লৰ্ডছ এদিনীয়াই হ’ব নেকি হিটমেনৰ অন্তিম মেচ?

ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয়খন এদিনীয়াই হ’ব পাৰে ভাৰতীয় জাৰ্ছীত ‘হিটমেন’ ৰোহিত শৰ্মাৰ অন্তিমখন মেচ

টিম ইণ্ডিয়াৰ প্ৰাক্তন সফল অধিনায়ক তথা তাৰকা বেটছমেন ৰোহিত শৰ্মাৰ এদিনীয়া কেৰিয়াৰক লৈ প্ৰচাৰিত খবৰে বৰ্তমান চৰ্চা লাভ কৰিছে । বিভিন্ন সূত্ৰৰ প্ৰতিবেদন অনুসৰি, অহা ১৯ জুলাই (দেওবাৰ)ত ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয়খন এদিনীয়াই হ’ব পাৰে ভাৰতীয় জাৰ্ছীত ‘হিটমেন’ ৰোহিত শৰ্মাৰ অন্তিমখন মেচ ।

নিৰ্বাচকসকলে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপক লক্ষ্য কৰি এতিয়াৰে পৰা যুৱ খেলুৱৈসকলক প্ৰস্তুত কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈছে । ৰোহিতৰ স্থানত যুৱ অ’পেনাৰ যশস্বী জয়ছোৱালক ধাৰাবাহিকভাৱে সুযোগ দিয়াৰ যো-জা চলিছে । নিৰ্বাচকসকলৰ মতে আগন্তুক ডাঙৰ টুৰ্ণামেণ্টৰ পূৰ্বে জয়ছোৱালে কমেও ২০ খন এদিনীয়া খেলাৰ সুযোগ পাব লাগে ।

ইফালে ফিটনেছ আৰু উৎকৃষ্ট ফৰ্মৰ বাবে ২০২৭ বিশ্বকাপৰ পৰিকল্পনাত বিৰাট কোহলী সুৰক্ষিত স্থানত থকাৰ বিপৰীতে এতিয়া অনিশ্চয়তাৰ আৱৰ্তত ৰোহিত শৰ্মা ।

যুৱ প্ৰজন্মক সুযোগ আৰু অজিত আগৰকাৰৰ ৰোডমেপ

প্ৰকাশিত এক খবৰ অনুসৰি, ভাৰতীয় নিৰ্বাচক সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰ বৰ্তমান টীম ইণ্ডিয়াৰ সৈতে ইংলেণ্ড ভ্ৰমণত আছে । তেওঁ টিম মেনেজমেণ্টৰ ভৱিষ্যতৰ পৰিকল্পনাৰ সৈতে সম্পূৰ্ণ একমত প্ৰকাশ কৰিছে । জানিব পৰা মতে, ২০২৭ এদিনীয়া বিশ্বকাপৰ মূল পৰিকল্পনাত ৰোহিত শৰ্মাৰ নাম ক্ৰমান্বয়ে আঁতৰি গৈছে আৰু নিৰ্বাচকসকলে যুৱ প্ৰজন্মক অধিক প্ৰাধান্য দিব বিচাৰিছে ।

প্ৰশ্নৰ আৱৰ্তত ‘হিটমেন’ৰ শেহতীয়া প্ৰদৰ্শন

বিগত কিছু সময় ধৰি ৰোহিত শৰ্মাৰ এদিনীয়া প্ৰদৰ্শন আশানুৰূপ হোৱা নাই।

-তেওঁ খেলা শেষৰ ৮ খন এদিনীয়া মেচত মাত্ৰ ৩০.১ গড়ে আৰু ৮৮.৬০ ষ্ট্ৰাইক ৰেটেৰে সংগ্ৰহ কৰিছে মাত্ৰ ২৪১ ৰান ।

-এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা কেৱল এটা অৰ্ধশতকহে দেখা গৈছে ।

-আনকি ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াতো তেওঁ মাত্ৰ ৪৭ টা বলত ২৬ ৰান কৰি উইল জেক্সৰ বলত আউট হয় ।

ভাৰতীয় ক্ৰিকেটৰ এক সোণালী যাত্ৰাৰ অন্তিম অধ্যায়

যদি দেওবাৰে লৰ্ডছ ক্ৰীড়াংগনত হ’বলগীয়া মেচখনেই ৰোহিত শৰ্মাৰ শেষ এদিনীয়া মেচ হয়, তেন্তে ই ভাৰতীয় ক্ৰিকেটৰ বাবে এক যুগৰ অৱসান হিচাপে বিবেচিত হ’ব । ৰোহিত শৰ্মাৰ অধিনায়কত্বতে ভাৰতে ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ চনৰ চেম্পিয়ন্স ট্ৰফী জয়ৰ সোৱাদ লাভ কৰিছিল । তেওঁ সদায় ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল সীমিত অভাৰৰ অধিনায়ক আৰু সৰ্বকালৰ শ্ৰেষ্ঠ অপেনিং বেটছমেন হিচাপে ক্ৰীড়ানুৰাগীৰ বুকুত চিৰদিন স্মৰণীয় হৈ ৰ’ব ।

লগতে পঢ়ক : আইচিচিৰ ডাঙৰ সিদ্ধান্ত; সলনি হ’ল ২০২৭ ৰ এদিনীয়া বিশ্বকাপৰ ফৰ্মেট

ৰোহিত-কোহলী ব্যৰ্থ হ’লেও প্ৰথম এদিনীয়াত জয় ভাৰতৰ

অৱশেষত জয়ৰ মুখ দেখিলে ভাৰতে! ইংলেণ্ডক ৬ উইকেটত হৰুৱাই শৃংখলাত ১-০ৰ অগ্ৰগতি

অৱশেষত অপেক্ষাৰ অন্ত পৰিল । ব্ৰিটেইনৰ মাটিত চলি থকা বহু প্ৰত্যাশিত ইংলেণ্ড ভ্ৰমণত টীম ইণ্ডিয়াই লাভ কৰিলে প্ৰথমটো সোৱাদ লগা জয় । বাৰ্মিংহামৰ ঐতিহাসিক এজবেষ্টন ক্ৰীড়াগণত অনুষ্ঠিত প্ৰথমখন এদিনীয়া মেচত ভাৰতে ঘৰুৱা দল ইংলেণ্ডক ৬ উইকেটত ধূলিসাৎ কৰে । এই গুৰুত্বপূৰ্ণ বিজয়েৰে টীম ইণ্ডিয়াই তিনিখনীয়া এদিনীয়া শৃংখলাটোত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।

