টি-২০ বিশ্বকাপত থমকিলেও ভাৰতীয় মহিলা ক্ৰিকেট দললৈ আহিল সুখবৰ   

টি-২০ বিশ্বকাপত সপোন ভংগ হ’লেও লছ এঞ্জেলছ অলিম্পিক ২০২৮-ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এন্ট্ৰি! জানক কিদৰে নিশ্চিত হ’ল এই ঐতিহাসিক স্থান ?

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত ভাৰতীয় দলৰ যাত্ৰা গ্ৰুপ পৰ্যায়তে শেষ হ’লেও, হৰমনপ্ৰীত বাহিনীৰ বাবে আহিছে এক ঐতিহাসিক সুখবৰ । ভাৰতীয় মহিলা ক্ৰিকেট দলে লছ এঞ্জেলছ অলিম্পিক ২০২৮-ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ১২৮ বছৰৰ পাছত অলিম্পিকৰ মঞ্চত ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন ঘটিব আৰু এই যাত্ৰাত ভাৰতৰ স্থান নিশ্চিত হোৱাটো দেশবাসীৰ বাবে এক গৌৰৱৰ বিষয় ।

কিদৰে ভাৰতে নিশ্চিত কৰিলে অলিম্পিকৰ টিকট?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে অলিম্পিকৰ বাবে এক নতুন যোগ্যতা নিৰ্ণয়ৰ প্ৰক্ৰিয়া ঘোষণা কৰিছে । এই নিয়ম অনুসৰি, এছিয়াৰ পৰা কেৱল এটা পোনপটীয়া কোটা আছিল । টি২০ বিশ্বকাপত গ্ৰুপ পৰ্যায়ত বাহিৰ হ’লেও, টুৰ্ণামেন্টখনত এছিয়ান দলসমূহৰ ভিতৰত ভাৰতৰ প্ৰদৰ্শন আছিল সৰ্বশ্ৰেষ্ঠ । ফলত আইচিচিৰ নতুন নিয়মৰ আধাৰত এছিয়াৰ পৰা এই ঐতিহাসিক সুযোগ লাভ কৰিলে ভাৰতে ।

কোন কোন দলে লাভ কৰিলে স্থান?

আইচিচিৰ নিৰ্ধাৰিত নিয়ম অনুসৰি আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু ওচেনিয়াৰ পৰা এটাকৈ দলকে পোনপটীয়া প্ৰৱেশ দিয়া হৈছে । সেই অনুসৰি :

এছিয়া: ভাৰত

ওচেনিয়া: অষ্ট্ৰেলিয়া

আফ্ৰিকা: দক্ষিণ আফ্ৰিকা

ইউৰোপ: গ্ৰেট ব্ৰিটেইন

টুৰ্ণামেন্টৰ গঠন আৰু ভৱিষ্যত :

লছ এঞ্জেলছ অলিম্পিক ২০২৮-ৰ ক্ৰিকেট ইভেণ্টত মুঠ ৬টা দলে অংশগ্ৰহণ কৰিব । পঞ্চম স্থানৰ বাবে আয়োজক ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই সুযোগ পাব পাৰে, যদিহে তেওঁলোকে আইচিচি টি-২০ ৰেংকিঙৰ শীৰ্ষ-১৫ ত স্থান অৰ্জন কৰিব পাৰে । ষষ্ঠ স্থানটো ২০২৭ চনত হ’বলগীয়া আইচিচি অলিম্পিক কোৱালিফায়াৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব ।

ইতিহাসৰ সাক্ষী হ’বলৈ সাজু ক্ৰিকেট :

উল্লেখ্য যে ১৯০০ চনৰ পেৰিছ অলিম্পিকৰ পাছত ১২৮ বছৰ বিৰতিৰ অন্তত ক্ৰিকেটৰ এই প্ৰত্যাৱৰ্তনে ক্ৰীড়া জগতত নতুন উৎসাহৰ সৃষ্টি কৰিছে । আইচিচিৰ অধ্যক্ষ জয় শ্বাহে এই মুহূৰ্তক ‘ঐতিহাসিক’ বুলি অভিহিত কৰি কয় যে ই বিশ্বজুৰি ক্ৰিকেটক অধিক জনপ্ৰিয় কৰি তুলিব ।

কেলিফৰ্নিয়াৰ পমোনাৰ ফেয়াৰপ্লেক্স ময়দানত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টত ১৫ জনীয়া স্কোৱাড লৈ প্ৰতিটো দলে সোণৰ পদকৰ বাবে যুঁজ দিব । এই খবৰে ক্ৰিকেট অনুৰাগীসকলক গৌৰৱান্বিত কৰি তুলিছে ।

লগতে পঢ়ক : ১২৮ বছৰৰ পিছত অলিম্পিকলৈ ক্ৰিকেটৰ প্ৰত্যাৱৰ্তনঃ আনুষ্ঠানিকভাৱে ঘোষণা যোগ্যতা নিৰ্ণয় প্ৰণালী

চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

মহিলা টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় মহিলা ক্ৰিকেট দলে এক ঐতিহাসিক আৰু শক্তিশালী আৰম্ভণি কৰিছে

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় মহিলা ক্ৰিকেট দলে এক ঐতিহাসিক আৰু শক্তিশালী আৰম্ভণি কৰিছে । দেওবাৰে বৰ্মিংহামৰ ঐতিহাসিক এজবেষ্টন খেলপথাৰত অনুষ্ঠিত হোৱা হাই-ভল্টেজ মেচখনত ভাৰতে চিৰবৈৰী পাকিস্তানক ৬৪ ৰানৰ এক বৃহৎ ব্যৱধানত পৰাজিত কৰে । ভাৰতৰ হৈ বেটিঙত স্মৃতি মান্ধনা আৰু বলিংত দীপ্তি শৰ্মাই অনবদ্য প্ৰদৰ্শন কৰি এই বিজয়ত মুখ্য ভূমিকা লয় ।

১৭১ ৰানৰ লক্ষ্য, ১০৬ ৰানতে শেষ পাকিস্তান

খেলখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে পাকিস্তানৰ সন্মুখত ১৭১ ৰানৰ এক প্ৰত্যাহ্বানমূলক লক্ষ্য ধাৰ্য কৰিছিল । কিন্তু এই বৃহৎ লক্ষ্যৰ পিছ খেদিবলৈ নামি পাকিস্তান দলটো বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । ভাৰতীয় স্পীন আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি সমগ্ৰ পাকিস্তানী দলটো ১৭ অভাৰত মাত্ৰ ১০৬ ৰানতে তচনচ হৈ পৰে ।

পাকিস্তানৰ হৈ কেবল অপেনাৰ মুনীবা আলীয়েই অলপ যুঁজ দি ৩৫ টা বলত ৪১ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাহিৰে আলিয়া ৰিয়াজ (১৮ ৰান), গুল ফিৰোজা (১২ ৰান) আৰু আয়েশা জাফৰ (১২ ৰান) হে কেৱল দুটা অংক স্পৰ্শ কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ তাৰকা বলাৰ দীপ্তি শৰ্মাই মাত্ৰ ৫ টা উইকেট লৈ পাকিস্তানী বেটিঙৰ কঁকাল ভাঙি দিয়ে । আনহাতে শ্ৰী চৰণীয়ে তিনিটা আৰু শ্বেফালী বাৰ্মাই ১ টা উইকেট লাভ কৰে । উল্লেখ্য যে, পাকিস্তানৰ ৯ টা উইকেটেই ভাৰতীয় স্পীনাৰসকলে দখল কৰে ।

আৰম্ভণিৰ বিপৰ্যয়ৰ পিছত স্মৃতি-হৰমনপ্ৰীতৰ খোপনি

ইয়াৰ পূৰ্বে, টছত জিকি প্ৰথমে বেটিং কৰিবলৈ নামি ভাৰতৰ আৰম্ভণি দুৰ্বল আছিল । পাৱাৰপ্লে’তে দলটোৱে দুটাকৈ উইকেট হেৰুৱাইছিল । শ্বেফালী বাৰ্মা (০) আৰু জেমাইমা ৰড্ৰিগোছে কম স্ক’ৰতে পেভিলিয়নলৈ ফেৰত যায় ।

ইয়াৰ পিছত স্মৃতি মান্ধনা আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে ধৈৰ্যসহকাৰে খেলি তৃতীয় উইকেটৰ বাবে ৯১ ৰানৰ এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে । স্মৃতি মান্ধনাই ৪৪ টা বলত ৯ টা চাৰি আৰু ২ টা ছয়ৰ সহায়ত বিস্ফোৰক ৬৮ ৰান সংগ্ৰহ কৰে । আনহাতে অধিনায়ক হৰমনপ্ৰীতে ৩৬ ৰানৰ এক দায়িত্বশীল ইনিংছ খেলে । শেষৰ অভাৰকেইটাত উইকেটকীপাৰ বেটাৰ ৰিচা ঘোষে ধুমুহা বেটিং কৰি মাত্ৰ ১৭ টা বলত ৩৪ ৰান সংগ্ৰহ কৰে, যাৰ ফলত ভাৰতে এটা সন্মানীয় স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয় ।

পৰিসংখ্যাত ভাৰতৰ আধিপত্য

এই বিজয়েৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ টি-২০ মেচৰ পৰিসংখ্যাত ভাৰতে নিজৰ আধিপত্য আৰু অধিক মজবুত কৰিলে ।

মুঠ টি-২০ মেচ : ১৬ খন (ভাৰত জয়ী- ১৩, পাকিস্তান জয়ী- ৩)

টি-২০ বিশ্বকাপৰ মেচ : ৮ খন (ভাৰত জয়ী- ৬, পাকিস্তান জয়ী- ২)

