লৰ্ডছৰ সেই অবিস্মৰণীয় ক্ষণ আৰু ভাৰতীয় ক্ৰিকেটৰ স্বৰ্ণিল ইতিহাস

ভাৰতৰ ঐতিহাসিক ১৯৮৩ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয়ৰ ৪৩ বছৰ সম্পূৰ্ণ

আজিৰ দিনটো ভাৰতীয় ক্ৰিকেট ইতিহাসৰ বাবে আটাইতকৈ স্মৰণীয় আৰু গুৰুত্বপূৰ্ণ দিন । আজিৰ পৰা ঠিক ৪৩ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৩ চনৰ ২৫ জুনত কপিল দেৱৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত এক নতুন ইতিহাস ৰচনা কৰিছিল । শক্তিশালী তথা তেতিয়াৰ অপৰাজিত শক্তি ৱেষ্ট ইণ্ডিজক ফাইনেলত পৰাস্ত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ বুটলিছিল । ই আছিল এনে এক জয়, যাৰ পিছত ভাৰতত ক্ৰিকেট কেৱল এটা খেল হৈ থকা নাছিল, বৰঞ্চ এক ৰাষ্ট্ৰীয় আবেগত পৰিণত হৈছিল ।

ফেভাৰিট ৱেষ্ট ইণ্ডিজক ধূলিসাৎ কৰিছিল কপিল বাহিনীয়ে

১৯৭৫ আৰু ১৯৭৯ চনৰ প্ৰথম দুয়োটা বিশ্বকাপতে হতাশাজনক প্ৰদৰ্শন কৰি গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লোৱা ভাৰতীয় দলটোক ১৯৮৩ চনৰ বিশ্বকাপত কোনেও ফেভাৰিট হিচাপে গণ্য কৰা নাছিল । আনহাতে, পূৰ্বৰ দুয়োখন বিশ্বকাপৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ দলটো তৃতীয়টো খিতাপ দখল কৰাৰ লক্ষ্যৰে ফাইনেলত অৱতীৰ্ণ হৈছিল । ফাইনেলত টছত জিকি ৱেষ্ট ইণ্ডিজে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।

প্ৰথমে বেটিং কৰিবলৈ নামি ভাৰতীয় দলটোৱে মাত্ৰ ১৮৩ ৰানতে অল-আউট হয় । ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বলাৰ এণ্ডি ৰবাৰ্টছে ৩ টা উইকেট লোৱাৰ বিপৰীতে ম্যালকম মাৰ্শ্বেল, মাইকেল হোল্ডিং আৰু লেৰী গোমছে দুটাকৈ উইকেট লাভ কৰে । ভাৰতৰ হৈ সৰ্বাধিক ৩৮ ৰান কৰে কৃষ্ণমাচাৰী শ্ৰীকান্তে ।

ভাৰতৰ অবিশ্বাস্য প্ৰত্যাৱৰ্তন

মাত্ৰ ১৮৩ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ নামি ৱেষ্ট ইণ্ডিজে প্ৰথমৰে পৰা ভাৰতীয় বলাৰৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় । কপিল দেৱৰ সুন্দৰ নেতৃত্ব আৰু নিয়ন্ত্ৰিত বলিঙৰ সহায়ত ভাৰতে মাত্ৰ ৫৭ ৰানতে ৱেষ্ট ইণ্ডিজৰ ৩ টা উইকেট পতন ঘটায় । ইয়াৰ পিছতে কেৰিবিয়ান দলটোৰ বেটিং বিপৰ্যয় আৰম্ভ হয় আৰু ৭৬ ৰানত ৬ টা উইকেট হেৰুৱাই দলটো সংকটত পৰে । অৱশেষত ১৪০ ৰানতে ৱেষ্ট ইণ্ডিজ অল-আউট হয় আৰু ভাৰতে ৪৩ ৰানৰ এক অবিশ্বাস্য ঐতিহাসিক বিজয় সাব্যস্ত কৰে ।

মেন অব দ্য মেচ মহিন্দৰ অমৰনাথ

ফাইনেল খেলখনত মহিন্দৰ অমৰনাথে অলৰাউণ্ড প্ৰদৰ্শনেৰে দলৰ বিজয়ত মুখ্য ভূমিকা পালন কৰে । তেওঁ বেটেৰে ২৬ ৰান সংগ্ৰহ কৰাৰ লগতে বলিং কৰি মাত্ৰ ১২ ৰান দি ৩ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে । মাইকেল হোল্ডিংৰ অন্তিমটো উইকেট লৈ অমৰনাথে ভাৰতক বিশ্ব চেম্পিয়নৰ মৰ্যাদা দিয়াইছিল । তেওঁক ফাইনেলৰ ‘মেন অব দ্য মেচ’ ঘোষণা কৰা হয় । লৰ্ডছৰ বেলকনিত অধিনায়ক কপিল দেৱে জিলিকি থকা বিশ্বকাপৰ ট্ৰফীটো দাঙি ধৰা দৃশ্যটো আজিও প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে আটাইতকৈ গৌৰৱৰ মুহূৰ্ত ।

বিশ্বকাপত ভাৰত

১৯৭৫ চনৰ পৰা আৰম্ভ কৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা এদিনীয়া বিশ্বকাপত ভাৰতে বৰ্তমানলৈকে দুবাৰকৈ খিতাপ জয় কৰিছে (১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত এম এছ ধোনীৰ নেতৃত্বত)। ইয়াৰ উপৰিও ২০২৩ চনৰ শেহতীয়া বিশ্বকাপত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰত ৰানাৰ্ছ আপ হৈছিল ।

১৯৮৩ চনৰ এদিনীয়া বিশ্বকাপ ফাইনেলৰ চমু স্ক’ৰকাৰ্ড :

ভাৰত : ৫৪.৪ অভাৰত ১৮৩/১০ (কৃষ্ণমাচাৰী শ্ৰীকান্ত ৩৮, সন্দীপ পাটিল ২৭; এণ্ডি ৰবাৰ্টছ ৩/৩২)

ৱেষ্ট ইণ্ডিজ: ৫২ অভাৰত ১৪০/১০ (ভিভ ৰিচাৰ্ডছ ৩৩, জেফ ডুজন ২৫; মহিন্দৰ অমৰনাথ ৩/১২)

ফলাফল: ভাৰত ৪৩ ৰানত বিজয়ী ।

লগতে পঢ়ক : সম্পূৰ্ণ হ’ল তপস্যা; পদ্মশ্ৰী বঁটাৰে সন্মানিত ৰোহিত শৰ্মা

ৰোহিত-বিৰাটৰ সন্মুখত অগ্নিপৰীক্ষা! ইংলেণ্ড ভ্ৰমণেই নিৰ্ধাৰণ কৰিব ২০২৭ বিশ্বকাপৰ ভৱিষ্যত ?

