ৰিয়ান পৰাগৰ এই কামে জিনিলে হৃদয়; কুকুৰৰ বাবে দান কৰিলে সকলো জাৰ্চী

ৰিয়ান পৰাগৰ এই কামে জিনিলে হৃদয়

ভাৰতীয় যুৱ খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগৰ শেহতীয়া এক কামে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । প্ৰতিভাৱান এইগৰাকী খেলুৱৈৰ কামে জয় কৰিছে অনুৰাগীৰ হৃদয় । তেওঁ কুকুৰৰ বাবে দান কৰিছে নিজৰ সকলো জাৰ্চী । এই কামে ৰিয়ান পৰাগৰ জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেমৰ পৰিচয় দিছে । আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ানে ২০২৫ চনৰ আই পি এলত আৰ আৰৰ অধিনায়ক সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দলৰ বাঘজৰী দিয়া হৈছিল । কুকুৰৰ বাবে ৰিয়ানৰ এই পদক্ষেপে সকলোৰে মন জয় কৰিছে ।

আই পি এলৰ খেলৰ পৰা আৰম্ভ কৰি টিম ইণ্ডিয়াৰ হৈ পিন্ধা জাৰ্চিলৈকে সকলো জাৰ্চি দান কৰিছে ৰিয়ানে । ৰিয়ানে এই জাৰ্চিবোৰ ব্যৱহাৰ কৰি কুকুৰে জিৰণি ল’ব পৰাকৈ গাৰু আৰু বিচনা বনোৱা হ’ব । আঘাতপ্ৰাপ্ত আৰু উদ্ধাৰ কৰা কুকুৰৰ যত্ন লোৱা এন জি অ’ক ৰিয়ানে নিজৰ এই সকলো জাৰ্চি দান কৰিছে ।

ইতিমধ্যে ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছে ৰিয়ান পৰাগে । ভাৰতৰ হৈ তেওঁ এতিয়ালৈকে এখন এদিনীয়া আৰু ৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে । এই ৯খন খেলত তেওঁ ১০৬ ৰান সংগ্ৰহ কৰিছে । অৱশ্যে তেওঁ শেহতীয়া অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত হোৱা নাই । এই ভ্ৰমণত ভাৰতে তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব । অৱশ্যে এই ভ্ৰমণৰ বাবে ভাৰতৰ টি-২০ আৰু এদিনীয়া দলত অন্তৰ্ভুক্ত নহ’ল ৰিয়ান পৰাগ ।

২০১৯ চনৰ পৰা আই পি এলত খেলি থকা ৰিয়ান পৰাগে এতিয়ালৈকে এই প্ৰতিযোগিতাৰ ৮৪খন খেলত ৭২ ইনিংছত ২৬.১০ গড়ত ১৫৬৬ ৰান সংগ্ৰহ কৰিছে । আই পি এলৰ ১৮ সংখ্যক ছিজনত ১৪খন মেচত ৩২.৭৫ গড়ে ৩৯৩ ৰান সংগ্ৰহ কৰে ৰিয়ানে ।

লগতে পঢ়ক : মহিলা ক্ৰিকেট বিশ্বকাপৰ পইণ্ট টেবুলত ভাৰতৰ আধিপত্য; শলঠেকত পাকিস্তান

লক্ষ্ণৌৰ বিৰুদ্ধে পৰাজয়ৰ পিছত কাক জগৰীয়া কৰিলে অধিনায়ক ৰিয়ান পৰাগে…?

