ষষ্ঠবাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খিতাপ জয় কৰিছে ভাৰতীয় দলে । বৈভৱ সূৰ্যবংশীৰ ১৭৫ ৰান আৰু বলাৰৰ বলিং বিক্ৰমৰ সহায়ত ভাৰতীয় দলে এই ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।
১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ত ইংলেণ্ডক ধূলিসাৎ কৰি ৰাজকীয় জয় সাব্যস্ত কৰিছে ভাৰতীয় দলে । শুকুৰবাৰে অনুষ্ঠিত হোৱা ফাইনেলত টিম ইণ্ডিয়াই ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰে । উল্লেখ্য যে, ষষ্ঠবাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খিতাপ জয় কৰিছে ভাৰতীয় দলে । বৈভৱ সূৰ্যবংশীৰ ১৭৫ ৰান আৰু বলাৰৰ বলিং বিক্ৰমৰ সহায়ত ভাৰতীয় দলে এই ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । ইংলেণ্ডে ২৮ বছৰীয়া খিতাপৰ শূণ্যতাৰ অন্ত পেলোৱাৰ সুযোগ পাইছিল যদিও ইংৰাজ দলটোৱে ভাৰতীয় প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল ।
জিম্বাবুৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি ৪১১ ৰান সংগ্ৰহ কৰে । ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত এইটোৱেই আছিল সৰ্বাধিক মুঠ স্ক’ৰ । ক্ৰিকেট বিস্ময় বৈভৱ সূৰ্যবংশীয়ে ৮০টা বলত ১৭৫ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই বিস্ফোৰক ইনিংছত ১৫টা চাৰি আৰু ১৫টা ছয় আছিল । অৱশ্যে ইয়াৰ প্ৰত্যুত্ৰত ইংলেণ্ডে মাত্ৰ ৩১১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।
ইংলেণ্ডে ১৭৭ ৰানতে ৭টা উইকেট হেৰুৱাইছিল যদিও কেলেব ফকনাৰে শতকৰে ইংলেণ্ডক জয়ৰ সোৱাদ দিবলৈ সাহসী প্ৰচেষ্টা চলাইছিল । ৬৭ বলত ১১৫ ৰানৰ উজ্জ্বল ইনিংছ খেলিলেও ইংলেণ্ডক পৰাজয়ৰ পৰা ৰক্ষা কৰাত ব্যৰ্থ হয় তেওঁ ।
ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত জয়লাভ কৰিছিল । এয়া ভাৰতৰ একেৰাহে ষষ্ঠবাৰৰ বাবে ফাইনেল আৰু সামগ্ৰিকভাৱে দশমখন মেচ আছিল । আনহাতে ইংলেণ্ডে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত মাত্ৰ এবাৰহে জয়লাভ কৰিছে । ১৯৯৮ চনৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰিছিল দলটোৱে খিতাপ কৰিছিল ।
ফাইনেলত ভাৰতৰ মূল একাদশ :
বৈভৱ সূৰ্যবংশী, এৰন জৰ্জ, আয়ুষ মাহাত্ৰে (অধিনায়ক), বিহান মালহোত্ৰা, বেদান্ত ত্ৰিবেদী, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ), আৰ এছ আম্ব্ৰিছ, কনিষ্ক চৌহান, খিলান পেটেল, হেনিল পেটেল আৰু দীপেশ দেৱেন্দ্ৰন ।
লগতে পঢ়ক : আৰম্ভ হ’ল কাউণ্ট-ডাউন: বিশ্ব ক্ৰিকেটৰ মহা-উৎসৱৰ বাবে সাজু অনুৰাগী