এই শৃংখলাটো কেৱল তিনিখন মেচৰ নহয়, বৰঞ্চ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ দিশে আগবঢ়া যাত্ৰাৰ প্ৰথমটো ডাঙৰ পৰীক্ষা হিচাপে বিবেচিত হৈছে

বিৰাট কোহলী আৰু ৰোহিত শৰ্মা- ভাৰতীয় ক্ৰিকেটৰ এনে দুটা নাম, যিয়ে বিগত এটা দশকতকৈও অধিক সময় ধৰি টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছে । দুয়োজনে মিলি ভাৰতক বিশ্বকাপ জিকাইছে, কেইবাটাও অভিলেখ ভাঙিছে আৰু হেৰুৱা মেচতো জয় আনি দিছে । কিন্তু ক্ৰিকেট জগতৰ আটাইতকৈ ডাঙৰ সত্যটো এইটোৱেই যে ইয়াত অতীত নহয়, বৰ্তমানৰ প্ৰদৰ্শনহে চলে । অহা মাহত ইংলেণ্ডৰ মাটিত হ’বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাটোৱে এই দুজন মহান বেটছমেনৰ ভৱিষ্যতৰ ওপৰত এক ডাঙৰ প্ৰভাৱ পেলাব পাৰে ।

এই শৃংখলাটো কেৱল তিনিখন মেচৰ নহয়, বৰঞ্চ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ দিশে আগবঢ়া যাত্ৰাৰ প্ৰথমটো ডাঙৰ বিদেশী পৰীক্ষা হিচাপে বিবেচিত হৈছে ।

অষ্ট্ৰেলিয়া ভ্ৰমণ আৰু অতীতৰ শিক্ষা

যোৱা বছৰৰ অক্টোবৰ মাহত শুভমন গীলৰ অধিনায়কত্বত ভাৰতীয় দলে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল, য’ত দলে ২-১ ব্যৱধানত শৃংখলা হেৰুৱাইছিল । সেই ভ্ৰমণত বিৰাট কোহলীয়ে প্ৰথম দুয়োখন মেচতে শূন্য ৰানতে উইকেট হেৰুৱাইছিল । অৱশ্যে চিডনীত ৭৪ ৰানৰ ইনিংছ খেলি তেওঁ সমালোচকসকলক উপযুক্ত প্ৰত্যুত্তৰ দিছিল । আনহাতে, ৰোহিত শৰ্মাই ৮, ৭৩ আৰু অপৰাজিত ১২১ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল যদিও দলে শৃংখলা ৰক্ষা কৰিব পৰা নাছিল ।

বিদেশী পিচৰ প্ৰত্যাহ্বান: ঘৰৰ মাটিত স্বৰ্গ, বিদেশত অগ্নিপৰীক্ষা

ভাৰতৰ এদিনীয়া ক্ৰিকেটৰ পিচসমূহ বেটছমেনৰ বাবে স্বৰ্গ সদৃশ । সৰু বাউণ্ডৰী, উইকেট আৰু দ্ৰুত আউটফিল্ডৰ বাবে ইয়াত ৰান কৰাটো সহজ । কিন্তু ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ডৰ ছবিখন একেবাৰে সুকীয়া । তাত বল বতাহ আৰু পিচ দুয়োটাৰে পৰা ছুইং আৰু বাউন্স পোৱা যায় ।

অষ্ট্ৰেলিয়াত কোহলীৰ প্ৰাৰম্ভিক ব্যৰ্থতাৰ পিছত ছচিয়েল মিডিয়াৰ পৰা টিভি ষ্টুডিঅ’লৈকে তেওঁৰ কেৰিয়াৰক লৈ প্ৰশ্ন উত্থাপন হৈছিল । কিন্তু মহান খেলুৱৈসকলে কঠিন পৰিস্থিতিতে নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে । কোহলী আৰু ৰোহিতে ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ৰান কৰি বিতৰ্কৰ অন্ত পেলাইছিল, কিন্তু আচল পৰীক্ষা সদায় বিদেশৰ মাটিতেই হয় ।

২০২৭ ৱৰ্ল্ড কাপৰ পথ আৰু টিম মেনেজমেণ্টৰ স্থিতি

শেহতীয়া মাহবোৰত বিৰাট কোহলীৰ এটা সাক্ষাৎকাৰে যথেষ্ট চৰ্চা লাভ কৰিছিল । তেওঁৰ ভাষ্যৰ পৰা ইংগিত পোৱা গৈছিল যে টিম মেনেজমেণ্ট আৰু ক্ৰিকেট ব্যৱস্থাটোৰ ভিতৰত তেওঁৰ ভৱিষ্যতকৈ লৈ সকলোৱে একমত নহয় । এনে পৰিৱেশত যিকোনো ক্ৰিকেটাৰৰ বাবে আটাইতকৈ ডাঙৰ অস্ত্ৰ হ’ল তেওঁৰ ‘প্ৰদৰ্শন’। কাৰণ ৰানতকৈ ডাঙৰ কোনো যুক্তি হ’ব নোৱাৰে ।

