ৰোহিত শৰ্মাৰ অৱসৰক লৈ মুখ খুলিলে বি চি চি আয়ে

ৰোহিত শৰ্মাৰ অৱসৰ সন্দৰ্ভত প্ৰচাৰিত উৰাবাতৰিৰ অন্ত পেলাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন তথা প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰক লৈ চলি থকা তীব্ৰ জল্পনা-কল্পনাৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিছে। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই স্পষ্ট কৰি দিছে যে অহা দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত হ’বলগীয়া তৃতীয় তথা অন্তিমখন এদিনীয়া মেচ ৰোহিত শৰ্মাৰ কেৰিয়াৰৰ অন্তিমখন খেল নহয়।

এক সংবাদ সংস্থাৰ সৈতে হোৱা বিশেষ বাৰ্তালাপত দেৱজিৎ শইকীয়াই কয়: “সংবাদ মাধ্যমত ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ বহুতো জল্পনা-কল্পনা চলি আছে। মই নিশ্চিতভাৱে ক’ব বিচাৰোঁ যে দেওবাৰে লৰ্ডছত ৰোহিতে তেওঁৰ অন্তিমখন খেল খেলিব বুলি ব’ৰ্ডৰ ভিতৰচ’ৰাত কোনো আলোচনা হোৱা নাই। ৰোহিত ভাৰতীয় এদিনীয়া দলৰ এজন নিয়মীয়া আৰু অতি গুৰুত্বপূৰ্ণ সদস্য। যেতিয়ালৈকে তেওঁ দলৰ পৰিকল্পনাত থাকিব আৰু ফিট হৈ থাকিব, তেতিয়ালৈকে তেওঁ দেশক প্ৰতিনিধিত্ব কৰি যাব। অৰ্থাৎ, লৰ্ডছৰ এদিনীয়া খেলখনেই তেওঁৰ শেষ খেল নহয়।”

উৰাবাতৰিৰ সূত্ৰপাত ক’ৰ পৰা হৈছিল?
উল্লেখযোগ্য যে অলপতে সংবাদ মাধ্যমত কিছুমান প্ৰতিবেদন প্ৰকাশ পাইছিল, য’ত দাবী কৰা হৈছিল যে ক্ৰিকেট বাছনি কমিটি আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা টীম ইণ্ডিয়াত যুৱ খেলুৱৈসকলক (যেনে যশস্বী জয়ছোৱাল) অধিক সুযোগ দিব বিচাৰিছে। এই দীৰ্ঘম্যাদী পৰিকল্পনাৰ বাবেই ৰোহিত শৰ্মাক ভৱিষ্যতৰ পৰিকল্পনাৰ পৰা লাহে লাহে আঁতৰাই ৰখাৰ ইংগিত দিয়া বুলি খবৰ ওলাইছিল, যাৰ বাবে লৰ্ডছৰ মেচখনেই তেওঁৰ শেষ মেচ হ’ব বুলি উৰাবাতৰি বিয়পি পৰিছিল।
ব’ৰ্ডৰ অসন্তুষ্টি-
বিচিচিআইৰ শীৰ্ষ নেতৃত্বই এই স্পৰ্শকাতৰ বিষয়টো যিদৰে সংবাদ মাধ্যমত চৰ্চালৈ আহিছিল তাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। দলৰ অনাগত দিনৰ ৰণনীতি আৰু জ্যেষ্ঠ খেলুৱৈসকলৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ব’ৰ্ডৰ সকলো অংশীদাৰৰ সৈতে এক জৰুৰী আলোচনা কৰা হয়। এই আলোচনাৰ পিছতেই বিচিচিআইৰ হৈ দেৱজিৎ শইকীয়াই এই আধিকাৰিক স্পষ্টীকৰণ জাৰি কৰি অনুৰাগীসকলক আশ্বস্ত কৰে।

‘২০২৭ ৰ বিশ্বকাপ আৰু ডব্লিউ টি চিৰ ওপৰত গুৰুত্ব দিয়ক…’; শুভমান গিলৰ বাবে বিচিচিআইৰ বিশেষ পৰিকল্পনা  

শুভমান গিল ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত বুলি বিবেচিত হৈছে।সেইবাবেই তেওঁক টি-২০ দলৰ পৰা আঁতৰাই ৰখা হৈছে আৰু ডব্লিউ টি চি আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি কৰোৱা হৈছে।