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনতো ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে । দেওবাৰে অনুষ্ঠিত হোৱা এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ৰ হাতত ২ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজস্থান ৰয়েলছ । চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ এয়া একেৰাহে চতুৰ্থটো পৰাজয় আৰু ৮খন মেচৰ পৰা দলটোৱে মাত্ৰ ৪ পইণ্টহে লাভ কৰিছে ।

জিকিব লগা মেচ হেৰুৱালে ৰাজস্থানে-

মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰাজস্থান ৰয়েলছক ১৮১ ৰানৰ লক্ষ্য দি জয়লাভ কৰে । লক্ষ্য অনুসৰণ কৰি ৰয়েলছৰ দলটোৱে এটা সময়ত দুটা উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰি অতি শক্তিশালী স্থানত আছিল যদিও আৱেশ খানৰ তীক্ষ্ণ বলিঙৰ বাবে ৫ উইকেটত মাত্ৰ ১৭৮ ৰানহে কৰিবলৈ সক্ষম হয় । ১৮ নং অভাৰত যশস্বী জয়ছোৱাল আৰু ৰিয়ান পৰাগক আউট কৰি লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সপক্ষে খেলখন ঘূৰাই আনে আৱেশে ।

ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনে আঘাতৰ বাবে এই মেচত খেলা নাছিল । এনে পৰিস্থিতিত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰে । অৱশ্যে ৰিয়ানেও দলটোৰ ভাগ্য সলনি কৰিব নোৱাৰিলে । লক্ষ্ণৌৰ বিৰুদ্ধে হোৱা পৰাজয়ৰ পিছতে এতিয়া ৰিয়ানে দুখ প্ৰকাশ কৰিছে । ৰিয়ানে কয় যে তেওঁ নাজানে দলটোৱে কি ভুল কৰিলে । অৱশ্যে পৰাজয়ৰ বাবে ৰিয়ানে নিজকে দোষাৰোপ কৰিছে ।

খেলৰ অন্তত ৰিয়ান পৰাগে কয়, ‘আৱেগ প্ৰকাশ কৰাটো সঁচাকৈয়ে কঠিন । আমি কি ভুল কৰিলোঁ নাজানো ৷ ১৮ বা ১৯ অভাৰলৈকে আমি মেচত আছিলো । মই নাজানো । মই নিজকে দোষ দিওঁ । আমি মেচখন ১৯ নং অভাৰত নিজেই শেষ কৰিব লাগিছিল । আমি একেলগে খেলিব লাগিব ।‘

‘শেষ অভাৰটো দুৰ্ভাগ্যজনক আছিল…’

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ইনিংছৰ শেষ অভাৰটো ৰাজস্থানৰ বাবে ভাল নাছিল বুলি ৰিয়ান পৰাগে কয়, য’ত ২৭ ৰান সংগ্ৰহ কৰিছিল লক্ষ্ণৌয়ে । ৰিয়ানে কয়, ‘শেষ অভাৰটো দুৰ্ভাগ্যজনক আছিল । মই ভাবিছিলো আমি তেওঁলোকক ১৬৫-১৭০ ত সীমাবদ্ধ কৰি ৰাখিব পাৰিলোহেঁতেন । আমি ২০ ৰান অতিৰিক্ত দিলোঁ, কিন্তু লক্ষ্যত উপনীত হ’ব লাগিছিল ।‘

মেচত জয়লাভ কৰাৰ পিছতো জৰিমনা ভৰিব লাগিব ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে…

আই পি এল-২০২৫ৰ ১১ সংখ্যক মেচত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৬ ৰানত পৰাস্ত কৰি ৰাজস্থান ৰয়েলছে (আৰ আৰ) জয়ৰ একাউণ্ট মুকলি কৰে । কিন্তু এই জয়ৰ পাছতো ৰাজস্থান ৰয়েলছৰ ভাৰপ্ৰাপ্ত অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে ।

আচলতে অধিনায়ক পৰাগক লেহেমীয়া অভাৰ ৰেটৰ বাবে এই জৰিমনা আৰোপ কৰা হৈছে । তেওঁ ১২ লাখ টকা জৰিমনা ভৰিব লাগিব । দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা খেলখনত নীতিশ ৰাণাৰ ৩৬ বলত ৮১ ৰানৰ আৰু তাৰ পাছত লেগ স্পীনাৰ ৱানিন্দু হাছাৰাংগাৰ ৪টা উইকেটৰ সহায়ত এই জয় লাভ কৰে ৰাজস্থানে ।

