আজি ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম এদিনীয়া মেচ; ৰোহিত-কোহলীয়ে কঁপাব পাৰ্থ

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম এদিনীয়া মেচ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ আজি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক শুভমন গীল অষ্ট্ৰেলিয়ান দলৰ নেতৃত্ব দিব মিচেল মাৰ্ছে । পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব এই এদিনীয়া মেচ ।

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম এদিনীয়া মেচ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ আজি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক শুভমন গীল অষ্ট্ৰেলিয়ান দলৰ নেতৃত্ব দিব মিচেল মাৰ্ছে । পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব এই এদিনীয়া মেচ ।

অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলটোক নেতৃত্ব দিব শুভমন গীলে । তেওঁৰ বাবে এই মেচখন অতি বিশেষ । প্ৰবীণ বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়েও এই মেচৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তন ঘটাইছে । ২২৪ দিনৰ অন্তত ভাৰতৰ হৈ খেলিব লগা ৰোহিত আৰু কোহলীৰ যুটীয়ে অনুৰাগীৰ মাজত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি কৰিছে । দুয়োগৰাকী খেলুৱৈক চলিত বৰ্ষৰ মাৰ্চ মাহত ভাৰতীয় দলৰ হৈ আই চি চি চেম্পিয়নছ ট্ৰফীত খেলা দেখা গৈছিল, য’ত ৰোহিত ব্ৰিগেডে খিতাপ দখল কৰিছিল ।

নিজৰ কেৰিয়াৰত বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ইমান দীঘলীয়া সময়ৰ বাবে ভাৰতীয় দলৰ পৰা আঁতৰি থকাটো খুব কমেইহে দেখা গৈছে আৰু সেয়াও আঘাত নোহোৱাকৈ । উল্লেখ্য যে ৰোহিত আৰু কোহলী দুয়োজনেই টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, গতিকে দুয়োজনেই এতিয়া কেৱল এদিনীয়া ক্ৰিকেটৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এদিনীয়াৰ অধিনায়ক পদৰ পৰাও ৰোহিতক অপসাৰণ কৰা হৈছে, য’ত “হিটমেন”য়ে বিশেষ বেটছমেন হিচাপে খেলিব ।

কোহলী-ৰোহিতৰ অন্তিম ছিৰিজ !

বিগত কেইবছৰমানৰ পৰা ভাৰতীয় ক্ৰিকেটত বহু যুৱ তাৰকাৰ উন্মেষ ঘটিছে যদিও বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ফেন ফ’ল’ৱাৰ কোনো এগৰাকীৰেই নাই । দুয়োজনে এদিনীয়া ক্ৰিকেটত ইমানেই অভিলেখ গঢ়িছে যে এই ফৰ্মেটত তেওঁলোকক শ্ৰেষ্ঠ খেলুৱৈৰ ভিতৰত গণ্য কৰা হয় । অষ্ট্ৰেলিয়াৰ দৰ্শকৰ বাবে ৰোহিত আৰু কোহলীয়ে একেলগে খেলা চোৱাটো এক ৰোমাঞ্চকৰ অভিজ্ঞতা হ’ব । ইফালে এইখনেই অষ্ট্ৰেলিয়াত তেওঁলোকৰ শেষ ছিৰিজ হ’ব পাৰে বুলিও চৰ্চা চলিছে ।

প্ৰথমখন এদিনীয়াত বিৰাট কোহলী, ৰোহিত শৰ্মা, অধিনায়ক শুভমন গীল, শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলৰ ওপৰত নিৰ্ভৰশীল হ’ব ভাৰতীয় বেটিং । ইফালে, বেগী বলাৰ মহম্মদ চিৰাজে এবছৰতকৈ অধিক সময়ৰ পিছত প্ৰথম এদিনীয়া খেলিব । প্ৰসিদ্ধ কৃষ্ণ, অৰ্শদীপ সিং আৰু হৰ্ষিত ৰানাৰ সৈতে চিৰাজে ফাষ্ট বলিং ইউনিট গঠন কৰিছে । কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে স্পীন বিভাগত উল্লেখযোগ্য দায়িত্ব কান্ধত ল’ব, আনহাতে হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত নীতিশ কুমাৰ ৰেড্ডীৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰিব ।

ইফালে অষ্ট্ৰেলিয়া আঘাত বা তাৰকা খেলুৱৈৰ অনুপস্থিতিৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে । আঘাতৰ বাবে অধিনায়ক পেট কামিন্স খেলপথাৰৰ পৰা আঁতৰি থকাৰ বাবে মিচেল মাৰ্ছে দলটোৰ নেতৃত্ব দিবলৈ আছে । কেমেৰুন গ্ৰীণো আঘাতপ্ৰাপ্ত আৰু তেওঁৰ ঠাইত মাৰ্নাছ লাবুশ্বানে দলত স্থান লাভ কৰিছে ।

লগতে পঢ়ক : ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাঃ ৰোহিত-কোহলীৰ ওপৰত নিবদ্ধ থাকিব সকলোৰে দৃষ্টি

শেহতীয়া প্ৰৱন্ধসমূহ