চলিত মাহতে বিবাহ পাশত আৱদ্ধ হ’ব টিম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ কুলদীপ যাদৱ। শৈশৱৰ বান্ধৱী বংশিকাৰ সৈতে সাত ফেৰে ল’ব কুলদীপে।
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱে শীঘ্ৰে নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে। চলিত বৰ্ষৰ ১৪ মাৰ্চত বংশিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব কুলদীপ যাদৱ।
জানিব পৰা মতে, উত্তৰাখণ্ডৰ ধুনীয়া পাহাৰীয়া চহৰ মুছুৰীৰ এখন বিলাসী ৰিজ’ৰ্টত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান।দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ আত্মীয় আৰু নিৰ্বাচিত অতিথিসকলেহে এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিব।
বিয়াৰ এদিন আগতে অৰ্থাৎ ১৩ মাৰ্চত হালধী আৰু মেহেন্দী অনুষ্ঠান অনুষ্ঠিত হ’ব।উল্লেখ্য যে, ২০২৫ চনৰ ৪ জুনত লক্ষ্ণৌৰ এখন হোটেলত কুলদীপ যাদৱ আৰু বংশিকাৰ এংগেজমেণ্ট হৈছিল।
প্ৰথম অৱস্থাত তেওঁলোকৰ বিবাহ ২০২৫ চনৰ নৱেম্বৰ মাহত হোৱাৰ কথা আছিল, কিন্তু ভাৰতীয় দলৰ ব্যস্ত ক্ৰিকেট কেলেণ্ডাৰ আৰু টি-২০ বিশ্বকাপত কুলদীপৰ নিৰ্বাচনৰ বাবে বিয়াৰ তাৰিখ পিছুৱাই দিয়া হ’ল। বিয়াৰ পিছত ১৭ মাৰ্চত লক্ষ্ণৌৰ হোটেল চেণ্ট্ৰমত এক গ্ৰেণ্ড ৰিচেপচন অনুষ্ঠিত হ’ব।
বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ বিষয়াসকল,ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান আৰু প্ৰাক্তন ক্ৰিকেটাৰ আৰু অন্যান্য অতিথিসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।কুলদীপৰ পিতৃ ৰাম সিং যাদৱে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে মুখ্যমন্ত্ৰী যোগীক নিমন্ত্ৰণ জনাইছে।
কুলদীপ যাদৱৰ হ’বলগীয়া পত্নী বংশিকা কানপুৰৰ শ্যাম নগৰৰ বাসিন্দা আৰু এল আই চিত কাম কৰে। কুলদীপ আৰু বংশিকাই ইজনে সিজনক সৰুৰে পৰা চিনি পাই।
লগতে পঢ়ক: আইচিচিৰ শ্ৰেষ্ঠ দল ঘোষণা, তালিকাত চাৰিগৰাকী ভাৰতীয় খেলুৱৈ…