নীতিশে ১০টা চাৰি আৰু ৫টা ছয় কোবাই ৰয়েলছক ৯ উইকেটত ১৮২ ৰানলৈ লৈ যায় । তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০১৯ চনৰ পাছতো ১৮০ ৰানৰ ওপৰৰ লক্ষ্যত উপনীত হ’ব নোৱাৰা চেন্নাই ছুপাৰ কিংছ আকৌ এবাৰ ব্যৰ্থ হয় আৰু ২০ অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ১৭৬ ৰানহে কৰিবলৈ সক্ষম হয় ।

আই পি এলৰ এক বিবৃতিত কোৱা হৈছে যে, ‘আই পি এলৰ আচৰণ বিধি (ধাৰা ২.২২)ৰ অধীনত নূন্যতম অভাৰ ৰেটৰ সৈতে জড়িত এইটো তেওঁৰ দলৰ ছিজনৰ প্ৰথমটো অপৰাধ আছিল, সেয়েহে ৰিয়ান পৰাগক ১২ লাখ টকা জৰিমনা বিহা হৈছে ।’

প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ হাতত পৰাস্ত হোৱা ৰাজস্থানে পৰৱৰ্তী সময়ত ৫ এপ্ৰিলত মুলানপুৰত পঞ্জাব কিংছ (পি বি কে এছ)ৰ বিৰুদ্ধে খেলিব ।

ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব ৰিয়ান পৰাগ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথম তিনিখন মেচত খেলিব নোৱাৰিব ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে । ২৩ মাৰ্চত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত যোৱা সংস্কৰণৰ চূড়ান্ত প্ৰতিযোগী ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থানে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিব । সঞ্জুৰ অনুপস্থিতিত দলৰ দায়িত্ব ল’ব ৰিয়ান পৰাগে ।

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ খেলৰ সময়ত ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন সঞ্জুৱে আঙুলিত আঘাত পাইছিল । ইয়াৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । তথ্য অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেওঁক উইকেট কীপিঙৰ বাবে এতিয়াও সেউজ সংকেট দিব পৰা নাই ।

চেমছনৰ অনুপস্থিতিত ৰিয়ান পৰাগে প্ৰথম আই পি এল চেম্পিয়ন দলৰ অধিনায়কত্ব কৰিব । তেওঁ আই পি এলৰ ইতিহাসত ফ্ৰেঞ্চাইজিৰ অধিনায়কত্ব কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব ।

ৰিয়ান পৰাগক অধিনায়কত্ব দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত ৰাজস্থান ৰয়েলছে কয় যে, ‘ৰাজস্থান ৰয়েলছৰ অধিনায়কত্ব ৰিয়ানক গতাই দিয়াৰ সিদ্ধান্তই তেওঁৰ নেতৃত্বৰ প্ৰতি ফ্ৰেঞ্চাইজিৰ আস্থাক প্ৰতিফলিত কৰিছে, অসমৰ ঘৰুৱা অধিনায়ক হিচাপে থকাৰ সময়ছোৱাত তেওঁ নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে । বছৰ বছৰ ধৰি ৰয়েলছৰ চেটআপৰ এজন গুৰুত্বপূৰ্ণ সদস্য হোৱাৰ বাবে দলটোৰ বিষয়ে তেওঁৰ বুজাবুজি কল্পনাতীত ।’

জুৰেলে উইকেটকিপিং কৰিব-

যিহেতু প্ৰাৰম্ভিক মেচত চেমছনে খেলিব নোৱাৰিব, সেয়েহে ধ্ৰুৱ জুৰেলক দলৰ উইকেটকীপাৰ হ’ব পাৰে । জুৰেলক ১৪ কোটি টকাৰ বিনিময়ত ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিছিল । দলৰ আন কোনো উইকেটকীপাৰ-বেটছমেন নাই ।