আই পি এল ২০২৬ ত বেটেৰে ধুমুহা সৃষ্টি কৰা শুভমান গিলে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দলত স্থান লাভ নকৰিলে। গুজৰাট টাইটান্সৰ অধিনায়কগৰাকীয়ে শেহতীয়া আইপিএল ছিজনত ৭৩২ ৰান সংগ্ৰহ কৰি নিজক প্ৰতিযোগিতাখনৰ অন্যতম সফল বেটছমেন হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেনে পৰিপ্ৰেক্ষিতত টি-২০ দললৈ তেওঁৰ প্ৰত্যাৱৰ্তন নিশ্চিত বুলি ভবা হৈছিল, কিন্তু নিৰ্বাচকসকলে এক সুকীয়া পথ বাছি ল’লে।

এতিয়া এই সিদ্ধান্তৰ আঁৰৰ এক ডাঙৰ কাৰণ পোহৰলৈ আহিছে।জানিব পৰা মতে,  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI) আৰু নিৰ্বাচন সমিতিয়ে শুভমন গিলৰ বাবে এক দীৰ্ঘম্যাদী ৰণনীতি প্ৰস্তুত কৰিছে, যাৰ অধীনত তেওঁক বৰ্তমান টি-২০ ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখি টেষ্ট আৰু এদিনীয়া (ODI) ক্ৰিকেটত সম্পূৰ্ণ মনোনিৱেশ কৰিবলৈ কোৱা হৈছে।

শুভমান গিল বৰ্তমান ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক।অহা ডেৰ বছৰত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ অধীনত ৯খন গুৰুত্বপূৰ্ণ মেচ খেলিব লাগিব, আনহাতে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে দলটোৱে প্ৰায় ৩৫খন এদিনীয়া মেচো খেলিব। তেনে ক্ষেত্ৰত নিৰ্বাচকসকলে নিবিচাৰে গিলে তিনিওটা ফৰ্মেট একেলগে খেলি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ চিকাৰ হওক।দল পৰিচালনা সমিতিৰ মতে, ভাৰতৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে গিল ফিট আৰু ফ্ৰেছ হৈ থকাটো অত্যন্ত জৰুৰী।

জানিব পৰা মতে, “নিৰ্বাচকসকলে নিবিচাৰে শুভমান গিলৰ ওপৰত প্ৰয়োজনতকৈ অধিক ক্ৰিকেটৰ বোজা পৰক। তেওঁ টেষ্ট আৰু এদিনীয়া দলৰ নেতৃত্ব দিব লাগিব। অহা দুবছৰত ভাৰতৰ সন্মুখত দুটা ডাঙৰ লক্ষ্য আছে— ডব্লিউটিচি (WTC) ফাইনেল আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ। গতিকে গিলৰ ফিটনেছ আৰু ফৰ্মক অগ্ৰাধিকাৰ দিয়া হৈছে।”

ভাৰতীয় দলৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) 2025-27 ৰ চক্ৰটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ফাইনেলৰ দৌৰত টিকি থাকিবলৈ ভাৰতে বাকী থকা ৯খন টেষ্ট মেচৰ ভিতৰত অন্ততঃ ৭খন মেচত জয়লাভ কৰিব লাগিব। অৰ্থাৎ, অনাগত মাহবোৰত শুভমান গিলৰ ওপৰত কেৱল এজন বেটছমেন হিচাপেই নহয়, এজন অধিনায়ক হিচাপেও ডাঙৰ দায়িত্ব থাকিব। এই কাৰণেই নিৰ্বাচকসকলে বিচাৰে তেওঁৰ সম্পূৰ্ণ মনোযোগ বৰ্তমান ৰেড বল (Red-ball) ক্ৰিকেটতে থাকক।

লগতে পঢ়ক: আফগানিস্তান শৃংখলাৰ পৰা বাহিৰ বিৰাট! ৰোহিত-হাৰ্দিকক লৈও ওলমিছে প্ৰশ্নবোধক

বিচিচিআইৰ ডাঙৰ ঘোষণা: টিম ইণ্ডিয়া শিবিৰত প্ৰৱেশ আকিব নবী

৬ জুনত আৰম্ভ হ’বলগীয়া আফগানিস্তানৰ বিৰুদ্ধে একমাত্ৰ টেষ্ট মেচখনৰ পূৰ্বে জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবীয়ে টিম ইণ্ডিয়াৰ শিবিৰত যোগদান কৰিছে।