ভাৰতে এই বছৰ ঘৰৰ মাটিত ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা আৰু জিম্বাবুৱেৰ দৰে দলৰ বিৰুদ্ধে খেলিব । তাত ৰোহিত-বিৰাটৰ বেটৰ পৰা ৰান অহাটো প্ৰায় নিশ্চিত । কিন্তু নিৰ্বাচক আৰু সমালোচকৰ চকু থাকিব কেৱল ইংলেণ্ড, নিউজীলেণ্ড বা দক্ষিণ আফ্ৰিকাৰ দৰে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ ইনিংছসমূহৰ ওপৰতহে ।

ভাৰত বনাম ইংলেণ্ড এদিনীয়া শৃংখলাৰ সূচী

অহা মাহৰ এই মেচকেইখন কোনো সাধাৰণ দ্বিপাক্ষিক শৃংখলা নহয়, বৰঞ্চ ৰোহিত আৰু বিৰাটৰ বাবে এক গুৰুত্বপূৰ্ণ অগ্নিপৰীক্ষা । খেলৰ সূচী অনুসৰি- প্ৰথম এদিনীয়া ১৪ জুলাইত বাৰ্মিংহামত, দ্বিতীয় এদিনীয়া ১৬ জুলাইত কাৰ্ডিফত, তৃতীয় এদিনীয়া ১৯ জুলাইত লৰ্ডছত অনুষ্ঠিত হ’ব ।

যদি ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ইংলেণ্ডৰ মাটিত চমক দেখুৱাই ভাৰতক শৃংখলা জিকাব পাৰে, তেন্তে ২০২৭ চনৰ ৱৰ্ল্ড কাপলৈকে তেওঁলোকৰ পথ বহুখিনি সহজ হৈ পৰিব । কিয়নো মহান খেলুৱৈসকলৰ কেৰিয়াৰত কিছুমান শৃংখলা ট্ৰফীতকৈও বহু ডাঙৰ হৈ পৰে ।

লগতে পঢ়ক : টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনক লৈ মৌনতা ভংগ বিৰাট কোহলীৰ

আফ্ৰিকা মহাদেশত ক্ৰিকেট জ্বৰঃ কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব ২০২৭ৰ এদিনীয়া বিশ্বকাপ ?

বিশ্বৰ কোটি কোটি ক্ৰিকেট প্ৰেমীৰ বাবে এক ডাঙৰ খবৰ । ২০২৭ত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ক্ৰিকেট বিশ্বকাপক লৈ প্ৰকাশ পাইছে বিশেষ খবৰ ।

ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এটা ডাঙৰ খবৰ । আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) ২০২৭ চনৰ পুৰুষ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ বাবে প্ৰস্তাৱিত সময়সূচী অনুমোদন জনাইছে । ক্ৰিকইনফোৰ এক প্ৰতিবেদন অনুসৰি, এই মেগা টুৰ্ণামেণ্টখন অহা বছৰ অৰ্থাৎ ২০২৭ চনৰ ৪ অক্টোবৰৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব । যোৱা মে’ মাহত আহমেদাবাদত অনুষ্ঠিত আইচিচি ব’ৰ্ডৰ বৈঠকত এই তাৰিখসমূহৰ ওপৰত সন্মতি প্ৰকাশ কৰা হৈছিল । অৱশ্যে অহা জুলাই মাহত এডিনবাৰ্গত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ বাৰ্ষিক সাধাৰণ সভাত ইয়াত আনুষ্ঠানিকভাৱে চূড়ান্ত মোহৰ মৰা হ’ব ।

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব সৰ্বাধিক মেচ

এইবাৰ বিশ্বকাপৰ ক্ৰিকেট জ্বৰ আফ্ৰিকা মহাদেশত দেখিবলৈ পোৱা যাব । টুৰ্ণামেণ্টখনৰ মুঠ ৫৪ খন মেচৰ ভিতৰত সৰ্বাধিক, অন্ততঃ ৪১ খন মেচ দক্ষিণ আফ্ৰিকাৰ আঠটা বিশ্বমানৰ ষ্টেডিয়ামত খেলা হ’ব । আনহাতে, জিম্বাবুৱে ৮ ৰ পৰা ১০ খন মেচ আয়োজন কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে চুবুৰীয়া দেশ নামিবিয়াত ৩ খন মেচ অনুষ্ঠিত হ’ব ।

এইবাৰ জিম্বাবুৱেৰ ৩ টা স্থানত মেচ অনুষ্ঠিত হ’ব । পৰম্পৰাগত হৰাৰে স্পৰ্টছ ক্লাব আৰু কুইন্স স্পৰ্টছ ক্লাবৰ (বুলাৱায়ো) উপৰি বিখ্যাত পৰ্যটনস্থলী ভিক্টোৰিয়া ফলছকো আয়োজকৰ দায়িত্ব দিয়া হৈছে । ভিক্টোৰিয়া ফলছত নতুনকৈ নিৰ্মাণ কৰি থকা ‘ফালে মোচি-অ’-টুন্যা ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম’ৰ কাম এই বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ।

২৪ বছৰৰ পাছত আফ্ৰিকাত এদিনীয়া বিশ্বকাপ

২০০৩ চনৰ ঐতিহাসিক বিশ্বকাপৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে আফ্ৰিকাৰ মাটিত পুৰুষৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’বলৈ গৈ আছে, যাৰ বাবে সমগ্ৰ আফ্ৰিকাতে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । অৱশ্যে ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই ২০০৭ চনৰ প্ৰথমখন টি-২০ বিশ্বকাপ, ২০০৯ চনৰ চেম্পিয়ন্স ট্ৰফী আৰু ২০২৩ চনৰ মহিলা টি-২০ বিশ্বকাপ সফলতাৰে আয়োজন কৰি নিজৰ দক্ষতা প্ৰমাণ কৰিছে ।

১৪ টা দলেৰে নতুন ফৰ্মেটত প্ৰত্যাৱৰ্তন

২০২৭ চনৰ বিশ্বকাপত পুনৰ পুৰণি ৰোমাঞ্চ ঘূৰি আহিব, কাৰণ এইবাৰ ১০ টাৰ পৰিৱৰ্তে মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰিব । উল্লেখ্য যে বিগত ২০১৯ আৰু ২০২৩ চনৰ বিশ্বকাপত মাত্ৰ ১০ টাকৈ দলেহে অংশ লৈছিল ।

