ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২৬ খিতাপ দখল কৰাৰ পিছত এতিয়া বিচিচিআইয়ে এক ডাঙৰ ঘোষণা কৰিছে। বিচিচিআইয়ে ভাৰতীয় দলটোলৈ ১৩১ কোটি টকাৰ পুৰস্কাৰ দিছে।
২০২৬ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত ঐতিহাসিক জয়ৰ পাছত ভাৰতীয় দলটোৰ ওপৰত ধনৰ বৰষুণ হৈছে।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টিম ইণ্ডিয়াক ১৩১ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।১০ মাৰ্চত (মঙলবাৰ)বিচিচিআইয়ে এই কথা ঘোষণা কৰিছিল।
ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে ৰোহিত শৰ্মাৰ অধিনায়কত্বত টি-২০ বিশ্বকাপ ২০২৪ খিতাপ দখল কৰিছিল,তেতিয়া বিচিচিআইয়ে খেলুৱৈসকলক ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
উল্লেখ্য যে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দেওবাৰে (৮ মাৰ্চ) অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ভাৰতে নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি খিতাপ দখল কৰে। এই জয়েৰে ভাৰতে সফলতাৰে নিজৰ টি-২০ বিশ্বকাপৰ চেম্পিয়ন হয়।
বিচিচিআইয়ে এক বিবৃতিত কয় যে, “আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) টিম ইণ্ডিয়াৰ বাবে ১৩১ কোটিৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে।আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই ট্ৰফী অৰ্জন কৰে, সফলতাৰে খিতাপ ৰক্ষা কৰি প্ৰতিযোগিতাখনৰ ইতিহাসত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ অক্ষুণ্ণ ৰখা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।এই জয়ৰ জৰিয়তে ভাৰতেও আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ তিনিবাৰকৈ জয়ী হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয়”।
লগতে পঢ়ক: শৈশৱৰ লগৰী বংশিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব কুলদীপ যাদৱ…









