দিশটো আছিল যে মঞ্চত তৃণমূলৰ দলীয় প্ৰতীক জিলিকি আছিল যদিও, তাত মমতা বেনাৰ্জী আৰু তেওঁৰ ভতিজা অভিষেক বেনাৰ্জীৰ কোনো ছবি বা পোষ্টাৰ নাছিল ।

বিদ্ৰোহী নেতাসকলৰ মতে, দলৰ ভিতৰত এক ডাঙৰ “সাংবিধানিক সংকট” দেখা দিছিল । দলৰ সংবিধান অনুসৰি প্ৰতি তিনি বছৰৰ মূৰে মূৰে এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটি পুনৰ গঠন কৰাটো বাধ্যতামূলক । কিন্তু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত এই কমিটিৰ কোনো নৱীকৰণ কৰা হোৱা নাছিল । সেয়েহে তেওঁলোকে এখন নতুন ৩০ জনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটি গঠন কৰিছে আৰু দলৰ বিত্তীয় দিশসমূহ পৰীক্ষা কৰিবলৈ এজন হিচাপ পৰীক্ষক নিযুক্তি দিয়াৰো সিদ্ধান্ত লৈছে ।

সৰৱ মূল তৃণমূল : বিদ্ৰোহী নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী

বিদ্ৰোহীসকলে নিজৰ নতুন কমিটি ঘোষণা কৰাৰ লগে লগে অফিচিয়েল বা মূল তৃণমূল কংগ্ৰেছৰ নেতৃত্বও সক্ৰিয় হৈ পৰিছে । দলৰ অনুশাসন কমিটিয়ে ইয়াক তীব্ৰ গৰিহণা দিছে ।

“ইচ্ছাপূৰ্বকভাৱে দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা”ৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি দলৰ অনুশাসন কমিটিয়ে ইতিমধ্যে ফিৰহাদ হাকিম, অৰূপ বিশ্বাস, অৰূপ ৰায়, জাভেদ খান, ৰথীন ঘোষ, বিপ্লৱ মিত্ৰ, স্নেহাশীষ চক্ৰৱৰ্তী আৰু চবিনা ইয়াছমিনসহ সকলো বিদ্ৰোহী নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ।

লগতে পঢ়ক : পুনৰ অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল; বিধায়কৰূপে ললে শপত

ঋতব্ৰত বেনাৰ্জীয়েই থাকিব বিৰোধী দলপতিঃ উচ্চ ন্যায়ালয়ত মমতাৰ মুখথেকেচা!

আদালতৰ পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত অধ্যক্ষৰ সিদ্ধান্ত বাহাল থাকিব আৰু ঋতব্ৰত বেনাৰ্জীয়েই বিৰোধী দলপতি হৈ থাকিব

তৃণমূল কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি থকা তীব্ৰ বিদ্ৰোহ আৰু খহনীয়াৰ মাজতে কলকাতা উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে । তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী নেতা ঋতব্ৰত বেনাৰ্জীক পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি হিচাপে নিযুক্তি দিয়া অধ্যক্ষৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তৰা গোচৰত কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চ ন্যায়ালয়ে ।

অৰ্থাৎ, আদালতৰ পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত অধ্যক্ষৰ সিদ্ধান্ত বাহাল থাকিব আৰু ঋতব্ৰত বেনাৰ্জীয়েই বিৰোধী দলপতি হৈ থাকিব ।

আদালতৰ মজিয়াত কি হ’ল ?

গোচৰটোৰ শুনানি গ্ৰহণ কৰি জ্যেষ্ঠ ন্যায়াধীশ কৃষ্ণ ৰাৱে আটাইকেইটা পক্ষকে ৩ সপ্তাহৰ ভিতৰত বিৰোধিতাৰ শপতনামাহ আৰু পৰৱৰ্তী ২ সপ্তাহৰ ভিতৰত ইয়াৰ প্ৰত্যুত্তৰ দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে । গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ২৮ জুলাইত অনুষ্ঠিত হ’ব ।

আদালতৰ এই স্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টিএমচিৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীয়ে কয় :