টুৰ্ণামেণ্টৰ ফৰ্মেট বা আৰ্হি হ’ব এনেধৰণৰ :

-১৪ টা দলক দুটা গ্ৰুপত (Group A আৰু Group B) বিভক্ত কৰা হ’ব ।

-প্ৰতিটো গ্ৰুপত ৭ টাকৈ দল থাকিব ।

-দুয়োটা গ্ৰুপৰ শীৰ্ষ তিনিটাকৈ দল (মুঠ ৬ টা দল) ‘ছুপাৰ ছিক্স’ পৰ্যায়লৈ উন্নীত হ’ব ।

-ইয়াৰ পিছত শীৰ্ষ দলসমূহৰ মাজত নকআউট (ছেমি ফাইনেল আৰু ফাইনেল) মেচসমূহ খেলা হ’ব ।

নামিবিয়াই খেলিব লাগিব কোৱালিফায়াৰ

আইচিচিৰ নিয়ম অনুসৰি, পূৰ্ণ পৰ্যায়ৰ সদস্য আৰু আয়োজক দেশ হোৱাৰ বাবে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেই বিশ্বকাপলৈ পোনপটীয়াকৈ প্ৰৱেশাধিকাৰ লাভ কৰিব । কিন্তু সহ-আয়োজক হ’লেও নামিবিয়াই পোনপটীয়া সুযোগ নাপাব, তেওঁলোকে যোগ্যতা অৰ্জনকাৰী বা অৰ্হতা অৰ্জন প্ৰক্ৰিয়াৰ মাজেৰেহে বিশ্বকাপৰ মূল পৰ্বত স্থান সুৰক্ষিত কৰিব লাগিব ।

লগতে পঢ়ক : খেলপথাৰ এৰি এতিয়া চিকিৎসালয়ত ৰিয়ান পৰাগ; সামাজিক মাধ্যমত আবেগিক পোষ্ট

ইংলেণ্ডক ধূলিসাৎ কৰি ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়ন ভাৰত, বৈভৱৰ বেটিং পৰাক্ৰম

ষষ্ঠবাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খিতাপ জয় কৰিছে ভাৰতীয় দলে । বৈভৱ সূৰ্যবংশীৰ ১৭৫ ৰান আৰু বলাৰৰ বলিং বিক্ৰমৰ সহায়ত ভাৰতীয় দলে এই ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ত ইংলেণ্ডক ধূলিসাৎ কৰি ৰাজকীয় জয় সাব্যস্ত কৰিছে ভাৰতীয় দলে । শুকুৰবাৰে অনুষ্ঠিত হোৱা ফাইনেলত টিম ইণ্ডিয়াই ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰে । উল্লেখ্য যে, ষষ্ঠবাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খিতাপ জয় কৰিছে ভাৰতীয় দলে । বৈভৱ সূৰ্যবংশীৰ ১৭৫ ৰান আৰু বলাৰৰ বলিং বিক্ৰমৰ সহায়ত ভাৰতীয় দলে এই ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । ইংলেণ্ডে ২৮ বছৰীয়া খিতাপৰ শূণ্যতাৰ অন্ত পেলোৱাৰ সুযোগ পাইছিল যদিও ইংৰাজ দলটোৱে ভাৰতীয় প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল ।

জিম্বাবুৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি ৪১১ ৰান সংগ্ৰহ কৰে । ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত এইটোৱেই আছিল সৰ্বাধিক মুঠ স্ক’ৰ । ক্ৰিকেট বিস্ময় বৈভৱ সূৰ্যবংশীয়ে ৮০টা বলত ১৭৫ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই বিস্ফোৰক ইনিংছত ১৫টা চাৰি আৰু ১৫টা ছয় আছিল । অৱশ্যে ইয়াৰ প্ৰত্যুত্ৰত ইংলেণ্ডে মাত্ৰ ৩১১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।

ইংলেণ্ডে ১৭৭ ৰানতে ৭টা উইকেট হেৰুৱাইছিল যদিও কেলেব ফকনাৰে শতকৰে ইংলেণ্ডক জয়ৰ সোৱাদ দিবলৈ সাহসী প্ৰচেষ্টা চলাইছিল । ৬৭ বলত ১১৫ ৰানৰ উজ্জ্বল ইনিংছ খেলিলেও ইংলেণ্ডক পৰাজয়ৰ পৰা ৰক্ষা কৰাত ব্যৰ্থ হয় তেওঁ ।

ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ চনত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত জয়লাভ কৰিছিল । এয়া ভাৰতৰ একেৰাহে ষষ্ঠবাৰৰ বাবে ফাইনেল আৰু সামগ্ৰিকভাৱে দশমখন মেচ আছিল । আনহাতে ইংলেণ্ডে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত মাত্ৰ এবাৰহে জয়লাভ কৰিছে । ১৯৯৮ চনৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰিছিল দলটোৱে খিতাপ কৰিছিল ।

ফাইনেলত ভাৰতৰ মূল একাদশ :

বৈভৱ সূৰ্যবংশী, এৰন জৰ্জ, আয়ুষ মাহাত্ৰে (অধিনায়ক), বিহান মালহোত্ৰা, বেদান্ত ত্ৰিবেদী, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ), আৰ এছ আম্ব্ৰিছ, কনিষ্ক চৌহান, খিলান পেটেল, হেনিল পেটেল আৰু দীপেশ দেৱেন্দ্ৰন ।

