২০২৫ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ৯টা ডাঙৰ অভিলেখ; এই ক্ৰিকেটাৰসকলে ৰচিলে ইতিহাস…

২০২৫ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ৯টা ডাঙৰ অভিলেখ; এই ক্ৰিকেটাৰসকলে ৰচিলে ইতিহাস…

চলিত বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত স্মৰণীয় হৈ ৰ’ব । এই বছৰটোতে কেইবাটাও অবিস্মৰণীয় অভিলেখৰ সাক্ষী হয় ক্ৰিকেট বিশ্ব… ২০২৫ বৰ্ষটো ক্ৰিকেটৰ বাবে স্মৰণীয় বছৰ আছিল । এই বছৰটোতে আৰ চি বিয়ে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে । আনহাতে ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে চেম্পিয়নছ

চলিত বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত স্মৰণীয় হৈ ৰ’ব । এই বছৰটোতে কেইবাটাও অবিস্মৰণীয় অভিলেখৰ সাক্ষী হয় ক্ৰিকেট বিশ্ব…

২০২৫ বৰ্ষটো ক্ৰিকেটৰ বাবে স্মৰণীয় বছৰ আছিল । এই বছৰটোতে আৰ চি বিয়ে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে । আনহাতে ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে চেম্পিয়নছ ট্ৰফী আৰু সূৰ্য্যকুমাৰ যাদৱৰ অধিনায়কত্বত এছিয়া কাপ জয় কৰে । ফেব্ৰুৱাৰী মাহত অভিষেক শৰ্মাই ১৩৫ ৰানৰ ঐতিহাসিক ইনিংছ খেলে, যিটো টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত টিম ইণ্ডিয়াৰ বাবে সৰ্বাধিক ব্যক্তিগত স্ক’ৰ । বৈভৱ সূৰ্যবংশীয়ে ১৪ বছৰ বয়সতে আই পি এলত শতক অৰ্জন কৰি এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ বিপৰীতে টেষ্ট ক্ৰিকেটত মাত্ৰ ১৫টা বলত ৫টা উইকেট দখল কৰি মিচেল ষ্টাৰ্কে ইতিহাস সৃষ্টি ৰচে । জানক ২০২৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত স্থাপন হোৱা ১০টা ডাঙৰ অভিলেখৰ বিষয়ে…

ভাৰতৰ সৰ্বোচ্চ টি-২০ ইনিংছ-

টি-২০ৰ প্ৰথম স্থানৰ নম্বৰ বেটছমেন অভিষেক শৰ্মাই ২০২৫ চনৰ ২ ফেব্ৰুৱাৰীত ঐতিহাসিক ইনিংছ খেলিছিল । ৱাংখেড়ে ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে ১৩৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলে অভিষেকে । লগে লগে অভিষেকে শুভমন গীলক অতিক্ৰম কৰে আৰু ই টি-২০ত ভাৰতৰ সৰ্বোচ্চ ব্যক্তিগত ইনিংছত পৰিগণিত হয় । ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত নিউজীলেণ্ডৰ বিৰুদ্ধে ১২৬ ৰান সংগ্ৰহ কৰিছিল গীলে ।

আই পি এলত সৰ্বনিম্ন স্ক’ৰ ডিফেণ্ড-

২০২৫ চনৰ ১৫ এপ্ৰিলত প্ৰথমে বেটিং কৰা পঞ্জাব কিংছে ১১১ ৰান সংগ্ৰহ কৰিছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছে অনায়াসে এই লক্ষ্যত উপনীত হ’ব বুলি ভবা হৈছিল । কিন্তু কোনোৱে নাজানিছিল যে এই মেচখন ঐতিহাসিক হৈ পৰিব, কিয়নো পঞ্জাবে ১১১ ৰান সফলতাৰে ৰক্ষা কৰিছিল । আই পি এলৰ ইতিহাসত এইটোৱেই তৃতীয় সৰ্বনিম্ন ৰান ডিফেণ্ড ।

আটাইতকৈ কম বয়সতে টি-২০ত শতক-

আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা বৈভৱ সূৰ্যবংশীয়ে ২০২৫ চনৰ ২৮ এপ্ৰিলত ইতিহাস ৰচনা কৰে । ১৪ বছৰ ৩২ দিন বয়সত তেওঁ টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয় । জয়পুৰত গুজৰাটৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত বৈভৱে ৩৫টা বলত শতক অৰ্জন কৰিছিল, যিটো লীগৰ ইতিহাসতো এজন ভাৰতীয়ৰ দ্ৰুততম শতক হিচাপে পৰিগণিত হয় ।

