লৰ্ডছৰ এই খেলখন হ’ব ৰোহিত আৰু কোহলীয়ে একেলগে ভাৰতৰ হৈ খেলিবলগীয়া ৪০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ
ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ দেওবাৰে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই গুৰুত্বপূৰ্ণ মেচখনত খেলপথাৰত ভৰি থোৱাৰ লগে লগেই ভাৰতীয় ক্ৰিকেট ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীৰ যুটিটোৱে । আচলতে, লৰ্ডছৰ এই খেলখন হ’ব ৰোহিত আৰু কোহলীয়ে একেলগে ভাৰতৰ হৈ খেলিবলগীয়া ৪০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ । ক্ৰিকেটৰ ইতিহাসত এই অনন্য স্থানত উপনীত হোৱা কোহলী-ৰোহিতৰ যুটিটো হ’ব দেশৰ প্ৰথমটো যুটি ।
শচীন-দ্ৰাবিড়ৰ ৰেকৰ্ড ভংগ-
এই বিশেষ তালিকাত ৰোহিত আৰু বিৰাটৰ যুটিটোৱে ইতিমধ্যে ভাৰতৰ দুই প্ৰাক্তন কিংবদন্তী ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ যুগলবন্দীক পিছ পেলাই থৈছে । শচীন আৰু দ্ৰাবিড়ে একেলগে ভাৰতৰ হৈ ৩৯১খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । আনহাতে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত একেলগে আটাইতকৈ বেছি মেচ খেলাৰ বিশ্ব ৰেকৰ্ড বৰ্তমানো শ্ৰীলংকাৰ দুই প্ৰাক্তন তাৰকা কুমাৰ চাংগাকাৰা আৰু মহেলা জয়ৱৰ্ধনেৰ নামত সংৰক্ষিত হৈ আছে, যিয়ে একেলগে নিজ দেশৰ হৈ ৫৫০খন মেচ খেলিছিল ।
ৰোহিতৰ ফৰ্ম আৰু অৱসৰৰ উৰাবাতৰি-
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা চলিত এদিনীয়া শৃংখলাত ৰোহিত শৰ্মাৰ বেটৰ পৰা বিশেষ ৰান দেখিবলৈ পোৱা হোৱা নাই । শৃংখলাৰ প্ৰথম দুখন মেচত তেওঁ মাত্ৰ ৩৭ ৰানহে কৰিবলৈ সক্ষম হৈছে । দ্বিতীয়খন খেলত ৪৭টা বলত ২৬ ৰান কৰি ৰোহিত আউট হৈছিল, য’ত তেওঁ এটা ভাল আৰম্ভণি পোৱাৰ পিছতো তাক ডাঙৰ ইনিংছলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয় । ৰোহিতৰ এই দুৰ্বল ফৰ্মৰ মাজতে তেওঁৰ ভৱিষ্যতক লৈ বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হৈছিল আৰু কিছুমান সংবাদ মাধ্যমত লৰ্ডছৰ এদিনীয়াখন তেওঁৰ কেৰিয়াৰৰ অন্তিম মেচ বুলিও দাবী কৰা হৈছিল । অৱশ্যে, বিচিচিআই (BCCI) ৰ সম্পাদক দেৱজিত শইকীয়াই এই সকলোবোৰ উৰাবাতৰি বুলি অভিহিত কৰি ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰিছে ।
এতিয়া দেওবাৰৰ এই ঐতিহাসিক মেচখনত অনুৰাগীসকলে ‘ৰো-কো’ (RO-KO) ৰ যুটিটোৰ পৰা পুনৰ এক বিস্ফোৰক আৰু শক্তিশালী প্ৰদৰ্শন আশা কৰিছে ।
লগতে পঢ়ক : ৰোহিত শৰ্মাৰ অৱসৰক লৈ মুখ খুলিলে বি চি চি আয়ে









