শৈশৱৰ লগৰী বংশিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব কুলদীপ যাদৱ…

চলিত মাহতে বিবাহ পাশত আৱদ্ধ হ’ব টিম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ কুলদীপ যাদৱ। শৈশৱৰ বান্ধৱী বংশিকাৰ সৈতে সাত ফেৰে ল’ব কুলদীপে।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ কুলদীপ যাদৱে শীঘ্ৰে নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে। চলিত বৰ্ষৰ ১৪ মাৰ্চত বংশিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব কুলদীপ যাদৱ।

জানিব পৰা মতে, উত্তৰাখণ্ডৰ ধুনীয়া পাহাৰীয়া চহৰ মুছুৰীৰ এখন বিলাসী ৰিজ’ৰ্টত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান।দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ আত্মীয় আৰু নিৰ্বাচিত অতিথিসকলেহে এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিব।

বিয়াৰ এদিন আগতে অৰ্থাৎ ১৩ মাৰ্চত হালধী আৰু মেহেন্দী অনুষ্ঠান অনুষ্ঠিত হ’ব।উল্লেখ্য যে, ২০২৫ চনৰ ৪ জুনত লক্ষ্ণৌৰ এখন হোটেলত কুলদীপ যাদৱ আৰু বংশিকাৰ এংগেজমেণ্ট হৈছিল।

প্ৰথম অৱস্থাত তেওঁলোকৰ বিবাহ ২০২৫ চনৰ নৱেম্বৰ মাহত হোৱাৰ কথা আছিল, কিন্তু ভাৰতীয় দলৰ ব্যস্ত ক্ৰিকেট কেলেণ্ডাৰ আৰু টি-২০ বিশ্বকাপত কুলদীপৰ নিৰ্বাচনৰ বাবে বিয়াৰ তাৰিখ পিছুৱাই দিয়া হ’ল। বিয়াৰ পিছত ১৭ মাৰ্চত লক্ষ্ণৌৰ হোটেল চেণ্ট্ৰমত এক গ্ৰেণ্ড ৰিচেপচন অনুষ্ঠিত হ’ব।

বিবাহৰ অভ্যৰ্থনা  অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ বিষয়াসকল,ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান আৰু প্ৰাক্তন ক্ৰিকেটাৰ আৰু অন্যান্য অতিথিসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।কুলদীপৰ পিতৃ ৰাম সিং যাদৱে বিবাহৰ অভ্যৰ্থনা  অনুষ্ঠানৰ বাবে মুখ্যমন্ত্ৰী যোগীক নিমন্ত্ৰণ জনাইছে।

কুলদীপ যাদৱৰ হ’বলগীয়া পত্নী বংশিকা কানপুৰৰ শ্যাম নগৰৰ বাসিন্দা আৰু এল আই চিত কাম কৰে। কুলদীপ আৰু বংশিকাই ইজনে সিজনক সৰুৰে পৰা চিনি পাই।

লগতে পঢ়ক: আইচিচিৰ শ্ৰেষ্ঠ দল ঘোষণা, তালিকাত চাৰিগৰাকী ভাৰতীয় খেলুৱৈ…

বিশ্ব চেম্পিয়ন ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ, উৎফুল্লিত সমগ্ৰ দেশ

এই জয়ৰ পিছতে এতিয়া ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ পৰিছে । সকলোৱে টিম ইণ্ডিয়াক এই দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে ।

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ খিতাপ দখল কৰিছে ভাৰতীয় দলে । শুকুৰবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ইংলেণ্ডক ১০০ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই । এই জয়ৰ পিছতে এতিয়া ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি সকলোৱে টিম ইণ্ডিয়াক এই দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে ।

ভাৰতৰ ক্ৰিকেট প্ৰতিভা জিলিকি উঠিলঃ প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় দলে ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ জয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ ক্ৰিকেট প্ৰতিভা জিলিকি উঠিছে । তেওঁ এক্সত লিখিছে, “বিশ্বকাপ ভাৰতলৈ অনাৰ বাবে আমি আমাৰ ১৯ বছৰ অনুৰ্ধ দলটোক লৈ গৌৰৱান্বিত । দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰিছিল । এই জয়ে বহু যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব । খেলুৱৈসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা ।”