৬ জুনৰ পৰা মুল্লাণপুৰত আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া একমাত্ৰ টেষ্ট মেচখনৰ পূৰ্বে জম্মু-কাশ্মীৰৰ ফাষ্ট বলাৰ আকিব নবী ভাৰতীয় দলৰ শিবিৰত যোগ দিছে। যদিও তেওঁক এতিয়ালৈকে আনুষ্ঠানিক টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই, তথাপিও প্ৰতিবেদন অনুসৰি তেওঁ বেক-আপ খেলুৱৈ হিচাপে শুভমন গিলৰ নেতৃত্বাধীন দলটোৰ সৈতে প্ৰশিক্ষণ চলাই আছে।

টিম ইণ্ডিয়াৰ কেম্পত আকিব নবীৰ অন্তৰ্ভুক্তি বিশেষ হিচাপে বিবেচিত হৈছে, কিয়নো টেষ্ট দলটো ঘোষণা কৰাৰ সময়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে তেওঁৰ নামটোক লৈ ট্ৰোলৰ সন্মুখীন হ’বলগীয়া হৈছিল। অজিত আগৰকাৰৰ নেতৃত্বাধীন বাছনি সমিতিয়ে যশপ্ৰীত বুমৰাহক জিৰণি দিয়াৰ পিছত আকিবৰ স্থানত গুৰনুৰ ব্ৰাৰক সুযোগ দিছিল। ইয়াৰ পিছতে বহু ক্ৰিকেট বিশেষজ্ঞ আৰু অনুৰাগীয়ে নবীক আওকাণ কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

এতিয়া টিম ইণ্ডিয়াৰ কেম্পত তেওঁৰ প্ৰৱেশক ভৱিষ্যতৰ পৰিকল্পনাৰ সৈতে সংযোগ কৰি চোৱা হৈছে। যদিও আফগানিস্তানৰ বিৰুদ্ধে টেষ্টত তেওঁৰ খেলাটো নিশ্চিত নহয়, তথাপিও ভাৰতীয় দলৰ পৰিচালনা সমিতিয়ে তেওঁৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। শ্ৰীলংকা ভ্ৰমণৰ বাবে বৰ্তমান তেওঁৰ দাবী দুৰ্বল বুলি ধৰা হৈছে, কিন্তু অক্টোবৰ মাহত হ’বলগীয়া নিউজিলেণ্ড ভ্ৰমণত ফাষ্ট বলাৰসকলৰ বাবে অনুকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ নিৰ্বাচকসকলৰ ৰাডাৰত থাকিব পাৰে।

আকিব নবীয়ে বিগত ৰঞ্জী ট্ৰফী ছিজনত অনবদ্য প্ৰদৰ্শন আগবঢ়াইছিল। জম্মু-কাশ্মীৰৰ ঐতিহাসিক ৰঞ্জী ট্ৰফী জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু দলটোৰ হৈ আটাইতকৈ বেছি উইকেট সংগ্ৰহকাৰী বলাৰ আছিল।

ৰঞ্জী ট্ৰফীত এই বিস্ফোৰক প্ৰদৰ্শনৰ বলতেই তেওঁক আই পি এল ২০২৬ৰ মিনি নিলামত দিল্লী কেপিটেলচে ক্ৰয় কৰিছিল। তেওঁ ফ্ৰেঞ্চাইজিটোৰ আটাইতকৈ ব্যয়বহুল ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত অন্যতম আছিল। দিল্লীয়ে তেওঁক ৮.৪০ কোটি টকাত ক্ৰয় কৰিছিল। অৱশ্যে, আই পি এল ত তেওঁৰ প্ৰথমটো ছিজন আশা কৰা ধৰণৰ নহ’ল।

লগতে পঢ়ক: ঐতিহাসিক জয়ৰ পিছত বৃন্দাবনত উপস্থিত বিৰাট-অনুষ্কা; প্ৰেমানন্দ মহাৰাজৰ পৰা ললে আশীৰ্বাদ

আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী ঘোষণা বিচিচিআইৰ; কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব প্লে অফৰ মেচ

বিচিচিআইয়ে আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী প্ৰকাশ কৰিছে। আই পি এল ২০২৬ৰ দ্বিতীয় পৰ্যায় ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হৈ আৰু ২৪ মে’ত সমাপ্ত হ’ব।