ৰুট-ডছনৰ যুঁজ, বলিংত অক্ষৰৰ তাণ্ডৱ

মেচখনত টছত হাৰি প্ৰথমে বেটিং কৰিবলগীয়া হোৱা ইংলেণ্ড দলে ধুমুহাৰ দৰে আৰম্ভণি কৰিছিল । এটা সময়ত এটাও উইকেট নেহেৰুৱাকৈ ইংলেণ্ডৰ স্কোৰ আছিল ৬১ ৰান । কিন্তু ইয়াৰ পিছতে ভাৰতীয় বলাৰৰ আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১০৭ ৰানতে দলটোৱে হেৰুৱায় ৬ টাকৈ গুৰুত্বপূৰ্ণ উইকেট । বেন ডাকেট (৪৩) আৰু অধিনায়ক জচ বাটলাৰ (৫) আদি তাৰকাসকল ফ্লপ প্ৰমাণিত হয় ।

অৱশ্যে ইয়াৰ পিছতে ইংলেণ্ডৰ হাল ধৰে অভিজ্ঞ জো ৰুট আৰু লিয়াম ডছনে । দুয়োৰে মাজত সপ্তম উইকেটৰ বাবে গঢ়ি উঠে ১২১ ৰানৰ এক দায়িত্বশীল পাৰ্টনাৰশ্বিপ । জো ৰুটৰ অপৰাজিত ৭৬ ৰান আৰু লিয়াম ডছনৰ ৬৮ ৰানৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ইংলেণ্ডে নিৰ্ধাৰিত অভাৰত ২৫৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ বলিংত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি স্পীনাৰ অক্ষৰ পেটেলে মাত্ৰ ৬২ ৰান দি সংগ্ৰহ কৰে সৰ্বাধিক ৪টা উইকেট । তদুপৰি প্ৰসিদ্ধ কৃষ্ণা আৰু নৱাগত গুৰনুৰ ব্ৰাৰে লাভ কৰে দুটাকৈ উইকেট ।

ব্যৰ্থ ROKO যুটী

২৫৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ ওলাই ভাৰতীয় শিবিৰত আৰম্ভণিতেই মোক্ষম আঘাত লাগে । টীম ইণ্ডিয়াৰ দুই মহীৰূহ ৰোহিত শৰ্মা আৰু বিৰাট কোহলী আজি সম্পূৰ্ণ ব্যৰ্থ হয় । ৰোহিতে ২১ টা বলত ১১ ৰান কৰাৰ বিপৰীতে কোহলীয়ে মাত্ৰ ৫ ৰান কৰি পেভিলিয়নলৈ ওভতে । মাত্ৰ ৪৮ ৰানতে ভাৰতে দুই তাৰকা খেলুৱৈৰ উইকেট হেৰুৱাই বিপদত পৰে ।

গীল-শ্ৰেয়াছৰ প্ৰতিৰোধ আৰু অধিনায়কৰ কঁকালৰ বিষ

দল সংকটত পৰা মুহূৰ্তত প্ৰতিৰোধ গঢ়ি তোলে যুৱ অধিনায়ক শুভমন গীল আৰু শ্ৰেয়াছ আয়াৰে । দুয়োৰে মাজত ১০৯ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি উঠে । সুন্দৰ লয়ত থকা আয়াৰে ৩৫ ৰান কৰি ৰান আউট হোৱাৰ বিপৰীতে শুভমন গীলে ৭৫ টা বলত ৮০ ৰানৰ এক দায়িত্বশীল ইনিংছ খেলে । কিন্তু খেল চলি থকাৰ মাজতে কঁকালৰ তীব্ৰ বিষত আক্ৰান্ত হৈ অধিনায়ক গীল ‘ৰিটায়াৰ্ড হাৰ্ট’ হৈ ক্ৰীড়াংগন এৰিবলৈ বাধ্য হয় ।

অক্ষৰ-সুন্দৰৰ অপৰাজিত শতকীয় যুঁজ আৰু জয়লাভ

শুভমন গিল খেলপথাৰৰ পৰা আঁতৰি যোৱাৰ পিছত মেচৰ হাল ধৰে অলৰাউণ্ডাৰ অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰে । ইংৰাজ বলাৰক নিৰ্দয় প্ৰহাৰ কৰি দুয়োৰে মাজত গঢ়ি উঠে ১০২ ৰানৰ অপৰাজিত শতকীয় পাৰ্টনাৰশ্বিপ । ৱাশ্বিংটন সুন্দৰে ৬৩ টা বলত ৫২ ৰান (৪টা চাৰি, ১টা ছিক্সাৰ) কৰাৰ বিপৰীতে বলিংত ৪টা উইকেট লোৱা অক্ষৰ পেটেলে বেটেৰেও তাণ্ডৱ চলাই ৫২ টা বলত ৫৭ ৰানৰ এক মেচ বিজয়ী ইনিংছ উপহাৰ দিয়ে ।

এই দুয়ো অলৰাউণ্ডাৰৰ অপৰাজিত ধৈৰ্যশীল বেটিঙেৰে ভাৰতে ৪৬ নম্বৰ অভাৰতে ৪ উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় আৰু ৬ উইকেটত এক সুন্দৰ বিজয় সাব্যস্ত কৰে । মেচখনত অলৰাউণ্ড প্ৰদৰ্শন কৰা অক্ষৰ পেটেলক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হয় ।

লগতে পঢ়ক : ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে, ২৭০ ৰানত ধূলিসাৎ ইংলেণ্ড

আই চি চি-ৰ গুৰুত্বপূৰ্ণ পদত অসম সন্তান দেৱজিত লন শইকীয়া

দেৱজিত লন শইকীয়াৰ এই অভূতপূৰ্ব সাফল্যত অসম ক্ৰিকেট সন্থাই গভীৰ আনন্দ প্ৰকাশ কৰিছে

অসম তথা সমগ্ৰ দেশৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ । ভাৰতীয় ক্ৰীকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-ৰ সন্মানীয় সম্পাদক দেৱজিত লন শইকীয়াক এক বৃহৎ দায়িত্ব অৰ্পণ কৰা হৈছে । তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)-ৰ অতি গুৰুত্বপূৰ্ণ গভৰ্নেন্স কমিটি (পৰিচালন সমিতি)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ।

অসম ক্ৰিকেট সন্থা (ACA)-ৰ অভিনন্দন:

দেৱজিত লন শইকীয়াৰ এই অভূতপূৰ্ব সাফল্যত অসম ক্ৰিকেট সন্থাই গভীৰ আনন্দ প্ৰকাশ কৰিছে । অসম ক্ৰিকেট এছ’চিয়েশ্যনে নিজৰ অফিচিয়েল ফেচবুক পেজত এক পোষ্টৰ জৰিয়তে তেওঁক উষ্ম আদৰণি জনাই লিখিছে- “ভাৰতীয় ক্ৰীকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-ৰ সন্মানীয় সম্পাদক শ্ৰী দেৱজিত শইকীয়াক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)-ৰ গভৰ্নেন্স কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ বাবে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ । অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশাসনৰ শিখৰলৈকে তেওঁৰ যাত্ৰাই আমাক সকলোকে অনুপ্ৰাণিত কৰি যাব । এই সন্মানীয় দায়িত্ব কান্ধ পাতি লোৱাৰ সময়ত আমি তেওঁলৈ শুভকামনা জনাইছোঁ ।”

সন্থাই লগতে উল্লেখ কৰে যে এই সন্মানীয় দায়িত্বই দেৱজিত লন শইকীয়াৰ দূৰদৰ্শী নেতৃত্ব, অপৰিসীম প্ৰশাসনিক দক্ষতা আৰু ক্ৰীড়া ক্ষেত্ৰখনক এক নতুন মাত্ৰা দিয়াৰ প্ৰতি থকা অটুট নিষ্ঠাকে প্ৰমাণ কৰে ।

কি এই আই চি চি গভৰ্নেন্স কমিটি?