লগতে পঢ়ক : আৰম্ভ হ’ল কাউণ্ট-ডাউন: বিশ্ব ক্ৰিকেটৰ মহা-উৎসৱৰ বাবে সাজু অনুৰাগী

বিশ্ব চেম্পিয়ন ৩ মহিলা ক্ৰিকেটাৰলৈ ৰে’লৱেৰ বিশেষ উপহাৰ; লাভ কৰিব এইসমূহ সুবিধা

৩ মহিলা ক্ৰিকেটাৰক ৰে’লৱেৰ বিশেষ উপহাৰ

আই চি চি মহিলা এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ হিচাপে থকা তিনিগৰাকী ক্ৰিকেটাৰ প্ৰতীকা ৰাৱাল, স্নেহ ৰানা আৰু ৰেনুকা সিং ঠাকুৰক ভাৰতীয় ৰে’লৱেই বিশেষ কৰ্তব্যৰত বিষয়া (অ’ এছ ডি-স্প’ৰ্টছ) হিচাপে নিযুক্তি দিছে । এই তিনিগৰাকী খেলুৱৈয়ে এতিয়া গ্ৰুপ বি গেজেটেড অফিচাৰৰ সমতুল্য দৰমহা আৰু সুবিধা লাভ কৰিব । ৰে’লৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ এই পদক্ষেপে মহিলা ক্ৰিকেটাৰসকলক কেৱল আৰ্থিক সুৰক্ষা প্ৰদান কৰাই নহয় প্ৰশাসনিক দায়িত্বও অৰ্পণ কৰিব ।

উল্লেখ্য যে এইবাৰ ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনত মহিলা ক্ৰিকেট বিশ্বকাপৰ আয়োজন কৰা হৈছিল । ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ চূড়ান্ত খেলখন ২ নৱেম্বৰত অনুষ্ঠিত হৈছিল । য’ত হৰমনপ্ৰীতৰ অধিনায়কত্বত ভাৰতীয় মহিলা দলে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰে । উল্লেখ্য যে, এই জয়েৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল বিশ্ব চেম্পিয়ন হয় ।

ভাৰতৰ ৩ গৰাকী খেলুৱৈক ৰে’লৱেই পদ প্ৰদান কৰিছে । বিশ্বকাপত তেওঁলোৰ প্ৰদৰ্শন উচ্চমানৰ তথা শক্তিশালী আছিল । অৱশ্যে ছেমি ফাইনেলৰ ঠিক পূর্বে প্রতীকা ৰাৱালে আঘাত পাইছিল, যাৰ বাবে তেওঁ প্রতিযোগিতাৰ পৰা আঁতৰি আছিল আৰু তেওঁৰ ঠাইত শ্বেফালী বাৰ্মাই সুযোগ লাভ কৰিছিল । কিন্তু গ্ৰুপ পৰ্যায়ৰ মেচত প্ৰতীকাই বহু স্মৰণীয় ইনিংছ খেলিছিল ।

একে সময়তে স্নেহ ৰানাক এই বিশ্বকাপত বলিং অলৰাউণ্ডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । তেওঁৰ প্ৰদৰ্শনো অতিশয় শক্তিশালী আছিল । কিন্তু ২৩ অক্টোবৰত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পাছত তেওঁ কোনো সুযোগ পোৱা নাছিল ।

কিন্তু ৰেণুকা সিঙৰ কথা ক’বলৈ গ’লে ভাৰতীয় বলিঙৰ গৌৰৱ আছিল তেওঁ । সমগ্ৰ বিশ্বকাপত তেওঁ চমৎকাৰ বলিং কৰিছিল । আনকি ফাইনেলতো ৰেনুকা সিঙে ৮ অভাৰত মাত্ৰ ২৮ ৰান খৰচ কৰি দক্ষিণ আফ্ৰিকাৰ বেটছমেনক বান্ধি ৰাখিছিল ।

লগতে পঢ়ক : টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাৰ উৰাবাতৰিক লৈ মুখ খুলিলে বিৰাট কোহলীয়ে

চিনেমা যেন লগা এক কাহিনী… ভাৰতীয় মহিলা দলৰ বিশ্ব জয়ৰ পাছত চৰ্চিত আমোল মজুমদাৰ

সৰ্বত্ৰে চৰ্চিত আমোল মজুমদাৰ

প্ৰায় পাঁচ দশকৰ অপেক্ষাৰ অন্তত যেতিয়া ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে, তেতিয়া খেলুৱৈ আৰু সমগ্ৰ দেশ উল্লাসত ফাটি পৰে । ইয়াৰ মাজতে খেলপথাৰত থিয় হৈ থকা এজন ব্যক্তিৰ চকুত চকুলো, মুখত হাঁহি আৰু সন্তুষ্টিৰ অনুভূতি, যেন এই জয়ে বহু পুৰণি ঘাঁ শুকুৱাই । এইজন আছিল ভাৰতীয় মহিলা দলৰ প্ৰশিক্ষক আমোল মজুমদাৰ । ঘৰুৱা ক্ৰিকেটত ২০টা ছিজন আৰু প্ৰথম শ্ৰেণীৰ ১১ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰাৰ পিছতো তেওঁৰ ভাৰতীয় জাৰ্চি পিন্ধাৰ সপোন পূৰণ নহ’ল । খেলুৱৈ হিচাপে তেওঁ বহুবাৰ উপেক্ষিত হৈছিল । বহু আক্ষেপ আছিল তেওঁৰ, কিন্তু এই জয়ে তেওঁৰ যাত্ৰা সম্পূৰ্ণ কৰি তোলে ।

বিজয়ৰ পাছত অধিনায়ক হৰমনপ্ৰীত কৌৰে ‘গুৰু’ আমোল মজুমদাৰৰ ভৰি স্পৰ্শ কৰি সাৱটি ধৰি কান্দি উঠে । এই সময়ত টেলিভিছনত বিজয় উদযাপন চাই থকা প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ চকুও চকুলোৰে ভৰি পৰে । চলিত মাহত ৫১ সংখ্যক জন্মদিন উদযাপন কৰিবলৈ ওলোৱা আমোল মজুমদাৰৰ কাহিনীয়ে শ্বাহৰুখ খানৰ ছবি ‘চক দে ইণ্ডিয়া’ৰ হকী প্ৰশিক্ষক কবীৰ খানৰ কথা মনত পেলাই দিয়ে, যিয়ে প্ৰতিটো জল্পনা-কল্পনা ভুল প্ৰমাণ কৰি দলটোৰ বাবে বিশ্বকাপ জয় কৰে আৰু এই জয়েও তেওঁৰ অতীতৰ বহু ঘাঁ শুকুৱাই ।