ষষ্ঠবাৰৰ বাবে কাপ জয় কৰি গঢিলো ঐতিহাসিক অভিলেখঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ ৰাষ্ট্ৰই আপোনালোকৰ বিজয় উদযাপন কৰিছে । তেওঁ লিখিছে, “আইচিচি পুৰুষ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰাৰ বাবে আমাৰ যুৱ চেম্পিয়নসকলক আন্তৰিক অভিনন্দন ! ষষ্ঠবাৰৰ বাবে কাপ জয় কৰি ঐতিহাসিক অভিলেখ গঢ়ি তোলা আপোনালোকৰ প্ৰদৰ্শনে যুৱ খেলুৱৈসকলক আনন্দ, উৎসাহ আৰু প্ৰেৰণাৰে ভৰাই তুলিছে ।”

লোকসভাৰ অধ্যক্ষই টিম ইণ্ডিয়াক জনালে অভিনন্দন-

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই টিম ইণ্ডিয়াক অভিনন্দন জনায় । তেওঁ লিখিছে, “অনুৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দললৈ অসীম অভিনন্দন আৰু শুভেচ্ছা । আমাৰ দলে নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে লাখ লাখ ভাৰতীয়ক গৌৰৱান্বিত কৰিছে । এই মুহূৰ্তটোৱে দেশৰ যুৱকসকলৰ মাজত নতুন শক্তি আৰু অপৰিসীম প্ৰেৰণা যোগাব । ভৱিষ্যতৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা ।”

অভিনন্দন ৰাহুল গান্ধীয়ে জনালে অভিনন্দন-

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে টিম ইণ্ডিয়াক অভিনন্দন জনাই কয়, “আপোনালোকৰ স্থিৰতা, নিৰ্ভীকতা আৰু দৃঢ়তা আজিৰ ভাৰতীয় প্ৰজন্মৰ পৰিচয় ।” তেওঁ লিখিছে, “১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ এই ষষ্ঠটো খিতাপ ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ গৌৰৱময় প্ৰমাণ । মহান খেল, চেম্পিয়নসকল !”

লগতে পঢ়ক : ইংলেণ্ডক ধূলিসাৎ কৰি ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়ন ভাৰত, বৈভৱৰ বেটিং পৰাক্ৰম

বৈভৱ সূৰ্যবংশীৰ বেটিং তাণ্ডৱ, বিশ্বকাপ ফাইনেলৰ আটাইতকৈ ডাঙৰ স্ক’ৰ গঢ়িলে ভাৰতে

বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ১৭৫ ৰানৰ সহায়ত ভাৰতীয় দলটোৱে ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত ৰানৰ পাহাৰ গঢ়ে ।

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ ফাইনেলত ভাৰতীয় দলে শক্তিশালী প্ৰদৰ্শনেৰে অভিলেখ সৃষ্টি কৰিছে । বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ১৭৫ ৰানৰ সহায়ত ভাৰতীয় দলটোৱে ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত ৰানৰ পাহাৰ গঢ়ে । ভাৰতীয় দলে বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক স্ক’ৰ গঢ়াৰ অভিলেখ সৃষ্টি কৰে । খিতাপৰ মেচখনত ভাৰতে ৫০ অভাৰত ৯ উইকেটত ৪১১ ৰান সংগ্ৰহ কৰে ।

চূড়ান্ত খেলখনত বৈভৱ সূৰ্যবংশীয়ে ১৭৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । মাত্ৰ ৫৫টা বলত শতক অৰ্জন কৰে বৈভৱে । বৈভৱ সূৰ্যবংশীয়ে ৮০টা বলত ১৭৫ ৰানৰ ঐতিহাসিক ইনিংছ খেলে, এই ইনিংছত তেওঁ ১৫টা ছয় আৰু ১৫টা চাৰি কোবাই । বৈভৱে কেৱল বাউণ্ডেৰীৰ পৰাই ১৫০ ৰান সংগ্ৰহ কৰে ।

বৈভৱ সূৰ্যবংশীৰ নতুন বিশ্ব অভিলেখ-

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশী । ইয়াৰ লগে লগে তেওঁ এতিয়া ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখো অৰ্জন কৰিছে । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ অষ্ট্ৰেলিয়াৰ উইল মালাজুকৰ হাতত আছে যদিও বৈভৱ সূৰ্যবংশীয়ে এতিয়া ফাইনেলত দ্ৰুততম শতক অৰ্জনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বৈভৱ । ইয়াৰ পূৰ্বে উন্মুক্ত চান্দ (২০১২) আৰু মনজোত কলৰা (২০১৮) য়ে এই অভিলেখ গঢ়িছে ।