পৰৱৰ্তী লক্ষ্য নেদাৰলেণ্ডছ

এতিয়ালৈকে ভাৰতীয় মহিলা দলে এবাৰো মহিলা টি-২০ ৱৰ্ল্ড কাপৰ খিতাপ দখল কৰিব পৰা নাই । ২০২০ চনত দলটো ফাইনেলত উপনীত হৈছিল যদিও অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হ’বলগীয়া হৈছিল । এইবাৰ প্ৰথমখন খেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতে খিতাপ অৰ্জনৰ যাত্ৰা সুন্দৰভাৱে আৰম্ভ কৰিছে । দলটোৱে অহা ১৭ জুনত (বুধবাৰ) নিজৰ পৰৱৰ্তী খেলখনত নেদাৰলেণ্ডছৰ মুখামুখি হ’ব ।

ভাৰতৰ মূল একাদশ : স্মৃতি মান্ধনা, শ্বেফালী বাৰ্মা, জেমাইমা ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), ভাৰতী ফুলমালী, ৰিচা ঘোষ (উইকেটকীপাৰ), দীপ্তি শৰ্মা, অৰুন্ধতী ৰেড্ডী, শ্ৰেয়াংকা পাতিল, শ্ৰী চৰণী আৰু ক্ৰান্তি গৌড় ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপ ২০২৬ : ভাৰত-পাকিস্তান মেচত দেখিবলৈ পোৱা গ’ল ‘ন’ হেণ্ডশ্বেক পলিচি’

টি-২০ বিশ্বকাপ ২০২৬ : ভাৰত-পাকিস্তান মেচত দেখিবলৈ পোৱা গ’ল ‘ন’ হেণ্ডশ্বেক পলিচি’

মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত টছৰ সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে পাকিস্তানৰ অধিনায়ক ফাতিমা চানাৰ সৈতে হাত নিমিলালে

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলেৰে নিজৰ অভিযান আৰম্ভ কৰিছে । বাৰ্মিংহামৰ ঐতিহাসিক এজবাষ্টন খেলপথাৰত দুয়োটা দলৰ মাজত এই হাই-ভল্টেজ মেচখন অনুষ্ঠিত হৈছে । মেচখনত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু পাকিস্তানক ফিল্ডিং কৰিবলৈ আমন্ত্ৰণ জনায় ।

টছৰ সময়ত হাত নিমিলালে দুই অধিনায়কে

এই মেচখনত আটাইতকৈ চৰ্চিত বিষয়টো আছিল ‘ন’ হেণ্ডশ্বেক পলিচি’ অৰ্থাৎ কৰমৰ্দন নকৰাৰ নীতি । টছৰ সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে পাকিস্তানৰ অধিনায়ক ফাতিমা চানাৰ সৈতে হাত নিমিলালে । উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ খেলুৱৈসকলৰ মাজত কৰমৰ্দনক লৈ চৰ্চা হোৱাটো এয়াই প্ৰথমবাৰ নহয় । ইয়াৰ পূৰ্বে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫-ৰ সময়তো কলম্বোত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত একেধৰণৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল ।

পুৰুষ এছিয়া কাপ ২০২৫-ৰ পৰা আৰম্ভ হৈছিল এই বিতৰ্ক

আচলতে, এই বিতৰ্কৰ সূত্ৰপাত হৈছিল পুৰুষ এছিয়া কাপ ২০২৫-ৰ সময়ত । সেই টুৰ্নামেণ্টখনত ভাৰত আৰু পাকিস্তান তিনিবাৰকৈ মুখামুখি হৈছিল আৰু প্ৰতিবাৰেই ভাৰতীয় খেলুৱৈসকলে মেচৰ পূৰ্বে আৰু পাছত কৰমৰ্দন কৰাৰ পৰা বিৰত আছিল । বিষয়টোৱে অধিক তীব্ৰ ৰূপ লয় তেতিয়া, যেতিয়া ভাৰতীয় দলে এছিয়া কাপ জয় কৰাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহচিন নকৱীৰ হাতৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈকো স্পষ্টভাৱে অস্বীকাৰ কৰে ।

“আমি ইয়ালৈ ক্ৰিকেট খেলিবলৈ আহিছোঁ”- হৰমনপ্ৰীত কৌৰ

মেচখনৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত সাংবাদিকসকলে হৰমনপ্ৰীত কৌৰক এই কৰমৰ্দন বিতৰ্কৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল । ইয়াৰ উত্তৰত ভাৰতীয় অধিনায়িকাগৰাকীয়ে অতি স্পষ্ট আৰু কঠোৰ শব্দৰে কয় :

“আমি ইয়ালৈ ক্ৰিকেট খেলিবলৈ আহিছোঁ । আপুনি এই প্ৰশ্নটো কিয় সুধিছে ?”