উল্লেখ্য যে, আই চি চি গভৰ্নেন্স কমিটিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশাসনক পৰিচালনা আৰু গঢ় দিয়াৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় । ক্ৰিকেটৰ মূল পৰিচালন আৰু নিয়ন্ত্ৰণ সম্পৰ্কীয় নীতি-নিৰ্দেশনাসমূহ তদাৰক কৰাৰ সম্পূৰ্ণ দায়িত্ব এই সমিতিৰ ওপৰত থাকে ।

ভাৰত আৰু অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত-

ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে, এই সন্মানীয় পেনেলত শইকীয়াৰ নিযুক্তিৰ ফলত বিশ্ব ক্ৰিকেটৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ভাৰতৰ ভূমিকা আৰু প্ৰতিনিধিত্ব আগতকৈ অধিক শক্তিশালী হৈ পৰিব । একে সময়তে, এই উত্তৰণে অসমৰ বাবেও এক অপৰিসীম গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে । বিশ্ব ক্ৰীড়া প্ৰশাসনৰ মজিয়াত অসমৰ বৰ্ধিত মৰ্যাদা আৰু গুৰুত্বক এই যুক্তিয়ে পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে ।

লগতে পঢ়ক : ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে, ২৭০ ৰানত ধূলিসাৎ ইংলেণ্ড

ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে, ২৭০ ৰানত ধূলিসাৎ ইংলেণ্ড

ভাৰতীয় মহিলা ক্ৰিকেট দলে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰেণ্ডত অনুষ্ঠিত একমাত্ৰ মহিলা টেষ্ট মেচখনত ইংলেণ্ডক ২৭০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে

ক্ৰীড়া ইতিহাসৰ এক সোণালী অধ্যায় ৰচনা কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰেণ্ডত অনুষ্ঠিত একমাত্ৰ মহিলা টেষ্ট মেচখনত ইংলেণ্ডক ২৭০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । ১৪২ বছৰীয়া ইতিহাসত লৰ্ডছৰ মাটিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মহিলা টেষ্টখনক সম্পূৰ্ণৰূপে নিজৰ নামত কৰি হৰমনপ্ৰীত কৌৰ বাহিনীয়ে এক চিৰস্মৰণীয় জয় সাব্যস্ত কৰিলে । বেটিং, বলিং আৰু ফিল্ডিং- প্ৰতিটো বিভাগতে ইংলেণ্ডক তেওঁলোকৰে ঘৰুৱা মাটিত ধূলিসাৎ কৰি ভাৰতে এই ঐতিহাসিক ক্ষণ উদযাপন কৰে ।

ক্ৰিকেটৰ মক্কাত য়াস্তিকা ভাটিয়াৰ ঐতিহাসিক শতক-

এই মেচখনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো আছিল ভাৰতীয় তাৰকা বেটাৰ য়াস্তিকা ভাতিয়াৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শন । লৰ্ডছৰ মাটিত টেষ্ট শতক অৰ্জন কৰা ইতিহাসৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে নিজৰ নাম স্বৰ্ণাক্ষৰে লিপিবদ্ধ কৰে য়াস্তিকাই । তেওঁৰ এই অনন্য ইনিংছৰ সহায়ত ভাৰতে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ৩৪১ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে । প্ৰথম ইনিংছৰ ১১৫ ৰানৰ অগ্ৰগতিৰ সৈতে ভাৰতে ইংলেণ্ডৰ সন্মুখত ৪৫৭ ৰানৰ এক কঠিন লক্ষ্য ধাৰ্য কৰিছিল । ইয়াৰ উপৰিও স্মৃতি মন্ধানাৰ ৭০ ৰান আৰু ৰিচা ঘোষৰ অপৰাজিত ৫০ ৰানৰ অৱদানে ঘৰুৱা দলটোক সমগ্ৰ মেচখনতে ত্ৰাহি মধুসূদন সুঁৱৰায় ।

ক্ৰান্তি গৌড় আৰু দীপ্তি শৰ্মাৰ বিধ্বংসী বলিং

প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰা ২৮৫ ৰানৰ (স্মৃতি মন্ধানা ৮৩, হৰমনপ্ৰীত কৌৰ ৫৮, দীপ্তি শৰ্মা ৫৭) প্ৰত্যুত্তৰত ইংলেণ্ড মাত্ৰ ১৭০ ৰানতে অল-আউট হৈছিল । ভাৰতৰ হৈ অভিষেককাৰী বলাৰ ক্ৰান্তি গৌড়ে প্ৰথম ইনিংছতে ৫ টা উইকেট দখল কৰি ইংলেণ্ডৰ বেটিং লাইন-আপ ধ্বংস কৰে ।

দ্বিতীয় ইনিংছত ৪৫৭ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰিবলৈ গৈ ইংলেণ্ডৰ আৰম্ভণি অত্যন্ত শোচনীয় হয় । টেমী বিউমণ্ট শূন্য ৰানতে আৰু বিদায়ী তাৰকা হীদাৰ নাইট অতি কম ৰানতে আউট হয় । ছফী এক্লেষ্টন আৰু এমি জোনছে কিছু যুঁজ দিছিল যদিও ভাৰতীয় স্পীনাৰ দীপ্তি শৰ্মাৰ (৪ উইকেট) স্পীনৰ যাদুৰ সন্মুখত তিষ্ঠিব নোৱাৰি চতুৰ্থ দিনাই ইংলেণ্ডৰ দ্বিতীয় ইনিংছ ১৮৬ ৰানতে সমাপ্ত হয় ।

ইংৰাজ ভূমিত অপৰাজেয় ভাৰত

এই জয়ে ৰেড-বল ক্ৰিকেটত ভাৰতীয় মহিলা দলৰ বৰ্ধিত আধিপত্যক পুনৰবাৰ প্ৰমাণ কৰিলে । বিগত ১১ খন মহিলা টেষ্টৰ ভিতৰত ভাৰতে সাতখনত জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ এখনতহে পৰাজয় বৰণ কৰিছে । উল্লেখনীয় যে, ইংলেণ্ডৰ মাটিত খেলা ১১ খন টেষ্টৰ ভিতৰত ভাৰতীয় দলটো এতিয়াও অপৰাজেয় হৈয়েই আছে । আনহাতে, ইংলেণ্ডৰ দুই অভিজ্ঞ ক্ৰিকেটাৰ হীদাৰ নাইট আৰু টেমী বিউমণ্টৰ বিদায়ী টেষ্টখন তেওঁলোকৰ বাবে এক হতাশাজনক অনুভৱ হিচাপে ৰৈ গ’ল ।

লগতে পঢ়ক : শচীন-বিৰাটেও কৰিব নোৱাৰা কৃতিত্ব অৰ্জন কৰিলে হৰমনপ্ৰীত কৌৰে!