ভাৰতীয় দলৰ ইনিংছ-

প্ৰথমে বেটিং কৰি টিম ইণ্ডিয়াই ২০ ৰানতে প্ৰথমটো উইকেট হেৰুৱাইছিল ।এৰন জৰ্জে ১১টা বলত ৯ ৰান কৰি আউট হয় । ইয়াৰ পিছতে অধিনায়ক আয়ুষ মাহাত্ৰে আৰু বৈভৱ সূৰ্যবংশীয়ে ১৪২ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৫১টা বলত ৭টা চাৰি আৰু ২টা ৬ৰ সহায়ত ৫৩ ৰান সংগ্ৰহ কৰি মাহত্ৰেই । বেদান্ত ত্ৰিবেদীয়ে ৩৬ বলত ৩২ ৰান, বিহান মালহোত্ৰাই ৩৬ বলত ৩০ ৰান আৰু উইকেটকীপাৰ অভিজ্ঞান কুণ্ডুৱে ৩১ বলত ৪০ ৰান সংগ্ৰহ কৰে । কনিষ্ক চৌহানে ২০টা বলত ৩৭ ৰান কৰি অপৰাজিত হৈ থাকে, তেওঁ ৩টা চাৰি আৰু এটা ছয় কোবাই । কেৱল বৈভৱেই ৮০টা বলত ১৭৫ ৰান সংগ্ৰহ কৰে, য’ত ১৫টা চাৰি আৰু ১৫টা ছয় আছিল ।

ইংলেণ্ডৰ হৈ চেবাষ্টিয়ান মৰ্গানে ৯ অভাৰত ৭৪ ৰান খৰচ কৰি দুটা উইকেট দখল কৰে । এলেক্স গ্ৰীনে ৫ অভাৰত ৪৯ ৰানৰ বিনিময়ত দুজন ভাৰতীয় খেলুৱৈক আউট কৰে । জেমছ মিণ্টোৱে ৮ অভাৰত ৬৩ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰে । মেনি লামছডেনেও এটা উইকেট লাভ কৰে ।

লগতে পঢ়ক : বৈভৱ সূৰ্য্যবংশীৰ ৰচিলে নতুন ইতিহাস; ৫৫ বলত ধুমুহাময় শতক

অপ্ৰতিৰোধ্য বৈভৱ সূৰ্যবংশী… ১৯ অনুৰ্ধ বিশ্বকাপৰ পূৰ্বে ‘ক্ৰিকেট বিস্ময়’ৰ চমক

১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে নিজৰ বিস্ফোৰক প্ৰদৰ্শন অব্যাহত ৰাখিছে যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে । বিগত সপ্তাহত বৈভৱে চাৰিখন মেচত মুঠ ২৭টা ছিক্স আৰু ২১টা ফো’ৰ কোবাইছিল ।

আই চি চিৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ পূৰ্বে বিস্ফোৰক প্ৰদৰ্শন অব্যাহত ৰাখিছে তাৰকা যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে । তেওঁ আন এক বিস্ফোৰক ইনিংছেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বাবে সূৰ্যবংশীয়ে ১০ জানুৱাৰী শনিবাৰে বুলাৱায়ো এথলেটিক ক্লাবত স্কটলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ৫০টা বলত ৯৬ ৰান সংগ্ৰহ কৰে । বিগত সপ্তাহত বৈভৱে চাৰিখন মেচত মুঠ ২৭টা ছিক্স আৰু ২১টা ফোৰ কোবাইছিল ।

স্কটলেণ্ডৰ বিৰুদ্ধে ৯টা চাৰি আৰু ৭টা ছয়-

১৪ বছৰীয়া বিস্ফোৰক বেটছমেনগৰাকীয়ে শনিবাৰে স্কটলেণ্ডৰ বিৰুদ্ধে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে । তেওঁ এই দু্ৰ্দান্ত ইনিংছত ৯টা চাৰি আৰু ৭টা ছয় কোবাই শেহতীয়া সময়ৰ আকৰ্ষণীয় ফৰ্ম অব্যাহত ৰাখে । সূৰ্যবংশীয়ে অধিনায়ক আয়ুষ মাহাত্ৰে (১৯ বলত ২২ ৰান)ৰ সৈতে প্ৰথম উইকেটত ৪২ বলত ৭০ ৰান সংগ্ৰহ কৰে আৰু তাৰ পিছত এৰন জৰ্জ (৫৮ বলত ৬১ ৰান)ৰ সৈতে ৫৬ বলত ৭৮ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

২৭টা বলত অৰ্ধ শতক-

বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ২৭টা বলত অৰ্ধশতক অৰ্জন কৰে আৰু এটা বিশাল ছয়ৰে তেওঁ এই সফলতা অৰ্জন কৰে । কিন্তু তেওঁ নিজৰ প্ৰাপ্য শতকৰ পৰা মাত্ৰ ৪ ৰানৰ বঞ্চিত হয় । মনু সৰস্বতৰ বলত ৯৬ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে বৈভৱে ।