“উচ্চ ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন আদেশ দিয়া নাই ঠিকেই, কিন্তু আবেদনখন খাৰিজ নকৰি গ্ৰহণ কৰিছে । শপতনামাহ দাখিলৰ নিৰ্দেশ দিয়া হৈছে আৰু জুলাই মাহতেই ইয়াৰ চূড়ান্ত শুনানি হ’ব ।”

বিধানসভা আৰু লোকসভাত টিএমচিৰ মোক্ষম আঘাত

উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ মুঠ ৫৮ গৰাকী বিধায়কে ইতিমধ্যে দল ত্যাগ কৰি বিধানসভাৰ ভিতৰতে এটা সুকীয়া গোট গঠন কৰিছে । অধ্যক্ষ ৰথীন্দ্ৰ বোসে এই বিদ্ৰোহী গোটটোৰ নেতা ঋতব্ৰত বেনাৰ্জীক বিৰোধী দলপতি হিচাপে আনুষ্ঠানিক স্বীকৃতিও প্ৰদান কৰিছে ।

কেৱল ৰাজ্যতেই নহয়, দিল্লীৰ সংসদতো মমতা বেনাৰ্জীৰ দললৈ সংকট নামিছে । লোকসভাত কাকলি ঘোষ দস্তিদাৰৰ নেতৃত্বত দলটোৰ দুই-তৃতীয়াংশ (২/৩) সাংসদে ত্ৰিপুৰাভিত্তিক ‘নেচনেলিষ্ট চিটিজেন্স পাৰ্টি অৱ ইণ্ডিয়া’ (NCPI)-ৰ সৈতে একত্ৰিত হৈছে । তেওঁলোকে নিম্ন সদনত সুকীয়া বহাৰ ব্যৱস্থা কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰও প্ৰেৰণ কৰিছে ।

ৰাজ্যখনৰ এই অভূতপূৰ্ব ৰাজনৈতিক উত্থান-পতনৰ মাজতে এক নাটকীয় মোৰ দি বহিষ্কৃত নেতা ঋতব্ৰত বেনাৰ্জীয়ে বিধানসভাত আস্থা ভোট অনুষ্ঠিত কৰাৰ দাবী জনাইছে । তেওঁ স্পষ্টকৈ কয় যে ইয়াৰ দ্বাৰা চলি থকা সকলো জল্পনা-কল্পনা আৰু ভুৱা দাবীৰ অন্ত পৰিব ।

এতিয়া সকলোৰে চকু অহা ২৮ জুলাইৰ আদালতৰ শুনানি আৰু বিধানসভাৰ মজিয়াত হ’বলগীয়া সম্ভাৱ্য শক্তি প্ৰদৰ্শনৰ ওপৰত ।

লগতে পঢ়ক : সংসদত সুকীয়া আসনৰ ব্যৱস্থাৰ দাবী : ওম বিৰলাৰ বাসগৃহত তৃণমূলৰ বিদ্ৰোহী সাংসদ

মমতা-মহুৱা মৈত্ৰকে ধৰি ৫ জন টিএমচি নেতালৈ আইনী জাননী; টিকটৰ দাবীৰ অভিযোগত কাকলি ঘোষৰ পুত্ৰৰ প্ৰতিক্ৰিয়া

বাৰাসাতৰ সাংসদ ড° কাকলি ঘোষ দস্তিদাৰৰ পুত্ৰ ড° বৈদ্যনাথ ঘোষ দস্তিদাৰে তেওঁৰ বিৰুদ্ধে উত্থাপিত ৰাজনৈতিক বাক্যবাণক লৈ অতি শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।

তৃণমূল কংগ্ৰেছত চলি থকা সংকটৰ মাজতে এক নতুন বিতৰ্ক পোহৰলৈ আহিছে। বাৰাসাতৰ টিএমচি সাংসদ ড০ কাকলি ঘোষ দস্তিদাৰৰ পুত্ৰ ড০ বৈদ্যনাথ ঘোষ দস্তিদাৰে দলৰ মুৰব্বী মমতা বেনাৰ্জী আৰু আন চাৰিগৰাকী প্ৰমুখ নেতালৈ আইনী জাননী প্ৰেৰণ কৰিছে। বৈদ্যনাথে স্পষ্ট কৰি দিছে যে তেওঁ বাৰাসাত বিধানসভা সমষ্টিৰ পৰা কেতিয়াও কোনো নিৰ্বাচনী টিকট বিচৰা নাছিল। ইয়াৰ লগতে তেওঁ টিএমচি নেতাসকলে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ওপৰত জাপি দিয়া আৰোপসমূহক সম্পূৰ্ণ কাল্পনিক আৰু ভিত্তিহীন বুলি অভিহিত কৰিছে।

