টি-২০ বিশ্বকাপ ২০২৬ : ভাৰত-পাকিস্তান মেচত দেখিবলৈ পোৱা গ'ল 'ন' হেণ্ডশ্বেক পলিচি'

টি-২০ বিশ্বকাপ ২০২৬ : ভাৰত-পাকিস্তান মেচত দেখিবলৈ পোৱা গ’ল ‘ন’ হেণ্ডশ্বেক পলিচি’

মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত টছৰ সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে পাকিস্তানৰ অধিনায়ক ফাতিমা চানাৰ সৈতে হাত নিমিলালে আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলেৰে নিজৰ অভিযান আৰম্ভ কৰিছে । বাৰ্মিংহামৰ ঐতিহাসিক এজবাষ্টন খেলপথাৰত দুয়োটা দলৰ মাজত এই হাই-ভল্টেজ মেচখন অনুষ্ঠিত হৈছে ।

মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত টছৰ সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে পাকিস্তানৰ অধিনায়ক ফাতিমা চানাৰ সৈতে হাত নিমিলালে

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলেৰে নিজৰ অভিযান আৰম্ভ কৰিছে । বাৰ্মিংহামৰ ঐতিহাসিক এজবাষ্টন খেলপথাৰত দুয়োটা দলৰ মাজত এই হাই-ভল্টেজ মেচখন অনুষ্ঠিত হৈছে । মেচখনত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু পাকিস্তানক ফিল্ডিং কৰিবলৈ আমন্ত্ৰণ জনায় ।

টছৰ সময়ত হাত নিমিলালে দুই অধিনায়কে

এই মেচখনত আটাইতকৈ চৰ্চিত বিষয়টো আছিল ‘ন’ হেণ্ডশ্বেক পলিচি’ অৰ্থাৎ কৰমৰ্দন নকৰাৰ নীতি । টছৰ সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে পাকিস্তানৰ অধিনায়ক ফাতিমা চানাৰ সৈতে হাত নিমিলালে । উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ খেলুৱৈসকলৰ মাজত কৰমৰ্দনক লৈ চৰ্চা হোৱাটো এয়াই প্ৰথমবাৰ নহয় । ইয়াৰ পূৰ্বে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫-ৰ সময়তো কলম্বোত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত একেধৰণৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল ।

পুৰুষ এছিয়া কাপ ২০২৫-ৰ পৰা আৰম্ভ হৈছিল এই বিতৰ্ক

আচলতে, এই বিতৰ্কৰ সূত্ৰপাত হৈছিল পুৰুষ এছিয়া কাপ ২০২৫-ৰ সময়ত । সেই টুৰ্নামেণ্টখনত ভাৰত আৰু পাকিস্তান তিনিবাৰকৈ মুখামুখি হৈছিল আৰু প্ৰতিবাৰেই ভাৰতীয় খেলুৱৈসকলে মেচৰ পূৰ্বে আৰু পাছত কৰমৰ্দন কৰাৰ পৰা বিৰত আছিল । বিষয়টোৱে অধিক তীব্ৰ ৰূপ লয় তেতিয়া, যেতিয়া ভাৰতীয় দলে এছিয়া কাপ জয় কৰাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহচিন নকৱীৰ হাতৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈকো স্পষ্টভাৱে অস্বীকাৰ কৰে ।

“আমি ইয়ালৈ ক্ৰিকেট খেলিবলৈ আহিছোঁ”- হৰমনপ্ৰীত কৌৰ

মেচখনৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত সাংবাদিকসকলে হৰমনপ্ৰীত কৌৰক এই কৰমৰ্দন বিতৰ্কৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল । ইয়াৰ উত্তৰত ভাৰতীয় অধিনায়িকাগৰাকীয়ে অতি স্পষ্ট আৰু কঠোৰ শব্দৰে কয় :

“আমি ইয়ালৈ ক্ৰিকেট খেলিবলৈ আহিছোঁ । আপুনি এই প্ৰশ্নটো কিয় সুধিছে ?”

হৰমনপ্ৰীতৰ এই নিৰ্ভীক উত্তৰক ছচিয়েল মিডিয়াত অনুৰাগীসকলে যথেষ্ট প্ৰশংসা কৰিছে । বহুতে ইয়াক দলটোৰ কেৱল খেলৰ প্ৰতি থকা একাগ্ৰতা আৰু মনোযোগৰ এক ইতিবাচক সংকেত হিচাপে গণ্য কৰিছে ।

কেৱল আইচিচি আৰু এছিছি টুৰ্নামেণ্টতে সীমাবদ্ধ খেল

ভাৰত চৰকাৰে ইতিপূৰ্বেই স্থিতি স্পষ্ট কৰি দিছে যে পাকিস্তানৰ সৈতে ক্ৰিকেট সম্পৰ্ক কেৱল আইচিচি টুৰ্নামেণ্ট আৰু নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ মাজতে সীমাবদ্ধ থাকিব । দুয়োখন দেশৰ মাজত শেষৰখন দ্বিপাক্ষিক শৃংখলা ২০১২-১৩ চনত খেলা হৈছিল । ইয়াৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তান কেৱল আইচিচি বা এচিয়ান ক্ৰিকেট কাউন্সিলৰ টুৰ্নামেণ্টতহে মুখামুখি হৈ আহিছে ।

লগতে পঢ়ক : বৰ্ষা বিঘ্নিত প্ৰথম এদিনীয়াত আফগানিস্তানক ৭ উইকেটত ধূলিস্যাৎ ভাৰতৰ

শেহতীয়া প্ৰৱন্ধসমূহ