জয়ৰ পিছত উদযাপনৰ মাজতে তেওঁৰ ভিতৰৰ আৱেগৰ ধুমুহাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । তেওঁৰ মুখত এক গভীৰ প্ৰশান্তি স্পষ্টকৈ দেখা যায় । ফাইনেলত জয়ৰ পিছত আমোল মজুমদাৰে কয় যে, “মই তেওঁলোকক (ভাৰতীয় খেলুৱৈসকলক) কৈছিলো যে আমি পৰাস্ত হোৱা নাই । আমি মাত্ৰ সেই বাধা হেৰুৱাইছো । আমি সেই তিনিখন মেচত (লীগ পৰ্যায়ত দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে) অতি প্ৰতিযোগিতামূলক আছিলো আৰু তেওঁলোক সকলোৰে অতি নিকটত আছিলো ।”

দুবছৰ পূৰ্বে দলটোৰ প্ৰশিক্ষক হোৱা মজুমদাৰৰ দৃষ্টি সদায় এই বিশ্বকাপৰ ওপৰত আছিল যদিও সেই সময়ত সেয়া অসম্ভৱ যেন লাগিছিল কাৰণ ভাৰতীয় মহিলা ক্ৰিকেটে এক কঠিন সময় পাৰ কৰিছিল । খেলুৱৈসকলৰ মাজত প্ৰতিভাৰ অভাৱ নাছিল যদিও ফলাফলৰ অভাৱ আছিল । বিগত পাঁচ বছৰত ৰমেশ পাৱাৰ, ডব্লিউ.ভি. ৰমন আৰু তাৰ পিছত পাৱাৰ পুনৰ প্ৰশিক্ষক হয় । ৰমনৰ কাৰ্যকালত ভাৰতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ২০২০ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ইয়াৰ বাহিৰে বিশ্বব্যাপী প্ৰতিযোগিতাসমূহত বিফলতাৰ সন্মুখীন হয় দলটো ।

মজুমদাৰ অহাৰ পূৰ্বে প্ৰায় দহ মাহ ধৰি ভাৰতীয় দলৰ পূৰ্ণকালীন প্ৰশিক্ষক নাছিল । প্ৰথমে তেওঁ নিজৰ দলৰ আস্থা অৰ্জন কৰিছিল । তেওঁ সকলো খেলুৱৈৰ সৈতে স্পষ্টভাৱে যোগাযোগ কৰিছিল । ভাল প্ৰদৰ্শনৰ বাবে তেওঁলোকক প্ৰশংসা কৰিছিল আৰু কঠিন সময়ত তেওঁলোকৰ কাষত থিয় দিছিল । সমালোচনাৰ মাজত তেওঁ নিজৰ খেলুৱৈসকলৰ বাবে ঢাল হিচাপে থিয় দিছিল আৰু ইয়াৰ দ্বাৰা বিশ্বাসৰ সম্পৰ্কৰ ভেটি স্থাপন হৈছিল যি বিশ্বকাপ ট্ৰফীৰ ৰূপত “গুৰুদক্ষিনা” আছিল ।

আমোল মজুমদাৰে এগৰাকী খেলুৱৈ হিচাপেও নিজৰ যোগ্যতা প্ৰমাণ কৰিছিল । নব্বৈৰ দশকত ইংলেণ্ড ভ্ৰমণত ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ সহ-অধিনায়ক হিচাপে তেওঁক “নতুন টেণ্ডুলকাৰ” বুলি অভিহিত কৰা হৈছিল । টেণ্ডুলকাৰৰ দৰেই শাৰদাশ্ৰম স্কুলৰ ৰমাকান্ত আশ্ৰেকাৰৰ ছাত্ৰ মজুমদাৰেও ১৯৯৪-৯৫ চনত ৰাহুল দ্ৰাবিড় আৰু সৌৰভ গাংগুলীৰ সৈতে ইণ্ডিয়া এ-ৰ হৈ খেলিছিল । কিন্তু ভাৰতৰ হৈ খেলাৰ সপোন পূৰণ নহ’ল তেওঁৰ । কিন্তু সমসাময়িক তেণ্ডুলকাৰ, দ্ৰাবিড়, গাংগুলী ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি হৈ পৰিল ।

মুম্বাই দলৰ এগৰাকী কিংবদন্তি আমোল মজুমদাৰে পৰৱৰ্তী সময়ত অসম আৰু অন্ধ্ৰৰ হৈ খেলিছিল । ১৯৯৩-৯৪ চনৰ ৰঞ্জি ট্ৰফী ছিজনত মুম্বাইৰ হৈ অভিষেক ঘটোৱা মজুমদাৰে হাৰিয়ানাৰ বিৰুদ্ধে ২৬০ ৰান সংগ্ৰহ কৰিছিল, যিটো প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেকৰ সৰ্বাধিক ইনিংছৰ বিশ্ব অভিলেখ । এই অভিলেখ পিছত ২০১৮ চনত অজয় ​​ৰোহেৰাই ভংগ কৰিছিল ।

মুম্বাই দলৰ মুখ্য প্ৰশিক্ষক মজুমদাৰে ভাৰত ভ্ৰমণৰ সময়ত ৰাজস্থান ৰয়েলছ, ভাৰতৰ ১৯ আৰু ২৩ বছৰ অনুৰ্ধ দল, নেদাৰলেণ্ড ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে কাম কৰি আহিছে ।

বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে প্ৰশিক্ষক কবীৰ খানে বিখ্যাত “৭০ মিনিটৰ” ভাষণ দিয়াৰ বিপৰীতে মজুমদাৰে কেৱল নিজৰ খেলুৱৈসকলক কয় যে ইতিহাস ৰচনা কৰিবলৈ আৰু মাত্ৰ এক ৰানহে অধিক কৰিব লাগিব । দলটোৰ প্ৰতি তেওঁৰ আত্মবিশ্বাস ইমানেই শক্তিশালী আছিল যে গ্ৰুপ পৰ্যায়ত একেৰাহে তিনিবাৰ পৰাজয়ৰ পিছতো তেওঁ কোনো খেলুৱৈক দোষাৰোপ কৰা নাছিল । তেওঁ ধাৰাবাহিকভাৱে কৈছিল যে প্ৰতিযোগিতাখন দীঘলীয়া আৰু দলটোৱে আশা কৰা ধৰণে কাম কৰিব । তেওঁৰ ১৫ গৰাকী সাহসী খেলুৱৈয়ে নিজৰ প্ৰশিক্ষকৰ প্ৰতিটো আত্মবিশ্বাস সঠিক বুলি প্ৰমাণ কৰিলে ।

লগতে পঢ়ক : বিজয়ৰ আনন্দৰ মাজতে সামাজিক মাধ্যমত হৰমনপ্ৰীত কৌৰৰ বিশেষ পোষ্ট

বিজয়ৰ আনন্দৰ মাজতে সামাজিক মাধ্যমত হৰমনপ্ৰীত কৌৰৰ বিশেষ পোষ্ট

সামাজিক মাধ্যমত হৰমনপ্ৰীত কৌৰৰ বিশেষ পোষ্ট

ক্ৰিকেটক সাধাৰণতে পুৰুষৰ খেল বুলি গণ্য কৰা হয়, কিন্তু সেই ধাৰণা এতিয়া সলনি হ’ব । কাৰণ ভাৰতীয় মহিলা ক্ৰিকেট দলে এনেকুৱা এক সাফল্য অৰ্জন কৰিছে যিটো কোনেও আশা কৰা নাছিল । হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলটোৱে ২০২৫ চনৰ এদিনীয়া বিশ্বকাপত জয়লাভ কৰি ইতিহাস ৰচনা কৰে । দেওবাৰে ভাৰতে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰে । এই জয়ৰ লগে লগে মহিলা ক্ৰিকেটৰ নতুন বিশ্ব চেম্পিয়ন হ’ল ভাৰত ।

খিতাপ জয়ৰ পিছত ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ প্ৰথম পুৱা বিশ্ব চেম্পিয়ন হিচাপে আৰম্ভ হয় । মহিলাৰ এদিনীয়া বিশ্বকাপৰ ট্ৰফীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি মহিলাৰ ক্ৰিকেট খেলত আপত্তি কৰাসকলক উদ্দেশ্যি এক বিশেষ বাৰ্তা দিয়ে তেওঁ । হৰমনপ্ৰীত কৌৰে লিখিছে, “কিছুমান সপোন কোটি কোটি লোকৰ লগত একেলগে দেখা যায়, গতিকে ক্ৰিকেট কেৱল পুৰুষৰ খেল নহয়, ই সকলোৰে খেল ।”

৫২ বছৰৰ পাছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে-

ভাৰতীয় মহিলা দলটোৱে ইতিহাস ৰচনা কৰিছে । মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে হৰমনপ্ৰীত বাহিনীয়ে । টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৭ উইকেটত ২৯৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই ২৪৬ ৰানত বল আউট হয় ।

পাঁচটা উইকেট দখল কৰি মেচখন ভাৰতৰ পক্ষত ৰাখে দীপ্তী শৰ্মাই । দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এল উলভাৰ্ডৰ ১০১ ৰানৰ ইনিংছ অথলে যায় । মহিলাৰ এদিনীয়া বিশ্বকাপৰ ৫২ বছৰীয়া ইতিহাসত এয়া ভাৰতৰ প্ৰথমটো এদিনীয়া বিশ্বকাপ খিতাপ । ১৯৭৩ চনত প্ৰথম মহিলা এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হৈছিল । দীপ্তিৰ উপৰিও এই খেলখনত শ্বেফালী বাৰ্মাইও শক্তিশালী প্ৰদৰ্শন আগবঢ়াই । তেওঁ ৮৭ ৰান সংগ্ৰহ কৰাৰ উপৰি দুটা উইকেটো দখল কৰে । খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় শ্বেফালী ।

লগতে পঢ়ক : চেম্পিয়ন হৰমনপ্ৰীত ব্ৰিগেডক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

চেম্পিয়ন হৰমনপ্ৰীত ব্ৰিগেডক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰতীয় মহিলা ক্ৰিকেট দলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে

ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে আই চি চি এদিনীয়া মহিলা বিশ্বকাপৰ খিতাপ দখল কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে । ২ নৱেম্বৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত হোৱা আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে ঐতিহাসিক প্ৰদৰ্শন আগবঢ়ায় । এই মেচত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি খিতাপ দখল কৰে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে । এয়া ভাৰতীয় মহিলা দলৰ প্ৰথমটো বিশ্বকাপ জয় ।

এই ঐতিহাসিক জয়ৰ পিছতে টিম ইণ্ডিয়াৰ খেলুৱৈসকলক প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব । বুধবাৰে (৫ নৱেম্বৰ) দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা দলটোক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এই সাক্ষাৎ দলটোৰ উল্লেখযোগ্য কৃতিত্বক উদযাপন কৰাই নহয় ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এক নতুন যুগৰ আৰম্ভণি বুলিও বিবেচিত হৈছে ।

উল্লেখ্য যে এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব আৰু তেওঁলোকৰ অভিজ্ঞতা শুনিব । প্ৰধানমন্ত্ৰীৰ সৈতে এই বৈঠক মহিলা খেলুৱৈসকলৰ বাবে এক স্মৰণীয় মুহূৰ্ত হিচাপে প্ৰমাণিত হ’ব, যাৰ অসাধাৰণ প্ৰদৰ্শনে সমগ্ৰ ৰাষ্ট্ৰক গৈৰাৱান্বিত কৰি তুলিছে । ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চেম্পিয়ন মহিলা দলটোৰ বাবে ৫১ কোটিৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক বিজয়ৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স একাউণ্টত বিশেষ টুইট কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে, “আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে জয় লাভ কৰিছে । সমগ্ৰ প্ৰতিযোগিতাখনত খেলুৱৈসকলে উৎকৃষ্ট দক্ষতা, আত্মবিশ্বাস আৰু টীম ৱৰ্ক প্ৰদৰ্শন কৰে । এই ঐতিহাসিক জয়ে ভৱিষ্যতৰ চেম্পিয়নসকলক এই ক্ৰীড়া গ্ৰহণ কৰিবলৈ আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ অনুপ্ৰাণিত কৰিব । টিম ইণ্ডিয়ালৈ বহুত অভিনন্দন ।”