ইংলেণ্ডৰ হাতত ধূলিস্যাৎ ভাৰত, ৪-০ ত শৃংখলা দখল কৰি টি-২০ ৰেংকিঙৰ শীৰ্ষত ইংৰাজ বাহিনী

এই ঐতিহাসিক জয়েৰে ইংলেণ্ডে ৫ খনীয়া শৃংখলাটো ৪-০ ব্যৱধানত নিজৰ নামত কৰিবলৈ সক্ষম হয়

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ অন্তিমখন খেলত ভাৰতীয় দলে এক লজ্জাজনক পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছে । শনিবাৰে ছাউথম্পটনৰ ‘দ্য ৰোজ বাউল’ ষ্টেডিয়ামত অনুষ্ঠিত অন্তিমখন টি-২০ খেলত ইংলেণ্ডে ভাৰতক ৫৬ ৰানৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰে । এই ঐতিহাসিক জয়েৰে ইংলেণ্ডে ৫ খনীয়া শৃংখলাটো ৪-০ ব্যৱধানত নিজৰ নামত কৰিবলৈ সক্ষম হয় । ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে কোনো এটা দ্বিপাক্ষিক টি-২০ শৃংখলাত চাৰিখনকৈ খেলত পৰাজয়বৰণ কৰিছে ।

আইচিচি টি-২০ ৰেংকিঙত ভাৰতৰ স্থান হেৰাল-

এই শৃংখলাত মুখ ঠকেচা খোৱাৰ পিছত ভাৰতীয় দলে কেৱল ট্ৰফীয়েই হেৰুওৱা নাই, বৰঞ্চ আইচিচি টি-২০ ৰেংকিঙৰ নম্বৰ-১ স্থানৰ পৰাও অপসাৰিত হৈছে । ভাৰতক অভিলেখ ব্যৱধানত হৰুৱাই এতিয়া ইংলেণ্ড টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ বিশ্বৰ শীৰ্ষ স্থানত উপনীত হৈছে ।

উল্লেখ্য যে, এই শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল । ইয়াৰ পিছত মানচেষ্টাৰ টি-২০ত ইংলেণ্ডে ৪ উইকেটত, নটিংহামত ১২৫ ৰানত আৰু ব্ৰিষ্টল টি-২০ত ৯ উইকেটত জয়লাভ কৰি ভাৰতক দিশহাৰা কৰি পেলাইছিল । অন্তিমখন খেলতো ইংলিছ বাহিনী শ্ৰেয়াছ আয়াৰৰ ব্ৰিগেডৰ ওপৰত সম্পূৰ্ণ গধুৰ হৈ পৰে ।

জছ বাটলাৰ আৰু হেৰী ব্ৰুকৰ বেটিং ধুমুহা-

খেলখনত টছ হাৰি প্ৰথমে বেটিং কৰিবলৈ নমা ইংলেণ্ডৰ আৰম্ভণি ভাল নাছিল । ফিল ছল্ট মাত্ৰ ৬ ৰান কৰি প্ৰসিদ্ধ কৃষ্ণৰ চিকাৰ হয় । কিন্তু ইয়াৰ পিছতে ক্ৰীজত ধুমুহা তোলে জছ বাটলাৰ আৰু অধিনায়ক হেৰী ব্ৰুকে । দুয়োৰে মাজত দ্বিতীয় উইকেটৰ বাবে মাত্ৰ ১০২ টা বলত ২৩৩ ৰানৰ এক বিশাল আৰু অভিলেখকাৰী অংশীদাৰিত্ব গঢ়ি উঠে ।

বাটলাৰে মাত্ৰ ৫১ টা বলত শতক অৰ্জন কৰাৰ লগতে মুঠ ৬৪ টা বলত ১৩১ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে, য’ত আছিল ১২ টা চাৰি আৰু ৮ টা দৰ্শনীয় ছয় । ব্ৰুকেও নিজৰ ধুমুহা অব্যাহত ৰাখি ৪ টা চাৰি আৰু ৮ টা ছয়ৰ সহায়ত ৯৫ ৰান কৰি অপৰাজিত হৈ থাকে । ইংলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ভাৰতক ২৫৮ ৰানৰ এক বৃহৎ লক্ষ্য বান্ধি দিয়ে । ভাৰতৰ হৈ শিৱম ডুবেই ক্ৰমাগত দুটা বলত বাটলাৰ আৰু জেকব বেথেলক (০) আউট কৰে ।

অথলে গ’ল তিলক বৰ্মা আৰু ঈশান কিষাণৰ যুঁজ-

২৫৮ ৰানৰ বিশাল লক্ষ্য খেদিবলৈ নামি ভাৰতীয় দলৰ আৰম্ভণি অতি হতাশাজনক আছিল । অপেনাৰ অভিষেক শৰ্মা মাত্ৰ ৩ ৰান কৰি জোফ্ৰা আৰ্চাৰৰ বলত আউট হয় । সঞ্জু চেমছনে কিছু ভাল শ্বট খেলি ২৭ ৰান কৰে যদিও ছেম কাৰনৰ প্ৰথমটো বলতে উইকেট হেৰুৱায় ।

ইয়াৰ পিছত অধিনায়ক শ্ৰেয়াছ আয়াৰ (২৮) আৰু ঈশান কিষাণে তৃতীয় উইকেটৰ বাবে ৫৫ ৰান যোগ কৰে । ঈশানে ৩৫ টা বলত ৫৬ ৰান (৭ টা চাৰি, ২ টা ছয়) কৰি আদিল ৰছিদৰ চিকাৰ হয় । শেষৰ ফালে যুৱ তাৰকা তিলক বৰ্মাই মাত্ৰ ২৫ টা বলত ৩ টা চাৰি আৰু ৪ টা ছয়ৰ সহায়ত ৫৩ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলে যদিও আন কোনো বেটছমেনে সংগ দিয়াত ব্যৰ্থ হয় । শিৱম ডুবে (১৪), সূৰ্যাংশ শ্বেদগে (৭) আৰু অক্ষৰ পেটেলে (৩) বেটেৰে হতাশ কৰে। ফলত ভাৰতে ৮ উইকেট হেৰুৱাই ২০১ ৰানহে কৰিবলৈ সক্ষম হয় । ইংলেণ্ডৰ হৈ ছেম কাৰনে ৩ টা আৰু আদিল ৰছিদে ২ টা উইকেট লাভ কৰে ।