হৰমনপ্ৰীতৰ এই নিৰ্ভীক উত্তৰক ছচিয়েল মিডিয়াত অনুৰাগীসকলে যথেষ্ট প্ৰশংসা কৰিছে । বহুতে ইয়াক দলটোৰ কেৱল খেলৰ প্ৰতি থকা একাগ্ৰতা আৰু মনোযোগৰ এক ইতিবাচক সংকেত হিচাপে গণ্য কৰিছে ।

কেৱল আইচিচি আৰু এছিছি টুৰ্নামেণ্টতে সীমাবদ্ধ খেল

ভাৰত চৰকাৰে ইতিপূৰ্বেই স্থিতি স্পষ্ট কৰি দিছে যে পাকিস্তানৰ সৈতে ক্ৰিকেট সম্পৰ্ক কেৱল আইচিচি টুৰ্নামেণ্ট আৰু নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ মাজতে সীমাবদ্ধ থাকিব । দুয়োখন দেশৰ মাজত শেষৰখন দ্বিপাক্ষিক শৃংখলা ২০১২-১৩ চনত খেলা হৈছিল । ইয়াৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তান কেৱল আইচিচি বা এচিয়ান ক্ৰিকেট কাউন্সিলৰ টুৰ্নামেণ্টতহে মুখামুখি হৈ আহিছে ।

লগতে পঢ়ক : বৰ্ষা বিঘ্নিত প্ৰথম এদিনীয়াত আফগানিস্তানক ৭ উইকেটত ধূলিস্যাৎ ভাৰতৰ

টি-২০ বিশ্বকাপ : আইচিচিয়ে বৃদ্ধি কৰিলে প্ৰাইজমানি, কিমান ধন লাভ কৰিব চেম্পিয়ন দলে ?

মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে অভিলেখ সংখ্যক ৮২ কোটিৰ পুৰস্কাৰ ধন ঘোষণা কৰে আইচিচিয়ে

সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে অভিলেখ সংখ্যক ৮২ কোটিৰ পুৰস্কাৰ ধন ঘোষণা কৰে । দুমাহ পিছত ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে এই বৃহত ধনৰাশি ঘোষণা কৰিছে আইচিচিয়ে ।

এইবাৰ মুঠ পুৰস্কাৰৰ ধন ১০% বৃদ্ধি কৰা হৈছে । ইউ এ ইত অনুষ্ঠিত হোৱা যোৱা প্ৰতিযোগিতাখনত এই ধনৰাশি আছিল প্ৰায় ৭৪ কোটি, যিটো এতিয়া ৮২ কোটিলৈ বৃদ্ধি পাইছে । এইবাৰ এই প্ৰতিযোগিতাখনৰ পৰিসৰো বৃদ্ধি পাব, য’ত ১২টা দলে অংশগ্ৰহণ কৰিব । ২০২৪ চনত ১০টা দলে অংশগ্ৰহণ কৰিছিল এই মেগা প্ৰতিযোগিতাত ।

কিমান লাভ কৰিব চেম্পিয়ন দলে-

পুৰস্কাৰৰ ধনৰ ক্ষেত্ৰত চেম্পিয়ন দলটোৱে প্ৰায় ২১.৮ কোটি  লাভ কৰিব, আনহাতে ৰানাৰ্ছ আপ দলে ১০ কোটি লাভ কৰিব । পৰাজিত ছেমি ফাইনেলিষ্ট দলেও লাভ কৰিব প্ৰায় ৬.২৯ কোটি । গ্ৰুপ মেচত জয়ী হোৱা প্ৰতিটো দলে প্ৰায় ২৯ লাখ টকা লাভ কৰিব ।

আইচিচিয়ে লগতে স্পষ্ট কৰি দিছে যে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ১২টা দলে নূন্যতম নিশ্চিত ধন ২.০৬ কোটি টকা লাভ কৰিব । ১২ জুনত আৰম্ভ হ’ব এই প্ৰতিযোগিতা । উদ্বোধনী মেচত আয়োজক ইংলেণ্ডে এডগবাষ্টনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ।

অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ দৰে ডাঙৰ দলেও এই মেগা ইভেণ্টত খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । ২৪ দিনত ৭টা ভিন্ন স্থানত মুঠ ৩৩খন খেল অনুষ্ঠিত হ’ব ।

প্ৰতিযোগিতাখনৰ পূৰ্বে মে’ মাহত স্কটলেণ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন চহৰ ভ্ৰমণ কৰি লণ্ডনত সমাপ্ত হ’ব লগা ট্ৰফী ভ্ৰমণো অনুষ্ঠিত হ’ব । আইচিচিৰ চিইঅ’ সংযোগ গুপ্তাই কয় যে মহিলা ক্ৰিকেটৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ১২টা দলৰ এই প্ৰতিযোগিতাখনে ইয়াক আৰু অধিক প্ৰতিযোগিতামূলক আৰু শক্তিশালী কৰি তুলিব ।

লগতে পঢ়ক : মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়ৰ হেট্ৰিক; খঙত অগ্নিশৰ্মা হাৰ্দিক পাণ্ডিয়া

বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতো ভাৰততে আৱদ্ধ দুটাকৈ দল, আইচিচিয়ে দিলে শেহতীয়া আপডেট

ভাৰতত আৱদ্ধ হৈ থকা দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ দল দুটা অৱশেষত নিজ নিজ দেশলৈ ৰাওনা হৈছে

