টি-২০ বিশ্বকাপৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল; কোনে কোনে পাব সুযোগ

 টি-২০ বিশ্বকাপৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল; কোনে কোনে পাব সুযোগ

আজি টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ব ভাৰতীয় দল। মুম্বাইত মুখ্য নিৰ্বাচক অজিতৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচকসকলৰ ৰুদ্ধদাৰ বৈঠক। আজি (২০ ডিচেম্বৰ) আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হ’ব।দল নিৰ্বাচনৰ বাবে মুম্বাইত মুখ্য নিৰ্বাচক অজিতৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচকসকলৰ এখন বৈঠক

আজি টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ব ভাৰতীয় দল। মুম্বাইত মুখ্য নিৰ্বাচক অজিতৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচকসকলৰ ৰুদ্ধদাৰ বৈঠক।

আজি (২০ ডিচেম্বৰ) আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হ’ব।দল নিৰ্বাচনৰ বাবে মুম্বাইত মুখ্য নিৰ্বাচক অজিতৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচকসকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব।তাৰ পিছত দিনৰ ১:৩০ বজাত ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হ’ব।

টি-২০ বিশ্বকাপৰ লগতে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবেও ভাৰতীয় দলটো ঘোষণা কৰা হ’ব।জানুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা অনুষ্ঠিত হ’ব,যিখন বিশ্বকাপৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ’ব।

টি-২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাই যৌথ আতিথ্যৰ অধীনত খেলিব।এই প্ৰতিযোগিতাখন অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ খিতাপৰ মেচখন ২০ মাৰ্চত অনুষ্ঠিত হ’ব।

এই প্ৰতিযোগিতাৰ বাবে ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলটোক গ্ৰুপ এত স্থান দিয়া হৈছে।এই গোটত আমেৰিকা যুক্তৰাষ্ট্ৰ (আমেৰিকা), নামিবিয়া, নেদাৰলেণ্ড আৰু পাকিস্তানৰ দলসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

বিশেষ কথাটো হ’ল টিম ইণ্ডিয়াই নিজৰ গ্ৰুপ মেচ চাৰিখন ভিন্ন ষ্টেডিয়ামত খেলিব।ভাৰতীয় দলৰ গ্ৰুপ মেচ অৰুণ জেটলী ষ্টেডিয়াম (দিল্লী), ৱানখেদে ষ্টেডিয়াম (মুম্বাই), আৰ প্ৰেমাদাছা ষ্টেডিয়াম (কলম্বো) আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়াম (আহমেদাবাদ)ত অনুষ্ঠিত হ’ব।

১৫ জনীয়া ভাৰতীয় দলটোত সম্ভৱতঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুবমান গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে,জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী,যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, আৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু ৱাশ্বিংটন সুন্দৰ থাকিব পাৰে।

লগতে পঢ়ক: ‘তেওঁ প্ৰশিক্ষক নহয়, তেওঁ এজন মেনেজাৰ’;গৌতম গম্ভীৰক লৈ কিংবদন্তি কপিল দেৱৰ বিস্ফোৰক মন্তব্য