ভাৰতীয় দলৰ প্লেয়িং-১১ ত সালসলনি-

এই খেলখনত ভাৰতীয় দলে তেওঁলোকৰ প্লেয়িং-১১ ত দুটা ডাঙৰ সালসলনি কৰিছিল । যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ স্থানত ক্ৰমে উইকেটৰক্ষক সঞ্জু চেমছন আৰু অলৰাউণ্ডাৰ সূৰ্যাংশ শ্বেদগেই সুযোগ লাভ কৰিছিল । আনহাতে, ইংলেণ্ডে ৰেয়ান আহমেদৰ স্থানত পুনৰ লিয়াম ডছনক অন্তৰ্ভুক্ত কৰিছিল ।

লগতে পঢ়ক : শচীন-বিৰাটেও কৰিব নোৱাৰা কৃতিত্ব অৰ্জন কৰিলে হৰমনপ্ৰীত কৌৰে!

শচীন-বিৰাটেও কৰিব নোৱাৰা কৃতিত্ব অৰ্জন কৰিলে হৰমনপ্ৰীত কৌৰে!

অধিনায়ক হৰমনপ্ৰীতে খেলপথাৰৰ কেউদিশে সুন্দৰ শ্বট খেলাৰ লগতে নিয়মিতভাৱে ষ্ট্ৰাইক ৰোটেট কৰি ইনিংছ আগুৱাই লৈ যায়

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত চলি থকা টেষ্ট মেচৰ প্ৰথম দিনাই এক অভূতপূৰ্ব ইতিহাস ৰচনা কৰিছে । ১০ জুলাইত খেলুৱৈগৰাকীয়ে খেলা ৫৮ ৰানৰ এক অনবদ্য ইনিংছে তেওঁক এনে এক অনন্য স্থানত বহুৱালে, যিটো ইয়াৰ পূৰ্বে ভাৰতৰ কোনো পুৰুষ বা মহিলা ক্ৰিকেটাৰে কৰিব পৰা নাছিল ।

৩৭ বছৰীয়া হৰমনপ্ৰীত কৌৰ এতিয়া লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত ক্ৰিকেটৰ তিনিওটা ফৰ্মেট অৰ্থাৎ টেষ্ট, এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হৈ পৰিছে । আচৰিত কথাটো হ’ল যে ক্ৰিকেট জগতৰ মহানায়ক শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী বা ৰোহিত শৰ্মাৰ দৰে তাৰকা ক্ৰিকেটাৰেও লৰ্ডছৰ মাটিত এই বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই । হৰমনপ্ৰীতে ইয়াৰ পূৰ্বেও এই খেলপথাৰত এদিনীয়া আৰু টি-২০ মেচত ৫০ বা তাতকৈ অধিক ৰানৰ ইনিংছ খেলি থৈছিল ।

টছত হাৰি বেটিং বিপৰ্যয় ভাৰতৰ, মন্ধানা-জেমিমাৰ যুঁজ

মেচখনত টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নমা ভাৰতীয় দলৰ আৰম্ভণি একেবাৰেই সুখকৰ নাছিল । দলীয় স্ক’ৰ মাত্ৰ ৩৭ ৰান হওতেই ভাৰতে গুৰুত্বপূৰ্ণ দুটা উইকেট হেৰুৱায় । তাৰকা অপেনাৰ শ্বেফালী বাৰ্মা শূণ্য ৰানত আৰু য়স্তিকা ভাটিয়া মাত্ৰ ১২ ৰান কৰি পেভিলিয়নলৈ উভতি যায় ।

প্ৰাৰম্ভিক এই বিপৰ্যয়ৰ পিছত টীম ইণ্ডিয়াৰ ইনিংছ চম্ভালে স্মৃতি মন্ধানা আৰু জেমিমা ৰড্ৰিগেছে । দুয়োগৰাকী বেটাৰে ধৈৰ্যপূৰ্বক খেলি তৃতীয় উইকেটৰ বাবে ৬৪ ৰানৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলে । জেমিমাই ৫ টা চাৰিৰ সহায়ত ৩৮ টা বলত ৩৫ ৰান কৰে যদিও ইংলেণ্ডৰ বলাৰ ইছি ৱঙৰ চিকাৰ হয় তেওঁ ।

মন্ধানা-হৰমনপ্ৰীতৰ খোপনি আৰু ঐতিহাসিক মূহূৰ্ত

জেমিমাৰ বিদায়ৰ পিছত খেলপথাৰত প্ৰৱেশ ঘটে অধিনায়ক হৰমনপ্ৰীত কৌৰৰ । তেওঁ স্মৃতি মন্ধানাৰ সৈতে লগ হৈ ইংলেণ্ডৰ বলাৰসকলৰ ওপৰত ওলোটাই চাপ সৃষ্টি কৰে । চতুৰ্থ উইকেটৰ বাবে দুয়োৰে মাজত ৮৯ ৰানৰ এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি উঠে । অধিনায়ক হৰমনপ্ৰীতে খেলপথাৰৰ কেউদিশে সুন্দৰ শ্বট খেলাৰ লগতে নিয়মিতভাৱে ষ্ট্ৰাইক ৰোটেট কৰি ইনিংছ আগুৱাই লৈ যায় ।

শতকৰ দিশে অগ্ৰসৰ হোৱা স্মৃতি মন্ধানা ৮৩ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলি ইছি ৱঙৰ বলত উইকেটৰ পিছফালে কেচ আউট হয় । মন্ধানা আউট হোৱাৰ পিছতে হৰমনপ্ৰীতে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰাৰ লগে লগে লৰ্ডছৰ বুকুত ইতিহাস লিপিৱদ্ধ হয় । অৱশ্যে ৫৮ ৰান কৰাৰ পিছত ইংলেণ্ডৰ ডেৰ্বিউটেণ্ট স্পিনাৰ মেডেলিন ভিলিয়াৰ্ছে ভাৰতীয় অধিনায়কগৰাকীক বোল্ড কৰে ।