বিগত সাত দিনত বৈভৱৰ প্ৰদৰ্শন-

দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ৩-০ ব্যৱধানত শৃংখলাত জয়লাভ কৰে ভাৰতীয় দলে । এই দলটোৰ নেতৃ্তবত আছিল বৈভৱ সূৰ্যবংশী । যোৱা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযানক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ প্ৰাকক্ষণত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল । এই শৃংখলাত বৈভৱে বিস্ফোৰক ইনিংছ খেলে । তেওঁ এটা শতক আৰু এটা অৰ্ধ শতক অৰ্জন কৰে । যুৱ অধিনায়কগৰাকীয়ে দলটোক সন্মখৰ পৰা নেতৃত্ব দি তিনিখন মেচৰ শৃংখলাত সৰ্বাধিক ২০৬ ৰান সংগ্ৰহ কৰে ।

৭৪টা বলত স্মৰণীয় ১২৭ ৰান সংগ্ৰহ কৰি তেওঁ শৃংখলাৰ সামৰণি মাৰে, য’ত ৯টা চাৰি আৰু ১০টা ছয় আছিল । যোৱা সপ্তাহত কৰা প্ৰদৰ্শনৰ কথা বিবেচনা কৰিলে বৈভৱে চাৰিখন মেচত ২৭টা ছয় আৰু ২১টা চাৰি কোবাইছে য’ত এটা শতক আৰু দুটা বিস্ফোৰক অৰ্ধ শতকো আছে ।

লগতে পঢ়ক : কাইলৈ ​​ভাৰত-নিউজীলেণ্ডৰ প্ৰথমখন এদিনীয়া; ৰোহিত-কোহলীৰ ওপৰত থাকিব সকলোৰে দৃষ্টি

চেম্পিয়নছ ট্ৰফী, এছিয়া কাপৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিশ্বকাপ জয়লৈকে… ২০২৫ চনৰ ১০টা স্মৰণীয় ক্ৰিকেট মুহূৰ্ত

এছিয়া কাপৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিশ্বকাপ জয়লৈকে ২০২৫ বৰ্ষটো ক্ৰিকেট জগতৰ বাবে স্মৰণীয় আছিল । এই বৰ্ষটো ক্ৰিকেটৰ বাবে আছিল স্মৰণীয় আৰু পৰিঘটনাপূৰ্ণ বছৰ ।

ভাৰতীয় ক্ৰিকেট দলৰ বাবে ২০২৫ বৰ্ষটো আছিল স্মৰণীয় আৰু পৰিঘটনাপূৰ্ণ বছৰ । এই বছৰটোত পুৰুষৰ দলটোৱে চেম্পিয়নছ ট্ৰফী আৰু এছিয়া কাপ জয় কৰাৰ বিপৰীতে মহিলা দল প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় । বিৰাট কোহলী আৰু আৰ চি বিয়েও এইবাৰ আই পি এলৰ প্ৰথমটো ট্ৰফী লাভ কৰে । জানক ২০২৫ চনৰ ক্ৰিকেটৰ ১০টা স্মৰণীয় মুহূৰ্ত…

ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয়-

ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে ২০১৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । গ্ৰুপ পৰ্যায়ৰ সকলো খেলতে ভাৰতে জয়লাভ কৰি ২০২৫ চনৰ ৯ মাৰ্চত খেলা ফাইনেলত নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে । ফাইনেলত ৰোহিত শৰ্মাই ৭৬ ৰান সংগ্ৰহ কৰে, যাৰ বাবে তেওঁ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ।

ডব্লিউ টি চি চেম্পিয়ন হয় দক্ষিণ আফ্ৰিকা-

১৪ জুনত দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে । এইটো আছিল দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো ডব্লিউ টি চি খিতাপ । দ্বিতীয় ইনিংছত ১৩৬ ৰান সংগ্ৰহ কৰি এইডেন মাৰ্ক্ৰামে ফাইনেলত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে ।

আই পি এলত ভাৰতীয় বেটছমেনৰ দ্ৰুততম শতক-

২০২৫ বৰ্ষটো ক্ৰিকেট বিস্ময় বৈভৱ সূৰ্য্যবংশীৰ বাবে উল্লেখযোগ্য আৰু স্মৰণীয় বৰ্ষ আছিল । আই পি এলত অভিষেক ঘটাই ২৮ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ হৈ ঐতিহাসিক ইনিংছ খেলে বৈভৱে । গুজৰাটৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰি আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় হিচাপে পৰিগণিত হয় তেওঁ । ইয়াৰ উপৰিও টি-২০ত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ ।

