জৰিমনা ভৰিব লাগিব ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে...

মেচত জয়লাভ কৰাৰ পিছতো জৰিমনা ভৰিব লাগিব ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে…

আই পি এল-২০২৫ৰ ১১ সংখ্যক মেচত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৬ ৰানত পৰাস্ত কৰি ৰাজস্থান ৰয়েলছে (আৰ আৰ) জয়ৰ একাউণ্ট মুকলি কৰে । কিন্তু এই জয়ৰ পাছতো ৰাজস্থান ৰয়েলছৰ ভাৰপ্ৰাপ্ত অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে । আচলতে অধিনায়ক পৰাগক লেহেমীয়া অভাৰ ৰেটৰ

আই পি এল-২০২৫ৰ ১১ সংখ্যক মেচত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৬ ৰানত পৰাস্ত কৰি ৰাজস্থান ৰয়েলছে (আৰ আৰ) জয়ৰ একাউণ্ট মুকলি কৰে । কিন্তু এই জয়ৰ পাছতো ৰাজস্থান ৰয়েলছৰ ভাৰপ্ৰাপ্ত অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে ।

আচলতে অধিনায়ক পৰাগক লেহেমীয়া অভাৰ ৰেটৰ বাবে এই জৰিমনা আৰোপ কৰা হৈছে । তেওঁ ১২ লাখ টকা জৰিমনা ভৰিব লাগিব । দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা খেলখনত নীতিশ ৰাণাৰ ৩৬ বলত ৮১ ৰানৰ আৰু তাৰ পাছত লেগ স্পীনাৰ ৱানিন্দু হাছাৰাংগাৰ ৪টা উইকেটৰ সহায়ত এই জয় লাভ কৰে ৰাজস্থানে ।

নীতিশে ১০টা চাৰি আৰু ৫টা ছয় কোবাই ৰয়েলছক ৯ উইকেটত ১৮২ ৰানলৈ লৈ যায় । তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০১৯ চনৰ পাছতো ১৮০ ৰানৰ ওপৰৰ লক্ষ্যত উপনীত হ’ব নোৱাৰা চেন্নাই ছুপাৰ কিংছ আকৌ এবাৰ ব্যৰ্থ হয় আৰু ২০ অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ১৭৬ ৰানহে কৰিবলৈ সক্ষম হয় ।

আই পি এলৰ এক বিবৃতিত কোৱা হৈছে যে, ‘আই পি এলৰ আচৰণ বিধি (ধাৰা ২.২২)ৰ অধীনত নূন্যতম অভাৰ ৰেটৰ সৈতে জড়িত এইটো তেওঁৰ দলৰ ছিজনৰ প্ৰথমটো অপৰাধ আছিল, সেয়েহে ৰিয়ান পৰাগক ১২ লাখ টকা জৰিমনা বিহা হৈছে ।’

প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ হাতত পৰাস্ত হোৱা ৰাজস্থানে পৰৱৰ্তী সময়ত ৫ এপ্ৰিলত মুলানপুৰত পঞ্জাব কিংছ (পি বি কে এছ)ৰ বিৰুদ্ধে খেলিব ।

শেহতীয়া প্ৰৱন্ধসমূহ