খেলপথাৰ এৰি এতিয়া চিকিৎসালয়ত ৰিয়ান পৰাগ; সামাজিক মাধ্যমত আবেগিক পোষ্ট

খেলপথাৰ এৰি এতিয়া চিকিৎসালয়ত ৰিয়ান পৰাগ; সামাজিক মাধ্যমত আবেগিক পোষ্ট

শেহতীয়াকৈ শ্ৰীলংকাত অনুষ্ঠিত হৈ থকা ৫০ অভাৰৰ ত্ৰি-দেশীয় শৃংখলাৰ বাবে ভাৰত এ দলৰ পৰা বাহিৰ হোৱা ৰিয়ান পৰাগে ইনষ্টাগ্ৰামযোগে অনুৰাগীক দিলে এক আবেগিক বাৰ্তা । ভাৰতীয় ক্ৰিকেটাৰ তথা ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ সোঁ কান্ধৰ এক গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে । এই অস্ত্ৰোপচাৰৰ পিছত

শেহতীয়াকৈ শ্ৰীলংকাত অনুষ্ঠিত হৈ থকা ৫০ অভাৰৰ ত্ৰি-দেশীয় শৃংখলাৰ বাবে ভাৰত এ দলৰ পৰা বাহিৰ হোৱা ৰিয়ান পৰাগে ইনষ্টাগ্ৰামযোগে অনুৰাগীক দিলে এক আবেগিক বাৰ্তা ।

ভাৰতীয় ক্ৰিকেটাৰ তথা ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ সোঁ কান্ধৰ এক গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে । এই অস্ত্ৰোপচাৰৰ পিছত অসম সন্তান ক্ৰিকেটাৰগৰাকীয়ে এতিয়া এক দীঘলীয়া পুনৰ্বাসন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব । অৱশ্যে তেওঁ কেতিয়ালৈ খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিব, সেই সন্দৰ্ভত কোনো নিশ্চিত সময়সীমা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত সোঁহতীয়া তাৰকা বেটছমেনগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীসকলক নিজৰ স্বাস্থ্যৰ আপডেট দিয়ে । এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰি ৰিয়ানে লিখিছে :

“অৱশেষত কান্ধৰে জয় হ’ল । যিসকলে সুধি আছিল, তেওঁলোকক জনাওঁ যে অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হৈছে । বিগত দুটা বছৰে মোক এনে কিছুমান উপায়েৰে পৰীক্ষা কৰিলে যিবোৰ মই কেতিয়াও আশা কৰা নাছিলোঁ । কিছুমান ভাল দিন আছিল, কিছুমান হতাশাজনক দিন আছিল, আৰু এনে কিছুমান দিনো আছিল যেতিয়া কেৱল এখন মেচ শেষ কৰাটোৱেই এটা ডাঙৰ প্ৰত্যাহ্বান আছিল । কিন্তু মই ইয়াক অন্য কোনো ধৰণে বিচৰা নাছিলোঁ । এতিয়া এটা ভিন্ন প্ৰত্যাহ্বান আহি পৰিছে- সুস্থ হোৱা, ৰিহেব আৰু ধৈৰ্য । মই সোনকালেই মোৰ প্ৰিয় কামটোলৈ ঘূৰি আহিম ।”

আঘাতৰ বাবে হেৰুৱালে ভাৰত ‘এ’ দলৰ সহ-অধিনায়কৰ পদ

উল্লেখ্য যে, শ্ৰীলংকাত অনুষ্ঠিত হৈ থকা ৫০ অভাৰৰ ত্ৰি-দেশীয় শৃংখলাৰ বাবে ভাৰত ‘এ’ দলত অন্তৰ্ভুক্ত কৰা হৈছিল ৰিয়ান পৰাগক । কেৱল সিমানেই নহয়, তেওঁক দলটোৰ সহ-অধিনায়কৰ গুৰু দায়িত্বও অৰ্পণ কৰা হৈছিল । কিন্তু বিধিৰ বাধা, হেমষ্ট্ৰিংৰ গুৰুতৰ আঘাতৰ বাবে তেওঁ শৃংখলাটোৰ পৰা বাদ পৰিবলগীয়া হয় আৰু তেওঁৰ স্থানত ঋতুৰাজ গাইকোৱাদক দলত অন্তৰ্ভুক্ত কৰা হয় ।

শেহতীয়াকৈ সমাপ্ত হোৱা আই পি এল ২০২৬ ৰ বৰ্ষৰ দ্বিতীয়াৰ্ধতো এই হেমষ্ট্ৰিঙৰ সমস্যাটোৱে ৰিয়ানক বাৰুকৈয়ে জৰুলা কৰিছিল । এই আঘাতৰ বাবেই তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে লীগ পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ মেচ খেলিব পৰা নাছিল । ইয়াৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ভাগ্য নিৰ্ধাৰণী মেচখনত তেওঁ সম্পূৰ্ণ সুস্থ নোহোৱাকৈয়ে খেলপথাৰত নামিছিল বুলি নিজেই প্ৰকাশ কৰে । পৰৱৰ্তী সময়ত এলিমিনেটৰ আৰু কোৱালিফায়াৰ ২ মেচতো তেওঁক উইকেটৰ মাজত দৌৰাৰ সময়ত যথেষ্ট কষ্ট পোৱা দেখা গৈছিল ।

বি চি চি আই-ৰ পৰামৰ্শ মতেই অস্ত্ৰোপচাৰৰ সিদ্ধান্ত

ক্ৰীড়া ৱেবছাইট ESPNcricinfo-ৰ এক প্ৰতিবেদন অনুসায়ী, ৰিয়ানে দীৰ্ঘদিন ধৰি বি চি চি আই-ৰ চিকিৎসা দলৰ তত্ত্বাৱধানত এই আঘাতৰ ব্যৱস্থাপনা কৰি আছিল । চিকিৎসকে তেওঁক খেলত ব্যাঘাত নোপোৱালৈকে অস্ত্ৰোপচাৰ পিছুৱাই ৰাখিব পৰা যাব বুলি পৰামৰ্শ দিছিল যদিও, ভৱিষ্যতৰ কেৰিয়াৰৰ কথা চিন্তা কৰি ৰিয়ানে চিকিৎসা কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰি অৱশেষত অস্ত্ৰোপচাৰ কৰাৰেই সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : আফগানিস্তানৰ শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ : ৰোহিত-হাৰ্দিকক বিচিচিআইৰ সেউজ সংকেত

শেহতীয়া প্ৰৱন্ধসমূহ