আই পি এলৰ প্ৰথম খিতাপ লাভ আৰ চি বিৰ-

২০২৫ চনত বিৰাট কোহলী আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পৰে । ৩ জুনত আই পি এল ২০২৫ৰ ফাইনেলত আৰ চি বিয়ে পঞ্জাব কিংছক ৬ ৰাণত পৰাস্ত কৰি খিতাপ দখল কৰে । এয়া আৰ চি বিৰ প্ৰথম আই পি এল খিতাপ ।

নো-হেণ্ডশ্বেক বিতৰ্ক-

এইবাৰ ভাৰতীয় খেলুৱৈসকলে পাকিস্তানৰ বিৰুদ্ধে এক অনন্য ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে । দলটোৱে তেওঁলোকৰ বিৰুদ্ধে মেচ খেলিছিল যদিও তেওঁলোকৰ খেলুৱৈক হেণ্ডশ্বেক কৰিবলৈ অস্বীকাৰ কৰিছিল । ছলমান আলী আঘাক হেণ্ডশ্বেক কৰিবলৈ অস্বীকাৰ কৰি এছিয়া কাপত এই ধাৰা আৰম্ভ কৰিছিল সূৰ্যকুমাৰ যাদৱে । প্ৰতিযোগিতাখনত তিনিখন মেচ অনুষ্ঠিত হৈছিল, আটাইকেইখনতে এনেকুৱাই হৈছিল ।

এছিয়া কাপত ভাৰতৰ জয়লাভ-

২৮ ছেপ্টেম্বৰত ভাৰতীয় দলটোৱে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপত জয়লাভ কৰে । এছিয়া কাপৰ খেলখনত অপৰাজিত ৬৯ ৰান সংগ্ৰহ কৰি তিলক বাৰ্মাই খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ।

ভাৰতীয় মহিলা দলৰ প্ৰথম বিশ্বকাপ জয়-

২০২৫ বৰ্ষটো ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বাবেও স্মৰণীয় আছিল । কিয়নো দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিছিল । ইয়াৰ পূৰ্বে দলটোৱে দুবাৰকৈ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপ দখল কৰিব পৰা নাছিল । যোৱা ২ নৱেম্বৰত ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে টিম ইণ্ডিয়াই ।

ঘৰুৱা খেলত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টিম ইণ্ডিয়া-

টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ বাবে ২০২৫ চনটো ভাল নাছিল আৰু শেষো একেধৰণৰ আছিল । ২৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে নিজৰ মাটিতে ভাৰতক হোৱাইট ৱাশ্ব কৰিছিল । দুখন মেচৰ শৃংখলাত ২-০ ব্যৱধানত পৰাস্ত হয় ভাৰত ।

বহু বছৰৰ পিছত বিজয় হাজাৰেত বিৰাট কোহলী আৰু ৰোহিত শৰ্মা-

২৪ ডিচেম্বৰতো স্মৰণীয় তাৰিখ আছিল, কিয়নো বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই বহু বছৰৰ পাছত বিজয় হাজাৰে ট্ৰফীত খেলিছিল । ২০১০ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোহলীয়ে আৰু ২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰোহিতে বিজয় হাজাৰে ট্ৰফীত খেলে । দুয়োজনে ভাল প্ৰদৰ্শন আগবঢ়ায় ।

১৫ বছৰৰ পাছত অষ্ট্ৰেলিয়াত ইংলেণ্ডৰ জয়-

মেলবৰ্ণত অনুষ্ঠিত বক্সিং ডে টেষ্টত ইংলেণ্ডে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰে । এইটো আছিল এক ঐতিহাসিক মুহূৰ্ত । কিয়নো ১৫ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ইংলেণ্ডে নিজৰ মাটিত টেষ্ট মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে । মাত্ৰ ২ দিনৰ ভিতৰতে সমাপ্ত হয় টেষ্ট মেচখন ।

লগতে পঢ়ক : ২০২৫ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ৯টা ডাঙৰ অভিলেখ; এই ক্ৰিকেটাৰসকলে ৰচিলে ইতিহাস…

 টি-২০ বিশ্বকাপৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল; কোনে কোনে পাব সুযোগ

আজি টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ব ভাৰতীয় দল। মুম্বাইত মুখ্য নিৰ্বাচক অজিতৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচকসকলৰ ৰুদ্ধদাৰ বৈঠক।

আজি (২০ ডিচেম্বৰ) আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হ’ব।দল নিৰ্বাচনৰ বাবে মুম্বাইত মুখ্য নিৰ্বাচক অজিতৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচকসকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব।তাৰ পিছত দিনৰ ১:৩০ বজাত ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হ’ব।