আনহাতে, সোমবাৰে জাৰি হ’বলগীয়া এই জাননীত তেওঁ ১৫ দিনৰ ভিতৰত ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা আৰু মন্তব্য প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। তেনে নকৰিলে তেওঁ মানহানিৰ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে।

আইনী জাননীখনৰ অনুসৰি, এগৰাকী প্ৰতিষ্ঠিত মনোৰোগ বিশেষজ্ঞ ড০ বৈদ্যনাথে স্পষ্ট কৰি দিছে যে তেওঁৰ কোনো ৰাজনৈতিক উচ্চাকাংক্ষা নাছিল। তেওঁ বাৰাসাত বিধানসভা সমষ্টিৰ পৰা কেতিয়াও কোনো ৰাজনৈতিক মনোনয়ন বা টিকট বিচৰা নাছিল।

তেওঁ জাননীখনত প্ৰকাশ কৰা অনুসৰি আই পেকৰ প্ৰতিনিধি আৰু বাৰাসাত জিলা টিএমচিৰ তৎকালীন সভাপতি সোহম পালে নিজেই হোৱাটছএপ আৰু ফোন কলৰ জৰিয়তে ড০ বৈদ্যনাথৰ সৈতে বহুবাৰ যোগাযোগ কৰিছিল।তেওঁলোকেহে ড০ বৈদ্যনাথক বাৰাসাতৰ পৰা নিৰ্বাচন খেলিবলৈ আৰু স্বাস্থ্য শিবিৰসমূহত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল।

প্ৰাক্তন বিধায়িকা সোনালী গুহৰ এটা মন্তব্যক লৈ ড০ বৈদ্যনাথ ঘোষ দস্তিদাৰে তীব্ৰ ক্ষোভ আৰু আপত্তি প্ৰকাশ কৰিছে। সোনালী গুহই দাবী কৰিছিল যে বৈদ্যনাথ, তেওঁৰ ভাতৃ আৰু মাতৃ ড০ কাকলি ঘোষ দস্তিদাৰে নিয়মিতভাৱে সুৰাপান কৰে। ড০ বৈদ্যনাথে এই মন্তব্যক সম্পূৰ্ণ মিছা বুলি আখ্যা দি ইয়াক তেওঁৰ চৰিত্ৰ হনন কৰাৰ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

অধিবক্তা পূজা শুক্লাৰ জৰিয়তে প্ৰেৰণ কৰা এই জাননীত পাঁচোগৰাকী নেতা— মমতা বেনাৰ্জী, সাংসদ কল্যাণ বেনাৰ্জী, সাংসদ সৌগত ৰায়, সাংসদ মহুৱা মৈত্ৰ আৰু সোনালী গুহক ভৱিষ্যতে বৈদ্যনাথৰ বিৰুদ্ধে এনেধৰণৰ যিকোনো মিছা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। লগতে ভৱিষ্যতে তেওঁ বা তেওঁৰ পৰিয়ালৰ বিষয়ে কোনো প্ৰত্যক্ষ বা পৰোক্ষ মন্তব্য নকৰিবলৈও সকীয়াই দিয়া হৈছে।

জাননীখনত সতৰ্ক কৰি দিয়া হৈছে যে যদি ১৫ দিনৰ ভিতৰত ৰাজহুৱা স্পষ্টীকৰণ আৰু ক্ষমা খোজা নহয়, তেন্তে তেওঁ দেৱানী (Civil), ফৌজদাৰী (Criminal) আৰু অন্যান্য উপলব্ধ আইনী উপায়ৰ আশ্ৰয় ল’ব।

লগতে পঢ়ক: ‘সাংসদ-বিধায়কক ক্ৰয় কৰি তল পেলাব নোৱাৰে’; টিএমচিত বিভাজন সন্দৰ্ভত অভিষেক বেনাৰ্জীৰ প্ৰতিক্ৰিয়া