লগতে পঢ়ক : ভাৰতীয় কন্যাই ৰচিলে ইতিহাস; প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল

মহিলা ক্ৰিকেট বিশ্বকাপঃ চেম্পিয়ন দলৰ ওপৰত হ’ব টকাৰ বৰষুণ…

মহিলা ক্ৰিকেট বিশ্বকাপ

দেওবাৰে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ইতিহাস ৰচনা কৰিবলৈ মাত্ৰ এখোজ দূৰত আছে ভাৰতীয় মহিলা ক্ৰিকেট দল । ২০২৫ চনৰ মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব টিম ইণ্ডিয়া । ৩:০০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন । আধা ঘণ্টা পূৰ্বে ২:৩০ বজাত টছ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৰ্তমান বৰষুণৰ বাবে টছত অনুষ্ঠিত হোৱাত পলম হৈছে । এইবাৰ প্ৰতিযোগিতাৰ বাজী কেৱল ট্ৰফী নহয়; এই বিজয়ে ভাৰতীয় দলৰ ওপৰত পেলাব টকাৰ বৰষুণ । উল্লেখ্য যে, প্ৰায় ২৫ বছৰৰ পাছত মহিলা ক্ৰিকেট বিশ্বকাপে লাভ কৰিব নতুন চেম্পিয়ন দল ।

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে আই চি চিয়ে ঘোষণা কৰিছিল যে ২০২৫ চনৰ মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ বিজয়ী দলটোৱে এতিয়ালৈকে পোৱা সৰ্বাধিক পুৰস্কাৰৰ ধন লাভ কৰিব । এই বছৰ চেম্পিয়ন দলটোৱে ৪.৪৮ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৩৯.৫৫ লাভ কৰিব । এই পুৰস্কাৰৰ ধন পূৰ্বৰ সংস্কৰণ ২০২২ চনৰ মহিলা এদিনীয়া বিশ্বকাপতকৈ চাৰিগুণ বেছি ।

যোৱা মহিলা এদিনীয়া বিশ্বকাপ ২০২২ (নিউজীলেণ্ড)ত বিজয়ী দলটোৱে ১.৩২ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১১.৬৫ কোটি লাভ কৰিছিল । কিন্তু ২০২৫ চনৰ সংস্কৰণৰ বাবে পুৰস্কাৰৰ ধনৰ গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰা হৈছে । এইবাৰ মুঠ পুৰস্কাৰৰ ধন হ’ব ১৩.৮৮ মিলিয়ন ডলাৰ (প্ৰায় ১২২.৫ কোটি), যিটো ২০২২ চনৰ বিশ্বকাপৰ প্ৰায় তিনিগুণ (৩.৫ মিলিয়ন বা ৩১ কোটি) । উল্লেখ্য য়ে, এই পুৰস্কাৰৰ ধন ২০২৩ চনৰ পুৰুষৰ ক্ৰিকেট বিশ্বকাপতকৈও অধিক (১০ মিলিয়ন বা ৮৮.২৬ কোটি)। ২০২৩ চনৰ পুৰুষৰ এদিনীয়া বিশ্বকাপৰ বিজয়ী দল অষ্ট্ৰেলিয়াই লাভ কৰে ৩৩.৩১ কোটি টকা । ইফালে ৰানাৰ্ছ আপ ভাৰতে লাভ কৰে ১৬.৬৫ কোটি ।

-বিজয়ী দলে ৪.৪৮ মিলিয়ন ডলাৰ লাভ কৰিব ( ভাৰতীয় হিচাপত ৩৯.৫৫ কোটি)

-ৰানাৰ্ছ আপ দলে লাভ কৰিব ২.২৪ মিলিয়ন (ভাৰতীয় হিচাপত ১৯.৭৭ কোটি)

-ছেমিফাইনেলত পৰাস্ত হোৱা প্ৰত্যেক দলে লাভ কৰিব ১.১২ মিলিয়ন (ভাৰতীয় হিচাপত ৯.৮৯ কোটি)

-গ্ৰুপ পৰ্যায়ৰ বিজয়ী দলে প্ৰতিখন খেলতে লাভ কৰিব ৩৪,৩১৪ ডলাৰ (ভাৰতীয় হিচাপত ৩০.২৯ লাখ)

-৫ম আৰু ৬ৰ্থ স্থান : ০.৭ মিলিয়ন ডলাৰ (প্ৰত্যেক) (ভাৰতীয় হিচাপত ৬২ লাখ)

৭ম আৰু ৮ম স্থান : ০.২৮ মিলিয়ন ডলাৰ (প্ৰত্যেক) (ভাৰতীয় হিচাপত ২৪.৭১ লাখ)

অংশগ্ৰহণকাৰী সকলো দল : ০.২৫ মিলিয়ন (প্ৰত্যেক) (ভাৰতীয় হিচাপত ২২ লাখ)

উল্লেখ্য যে, দেওবাৰে যদি ভাৰতে হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ফাইনেলত জয়লাভ কৰে তেন্তে দেশৰ প্ৰথমটো মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰাই নহয়, পুৰুষৰ দলতকৈ অধিক পুৰস্কাৰ লাভ কৰা ইতিহাসৰ প্ৰথমটো দল হিচাপে পৰিগণিত হ’ব । অৰ্থাৎ এইবাৰ খেলপথাৰত কেৱল আবেগেই নহয়, কাপৰ লগতে কোটি টকাৰ বৰষুণো হ’ব ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কেন উইলিয়ামছনৰ