প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু; শুভমনেও কৰিলে হতাশ

প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু প্ৰত্যাৱৰ্তন মেচত অনুৰাগীক হতাশ কৰিলে তাৰকা খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে । দিৰ্ঘদিনীয়া বিৰতিৰ অন্তত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত খেলপথাৰত নামিছিল এই দুই মহা তাৰকা বেটছমেন । দুয়োগৰাকী প্ৰবীণ তথা তাৰকা বেটছমেনৰ পৰা বিস্ফোৰক ইনিংছ আশা কৰি আছিল

প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু

প্ৰত্যাৱৰ্তন মেচত অনুৰাগীক হতাশ কৰিলে তাৰকা খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে । দিৰ্ঘদিনীয়া বিৰতিৰ অন্তত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত খেলপথাৰত নামিছিল এই দুই মহা তাৰকা বেটছমেন । দুয়োগৰাকী প্ৰবীণ তথা তাৰকা বেটছমেনৰ পৰা বিস্ফোৰক ইনিংছ আশা কৰি আছিল অনুৰাগীয়ে । কিন্তু অনুৰাগীৰ আশাত চেঁচা পানী ঢালি চূড়ান্ত হতাশাজনক প্ৰদৰ্শন আগবঢ়ালে ৰোহিত-কোহলীয়ে ।

পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল খেলিছে ভাৰতীয় দলে । এই মেচতে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তন ঘটাইছে । ৰোহিত আৰু কোহলীয়ে শেষবাৰৰ বাবে ভাৰতৰ হৈ আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিছিল, যিখন আছিল চূড়ান্ত মেচ । এই মেচত নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰিছিল ।

উল্লেখ্য যে, প্ৰত্যাৱৰ্তন মেচত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই সকলোকে হতাশ কৰে । ৰোহিত শৰ্মাই ১৪টা বলত ৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কোহলীয়ে ৮টা বলৰ মুখামুখি হয় যদিও কোনো ৰান সংগ্ৰহত ব্যৰ্থ হয় । সোঁহতীয়া বেগী বলাৰ জোছ হেজেলউডে হিটমেনক শ্বৰ্ট অফ লেংথ ডেলিভাৰী দিয়ে আৰু দ্বিতীয় শ্লিপত মেথিউ ৰেনশ্বৱে তেওঁক কেচ আউট কৰে । ৰোহিতে বলটো জোৰেৰে কোবাইছিল যদিও তেওঁৰ টাইমিং সঠিক নাছিল । বলটো তেওঁৰ বেটৰ কাষত লাগি লৈ ফিল্ডাৰৰ ওচৰলৈ যায় ।

ৰোহিত শৰ্মা পেভিলিয়নমুখী হোৱাৰ পিছত বিৰাট কোহলীৰ পৰা এক শক্তিশালী প্ৰদৰ্শন আশা কৰিছিল দল আৰু অনুৰাগীয়ে । কিন্তু সকলোকে হতাশ কৰি প্ৰত্যাৱৰ্তন মেচত একাউন্ট নোখোলাকৈয়ে পেভিলিয়নৰ বাট বুলে বিৰাট কোহলীয়ে । তেওঁক আগ্ৰাসী বেগী বলাৰ মিচেল ষ্টাৰ্কে আউট কৰে ।

ইয়াৰ লগে লগে বিৰাট কোহলীয়ে এক লজ্জাজনক অভিলেখো গঢ়ে । অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত শূণ্যত আউট হয় কোহলী । বিস্ফোৰক তাৰকা বেটছমেনগৰাকীয়ে এতিয়ালৈকে অষ্ট্ৰেলিয়াত ৩০খন এদিনীয়া ইনিংছ খেলিছে । এদিনীয়া মেচত দুবাৰকৈ শূণ্যত বিৰাট কোহলীক আউট কৰা দ্বিতীয়জন বলাৰ হিচাবে পৰিগণিত হৈছে মিচেল ষ্টাৰ্ক । ষ্টাৰ্কৰ পূৰ্বে কেৱল ইংলেণ্ডৰ জেমছ এণ্ডাৰছনেহে এই কৃতিত্ব অৰ্জন কৰিছিল ।

শুভমনেও কৰিলে হতাশ-

এই মেচত সকলোকে আশাহত কৰে অধিনায়ক শুভমন গীলেও । তেওঁ নাথান এলিছৰ বলত মাত্ৰ ৮ ৰানতে উইকেটকীপাৰ জোছ ফিলিপৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে । এই মেচত ৰোহিতে ৮ ৰান, গীল ১০ আৰু কোহলীয়ে কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে উইকেট বিসৰ্জন দিয়ে । কোনো এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত তিনিওজনৰে এয়াই সৰ্বনিম্ন মুঠ স্ক’ৰ । ইয়াৰ পূৰ্বে এই তিনিওগৰাকীৰে সৰ্বনিম্ন স্ক’ৰ আছিল ২৫ ৰান । ২০২৩ চনত পাকিস্তানৰ বিৰুদ্ধে পল্লেকেলে এদিনীয়াত ৰোহিত ১১, গীল ১০ আৰু কোহলীয়ে ৪ ৰান কৰি আউট হৈছিল ।

লগতে পঢ়ক : আজি ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম এদিনীয়া মেচ; ৰোহিত-কোহলীয়ে কঁপাব পাৰ্থ

শেহতীয়া প্ৰৱন্ধসমূহ