টি-২০ বিশ্বকাপ ২০২৬ সমাপ্ত হোৱাৰ পাছত ভাৰতত আৱদ্ধ হৈ থকা দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ দল দুটা অৱশেষত নিজ নিজ দেশলৈ ৰাওনা হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আনুষ্ঠানিক আপডেটযোগে এই কথা নিশ্চিত কৰিছে ।

বৃহস্পতিবাৰে আইচিচিয়ে ঘোষণা কৰে যে বিগত ২৪ ঘণ্টাৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ দলৰ ২৯ জন আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ ১৬ জন সদস্যই পৃথক পৃথক বিমানেৰে নিজৰ দেশলৈ ৰাওনা হৈছে । ইয়াৰ দ্বাৰা প্ৰতিযোগিতাৰ পিছত ভাৰতত থকা সকলো খেলুৱৈ আৰু কৰ্মচাৰীৰ নিৰাপদে উভতি যোৱা সম্পূৰ্ণ হৈছে ।

আমেৰিকা-ইৰান যুদ্ধই বিশ্বজুৰি বিমান যাত্ৰাত ব্যাঘাত জন্মাইছিল । বহু বিমানৰ পথ আৰু ট্ৰেনজিট বিকল্প সলনি কৰিবলগীয়া হৈছিল, যাৰ ফলত দলসমূহৰ উভতি যোৱাত বিলম্ব ঘটিছিল । এনে পৰিস্থিতিত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক নিৰাপদে ঘৰলৈ পঠোৱাটোৱে আইচিচিৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ।

আইচিচিয়ে কয় যে এই সময়ছোৱাত সংস্থাৰ পৰিচালনা আৰু লজিষ্টিক দলসমূহে অক্লান্তভাৱে কাম কৰিছিল, বিভিন্ন চৰকাৰ, বিমান সংস্থা, চাৰ্টাৰ বিমান প্ৰদানকাৰী, বিমানবন্দৰ কৰ্তৃপক্ষ আৰু সদস্য ক্ৰিকেট ব’ৰ্ডৰ সৈতে সহযোগিতা কৰি সমাধান বিচাৰিছিল । অসংখ্য ভ্ৰমণত ব্যাঘাত জন্মালেও দল সমূহৰ নিৰাপদে উভতি যোৱাটো নিশ্চিত কৰিবলৈ পৰিকল্পনাসমূহ বাৰে বাৰে সালসলনি কৰিবলগীয়া হৈছিল ।

এই সমগ্ৰ প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়োৱাৰ বাবে ক্ৰিকেট দক্ষিণ আফ্ৰিকা, ক্ৰিকেট ৱেষ্ট ইণ্ডিজ আৰু দুয়োটা দলৰ খেলুৱৈ আৰু কৰ্মচাৰীসকলকো আইচিচিয়ে ধন্যবাদ জনায় । ইয়াৰ উপৰিও খেলুৱৈ, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ নিৰাপদ ভ্ৰমণ নিশ্চিত কৰাৰ বাবে প্ৰত্যাহ্বানমূলক পৰিস্থিতিত অক্লান্তভাৱে কাম কৰা আইচিচিৰ কৰ্মচাৰীসকলক প্ৰশংসা কৰা হয় ।

আইচিচিয়ে কয় যে এই সমগ্ৰ অভিযানৰ প্ৰধান উদ্দেশ্য আছিল সকলো খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ নিৰাপদে ঘূৰি যোৱাটো নিশ্চিত কৰা, যিটো অৱশেষত সম্পন্ন হৈছে ।

লগতে পঢ়ক : কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব পৰৱৰ্তী টি-২০ বিশ্বকাপ, ১২টা দল নিশ্চিত

কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব পৰৱৰ্তী টি-২০ বিশ্বকাপ, ১২টা দল নিশ্চিত

এতিয়া সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে ২০২৮ চনৰ টি-২০ বিশ্বকাপ ক’ত অনুষ্ঠিত হ’ব জানিবলৈ উদগ্ৰীৱ গৈ আছে

২০২৬ চনৰ আই চি চি টি-২০ বিশ্বকাপ জয় কৰি বিশ্ব চেম্পিয়ন হৈছে টিম ইণ্ডিয়া । ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ৰ পিছতে এতিয়া সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে ২০২৮ চনৰ টি-২০ বিশ্বকাপ ক’ত অনুষ্ঠিত হ’ব জানিবলৈ উদগ্ৰীৱ গৈ আছে । ২০২৮ চনৰ ২১ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈকে অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডে যৌথভাৱে আয়োজন কৰিব এই প্ৰতিযোগিতাখন ।

২০২৮ত অনুষ্ঠিত হ’ব ১১ সংখ্যক সংস্কৰণ-

২০২২ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়াই এই প্ৰতিযোগিতা আয়োজন কৰাৰ বিপৰীতে নিউজীলেণ্ডে প্ৰথম পুৰুষৰ টি-২০ বিশ্বকাপ আয়োজন কৰিব । বৰ্তমান ডেম থেৰেছ ৱালছে প্ৰতিযোগিতাখনৰ তদাৰক কৰি আছে আৰু তেওঁ বৰ্তমান স্থান নিৰ্বাচন আৰু প্ৰস্তুতিৰ তদাৰক কৰি আছে ।