বিপদে লগ নেৰা হৈছে মমতা বেনাৰ্জীৰ; সাম্প্ৰদায়িক মন্তব্যক লৈ এফআইআৰ দাখিল  

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক্ষমতা হেৰুৱাৰ পিছত দিনে দিনে বাঢ়িছে বিপদ।এতিয়া তেওঁৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰ বাবে এফআইআৰ ৰুজু কৰা হৈছে।

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰায় দুমাহ পুৰণি ঘৃণা বিয়পোৱা ভাষণ সম্পৰ্কীয় গোচৰত এজাহাৰ ৰুজু কৰা হৈছে। কলকাতা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা ভাষণক লৈ এই গোচৰ ৰুজু কৰিছে। মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কলকাতাত এক প্ৰতিবাদী মঞ্চৰ পৰা কথিতভাৱে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগকাৰীৰ দাবী যে মমতা বেনাৰ্জীৰ এই মন্তব্যই সাম্প্ৰদায়িক ঘৃণাৰ সৃষ্টি কৰিছিল। এই গোচৰটো BNS-ৰ ধাৰা ১৯৬(১), ৩৫১(২) আৰু ৩৫২ ৰ অধীনত হেয়াৰ ষ্ট্ৰীট থানাত ৰুজু কৰা হৈছে। খবৰ অনুসৰি, আৰক্ষীয়ে এখন ‘জিৰ’ এফআইআৰ’ ৰুজু কৰিছে আৰু গোচৰটো হেয়াৰ ষ্ট্ৰীট থানালৈ প্ৰেৰণ কৰিছে।

আনহাতে, অৰুণাচল প্ৰদেশৰ সাংসদ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেও নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ ৰ জৰিয়তে চলিত বৰ্ষৰ ২৭ মে’ত মমতা বেনাৰ্জীৰ সেই বক্তব্যক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ তীব্ৰ সমালোচনা কৰি কৈছিল যে মমতা জীৰ এইয়া এতিয়ালৈকে আটাইতকৈ চিন্তাজনক আৰু অপমানজনক মন্তব্য।

মমতা বেনাৰ্জীয়ে প্ৰতিবাদী মঞ্চৰ পৰা কৈছিল, “আমি আছোঁ, সেইকাৰণেই আপোনালোক সকলো সুৰক্ষিত। যদি আমি ইয়াত নাথাকিলোহেঁতেন, তেন্তে যেতিয়া কোনো এটা বিশেষ সম্প্ৰদায়ে এটা গোট গঠন কৰি আপোনালোকক ঘেৰি ধৰিলেহেঁতেন, তেতিয়া তেওঁলোকে আপোনালোকক এক ছেকেণ্ডতে শেষ কৰি দিলেহেঁতেন।”

লগতে পঢ়ক: “মমতাই মোক নহলে অভিষেকক বাছি লওক, মোৰ বাবে অতি অপমানজনক”; অভিষেক বেনাৰ্জীক আক্ৰমণ কল্যাণ বেনাৰ্জীৰ  

“মমতাই মোক নহলে অভিষেকক বাছি লওক, মোৰ বাবে অতি অপমানজনক”; অভিষেক বেনাৰ্জীক আক্ৰমণ কল্যাণ বেনাৰ্জীৰ  

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীক আক্ৰমণ কৰে কল্যাণ বেনাৰ্জীয়ে।

তৃণমূল কংগ্ৰেছৰ প্ৰভাৱশালী নেতা কল্যাণ বেনাৰ্জীৰ লাগে লাগে সুৰ সলনি হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰিছে। কল্যাণ বেনাৰ্জীয়ে এটা সাক্ষাৎকাৰত কয়, “এয়া মোৰ বাবে অতি অপমানজনক। তেওঁৰ অহংকাৰী মনোভাৱে সমগ্ৰ দলটো ধ্বংস কৰি পেলাইছে, এই কথা তেওঁ বুজি পোৱা উচিত। তেওঁৰ ভুল আচৰণে সকলো শেষ কৰি দিলে। আনকি বেয়া সময়তো তেওঁৰ সদায় নিজকে এজন ৰজা যেন অনুভৱ কৰে। মই যেতিয়া দলটোৰ বাবে আৰু মমতা বেনাৰ্জীৰ কাষত থিয় দিছিলো, তেতিয়া অভিষেক বেনাৰ্জীৰ এই অহংকাৰী মনোভাৱৰ বাবেই মোৰ কাম কৰাটো অসম্ভৱ হৈ পৰিছে।” কল্যাণ বেনাৰ্জীয়ে কয়, “মই মমতা বেনাৰ্জীৰ লগত আছোঁ, কিন্তু তেওঁ সিদ্ধান্ত ল’ব লাগিব যে যদি তেওঁ অভিষেকৰ অবিহনে দল চলাব নোৱাৰে, তেন্তে মই তেওঁৰ সৈতে নাই।”