বিচিচিআইয়ে আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী প্ৰকাশ কৰিছে। গ্ৰুপ পৰ্যায়ৰ বাকী ৫০খন খেল ভাৰতৰ ১২টা স্থানত ১৩ এপ্ৰিলৰ পৰা ২৪ মে’লৈ অনুষ্ঠিত হ’ব।প্ৰথম অৱস্থাত ১২ এপ্ৰিললৈকে সূচী প্ৰকাশ কৰা হৈছিল।দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ বেংগালুৰু, মুম্বাই, চেন্নাই, কলকাতা, দিল্লী, আহমেদাবাদ, হায়দৰাবাদ, লক্ষ্ণৌ, জয়পুৰ, ধৰ্মশালা, ৰায়পুৰ, আৰু নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব।বৰ্তমান প্লে অফৰ তাৰিখ আৰু স্থান ঘোষণা কৰা হোৱা নাই।

২৮ মাৰ্চৰ পৰা আই পি এল ২০২৬ আৰম্ভ হ’ব আৰু প্ৰথমখন মেচ ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ মাজত অনুষ্ঠিত হ’ব।প্ৰথম অৱস্থাত ২৮ মাৰ্চৰ পৰা ১২ এপ্ৰিলৰ সময়সূচী প্ৰকাশ কৰা হৈছিল।এই সময়ছোৱাত মুঠ ২০খন খেল অনুষ্ঠিত হ’ব।ইফালে ১৩ এপ্ৰিলৰ পৰা ২৪ মে’ৰ ভিতৰত ৫০খন খেল অনুষ্ঠিত হ’ব।অৰ্থাৎ লীগ পৰ্যায়ত মুঠ ৭০খন খেল অনুষ্ঠিত হ’ব।

ৰাজস্থান ৰয়েলছে জয়পুৰত চাৰিখন ঘৰুৱা খেল খেলিব ইফালে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু এ ঘৰুৱা মেচৰ তিনিখন বেংগালুৰুত আৰু দুখন ৰায়পুৰত খেল খেলিব।১৩ এপ্ৰিলত হায়দৰাবাদত ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হ’বলগীয়া মেচৰ দ্বিতীয় ৰাউণ্ডৰ খেলখন আৰম্ভ হ’ব। এই পৰ্যায়ত ৮খন ডাবল হেডাৰ মেচ অনুষ্ঠিত হ’ব, য’ত দুপৰীয়াৰ মেচ অন্তৰ্ভূক্ত আছে।

বিয়লিৰ মেচসমূহ ৩:৩০ বজাত (ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম) আৰম্ভ হ’ব, আৰু সন্ধিয়াৰ মেচসমূহ ৭:৩০ বজাত (ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম) আৰম্ভ হ’ব।পঞ্জাব কিংছে নিজৰ ঘৰুৱা মেচ কেইখন নিউ চণ্ডীগড় আৰু ধৰ্মশালাত খেলিব।

লগতে পঢ়ক: বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; অনুষ্ঠিত নকৰে আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান

বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ ওপৰত ধনৰ বৰষুণ; বিচিচিআইয়ে দিব ১৩১ কোটি টকাৰ পুৰস্কাৰ

ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২৬ খিতাপ দখল কৰাৰ পিছত এতিয়া বিচিচিআইয়ে এক ডাঙৰ ঘোষণা কৰিছে। বিচিচিআইয়ে ভাৰতীয় দলটোলৈ ১৩১ কোটি টকাৰ পুৰস্কাৰ দিছে।

২০২৬ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত ঐতিহাসিক জয়ৰ পাছত ভাৰতীয় দলটোৰ ওপৰত ধনৰ বৰষুণ হৈছে।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টিম ইণ্ডিয়াক ১৩১ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।১০ মাৰ্চত (মঙলবাৰ)বিচিচিআইয়ে এই কথা ঘোষণা কৰিছিল।

ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে ৰোহিত শৰ্মাৰ অধিনায়কত্বত টি-২০ বিশ্বকাপ ২০২৪ খিতাপ দখল কৰিছিল,তেতিয়া বিচিচিআইয়ে খেলুৱৈসকলক ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

উল্লেখ্য যে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দেওবাৰে (৮ মাৰ্চ) অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ভাৰতে নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি খিতাপ দখল কৰে। এই জয়েৰে ভাৰতে সফলতাৰে নিজৰ টি-২০ বিশ্বকাপৰ চেম্পিয়ন হয়।