টি-২০ বিশ্বকাপৰ লগতে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবেও ভাৰতীয় দলটো ঘোষণা কৰা হ’ব।জানুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা অনুষ্ঠিত হ’ব,যিখন বিশ্বকাপৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ’ব।

টি-২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই যৌথ আতিথ্যৰ অধীনত খেলিব।এই প্ৰতিযোগিতাখন অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ খিতাপৰ মেচখন ২০ মাৰ্চত অনুষ্ঠিত হ’ব।

এই প্ৰতিযোগিতাৰ বাবে ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলটোক গ্ৰুপ এত স্থান দিয়া হৈছে।এই গোটত আমেৰিকা যুক্তৰাষ্ট্ৰ (আমেৰিকা), নামিবিয়া, নেদাৰলেণ্ড আৰু পাকিস্তানৰ দলসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

বিশেষ কথাটো হ’ল টিম ইণ্ডিয়াই নিজৰ গ্ৰুপ মেচ চাৰিখন ভিন্ন ষ্টেডিয়ামত খেলিব।ভাৰতীয় দলৰ গ্ৰুপ মেচ অৰুণ জেটলী ষ্টেডিয়াম (দিল্লী), ৱানখেদে ষ্টেডিয়াম (মুম্বাই), আৰ প্ৰেমাদাছা ষ্টেডিয়াম (কলম্বো) আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়াম (আহমেদাবাদ)ত অনুষ্ঠিত হ’ব।

১৫ জনীয়া ভাৰতীয় দলটোত সম্ভৱতঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুবমান গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে,জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী,যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, আৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু ৱাশ্বিংটন সুন্দৰ থাকিব পাৰে।

লগতে পঢ়ক: ‘তেওঁ প্ৰশিক্ষক নহয়, তেওঁ এজন মেনেজাৰ’;গৌতম গম্ভীৰক লৈ কিংবদন্তি কপিল দেৱৰ বিস্ফোৰক মন্তব্য

ৰুদ্ধ হোৱা নাই ছেমি ফাইনেলৰ পথ ! একেৰাহে তিনিটাকৈ পৰাজয়ৰ পিছতো সজীৱ ভাৰতীয় দলৰ আশা

পৰাজয়ৰ পিছতো সজীৱ ভাৰতীয় দলৰ আশা

ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত দেওবাৰে ভাৰতক ৪ ৰানত পৰাস্ত কৰি ২০২৫ চনৰ মহিলা বিশ্বকাপৰ ছেমি ফাইনেলত স্থান দখল কৰিবলৈ সক্ষম হয় ইংলেণ্ড দলে । টছত জয়ী হোৱাৰ পিছত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৫০ অভাৰত ৮ উইকেটত ২৮৮ ৰান সংগ্ৰহ কৰে । অধিনায়ক হিথাৰ নাইটে ৯১ বলত (১৫ টা চাৰি, ১ টা ছয়) ১০৯ ৰান সংগ্ৰহ কৰে । এয়া তেওঁৰ ৩০০ সংখ্যক এদিনীয়া মেচ আছিল । এমি জ’নেও ৫৬ ৰান (৬৮ টা বল, ৮ টা চাৰি)ৰে এক শক্তিশালী অৱদান আগবঢ়ায় ।

ইংলেণ্ডে ৪৫ নং অভাৰত ৩ উইকেটত ২৪৯ ৰান সংগ্ৰহ কৰিছিল যদিও অফ স্পীনাৰ দীপ্তী শৰ্মা (৪/৫১) আৰু অভিষেক ঘটোৱা শ্ৰী চৰাণী (২/৬৮)ৰ নেতৃত্বত ভাৰতীয় বলাৰে শেষৰ পাঁচ অভাৰত ৫টা উইকেট দখল কৰি ইংলেণ্ডক ৩০০ ৰানত সীমাবদ্ধ কৰি ৰাখে ।

ইয়াৰ প্ৰত্যুত্তৰত স্মৃতি মন্ধানা (৮৮ ৰান), অধিনায়ক হৰমনপ্ৰীত কৌৰ (৭০) আৰু দীপ্তি শৰ্মাই ৫০ ৰান কৰে যদিও ৫০ অভাৰত ৬ উইকেটত ২৮৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ।

এই জয়েৰে ইংলেণ্ডে ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰে । ইতিমধ্যে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱা ভাৰতীয় মহিলা দলৰ এয়া একেৰাহে তৃতীয়টো পৰাজয় । ভাৰত এতিয়া কৰো অথবা মৰো এই পৰিস্থিতিত আছে । এই বিশ্বকাপত এতিয়ালৈকে ভাৰতীয় মহিলা দলটোৱে খেলা পাঁচখন খেলত কেৱল পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধেহে জয়লাভ কৰিছে । অৱশ্যে ভাৰতীয় দলে এতিয়াও ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে ।

ভাৰতীয় দলৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা কিমান ?