টি-২০ বিশ্বকাপ ২০২৮ৰ বাবে মুখ্য ষ্টেডিয়াম আৰু স্থান-

অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ কিছু সন্মানীয় ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৮ ।

অষ্ট্ৰেলিয়া – মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড, ছিডনী ক্ৰিকেট গ্ৰাউণ্ড, এডিলেইড অভাল আৰু পাৰ্থৰ অপটাছ ষ্টেডিয়াম ।

নিউজীলেণ্ড – অকলেণ্ডৰ ইডেন পাৰ্ক, ৱেলিংটনৰ স্কাই ষ্টেডিয়াম আৰু ক্ৰাইষ্টচাৰ্চৰ হেগলি অভাল ।

২০ টা দলে অংশগ্ৰহণ কৰিব-

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৪ চনত প্ৰৱৰ্তন কৰা ২০টা দলৰ অংশগ্ৰহণ ব্যৱস্থা অক্ষুণ্ণ ৰাখিছে । ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ পৰ্যায় সম্পূৰ্ণ হোৱাৰ লগে লগে ইতিমধ্যে ১২টা দলে নিজৰ স্থান নিশ্চিত কৰিছে । ইতিমধ্যে অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডে আয়োজক দেশ হিচাপে নিজৰ স্থান নিশ্চিত কৰাৰ বিপৰীতে ভাৰত (ডিফেণ্ডিং চেম্পিয়ন), ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, পাকিস্তান, ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা আৰু জিম্বাবুৱেও ২০২৬ চনৰ টি-২০ বিশ্বকাপত প্ৰদৰ্শনৰ ভিত্তিত ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে ।

ৰেংকিঙৰ ভিত্তিত অৰ্জন কৰিব যোগ্যতা-

২০২৬ চনৰ ৯ মাৰ্চৰ কাট অফ ডেটলৈকে আইচিচি টি-২০ ৰেংকিঙৰ ভিত্তিত আফগানিস্তান, বাংলাদেশ আৰু আয়াৰলেণ্ডে নিজৰ স্থান নিশ্চিত কৰিছে । বাকী আঠটা স্থান এতিয়াও খালী আছে । এই স্থানসমূহৰ বাবে আঞ্চলিক অৰ্হতা প্ৰতিযোগিতা ২০২৬ চনৰ মাজভাগৰ পৰা আৰম্ভ হ’ব । আমেৰিকা (কেমেন দ্বীপপুঞ্জত প্ৰস্তাৱিত) আৰু ইউৰোপৰ দৰে অঞ্চলত উপ-আঞ্চলিক কোৱালিফায়াৰ অনুষ্ঠিত হ’ব, যাৰ ফলত সহযোগী ৰাষ্ট্ৰসমূহে মূল মঞ্চত উপনীত হোৱাৰ সুযোগ পাব ।

টি-২০ বিশ্বকাপ ২০২৮-

গ্ৰুপ ষ্টেজ- এই প্ৰতিযোগিতাত ২০টা দলে অংশগ্ৰহণ কৰিব, পাঁচটাকৈ চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব ।

ছুপাৰ ৮ – প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ৮ ৰাউণ্ডলৈ আগবাঢ়িব ।

নকআউট – ছুপাৰ ৮ৰ চাৰিটা শ্ৰেষ্ঠ দলে ছেমিফাইনেল আৰু তাৰ পিছত দুটা দলে ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ বিজয় উদযাপন কৰি বিপদত হাৰ্দিক পাণ্ডিয়া

টি-২০ বিশ্বকাপৰ বিজয় উদযাপন কৰি বিপদত হাৰ্দিক পাণ্ডিয়া

খিতাপ জয়ৰ মাত্ৰ তিনিদিন পিছতে দলটোৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে

ভাৰতীয় দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰাৰ পিছৰে পৰা সমগ্ৰ দেশতে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । আহমেদাবাদত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি টিম ইণ্ডিয়াই ইতিহাস সৃষ্টিৰে তৃতীয়বাৰৰ বাবে ট্ৰফী দখল কৰে । এই বিজয়ৰ উদযাপনত নিমগ্ন হৈ থকা টিম ইণ্ডিয়াৰ খেলুৱৈসকলে নিজৰ ঘৰলৈ উভতি আহিছে, য’ত তেওঁলোকক উষ্ম আদৰণি জনোৱা হৈছে । অৱশ্যে খিতাপ জয়ৰ মাত্ৰ তিনিদিন পিছতে দলটোৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে । জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি পুনেৰ এজন অধিবক্তাই হাৰ্দিকৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰিছে ।