১৪৮ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে-

জুন মাহত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল, য’ত দক্ষিণ আফ্ৰিকাই জয়লাভ কৰিছিল । এই মেচত উছমান খোৱাজাই প্ৰথম ইনিংছত একাউণ্ট খোলাত ব্যৰ্থ হয়, দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ এইডেন মাৰ্ক্ৰামেও প্ৰথম ইনিংছত কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে আউট হয় । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টেষ্ট ইতিহাসত ১৪৮ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দুয়োটা দলৰ অ’পেনাৰক প্ৰথম ইনিংছত শূণ্যত আউট কৰা হৈছিল । দ্বিতীয় ইনিংছত মাৰ্ক্ৰামে ১৩৬ ৰানৰ মেচ বিজয়ী ইনিংছ খেলিছিল ।

কম বলত পাঁচ উইকেট (টেষ্ট ক্ৰিকেটত)-

জুলাই মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেলত অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কে ১৫ সংখ্যক বলত পঞ্চমটো উইকেট দখল কৰিছিল । টেষ্ট ক্ৰিকেটত দ্ৰুতগতিত পাঁচ উইকেট দখল কৰাৰ বিশ্ব অভিলেখ ষ্টাৰ্কৰ হাতত আছে । দ্বিতীয় ইনিংছত ৱেষ্ট ইণ্ডিজে ২৭ ৰানত বল আউট হয় ।

শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে বিৰাট কোহলীয়ে-

বিৰাট কোহলীয়ে ২৯ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ১৩৫ ৰানৰ ঐতিহাসিক ইনিংছ খেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন টেণ্ডুলকাৰৰ এক বৃহৎ অভিলেখ ভংগ কৰে । ইয়াৰ পূৰ্বে শচীনে একক ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰিছিল যদিও কোহলীয়ে ৫২ সংখ্যক এদিনীয়া শতকেৰে এই অভিলেখ ভংগ কৰে । ইয়াৰ পিছত কোহলীয়ে দ্বিতীয়খন এদিনীয়াতো শতক অৰ্জন কৰে । কোহলীয়ে এতিয়া এদিনীয়াত ৫৩টা শতক অৰ্জন কৰাৰ বিপৰীতে শচীনে টেষ্টত ৫১টা শতক অৰ্জন কৰিছে ।

৪০ বছৰীয়া অভিলেখ ভংগ কৰে জেকব ডাফীয়ে-

নিউজীলেণ্ডৰ হৈ ৰিচাৰ্ড হেডলীয়ে ৪০ বছৰ ধৰি এটা কেলেণ্ডাৰ বছৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেটৰ অভিলেখ গঢ়িছিল যদিও এইবাৰ জেকব ডাফীয়ে এই অভিলেখ ভংগ কৰে । ৩১ বছৰীয়া বেগী বলাৰগৰাকীয়ে এইবাৰ নিউজীলেণ্ডৰ হৈ তিনিওটা ফৰ্মেটতে ৮১টা উইকেট দখল কৰিছে । এইবাৰো তেওঁ অগ্ৰণী উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে ।

এটা অভাৰত ৫ উইকেট-

ইণ্ডোনেছিয়াৰ বলাৰ গেডে পাৰিয়ান্দনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এনেকুৱা এটা কৃতিত্ব অৰ্জন কৰে যিটো বিশ্বৰ আন কোনো বলাৰৰ হাতত নাই । তেওঁ কম্বোডিয়াৰ বিৰুদ্ধে এটা অভাৰত বলিং কৰি ৫টা উইকেট দখল কৰে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৫টা উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় তেওঁ ।

লিষ্ট এ-ত সৰ্বোচ্চ স্ক’ৰ-

২৪ ডিচেম্বৰত বিজয় হাজাৰে ট্ৰফী ২০২৫-২৬ৰ সময়ত বিহাৰ দলটোৱে মুঠ ৫৭৪ ৰান সংগ্ৰহ কৰি ইতিহাস সৃষ্টি কৰে । এয়া লিষ্ট এ ক্ৰিকেটত এতিয়ালৈকে সৰ্বাধিক স্ক’ৰ । এই মেচত বিহাৰৰ তিনিজন বেটছমেনে শতক অৰ্জন কৰে । বৈভৱ সূৰ্যবংশীয়ে ৮৪টা বলত ১৯০ ৰান সংগ্ৰহ কৰে । ছাকিবুল গানীয়ে ৪০টা বলত ১২৮ ৰান সংগ্ৰহ কৰি দ্ৰুত লিষ্ট এ শতক অৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় । আয়ুষ আনন্দে ৫৬টা বলত ১১৬ ৰান সংগ্ৰহ কৰে ।

লগতে পঢ়ক : বিজয় হাজাৰে ট্ৰফী : ব্যৰ্থ ৰোহিত শৰ্মা, পুনৰ গৰজিল বিৰাট কোহলীৰ বেটে