বিচিচিআইয়ে এক বিবৃতিত কয় যে, “আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) টিম ইণ্ডিয়াৰ বাবে ১৩১ কোটিৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে।আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই  ট্ৰফী অৰ্জন কৰে, সফলতাৰে খিতাপ ৰক্ষা কৰি প্ৰতিযোগিতাখনৰ ইতিহাসত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ অক্ষুণ্ণ ৰখা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।এই জয়ৰ জৰিয়তে ভাৰতেও আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ তিনিবাৰকৈ জয়ী হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয়”।

লগতে পঢ়ক: শৈশৱৰ লগৰী বংশিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব কুলদীপ যাদৱ…

কঠোৰ হৈছে বিচিচিআই; টি-২০ বিশ্বকাপত নাকচ ভাৰতীয় খেলুৱৈৰ দাবী

টি-২০ বিশ্বকাপ ২০২৬ৰ সময়ত খেলুৱৈসকলৰ পত্নী আৰু পৰিয়ালে একেলগে থাকিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে।

টি-২০ বিশ্বকাপ ২০২৬ক লৈ ভাৰতীয় ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ থকাৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিচিচিআইয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে বিচিচিআইক বিশেষ দাবী উত্থাপন কৰিছিল, কিন্তু ব’ৰ্ডে তেওঁলোকৰ দাবী নাকচ কৰিছে।

দৰাচলতে দল পৰিচালনা সমিতিৰ ফালৰ পৰা বিচিচিআইক সুধিছিল যে এই বিশ্বকাপত ভাৰতীয় খেলুৱৈসকলে পৰিয়ালৰ সৈতে যাত্ৰা কৰিব পাৰিব নে নোৱাৰে।দল পৰিচালনা সমিতিৰ এই অনুৰোধ নাকচ কৰিলে বিচিচিআইয়ে।

ইতিমধ্যে বিচিচিআইয়ে নিজৰ নীতিত উল্লেখ কৰিছিল যে খেলুৱৈসকলৰ পৰিয়াল কেতিয়া আৰু কিমান দিন তেওঁলোকৰ লগত থাকিব পাৰিব।

এই নীতি অনুসৰি টি-২০ বিশ্বকাপৰ সময়ত টিম ইণ্ডিয়াৰ খেলুৱৈৰ পৰিয়ালক তেওঁলোকৰ লগত থাকিবলৈ দিয়া নহ’ব।

দল পৰিচালনা সমিতিয়ে ক্ৰিকেটাৰসকলৰ পৰিয়ালক তেওঁলোকৰ লগত থাকিবলৈ অনুমতি বিচাৰিছিল।বিচিচিআইয়ে ইয়াৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই, কিন্তু ইয়াৰ বাবে তেওঁলোকে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

ব’ৰ্ডৰ নিয়ম অনুসৰি খেলুৱৈসকলে সৰ্বাধিক ১৪ দিন পৰিয়ালৰ সৈতে থাকিব পাৰিব।এই নিয়ম কেৱল বিদেশ ভ্ৰমণৰ বাবেহে। কিন্তু ইয়াৰ বাবে চৰ্ত হ’ল যে যিকোনো বিদেশ ভ্ৰমণ ৪৫ দিনতকৈ অধিক হ’ব লাগিব।

ভাৰতত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৬ প্ৰতিযোগিতাখন এমাহৰ বাবে চলিব এনে পৰিস্থিতিত দল পৰিচালনাৰ এই পৰামৰ্শ ব’ৰ্ডে নাকচ কৰিছে।

লগতে পঢ়ক: মেচ বৰ্জনৰ হুংকাৰ দি এতিয়া আত্মসমৰ্পণ, অৱশেষত পাকিস্তানৰ ইউ-টাৰ্ণ

বাংলাদেশী খেলুৱৈৰ সন্দৰ্ভত এক্সন মুডত BCCI; মুস্তাফিজুৰ ৰহমানক অপসাৰণৰ নিৰ্দেশ

কলকাতা নাইট ৰাইডাৰ্ছক BCCI এ দিছে নিৰ্দেশ। বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক KKR ৰ পৰা বাহিৰ কৰিব লাগিব ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কলকাতা নাইট ৰাইডাৰ্ছক বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক তেওঁলোকৰ দলটোৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ দিছে।

বাংলাদেশত এজন হিন্দু লোকক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ পিছত এই বিতৰ্ক ভাৰতীয় ক্ৰিকেট জগতত এক প্ৰধান বিষয় হৈ পৰিছিল।

