মহিলা ক্ৰিকেট বিশ্বকাপৰ পইণ্ট টেবুলত ভাৰতৰ আধিপত্য

মহিলা ক্ৰিকেট বিশ্বকাপৰ পইণ্ট টেবুলত ভাৰতৰ আধিপত্য; শলঠেকত পাকিস্তান

মহিলা ক্ৰিকেট বিশ্বকাপৰ পইণ্ট টেবুলত ভাৰতৰ আধিপত্য দেওবাৰে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ এখন মেচত ভাৰতে পাকিস্তানক ৮৮ ৰাণত পৰাস্ত কৰে । এই জয়ে চলিত এই প্ৰতিযোগিতাৰ পইণ্ট তালিকাত টীম ইণ্ডিয়াক অগ্ৰগতি প্ৰদান কৰিছে । এফালে এতিয়ালৈকে অনুষ্ঠিত হোৱা দুয়োখন মেচতে জয়লাভ কৰি পইন্ট টেবুলৰ শীৰ্ষত

মহিলা ক্ৰিকেট বিশ্বকাপৰ পইণ্ট টেবুলত ভাৰতৰ আধিপত্য

দেওবাৰে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ এখন মেচত ভাৰতে পাকিস্তানক ৮৮ ৰাণত পৰাস্ত কৰে । এই জয়ে চলিত এই প্ৰতিযোগিতাৰ পইণ্ট তালিকাত টীম ইণ্ডিয়াক অগ্ৰগতি প্ৰদান কৰিছে । এফালে এতিয়ালৈকে অনুষ্ঠিত হোৱা দুয়োখন মেচতে জয়লাভ কৰি পইন্ট টেবুলৰ শীৰ্ষত আছে ভাৰতীয় দল । আনফালে  এতিয়ালৈকে অনুষ্ঠিত হোৱা দুয়োখন মেচতে পৰাস্ত হৈ শলঠেকত পৰিছে পাকিস্তান । এই বিশ্বকাপত সকলো দলেই অন্ততঃ এখন মেচ খেলিছে, গতিকে পইণ্ট টেবুলে প্ৰাৰম্ভিক ৰূপ ল’বলৈ আৰম্ভ কৰিছে ।

তালিকাৰ প্ৰথম স্থানত ভাৰত-

প্ৰথমখন খেলত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ৫৯ ৰাণত পৰাস্ত কৰাৰ পাছত দ্বিতীয়খন মেচত পাকিস্তানক ৮৮ ৰাণত পৰাস্ত কৰে । দুটাকৈ ডাঙৰ জয়ৰ অন্তত এতিয়া মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ পইন্ট তালিকাৰ শীৰ্ষত আছে ভাৰত । ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই দুখন মেচ খেলিছে, এখনত জয়ী আৰু আনখন ড্ৰ’ হৈছে । তালিকাত অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত থকাৰ বিপৰীতে ২০১৭ চনৰ বিশ্বকাপ বিজয়ী ইংলেণ্ড বৰ্তমান তৃতীয় স্থানত আছে । প্ৰথমখন মেচত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰা বাংলাদেশ তালিকাৰ চতুৰ্থ স্থানত আছে ।

শলঠেকত পাকিস্তান-

পইণ্ট তালিকাত সংকটত ভুগিছে ​​পাকিস্তানী দলে । দুয়োখন মেচতে প্ৰথমে বাংলাদেশৰ হাতত ৭ উইকেটত, তাৰ পাছত ভাৰতৰ হাতত ৮৮ ৰানত পৰাস্ত হৈছে দলটো । দুয়োখন মেচতে পৰাস্ত হোৱা পাকিস্তান বৰ্তমান টেবুলৰ ষষ্ঠ স্থানত আছে । ক্ৰমে সপ্তম আৰু অষ্টম স্থানত আছে নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকা । মন কৰিবলগীয়া যে এই প্ৰতিযোগিতাত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে আৰু ষ্টেণ্ডিঙৰ শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব ।

উল্লেখ্য যে, ভাৰতীয় দলৰ পৰৱৰ্তী মেচ ৯ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’ব । ইয়াৰ পিছত ১২ অক্টোবৰত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টিম ইণ্ডিয়া । ২০২২ চনৰো মহিলা ক্ৰিকেট বিশ্বকাপ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈছিল, য’ত পাঁচখন বা তাতকৈ অধিক মেচত জয়ী হোৱা দলসমূহে সহজেই নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছিল । পৰৱৰ্তী পাঁচখন মেচৰ ভিতৰত যদি ভাৰতীয় দলটোৱে তিনিখন খেলত জয়লাভ কৰে তেন্তে ছেমিফাইনেলত স্থান প্ৰায় নিশ্চিত হ’ব ।

লগতে পঢ়ক : বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ অভিলেখ ভংগকাৰী প্ৰদৰ্শন…

শেহতীয়া প্ৰৱন্ধসমূহ