দেওবাৰে বিদ্ৰোহী সাংসদ কাকলী ঘোষ দস্তিদাৰ, সুদীপ বন্দ্যোপাধ্যায়, শতাব্দী ৰায় আৰু অন্যান্য নেতাসকল নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বাসগৃহত উপস্থিত হয়
তৃণমূল কংগ্ৰেছৰ অভ্যন্তৰীণ গৃহকন্দলে এতিয়া চৰম পৰ্যায় পাইছেগৈ । দলটোৰ ভিতৰত চলি থকা তীব্ৰ মতানৈক্যৰ মাজতে দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত এক ডাঙৰ ৰাজনৈতিক উখল-মাখল দেখিবলৈ পোৱা গৈছে । লোকসভাৰ ভিতৰত সুকীয়া বহাৰ ব্যৱস্থা দাবী কৰি তৃণমূলৰ একাংশ বিদ্ৰোহী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ দ্বাৰস্থ হৈছে ।
দিল্লীৰ পৰা কলকাতালৈ বৈঠকৰ ধুমহা
প্ৰাপ্ত খবৰ অনুযায়ী, দেওবাৰে বিদ্ৰোহী সাংসদ কাকলী ঘোষ দস্তিদাৰ, সুদীপ বন্দ্যোপাধ্যায়, শতাব্দী ৰায় আৰু অন্যান্য নেতাসকল নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বাসগৃহত উপস্থিত হয় । তেওঁলোকে সদনত সুকীয়া বহাৰ ব্যৱস্থা কৰিবলৈ অধ্যক্ষৰ ওচৰত দাবী জনায় ।
অধ্যক্ষক সাক্ষাৎ কৰাৰ পূৰ্বে বিদ্ৰোহী টিএমচি সাংসদ সায়নী ঘোষ, মালা ৰায়, শতাব্দী ৰায়, অৰূপ চক্ৰৱৰ্তী আৰু কাকলী ঘোষে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱকো তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ।
আনহাতে, দিল্লীত এই তৎপৰতা চলি থকাৰ মাজতে কলকাতাতো সংকট মোচনৰ বাবে আলোচনা অব্যাহত আছে । টিএমচি নেতা গৌতম দেৱ আৰু চন্দ্রিমা ভট্টাচাৰ্যই দলৰ প্ৰধান তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহত উপস্থিত হৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
এনডিএ-ক সমৰ্থন কৰিব বিদ্ৰোহী শিবিৰে!
ইতিমধ্যে দলৰ পৰা নিলম্বিত হোৱা টিএমচি নেতা ৰিজু দত্তই এক বিস্ফোৰক মন্তব্য কৰিছে । তেওঁ দাবী কৰা মতে, তেওঁলোকৰ শিবিৰত বিদ্ৰোহী সাংসদৰ সংখ্যা ২০ জনৰ পৰা ২২ জনলৈ বৃদ্ধি পাব পাৰে ।
নিলম্বিত টিএমচি নেতা ৰিজু দত্তই কয়- “বিদ্ৰোহী সাংসদসকল আজি দিল্লী অভিমুখে ৰাওনা হৈছে । মই তেওঁলোকৰ একাংশৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিছোঁ । সোমবাৰে আটাইকেইজন বিদ্ৰোহী সাংসদে অধ্যক্ষক সাক্ষাৎ কৰিব । কেৱল সংসদে নহয়, বিধানসভাতো তেওঁলোকে এজন সুকীয়া বিৰোধী দলৰ নেতাৰ প্ৰস্তাৱ দিব পাৰে । তেওঁলোকে স্পষ্টকৈ জানিবলৈ দিছে যে তেওঁলোকে বিজেপি নেতৃত্বাধীন এনডিএ-ক সমৰ্থন কৰিব ।”
বিদ্ৰোহীসকলৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সাগৰিকা ঘোষে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স-ত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ দল-ত্যাগ বিৰোধী আইনৰ কথা সোঁৱৰাই দিয়ে ।
কঁপিল তৃণমূলৰ ভেটি
বৰ্তমানৰ পৰিস্থিতি অনুসৰি, পশ্চিম বংগত বহিষ্কৃত বিধায়ক ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বত ৫৮ জন বিধায়কে আৰু লোকসভাত কাকলী ঘোষ দস্তিদাৰৰ নেতৃত্বত ২০ জন সাংসদে দলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে । ইয়াৰ উপৰিও, সুখেন্দু শেখৰ ৰায়, সুস্মিতা দেৱ আৰু প্ৰকাশ বাৰাইককে ধৰি তিনিগৰাকী ৰাজ্যসভাৰ সাংসদে ইতিমধ্যে উচ্চ সদন আৰু দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে ।
লগতে পঢ়ক : ‘সাংসদ-বিধায়কক ক্ৰয় কৰি তল পেলাব নোৱাৰে’; টিএমচিত বিভাজন সন্দৰ্ভত অভিষেক বেনাৰ্জীৰ প্ৰতিক্ৰিয়া









