মেচ বৰ্জনৰ হুংকাৰ দি এতিয়া আত্মসমৰ্পণ, অৱশেষত পাকিস্তানৰ ইউ-টাৰ্ণ

মেচ বৰ্জনৰ হুংকাৰ দি এতিয়া আত্মসমৰ্পণ, অৱশেষত পাকিস্তানৰ ইউ-টাৰ্ণ

পুনৰ থমকিল পাকিস্তান । বৰ্জনৰ ভাবুকিৰ পাছত অৱশেষত খেলিবলৈ মান্তি । অৱশেষত ভাৰতৰ আগত শিৰনত কৰিলে পাকিস্তানে । মেচ বৰ্জনৰ হুংকাৰ দি অৱশেষত ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচ খেলিবলৈ মান্তি হৈছে পাকিস্তান । অহা ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া বহু

পুনৰ থমকিল পাকিস্তান । বৰ্জনৰ ভাবুকিৰ পাছত অৱশেষত খেলিবলৈ মান্তি ।

অৱশেষত ভাৰতৰ আগত শিৰনত কৰিলে পাকিস্তানে । মেচ বৰ্জনৰ হুংকাৰ দি অৱশেষত ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচ খেলিবলৈ মান্তি হৈছে পাকিস্তান । অহা ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ খেলখন নিৰ্ধাৰিত অনুসৰি অনুষ্ঠিত হ’ব । পাকিস্তান চৰকাৰে সোমবাৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক আনুষ্ঠানিকভাৱে এই মেচখন খেলাৰ অনুমতি প্ৰদান কৰি বিগত কেইবাদিনো ধৰি চলি থকা অচলাৱস্থাৰ অন্ত পেলায় ।

প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে আইচিচি, বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বিচিবি), আৰু অন্যান্য সদস্য দেশৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ আলোচনাৰ বিষয়ে অৱগত কৰে । ইয়াৰ পিছতে চৰকাৰে সকলো দিশ বিবেচনা কৰি পাকিস্তান দলটোক খেলপথাৰত নামিবলৈ নিৰ্দেশ দিয়ে ।

সমগ্ৰ প্ৰতিযোগিতাখনৰ ওপৰত প্ৰভাৱ পেলোৱা চৰকাৰৰ পৰামৰ্শ মতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলখন খেলিব নোৱাৰিব বুলি প্ৰথমে উল্লেখ কৰিছিল । কিন্তু আইচিচিৰ দৃঢ় স্থিতি, বাংলাদেশৰ আবেদন আৰু অব্যাহত আলোচনাৰ পিছত পাকিস্তান এই সিদ্ধান্তৰ পৰা পিছুৱাই যায় ।

লাহোৰত অনুষ্ঠিত হোৱা বৈঠক কেইবা ঘন্টা ধৰি চলিছিল যদিও পাকিস্তানে দিয়া প্ৰায়বোৰ দাবী আই চি চিয়ে নাকচ কৰে । ইয়াৰ পিছতে পিচিবিয়ে বৰ্জনৰ স্থিতি নৰম কৰি মেচখন খেলাৰ পথ মুকলি কৰে ।

ভাৰত-পাকিস্তান খেলখন ক্ৰিকেট জগতৰ আটাইতকৈ ডাঙৰ আৰু লাভজনক মেচ বুলি গণ্য কৰা হয় । ফলস্বৰূপে এই মেচ বাতিলৰ ফলত আইচিচি, সম্প্ৰচাৰক আৰু সকলো সদস্য ব’ৰ্ডৰ যথেষ্ট লোকচান হোৱাৰ সম্ভাৱনা আছিল । এতিয়া নিৰ্ধাৰিত সময়ত খেলখন অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱাৰ লগে লগে প্ৰতিযোগিতাখনে যথেষ্ট সকাহ লাভ কৰিছে ।

উল্লেখ্য যে লাহোৰ বৈঠকত পাকিস্তানে কেইবাটাও চৰ্ত ৰাখিছিল, য’ত ভাৰতৰ সৈতে দ্বিপাক্ষিক শৃংখলা, ভাৰত, বাংলাদেশ আৰু পাকিস্তানৰ মাজত ত্ৰিপাক্ষিক শৃংখলা, হেণ্ডশ্বেক বিতৰ্কক সমাধান কৰা, ৰাজহ বৃদ্ধি আদি আছিল । অৱশ্যে পাকিস্তানৰ এই দাবীক গুৰুত্ব দিবলৈ অস্বীকাৰ কৰে আইচিচিয়ে ।

লগতে পঢ়ক : পাকিস্তানৰ জেদ নেওচি আইচিচিৰ কঠোৰ স্থিতি, দিলে চূড়ান্ত সকীয়নি…