এতিয়া পোহৰলৈ আহিছে যে BCCI এ KKR ক নিৰ্দেশ দিছে যে,তেওঁলোকে মুস্তাফিজুৰ ৰহমানক দলৰ পৰা বাদ দিব লাগে।অৰ্থাৎ মুস্তাফিজুৰ ৰহমান আৰু আইপিএল ২০২৬ৰ অংশ নহ’ব।

BCCI ৰ সচিব দেৱজিৎ শইকীয়াই কয় যে,”শেহতীয়াকৈ যিবোৰ ঘটনা সংঘটিত হৈ আছে,ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে কেকেআৰক বাংলাদেশৰ খেলুৱৈ গৰাকীক দলৰ পৰা বাদ দিবলৈ নিৰ্দেশ দিছে।

মুস্তাফিজুৰ ৰহমান বাংলাদেশৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ। ২০১৬ চনৰ পৰাই মুস্তাফিজুৰ ৰহমানে আই পি এলত খেলি আহিছে ।

এতিয়ালৈকে এই বাংলাদেশী খেলুৱৈগৰাকীয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদ, মুম্বাই ইণ্ডিয়ানছ, ৰাজস্থান ৰয়েলছ, দিল্লী কেপিটেলছ আৰু চি এছ কেৰ হৈ খেলিছে।

লগতে পঢ়ক: ক্ৰিকেট যুদ্ধত ২০২৬ত কেইবাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ?  জানক সকলো মেচৰ তাৰিখ

BCCI ৰ ডাঙৰ সিদ্ধান্ত; মহিলা বিশ্বকাপৰ উদ্ধোধনী অনুষ্ঠান উৎসর্গিত হ’ব জুবিনৰ নামত

BCCI ৰ ডাঙৰ সিদ্ধান্ত

BCCI এ জুবিন গাৰ্গলৈ বিশেষ সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ সিদ্ধান্ত লৈছে। ৩০ ছেপ্তেম্বৰৰ দিনা গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমখন মেচ। এতিয়া BCCI ৰ সচিব দেৱজিৎ লন শইকীয়াই এক সিদ্ধান্ত গ্ৰহণ কৰিছে।

সচিব গৰাকীয়ে জানিবলৈ দিয়া মতে, উদ্ধোধনী অনুষ্ঠান উৎসর্গিত হ’ব জুবিনৰ নামত। অনুষ্ঠানটোত ৪০ মিনিটৰ বাবে জুবিনৰ জীৱন পৰিক্ৰমা প্ৰদৰ্শন হ’ব।

লগতে পঢ়ক: ‘জুবিনে নিজেই ছিংগাপুৰলৈ টিকট কৰিবলৈ কৈছিল’; অসমবাসীক ক্ষমা বিচাৰি শ্যামকানু মহন্তৰ দায়সৰা পোষ্ট

‘ভাৰত পাকিস্তানৰ মাজত এতিয়া কোনো খেল…’; পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত বি চি চি আইৰ বিস্ফোৰক মন্তব্য

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ জোৱাৰ উঠিছে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানস্থিত নিষিদ্ধ লস্কৰ-ই-তৈবা (এল ই টি) সন্ত্ৰাসবাদী সংগঠনৰ অংশ ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টি আৰ এফ)য়ে।

এই ঘটনাক লৈ ক্ৰিকেট জগততো ক্ষোভৰ সৃষ্টি হৈছে।তাৰ মাজতে বিচিচিআইয়েও পাকিস্তানৰ প্ৰতি নিজৰ মনোভাৱ দেখুৱাইছে।

এই সন্ত্ৰাসবাদী ঘটনাক লৈ বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘আমি ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থাকি এই ঘটনাৰ গৰিহণা দিছো’।

‘বিচিচিআইয়ে পাকিস্তানৰ সৈতে ক্ৰিকেট খেলা বন্ধ কৰিব লাগে নেকি বুলি প্ৰশ্ন কৰাত ৰাজীৱ শুক্লাই কয় যে আমাৰ চৰকাৰে যি ক’ব আমি তাকেই কৰিম’।

‘আমি চৰকাৰৰ স্থিতিৰ বাবে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলা নাই আৰু আমি ভৱিষ্যতেও পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলা নেখেলো। যেতিয়া আইচিচিৰ ইভেণ্টৰ কথা আহে তেতিয়াহে আমি আইচিচিৰ অংশীদাৰিত্বৰ কাৰণে হে খেলা হয়’।