খবৰ অনুসৰি হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে পুনেৰ শিৱাজীনগৰ থানাত অভিযোগ দাখিল কৰা হৈছে । স্থানীয় অধিবক্তা ৱাজিদ খানে এই অভিযোগ দাখিল কৰিছে । এজাহাৰত তেওঁ হাৰ্দিক পাণ্ডিয়াই মেচৰ পিছৰ উদযাপনৰ সময়ত ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে । এজাহাৰত অধিবক্তাজনে উল্লেখ কৰিছে যে পাণ্ডিয়াক শৰীৰত জাতীয় পতাকা মেৰিয়াই থকা দেখা গৈছিল আৰু তেওঁৰ সংগীকো তেওঁৰ পৰি থকা দেখা গৈছিল ।

অভিযোগকাৰীয়ে এই বিষয়ত ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিবলৈ দাবী জনাইছে । তেওঁৰ অভিযোগত তেওঁ উল্লেখ কৰে যে জাতীয় পতাকাক সন্মান কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু এই বিষয়ত আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত । যদিও আৰক্ষীয়ে এতিয়াও এফ আই আৰ ৰুজু কৰা নাই, তথাপিও অভিযোগ লাভ কৰাটো নিশ্চিত কৰি বিষয়টোৰ তদন্ত কৰিব বুলি উল্লেখ কৰিছে ।

এই ঘটনা সংঘটিত হৈছিল ফাইনেলৰ পিছত, যেতিয়া বঁটা বিতৰণ কৰা হৈছিল আৰু সকলো খেলুৱৈয়ে পৰিয়ালৰ সৈতে খেলপথাৰত বিজয় উদযাপন কৰিছিল । হাৰ্দিকৰ লগত আছিল নীলা ৰঙৰ পোছাক পৰিধান কৰা প্ৰেমিকা মহিকা শৰ্মা, যাৰ লগত তেওঁ সময়খিনি কটাইছিল । তেওঁলোকক সাৱটি ধৰা, চুম্বন কৰা, সতীৰ্থ খেলুৱৈৰ সৈতে নাচি থকা দেখা গৈছিল । এই সময়ছোৱাত হাৰ্দিক আৰু মাহিকাক ট্ৰফী প’ডিয়ামত একেলগে বহি থকা দেখা গৈছিল, য’ত হাৰ্দিকে তেওঁৰ শৰীৰত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা মেৰিয়াই লৈছিল । তাৰ পিছত কেইছেকেণ্ডমানৰ বাবে তেওঁ মঞ্চত শুই পৰিছিল । এই ঘটনা সন্দৰ্ভত এতিয়া অভিযোগ দাখিল কৰা হৈছে ।

লগতে পঢ়ক : আই পি এল ২০২৬ৰ সময়সূচী ঘোষণা, গুৱাহাটীত অনুষ্ঠিত হ’ব তিনিখনকৈ মেচ

বিশ্বকাপৰ পিছতেই আইচিচিয়ে প্ৰকাশ কৰিলে টি-২০ৰ ৰেংকিং, সঞ্জু ছেমছনৰ দীঘল জাঁপ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ৰ শেহতীয়া ৰেংকিঙ প্ৰকাশ কৰিছে

টি-২০ বিশ্বকাপ ২০২৬ৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ৰ শেহতীয়া ৰেংকিঙ প্ৰকাশ কৰিছে । এই ৰেংকিঙত সঞ্জু ছেমছনে উল্লেখযোগ্য আগ্ৰগতি লাভ কৰিছে । ঈশান কিষানেও ৰেংকিঙত উল্লেখযোগ্য স্থান দখল কৰিছে । অৱশ্যে ৰেংকিঙত নিম্নগামী হৈছে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু তিলক বৰ্মাৰ স্থান ।

সঞ্জু ছেমছনৰ দীঘল জাঁপ-

টি-২০ বিশ্বকাপত টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা সঞ্জু ছেমছনে ১৮ স্থান আগুৱাই ৰেংকিঙত ২২ নম্বৰ স্থান লাভ কৰিছে । তেওঁৰ ৰেটিং হৈছে ৬৩৭ । মন কৰিবলগীয়া যে সঞ্জু আছিল প্ৰতিযোগিতাখনৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী । পাঁচখন মেচত পাঁচটা ইনিংছত তেওঁ গড় ৮০.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৯৯.৩৮ত ৩২১ ৰান সংগ্ৰহ কৰে, য’ত তিনিটা অৰ্ধশতকো আছিল ।

শীৰ্ষত অভিষেক, লাভান্বিত ঈশান কিষান-

ঈশান কিষানে ৮৭১ ৰেটিং লাভ কৰি ৰেংকিঙত দুটা স্থান আগুৱাই দ্বিতীয় স্থান লাভ কৰিছে । টি-২০ বিশ্বকাপত চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল ঈশান । ৯খন মেচত ৯ টা ইনিংছত বেটিং কৰি তেওঁ ৩৫.২২ গড়ে, ১৯৩.২৯ ষ্ট্ৰাইক ৰেটত তিনিটা অৰ্ধশতককে ধৰি ৩১৭ ৰান সংগ্ৰহ কৰে । ইফালে ভাৰতীয় অ’পেনাৰ অভিষেক শৰ্মা শীৰ্ষত আছে ।