দীপ্তি শৰ্মাৰ সংগ্ৰাম আৰু ভাৰতৰ প্ৰথম ইনিংছ

হৰমনপ্ৰীত কৌৰ আউট হোৱাৰ পিছতেই ভাৰতীয় দলৰ বেটিং লাইন আপত হঠাতে খহনীয়া দেখা দিয়ে । ইংলেণ্ডৰ বলাৰসকলে দুৰ্দান্ত প্ৰত্যাৱৰ্তন কৰি ভাৰতৰ বাকী থকা সাতটা উইকেট মাত্ৰ ৮৫ ৰানৰ ভিতৰতে পতন ঘটাই ।

এনে এক কঠিন সময়ত তলৰ ক্ৰমৰ বেটাৰ দীপ্তি শৰ্মাই অকলে সংগ্ৰাম চলাই দলৰ স্ক’ৰ সন্মানজনক স্থিতিলৈ লৈ যায় । দীপ্তিয়ে ৫৭ ৰানৰ এক অতি গুৰুত্বপূৰ্ণ ইনিংছ খেলে আৰু স্নেহ ৰাণাৰ সৈতে মিলি নৱম উইকেটৰ বাবে ৪৫ ৰান যোগ কৰে । দীপ্তিৰ এই যুঁজাৰু ইনিংছৰ বলতেই ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৮৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : অন্তিম টি-২০ মেচৰ পূৰ্বে হাহাকাৰ! ট্ৰেফিক জামত আৱদ্ধ টিম ইণ্ডিয়া

অন্তিম টি-২০ মেচৰ পূৰ্বে হাহাকাৰ! ট্ৰেফিক জামত আৱদ্ধ টিম ইণ্ডিয়া

পঞ্চম তথা অন্তিমখন টি-২০ মেচৰ পূৰ্বে ভাৰতীয় দলৰ বাছখন তীব্ৰ ট্ৰেফিক জামত আৱদ্ধ হৈ পৰে

ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় ক্ৰিকেট দলটোৱে শনিবাৰে এক আচৰিত আৰু অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় । ছাউথহেম্পটনৰ ৰোজ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া পঞ্চম তথা অন্তিমখন টি-২০ মেচৰ পূৰ্বে ভাৰতীয় দলৰ বাছখন তীব্ৰ ট্ৰেফিক জামত আৱদ্ধ হৈ পৰে ।

ইয়াৰ ফলত খেলুৱৈসকল সময়মতে ষ্টেডিয়ামত উপস্থিত হ’ব নোৱাৰিলে আৰু নিৰ্ধাৰিত সময়তকৈ ৪৫ মিনিট পলমকৈ টছ কৰিবলগীয়া হয় । ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:৩০ বজাত হ’বলগীয়া টছ অৱশেষত সন্ধিয়া ৭:১৫ বজাতহে সম্ভৱ হয় । অৱশ্যে পৰৱৰ্তী সময়ত টীম ইণ্ডিয়া ষ্টেডিয়ামত উপস্থিত হোৱাৰ লগে লগে খেলখন আৰম্ভ কৰাৰ প্ৰস্তুতি দ্ৰুতগতিত আগবাঢ়ে ।

ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডৰ ক্ৰিকেটাৰ সকল অহা বাহনখনো ট্ৰেফিক জামত আৱদ্ধ হৈ পৰাত তেওঁলোক চাইকেলেৰে ষ্টেডিয়ামলৈ অহা পৰিলক্ষিত হয় ।

হাতৰ পৰা গ’ল শৃংখলা, ম্লান হ’ল টীম ইণ্ডিয়াৰ ৰেকৰ্ড

পাঁচখনীয়া এই টি-২০ শৃংখলাৰ ফলাফল ইতিমধ্যে নিৰ্ধাৰণ হৈ গৈছে, গতিকে এই মেচখনে শৃংখলাৰ ফলাফল সলনি কৰিব নোৱাৰে । প্ৰথমখন টি-২০ মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পিছত, পৰৱৰ্তী তিনিওখন মেচতে ইংলেণ্ডে ভাৰতক পৰাস্ত কৰে । ইয়াৰ ফলত ঘৰুৱা দলটোৱে শৃংখলাত ৩-০ ব্যৱধানত এক অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে ।

এই পৰাজয়ে ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত কেতবোৰ বেয়া ৰেকৰ্ডৰো সৃষ্টি কৰিছে । ভাৰতীয় দলটোৱে ইতিহাসত প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে দুখন বা তাতকৈ অধিক মেচৰ টি-২০ শৃংখলাত পৰাজয়ৰ সোৱাদ লৈছে । লগতে ২০১৯ চনৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে এয়া ভাৰতৰ প্ৰথমটো দ্বিদেশীয় টি-২০ শৃংখলা পৰাজয় ।

অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু প্ৰশিক্ষক গৌতম গম্ভীৰৰ বাবে অগ্নিপৰীক্ষা

শৃংখলা হেৰুওৱাৰ পিছত এই অন্তিমখন খেল ভাৰতৰ বাবে কেৱল সন্মান ৰক্ষাৰ যুঁজ হৈ পৰিছে । এই মেচখন বিশেষকৈ নৱনিযুক্ত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু হেড কোচ গৌতম গম্ভীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । সূৰ্যকুমাৰ যাদৱৰ অনুপস্থিতিত দলৰ ক দায়িত্ব লোৱা শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বৰ ট্ৰেক ৰেকৰ্ড এতিয়ালৈকে অতি হতাশাজনক হৈছে ।

আয়াৰৰ নেতৃত্বত খেলা প্ৰাৰম্ভিক ৬ খন মেচৰ ভিতৰত ৫ খনতে ভাৰত পৰাজিত হৈছে আৰু এখন খেল ড্ৰ’ হৈছে । দলৰ এনে ধাৰাবাহিক বেয়া প্ৰদৰ্শনক লৈ এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড মুঠেই সন্তুষ্ট নহয় । জানিব পৰা মতে, বিচিচিআইয়ে অতি শীঘ্ৰেই দলৰ এই প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা কৰাৰ প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক : উইম্বলডনত ভাৰতীয় ক্ৰিকেটৰ তিনি প্ৰজন্ম: চিনাৰৰ প্ৰশংসাত পঞ্চমুখ মাষ্টাৰ ব্লাষ্টাৰ

তৃতীয় টি-২০তো নিৰ্লজ্জ আত্মসমৰ্পণ ভাৰতীয় দলৰ, শৃংখলা দখল ইংৰাজ বাহিনীৰ

ভাৰতীয় টি-২০ দলটোৰ শোচনীয় প্ৰদৰ্শন অব্যাহত আছে

শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত বৰ্তমান ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় টি-২০ দলটোৰ শোচনীয় প্ৰদৰ্শন অব্যাহত আছে । ব্ৰিষ্টলত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন মেচত টীম ইণ্ডিয়াই আকৌ এবাৰ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে । শৃংখলাত বৰ্তি থাকিবলৈ ভাৰতৰ বাবে এই মেচখন জিকাটো অতি জৰুৰী আছিল, কিন্তু তাৰকা বেটৰসকলৰ ব্যৰ্থতা আৰু বলাৰসকলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে ভাৰতে মেচখন হেৰুৱাব লগা হয় । এই বিজয়েৰে ঘৰুৱা দল ইংলেণ্ডে ৫খনীয়া মেচৰ শৃংখলাটোত ৩-০ ৰ এক অপৰাজেয় অগ্ৰগতি লাভ কৰিছে ।