ছেমি ফাইনেলত এতিয়া কেৱল এটা স্থান বাকী আছে । নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰৱৰ্তী মেচ দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ । বৰ্তমান পইণ্ট তালিকাত ভাৰত চতুৰ্থ স্থানত আছে আৰু নিউজীলেণ্ড পঞ্চম স্থানত আছে । দুয়োটা দলৰ চাৰিটাকৈ পইণ্ট আছে যদিও ভাৰতৰ নেট ৰান ৰেট নিউজীলেণ্ডতকৈ অলপ উন্নত ।

নিউজীলেণ্ডৰ হাতত ভাৰত পৰাস্ত হ’লেও হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন দলটোৱে ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা এতিয়াও আছে । ইয়াৰ বাবে ভাৰতে প্ৰায় দৌৰৰ বাহিৰত থকা বাংলাদেশক পৰাস্ত কৰিব লাগিব আৰু আশা কৰিব লাগিব যে প্ৰতিযোগিতাখনৰ লীগ ৰাউণ্ডৰ অন্তিমখন খেলত ইংলেণ্ডৰ হাতত নিউজীলেণ্ড পৰাস্ত হওক । যদিহে ভাৰতীয় মহিলা দলে নিউজীলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে তেন্তে ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিব ।

লগতে পঢ়ক : প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু; শুভমনেও কৰিলে হতাশ

আজি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ; বৰ্ষাপাৰাত ভাৰতৰ মুখামুখি হ’ব শ্ৰীলংকা

আজি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ

এছিয়া কাপ ২০২৫ৰ ৰোমাঞ্চকৰ সামৰণিৰ পিছত এতিয়া আৰম্ভ হ’ব মহিলা বিশ্বকাপ ক্ৰিকেট । আজিৰে পৰা আৰম্ভ হ’ব আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ । মঙলবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে ২০২৫ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ । এই প্ৰতিযোগিতাৰ ৪৭ বছৰীয়া ইতিহাসত প্ৰথমটো খিতাপ দখল কৰাৰ লক্ষ্যৰে নিজৰ অভিযান আৰম্ভ কৰিব হৰমনপ্ৰীত কৌৰ বাহিনীয়ে ।

বিশ্বৰ তৃতীয় স্থানত থকা হৰমনপ্ৰীত কৌৰৰ নেতৃত্বৰ দলটোৱে এই বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ঘৰুৱা অভিজ্ঞতা আৰু শেহতীয়া উৎকৃষ্ট ফৰ্মৰ সম্পূৰ্ণ সুবিধা ল’বলৈ চেষ্টা কৰিব । ১২ বছৰৰ মূৰত ভাৰতত অনুষ্ঠিত হোৱা মহিলা ক্ৰিকেট বিশ্বকাপৰ এয়া ত্ৰয়োদশ সংস্কৰণ । এই প্ৰতিযোগিতাত ৫ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচকে ধৰি ২৮খন খেল অনুষ্ঠিত হ’ব । ছেমি ফাইনেল আৰু সম্ভাৱ্য ফাইনেলো ভাৰতত অনুষ্ঠিত হ’ব । অৱশ্যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ বাবে পাকিস্তানী দলটোৱে ইয়াৰ সকলো মেচ শ্ৰীলংকাত খেলিব । আনহাতে পাকিস্তানৰ দলটো ফাইনেলত উপনীত হ’লে চূড়ান্ত মেচো শ্ৰীলংকাত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাৰ উদ্বেধনী অনুষ্ঠান অসমীয়াৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে ।

এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান আদি আঠটা দলে অংশগ্ৰহণ কৰিছে ।

ভাৰতীয় দল-

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা, প্ৰতিকা ৰাৱাল, হৰলীন দেউল, জেমিমাহ ৰড্ৰিগোছ, ৰিচা ঘোষ, উমা ছেত্ৰী, ৰেনুকা সিং ঠাকুৰ, দীপ্তি শৰ্মা, স্নেহ ৰানা, শ্ৰী চৰাণী, ৰাধা যাদৱ, অমনজোত কৌৰ, অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড় ।

লগতে পঢ়ক : নৱমবাৰলৈ এছিয়া কাপত ভাৰতৰ জয়; পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী

আই চি চিয়ে বৃদ্ধি কৰিলে মহিলা বিশ্বকাপৰ পুৰস্কাৰৰ ধন… পুৰুষৰ বিশ্বকাপৰ তুলনাত কিমান বেছি ?