আই পি এল ২০২৫ৰ পূৰ্বে ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন… ৬৪টা বলত ১৪৪ ৰানৰ বিস্ফোৰক ইনিংছ

আৰম্ভ হৈছে আই পি এল ২০২৫ৰ কাউণ্টডাউন, ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । ইয়াৰ পূৰ্বে সকলো দলে অনুশীলন মেচ খেলি আছে । ৰাজস্থান ৰয়েলছৰ অনুশীলন মেচত বেটছমেন ৰিয়ান পৰাগে বিস্ফোৰক বেটিং কৰি ৬৪ বলত অপৰাজিত ১৪৪ ৰান সংগ্ৰহ কৰিছে ।

১৪৪ ৰানৰ বিস্ফোৰক ইনিংছত ১০টা ছয় আৰু ১৬টা চাৰি কোবাই ৰিয়ান পৰাগে । ৰাজস্থান ৰয়েলছৰ গুৰুত্বপূৰ্ণ খেলুৱৈ পৰাগ আৰু তেওঁৰ ফৰ্মে সঞ্জু চেমছন আৰু দলটোক যথেষ্ট সকাহ দিব । ২৩ মাৰ্চত আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছে প্ৰথমখন মেচ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব ।

ৰিয়ান পৰাগ আই পি এল কেৰিয়াৰ-

২০১৯ চনত আই পি এলত অভিষেক ঘটোৱা ৰিয়ান পৰাগে এই পৰ্যন্ত প্ৰতিযোগিতাখনত ৭০খন মেচ খেলিছে । ইয়াৰ ভিতৰত তেওঁ ১৩৫ ষ্ট্ৰাইক ৰেটত ১১৭৩ ৰান সংগ্ৰহ কৰিছে । আই পি এলত ৰিয়ান পৰাগৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ৮৪ ৰান । তেওঁ ৬টা অৰ্ধশতকীয় ইনিংছ খেলিছে ।

ৰাজস্থান ৰয়েলছৰ শক্তিশালী বেটিং লাইন আপ-

জোছ বাটলাৰৰ বিদায়ৰ পিছতো ৰাজস্থান ৰয়েলছৰ বেটিং ইউনিট যথেষ্ট শক্তিশালী দেখা গৈছে । দলটোত মুঠ ৮ জন ভাল বেটছমেন আছে, ইয়াৰে ছিমৰন হেটমায়াৰৰ ৰূপত মাত্ৰ ১ জন বিদেশী খেলুৱৈ আছে । সম্ভৱতঃ যশস্বী জয়ছোৱালে দলৰ হৈ সঞ্জুৰ সৈতে ইনিংছ মুকলি কৰিব ।

ৰাজস্থান ৰয়েলছ দলত আছে মাত্ৰ ২ জন অল ৰাউণ্ডাৰ খেলুৱৈ । এই দলৰ একমাত্ৰ অল ৰাউণ্ডাৰ খেলুৱৈ নীতিশ ৰানা আৰু যুধবীৰ সিং । এই দলটোত সৰ্বাধিক বলাৰ আছে । ৰাজস্থান ৰয়েলছ দলত আছে ১০ জন বলাৰ ।

আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছৰ খেলুৱৈ-

সঞ্জু চেমচন (অধিনায়ক), যশস্বী জয়ছোৱাল, ছিমৰন হেটমেয়াৰ, শুভম ডুবে, বৈভৱ সূৰ্যবংশী, ধ্ৰুৱ জুৰেল, কুনাল সিং ৰাথোৰ, ৰিয়ান পৰাগ, যুধবীৰ সিং চৰাক, নীতিশ ৰাণা, সন্দীপ শৰ্মা, তুষাৰ দেশপাণ্ডে, আকাশ মাধৱাল, কুমাৰ কাৰ্তিকেয়া, কুৱেনা ম্ফাকা, ৱানিন্দু হাসৰংগা, মহেশ তীক্ষনা, ফজলহক ফাৰুকী, অশোক শৰ্মা, জোফ্ৰা আৰ্চাৰ ।