পিছুৱালে সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মা-

ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ ৰেংকিঙত দুটা স্থান অৱনমিত হৈছে । এতিয়া তেওঁৰ ৯ম স্থানত আছে, তেওঁৰ ৰেটিং ৭২২ । টি-২০ বিশ্বকাপত সূৰ্যই ৯খন মেচত ৯টা ইনিংছত বেটিং কৰি গড়ে ৩০.২৫ত ২৪২ ৰান সংগ্ৰহ কৰিছিল আৰু তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩৬.৭২, য’ত ১টা অৰ্ধশতকো আছিল ।

ৰেংকিঙৰ শীৰ্ষ ৫ বেটছমেন-

ৰেংকিঙৰ শীৰ্ষ ৫ বেটছমেনৰ ওপৰত চকু ফুৰালে অভিষেক শৰ্মা প্ৰথম আৰু ঈশান কিষান দ্বিতীয় স্থানত আছে । পাকিস্তানৰ ছাহিবজাদা ফাৰহানে ৮৪৮ ৰেটিংৰে তৃতীয় স্থানত আছে । পাকিস্তানী বেটছমেনগৰাকী এটা স্থান অৱনমিত হৈছে । ইংলেণ্ডৰ ফিল ছল্ট ৭৯২ ৰেটিংৰে চতুৰ্থ স্থানত আছে । শ্ৰীলংকাৰ পাথুম নিছাংকাই ৭৬৬ ৰেটিংৰে পঞ্চম স্থানত আছে ।

লগতে পঢ়ক : টি-২০ৰ পাছত এইবাৰ মিছন এদিনীয়া বিশ্বকাপ: গুৰু গম্ভীৰে ক’লে কেতিয়াৰ পৰা আৰম্ভ হ’ব প্ৰস্তুতি

টি-২০ৰ পাছত এইবাৰ মিছন এদিনীয়া বিশ্বকাপ: গুৰু গম্ভীৰে ক’লে কেতিয়াৰ পৰা আৰম্ভ হ’ব প্ৰস্তুতি

টি-২০ ফৰ্মেটত দুবাৰকৈ বিশ্বকাপ জয় কৰি টিম ইণ্ডিয়াই ইতিহাস ৰচিছে কিন্তু শেষৰবাৰ এদিনীয়া বিশ্বকাপত ২০১১ চনত জয়লাভ কৰিছিল

টি-২০ বিশ্বকাপ ২০২৬ জয় কৰাৰ পাছত টিম ইণ্ডিয়াৰ পৰৱৰ্তী ডাঙৰ লক্ষ্য হ’ব আইচিচি এদিনীয়া বিশ্বকাপ ২০২৭ । টি-২০ ফৰ্মেটত দুবাৰকৈ বিশ্বকাপ জয় কৰি টিম ইণ্ডিয়াই ইতিহাস ৰচিছে কিন্তু শেষৰবাৰ এদিনীয়া বিশ্বকাপত ২০১১ চনত জয়লাভ কৰিছিল । সেয়েহে দলটোৱে ১৬ বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ জোৰদাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ সময় আহি পৰিছে । টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতৰ জয়ৰ পাছতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে দলটোৱে কেতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিব সেই কথা প্ৰকাশ কৰে ।

সংবাদ মাধ্যমৰ সৈতে কথোপকথনত গৌতম গম্ভীৰে কয় যে আই পি এল ২০২৬ শেষ হোৱাৰ পাছত টিম ইণ্ডিয়াই ২০২৭ চনৰ বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব । তেওঁ কয় যে আই পি এল ২০২৬ আৰু বিশ্বকাপৰ মাজত প্ৰায় ২৫ৰ পৰা ৩০ খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব, সেয়েহে আগতীয়াকৈ পৰিকল্পনা কৰাটো গুৰুত্বপূৰ্ণ কাৰণ আজিকালি এদিনীয়া ফৰ্মেট বেছিকৈ খেলা নহয় ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ ২০২৭ । গম্ভীৰে কয় যে দক্ষিণ আফ্ৰিকাত ক্ৰিকেট খেলাটো সহজ নহয়, গতিকে দলটোৱে সঠিক সংমিশ্ৰণ আৰু তাৰ পৰিস্থিতিত ভাল প্ৰদৰ্শন কৰিব পৰা খেলুৱৈ চিনাক্ত কৰিব লাগিব । তেওঁ কয় যে নিৰ্বাচক আৰু প্ৰশিক্ষক কৰ্মচাৰীয়ে এই বিষয়ত একেলগে কাম কৰিব আৰু আই পি এল ২০২৬ৰ শেষৰ ফালে বিশ্বকাপৰ বাবে দলটোৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট সাজু হ’ব ।

লগতে পঢ়ক : বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ ওপৰত ধনৰ বৰষুণ; বিচিচিআইয়ে দিব ১৩১ কোটি টকাৰ পুৰস্কাৰ