টছ জিকিও ব্যৰ্থ ভাৰতীয় বেটিং লাইন-আপ

মেচখনত ভাৰতীয় দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । কিন্তু দলৰ আৰম্ভণি একেবাৰেই আশাপ্ৰদ নাছিল । যুৱ অপেনাৰ বৈভৱ সূৰ্যৱংশীয়ে কিছুমান ভাল শ্বট খেলি ১৫ ৰান কৰাৰ পাছতে জোফ্ৰা আৰ্চাৰৰ চিকাৰ হয় । ইয়াৰ পিছত ক্ৰীজলৈ অহা উইকেটকীপাৰ ঈশান কিষাণো মাত্ৰ ৪ ৰান কৰি বিদায় লয় । ভাল ফৰ্মত থকা যেন লগা অভিষেক শৰ্মায়ো (১৪ ৰান) আদিল ৰছিদৰ বলত নিজৰ কেচ দি আউট হোৱাত ভাৰতে ৪৮ ৰানতে ৩টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় ।

অধিনায়ক শ্ৰেয়াছ আয়াৰৰ সংগ্ৰাম

এফালে ইটোৰ পিছত সিটো উইকেট পতন ঘটি থকাৰ সময়ত অধিনায়ক শ্ৰেয়াছ আয়াৰে এক আকৰ্ষণীয় অধিনায়কসুলভ ইনিংছ খেলে । আয়াৰে ৪৯ বলত সংগ্ৰামী অপৰাজিত ৮০ ৰান সংগ্ৰহ কৰে । মধ্যক্ৰমত তেওঁক কিছু পৰিমাণে সংগ দিয়ে শিৱম ডুবেই (২২ ৰান)। দুয়োৰে মাজত ৫৩ ৰানৰ এক মূল্যবান পাৰ্টনাৰশ্বিপ গঢ়ি উঠে ।

অৱশ্যে শেষৰ ফালে তিলক বাৰ্মা, ৱাশ্বিংটন সুন্দৰ (৫ ৰান) আৰু অক্ষৰ পেটেল (১ ৰান) ব্যৰ্থ হয় । নিৰ্ধাৰিত ২০ অভাৰত ভাৰতে ৭টা উইকেট হেৰুৱাই ১৫৮ ৰান হে কৰিবলৈ সক্ষম হয় । ইংলেণ্ডৰ হৈ জোছ টাং আৰু জোফ্ৰা আৰ্চাৰে ২টি কৈ উইকেট লাভ কৰে ।

হেৰী ব্ৰুক আৰু ফিল ছল্টৰ ধুমুহা

১৫৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ইংলেণ্ডৰ বেটৰসকলে ভাৰতীয় বলাৰসকলক তিলমাত্ৰও সুযোগ নিদিলে । যদিও ইনিংছৰ তৃতীয় অভাৰতে অধিনায়ক জোছ বাটলাৰক (৮ ৰান) অৰ্শদীপ সিঙে আউট কৰি ভাৰতক প্ৰথমটো সফলতা দিছিল, কিন্তু তাৰ পিছত ভাৰতীয় বলাৰসকল সম্পূৰ্ণ অসহায় হৈ পৰে ।

হেৰী ব্ৰুকে ৩৫ বলত অপৰাজিত ৭৯ ৰান ইনিংছ খেলে । ইফালে ফিল ছল্টে ৪২ বলত ৫৯ ৰান (অপৰাজিত) সংগ্ৰহ কৰে । দুয়োৰে আক্ৰমণাত্মক বেটিঙৰ বলত ইংলেণ্ডে ৪৩ বল বাকী থকা অৱস্থাতে মাত্ৰ ১টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ।

টীম ইণ্ডিয়াত দুটা পৰিৱৰ্তন, আয়াৰৰ নেতৃত্বক লৈ প্ৰশ্ন

এই গুৰুত্বপূৰ্ণ মেচখনৰ বাবে ভাৰতীয় দলত দুটা ডাঙৰ পৰিৱৰ্তন কৰা হৈছিল । আঘাতৰ বাবে দলৰ বাহিৰত থকা হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীৰ স্থানত প্ৰসিদ্ধ কৃষ্ণ আৰু ৱাশ্বিংটন সুন্দৰক অন্তৰ্ভূক্ত কৰা হৈছিল । এই মেচখনতো সঞ্জু ছেমছনক সুযোগ দিয়া নহ’ল ।

উল্লেখ্য যে, শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টীম ইণ্ডিয়াই এতিয়ালৈকে এখনো টি-২০ মেচত জয়লাভ কৰিব পৰা নাই । শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল আৰু বাকী তিনিখন মেচত ইংলেণ্ডে জয়লাভ কৰি ট্ৰফী নিজৰ নামত কৰে । শৃংখলাৰ অন্তিমখন মেচ এতিয়া চাউথহ্যাম্পটনত অনুষ্ঠিত হ’ব, য’ত ভাৰতে সন্মান ৰক্ষাৰ বাবে খেলিব ।

লগতে পঢ়ক : ক্ৰিকেট ইতিহাসৰ লজ্জাজনক পৰাজয়! ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত ধৰাশায়ী টীম ইণ্ডিয়া

আই চি চি ‘হল অব ফে’ম’ত সৌৰভ গাংগুলী

এই মৰ্যাদাপূৰ্ণ সন্মান লাভ কৰা সৌৰভ গাংগুলী হৈছে ভাৰতৰ দ্বাদশগৰাকী ক্ৰিকেটাৰ

ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল আৰু প্ৰভাৱশালী অধিনায়ক সৌৰভ গাংগুলীলৈ এক ডাঙৰ সন্মান । আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC) সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে ভাৰতৰ এই প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকীক আই চি চি ‘হল অব ফে’ম’ (ICC Hall of Fame) ৰ শেহতীয়া তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । এই মৰ্যাদাপূৰ্ণ সন্মান লাভ কৰা সৌৰভ গাংগুলী হৈছে ভাৰতৰ দ্বাদশগৰাকী ক্ৰিকেটাৰ । ক্ৰিকেট জগতৰ অন্যতম সৰ্বোচ্চ ব্যক্তিগত সন্মান লাভ কৰি গাংগুলীয়ে পুনৰ এবাৰ বিশ্ব ক্ৰিকেটত ভাৰতৰ নাম উজলাই তুলিছে ।