কল্যাণ বেনাৰ্জীৰ এই ভিডিঅ’টো এনে এক সময়ত আহিছে, যেতিয়া তৃণমূল কংগ্ৰেছৰ উচ্চতম নেত্ৰী মমতা বেনাৰ্জীয়ে চাৰিওফালৰ পৰা বিদ্ৰোহৰ মুখামুখি হৈছে। টিএমচিৰ ৫৮ গৰাকী বিধায়কে এটা সুকীয়া গোট গঠন কৰি বিধানসভাত ঋতব্ৰত বেনাৰ্জীক নিজৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে। টিএমচিৰ প্ৰায় ১৯ গৰাকী লোকসভা সাংসদেও সুকীয়া গোট গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে। ৰাজ্যসভাৰ তিনিগৰাকী সাংসদেও ইতিমধ্যে টিএমচিৰ পৰা পদত্যাগ কৰিছে।

টিএমচিৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰায় আৰু সুস্মিতা দেৱৰ পিছত প্ৰকাশ চিক বৰাইকেও পদত্যাগ পত্ৰ দাখিল কৰিছে। দলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা বহু নেতাই অভিষেক বেনাৰ্জীৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: টিএমচিত বিপৰ্যয়; মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সাংসদ সুষ্মিতা দেৱৰ পদত্যাগ

টিএমচিত বিপৰ্যয়; মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সাংসদ সুষ্মিতা দেৱৰ পদত্যাগ

মমতা বেনাৰ্জীৰ ঘনিষ্ঠ তথা আত্মবিশ্বাসী ৰাজ্যসভাৰ সাংসদ সুষ্মিতা দেৱে বুধবাৰে পদত্যাগ কৰে। সুখেন্দু শেখৰৰ পাছত এই তালিকাত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা দ্বিতীয়গৰাকী ব্যক্তি হৈছে সুষ্মিতা দেৱ।

পশ্চিম বংগত পৰাজয়ৰ পিছতে আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’ল তৃণমূল কংগ্ৰেছ। দলৰ মুৰব্বী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ বুলি বিবেচিত ৰাজ্যসভাৰ সাংসদ সুষ্মিতা দেৱে পদৰ পৰা পদত্যাগ কৰিছে।সুষ্মিতা দেৱৰ পদত্যাগৰ খবৰ এনে সময়ত ওলাইছে যেতিয়া টিএমচি পূৰ্বৰে পৰাই আভ্যন্তৰীণ মতানৈক্য আৰু নেতাসকলে দল ত্যাগৰ সন্মুখীন হৈছে।

সুষ্মিতা দেৱৰ পদত্যাগক দলটোৰ বাবে আন এক ৰাজনৈতিক বিপৰ্যয় হিচাপে দেখা গৈছে। অৱশ্যে পদত্যাগৰ আঁৰৰ কাৰণ সন্দৰ্ভত আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।শিলচৰৰ প্ৰাক্তন কংগ্ৰেছ লোকসভা সাংসদ দেৱে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত কংগ্ৰেছ ত্যাগ কৰি ২০২১ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত টিএমচিৰ অন্যতম প্ৰধান ৰাষ্ট্ৰীয় মুখ হৈ পৰিছিল।

উল্লেখ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত মমতা বেনাৰ্জীৰ দল টিএমচিৰ ভিতৰৰ বিভাজন মুকলিকৈ ওলাই আহিছে।মাত্ৰ এমাহৰ ভিতৰতে দলৰ কেইবাজনো নেতাই শীৰ্ষ নেতৃত্বৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰিছে।

লগতে পঢ়ক: বিতৰণ হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ; কোন মন্ত্ৰীয়ে পালে কি বিভাগ