২০২৬ ফিফা বিশ্বকাপত ধনৰ বৰষুণ: কিমান লাভ কৰিব চেম্পিয়ন-ৰানাৰ্ছ আপ দলে ?

২০২৬ ফিফা বিশ্বকাপত ধনৰ বৰষুণ: কিমান লাভ কৰিব চেম্পিয়ন-ৰানাৰ্ছ আপ দলে ?

জনপ্ৰিয়তাৰ শীৰ্ষত থকা ফুটবল বিশ্বকাপত এইবাৰ পুৰস্কাৰৰ ধনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে ফুটবল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ ফিফা বিশ্বকাপ ২০২৬ এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । অহা ২০ জুলাইৰ মাজনিশা, অৰ্থাৎ ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেগা

জনপ্ৰিয়তাৰ শীৰ্ষত থকা ফুটবল বিশ্বকাপত এইবাৰ পুৰস্কাৰৰ ধনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে

ফুটবল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ ফিফা বিশ্বকাপ ২০২৬ এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । অহা ২০ জুলাইৰ মাজনিশা, অৰ্থাৎ ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেগা ফাইনেলক লৈ সমগ্ৰ বিশ্বতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । কিন্তু এই ক্ৰীড়া প্ৰতিযোগিতাৰ মাজতে আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে এইবাৰৰ বিশ্বকাপৰ পুৰস্কাৰৰ ধন । ফুটবল বিশ্বৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে ফিফাই খেলুৱৈ আৰু দলসমূহৰ বাবে মুকলি কৰি দিছে এক বিশাল ধনৰ ভঁৰাল ।

প্ৰাইজ পুলত ৫০% বৃদ্ধি: সৰ্বমুঠ ৮৩,৮৬৬ কোটি টকা

জনপ্ৰিয়তাৰ শীৰ্ষত থকা ফুটবল বিশ্বকাপত এইবাৰ পুৰস্কাৰৰ ধনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । ফিফাই ২০২৬ বিশ্বকাপৰ বাবে ৮৭১ নিযুত (মিলিয়ন) আমেৰিকান ডলাৰৰ এক ঐতিহাসিক প্ৰাইজ পুল ধাৰ্য কৰিছে, যাৰ ভাৰতীয় মূল্য হৈছে প্ৰায় ৮৩,৮৬৬ কোটি টকা । উল্লেখ্য যে এইবাৰ বিশ্বকাপত দলৰ সংখ্যা ৩২ টাৰ পৰা ৪৮ টালৈ বৃদ্ধি কৰাৰ বাবে পুৰস্কাৰৰ ধনৰ পৰিমাণ পূৰ্বৰ তুলনাত প্ৰায় ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে ।

চেম্পিয়ন আৰু ৰানাৰ্ছ-আপৰ ভাগ্য সলনি কৰিব এই পুৰস্কাৰে

ফাইনেলত বিজয়ী হৈ ট্ৰফী আজুৰি নিয়া চেম্পিয়ন দলটোৰ ওপৰত হ’ব আটাইতকৈ ডাঙৰ ধনৰ বৰষুণ । ফাইনেলত বিজয়ী হোৱা চেম্পিয়ন দলটোক পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব ৫০ নিযুত ডলাৰ, অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৪৮১ কোটি টকা । আনহাতে, ৰানাৰ্ছ-আপ বা উপ-বিজেতা দলেও লাভ কৰিব এক বৃহৎ ধনৰাশি, যাৰ পৰিমাণ হৈছে ৩৩ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৩১৭ কোটি টকা । ইয়াৰ উপৰিও প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা দলে ২৯ নিযুত ডলাৰ (প্ৰায় ২৭৯ কোটি টকা) আৰু চতুৰ্থ স্থান লাভ কৰা দলে ২৭ নিযুত ডলাৰ (প্ৰায় ২৫৯ কোটি টকা) লাভ কৰিব ।

খালী হাতে ঘূৰি নাযায় কোনো; গ্ৰুপ পৰ্যায়ৰ দলৰো পকেট ভৰিব

ফিফাৰ এই বৃহৎ আঁচনিৰ বাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৪৮ টা দলৰ কোনো এটাও খালী হাতে ঘূৰি যাবলগীয়া নহয় । বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিটো দলকে প্ৰস্তুতিৰ বাবদ ২.৫ নিযুত ডলাৰ প্ৰদান কৰা হৈছিল । ইয়াৰ উপৰিও মূল পৰ্বত ভাগ লোৱা প্ৰতিটো দলেই অন্ততঃ ১০ নিযুত ডলাৰ অৰ্থাৎ প্ৰায় ৯৬.২ কোটি টকা লাভ কৰাটো নিশ্চিত কৰিছে ।

যিবোৰ দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে কিন্তু ছেমি ফাইনেললৈ যাব নোৱাৰিলে, সেই চাৰিওটা দলৰ প্ৰতিটোৱে ১৯ নিযুত ডলাৰকৈ পাব । আনহাতে, নৱমৰ পৰা ১৬ সংখ্যক স্থান লাভ কৰা প্ৰতিটো দলে ১৫ নিযুত ডলাৰ, ১৭ ৰ পৰা ৩২ সংখ্যক স্থান লাভ কৰা প্ৰতিটো দলে ১১ নিযুত ডলাৰ আৰু গ্ৰুপ পৰ্যায়ৰ পৰা আগবাঢ়িব নোৱাৰা দলসমূহেও ১০ নিযুত ডলাৰকৈ লাভ কৰিব । অৱশ্যে এই ধনৰাশিৰ ভিতৰত প্ৰস্তুতিৰ বাবে প্ৰদান কৰা ২.৫ নিযুত ডলাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

লগতে পঢ়ক : শিশু য়ামালৰ সৈতে ভাইৰেল ফটোক লৈ মুখ খুলিলে লিয়নেল মেছিয়ে