আই চি চিয়ে বৃদ্ধি কৰিলে মহিলা বিশ্বকাপৰ পুৰস্কাৰৰ ধন

মহিলা ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৰস্কাৰৰ ধন আচৰিত ভাৱে বৃদ্ধি পাবলৈ গৈ আছে । ১ ছেপ্টেম্বৰ, সোমবাৰে আই চি চিয়ে মহিলা বিশ্বকাপ ২০২৫ৰ বাবে মুঠ ১২২.৫ কোটি টকা (১৩.৮৮ মিলিয়ন মাৰ্কিন ডলাৰ) ঘোষণা কৰে । এই ধনৰাশি পূৰ্বৰ বিশ্বকাপতকৈ প্ৰায় ২৯৭ শতাংশ বেছি । বিশেষ কথাটো হ’ল ২০২৫ চনৰ মহিলা বিশ্বকাপত বিজয়ী দলে যি ধন লাভ কৰিব সেয়া পুৰুষৰ বিশ্বকাপৰ চেম্পিয়নতকৈও অধিক হ’ব ৷

বিজয়ী দলে লাভ কৰিব ৩৯.৪ কোটি টকা-

এই প্ৰতিযোগিতাত জয়ী হোৱা দলটোৱে লাভ কৰিব ৪৪.৮ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৩৯.৪ কোটি টকা)। এই পুৰস্কাৰৰ ধন এতিয়ালৈকে সৰ্বাধিক আৰু বিগত বিশ্বকাপ (২০২২)তকৈ প্ৰায় ডেৰ-দুগুণ বেছি ।

ৰানাৰ্ছ আপ আৰু ছেমি ফাইনেলৰ পৰাজিত দল-

বিশ্বকাপৰ ৰানাৰ্ছ আপ দলটোক ২২.৪ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৯.৭ কোটি টকা) দিয়া হ’ব । বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হোৱা দলে লাভ কৰিব ১১.২ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৯.৮ কোটি টকা) পুৰস্কাৰ ।

গ্ৰুপ ষ্টেজ আৰু অন্যান্য পুৰস্কাৰ-

গ্ৰুপ পৰ্যায়ৰ প্ৰতিখন মেচত জয়ী হোৱাৰ বাবে দলক দিয়া হ’ব ৩৪,৩১৪ মাৰ্কিন ডলাৰ (প্ৰায় ৩০.১৯ লাখ টকা)।

পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰা দলসমূহে লাভ কৰিব ৭ লাখ ডলাৰ (প্ৰায় ৬.১৬ কোটি টকা) ।

সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে ২.৮ লাখ ডলাৰ (প্ৰায় ২.৪৬ কোটি টকা) পুৰস্কাৰ লাভ কৰিব ।

প্ৰতিটো দলক গ্ৰুপ ষ্টেজৰ অংশগ্ৰহণ মাচুল হিচাপে পৃথকে পৃথকে ২.৫ লাখ ডলাৰ (প্ৰায় ২.২ কোটি টকা) দিয়া হ’ব ।

জয় শ্বাহৰ ডাঙৰ মন্তব্য-

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয় যে এই সিদ্ধান্তই মহিলা ক্ৰিকেটৰ ভৱিষ্যতক এক নতুন দিশ প্ৰদান কৰিব । তেওঁ কয়, “মহিলা ক্ৰিকেটৰ যাত্ৰাৰ এয়া এক ঐতিহাসিক মাইলৰ খুঁটি । পুৰস্কাৰৰ ধনৰ এই চাৰিগুণ বৃদ্ধিয়ে প্ৰমাণ কৰিছে যে এতিয়া মহিলা ক্ৰিকেটকো পুৰুষৰ সমান মৰ্যাদা দিয়া হৈছে । আমাৰ বাৰ্তা স্পষ্ট, যদি মহিলাসকলে এই খেলখন পেছাদাৰীভাৱে বাছি লয়, তেন্তে তেওঁলোকেও পুৰুষ খেলুৱৈয়ে পোৱা সন্মান আৰু সুযোগ লাভ কৰিব ।”

ক’ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা-

ত্ৰয়োদশ সংস্কৰণৰ মহিলা বিশ্বকাপ ২০২৫ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব । ভাৰতত গুৱাহাটী, ইন্দোৰ, নৱী মুম্বাই আৰু বিশাখাপট্টনমে এই প্ৰতিযোগিতাৰ আয়োজনৰ অধিকাৰ লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাত খেলসমূহ কলম্বোত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট; ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে দিব লাগিব পৰীক্ষা