ভাৰতীয় ক্ৰিকেটক এক নতুন দিশ দিয়াৰ পুৰস্কাৰ

আই চি চিয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এজন বেটছমেন আৰু এগৰাকী শ্ৰেষ্ঠ অধিনায়ক হিচাপে ক্ৰিকেটলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবেই ৫৪ বছৰীয়া গাংগুলীক এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হৈছে । ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত সৌৰভ গাংগুলীৰ নাম এক সুকীয়া স্থানত আছে । ২০০০ চনৰ আৰম্ভণিতে যেতিয়া ভাৰতীয় ক্ৰিকেট দলটো এক কঠিন সময়ৰ মাজেৰে পাৰ হৈছিল, তেতিয়া গাংগুলীয়ে দলৰ নেতৃত্ব কান্ধত তুলি লৈছিল । তেওঁ কেৱল দলটোক চম্ভালিয়েই ক্ষান্ত থকা নাছিল, বৰঞ্চ এক নিৰ্ভীক আৰু আক্ৰমণাত্মক নতুন ভাৰতীয় দল গঢ়ি তুলিছিল, যিয়ে দেশৰ লগতে বিদেশৰ মাটিত গৈও বিপক্ষক ধূলিসাৎ কৰিবলৈ শিকিছিল ।

এক দশক ধৰি বিশ্ব ক্ৰিকটেত আধিপত্য

সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতে প্ৰায় এটা দশক ধৰি সমগ্ৰ বিশ্ব ক্ৰিকেটতে নিজৰ আধিপত্য বিস্তাৰ কৰিছিল । তেওঁৰ অধিনায়কত্বতে ভাৰতে ২০০২ চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰিছিল । ইয়াৰ পিছত ২০০৩ চনৰ এদিনীয়া বিশ্বকাপত তেওঁ দলটোক ফাইনেললৈ লৈ গৈছিল, য’ত ভাৰতে ৰানাৰ্ছ-আপৰ খিতাপ লাভ কৰে । কেৱল ফলাফলৰ বাবেই নহয়, দলৰ খেলুৱৈসকলৰ মাজত ‘আমিও জিকিব পাৰো’ বুলি যি আত্মবিশ্বাস আৰু যুঁজি থকাৰ মানসিকতা গাংগুলীয়ে গঢ়ি তুলিছিল, তাৰ বাবেই তেওঁক ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়কসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় ।

অফ-চাইডৰ ৰজা আৰু এদিনীয়া ক্ৰিকেটৰ কিংবদন্তি

বেটিং ক্ৰিজত সৌৰভ গাংগুলীৰ এলিগেঞ্চ বা আকৰ্ষণীয় শ্বট খেলা শৈলী আছিল চকুত লগা । বিশেষকৈ অফ-চাইডত তেওঁ খেলা কভাৰ ড্ৰাইভ আৰু স্কুৱেৰ কাটসমূহ আছিল অনন্য । সেইবাবেই তেওঁক ক্ৰিকেট জগতত ‘অফ-চাইডৰ ভগৱান’ বুলিও অভিহিত কৰা হৈছিল । এদিনীয়া ক্ৰিকেটৰ ফৰ্মেটত গাংগুলীৰ ৰেকৰ্ড আজিও অতি ঈৰ্ষণীয় । এদিনীয়া ক্ৰিকেটত ১১,০০০ তকৈও অধিক ৰান সংগ্ৰহ কৰি তেওঁ আজিও ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনসকলৰ ভিতৰত অন্যতম হৈ আছে ।

যুৱ প্ৰতিভাক সুযোগ আৰু ভৱিষ্যতৰ মেচ-উইনাৰ সৃষ্টি

সৌৰভ গাংগুলীৰ আটাইতকৈ ডাঙৰ সফলতা আছিল তেওঁৰ দূৰদৰ্শিতা । তেওঁ সদায় যুৱ প্ৰতিভাক চিনি পাইছিল আৰু তেওঁলোকক সম্পূৰ্ণ সমৰ্থন দিছিল । আজিৰ তাৰিখত ভাৰতীয় ক্ৰিকেটৰ যিসকল খেলুৱৈক কিংবদন্তি বুলি কোৱা হয়, যেনে— এম এছ ধোনী, যুৱৰাজ সিং, হৰভজন সিং, বীৰেন্দ্ৰ সেহৱাগ আৰু জহীৰ খান- এই আটাইকেইগৰাকী খেলুৱৈক গাংগুলীয়েই প্ৰথমতে আন্তৰ্জাতিক ক্ৰিকেটত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ মুকলি সুযোগ দিছিল । এই খেলুৱৈসকলেই পৰৱৰ্তী সময়ত ভাৰতক ২০১১ চনৰ বিশ্বকাপ জয় কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

অৱসৰৰ পিছতো ক্ৰিকেটৰ সৈতে সম্পৰ্ক

ক্ৰিকট খেলুৱৈ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছতো সৌৰভ গাংগুলী ক্ৰিকেটৰ পৰা আঁতৰি থকা নাছিল । তেওঁ ক্ৰিকেট প্ৰশাসনত প্ৰৱেশ কৰে আৰু পৰৱৰ্তী সময়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বি চি চি আই (BCCI) ৰ সভাপতি হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে । তেওঁৰ কাৰ্যকালত ভাৰতীয় ক্ৰিকেটৰ ঘৰুৱা আন্তঃগাঁথনি আৰু খেলুৱৈসকলৰ কল্যাণৰ বাবে কেইবাটাও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।

কিংবদন্তিসকলৰ এলিট ক্লাবত অন্তৰ্ভুক্ত ‘দাদা’

আই চি চিৰ এই ‘হল অব ফে’ম’ সন্মান লাভ কৰাৰ পিছত সৌৰভ গাংগুলীয়ে এতিয়া ক্ৰিকেটৰ এনে এটা এলিট ক্লাবত স্থান পালে, য’ত পূৰ্বৰে পৰা ভাৰতৰ কেইবাগৰাকীও মহান খেলুৱৈ উপস্থিত আছে । গাংগুলীয়ে এতিয়া বিনু মানকাড, কপিল দেৱ, সুনীল গাভাস্কাৰ, বিষেণ সিং বেদী, অনিল কুম্বলে, ৰাহুল দ্ৰাবিড়, শচীন টেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ, এম এছ ধোনীৰ দৰে মহান ক্ৰিকেটাৰসকলৰ সৈতে এই তালিকাত নাম অন্তৰ্ভুক্ত কৰি নিজৰ কেৰিয়াৰত আৰু এক সোণালী অধ্যায় সংযোগ কৰিলে ।

লগতে পঢ়ক : ক্ৰিকেট ইতিহাসৰ লজ্জাজনক পৰাজয়! ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত ধৰাশায়ী টীম ইণ্ডিয়া