ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ ৰাহুল দ্ৰাবিড়ৰ…
ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ ৰাহুল দ্ৰাবিড়ৰ
আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰিছে দ্য ৱাল খ্যাত ৰাহুল দ্ৰাবিড়ে । ফ্ৰেঞ্চাইজিটোৱে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে । জনপ্ৰিয় লীগ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ ৪৬ খন মেচ খেলা ৰাহুল দ্ৰাবিড় যোৱা বছৰ দলটোৰ মুখ্য প্ৰশিক্ষক হিচাবে নিযুক্তি লাভ কৰিছিল । তেওঁৰ প্ৰশিক্ষণত ২০২৫ সংস্কৰণৰ আই পি এলত ৰাজস্থান ৰয়েলছ দলে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হৈছিল ।
ৰাজস্থান ৰয়েলছৰ আনুষ্ঠানিক বিবৃতিটোত আৰু কোৱা হৈছে যে, ‘মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে আই পি এল ২০২৬ৰ পূৰ্বে ৰয়েলছৰ সৈতে তেওঁৰ কাৰ্যকালৰ অন্ত পেলাব । ৰাহুল বহু বছৰ ধৰি ৰয়েলছৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে । তেওঁৰ নেতৃত্বই এটা প্ৰজন্মৰ খেলুৱৈক প্ৰভাৱিত কৰিছে । দলটোৱে শক্তিশালী মূল্যবোধৰ যোগাযোগ কৰিছে আৰু ফ্ৰেঞ্চাইজিৰ সংস্কৃতিৰ ওপৰত এক অমিত ছাপ পেলাইছে ।‘
বিবৃতিটোত আৰু কোৱা হৈছে, ‘ৰাহুল দ্ৰাবিড়ক ফ্ৰেঞ্চাইজিৰ গাঁথনিৰ পৰ্যালোচনাৰ অংশ হিচাপে এক ব্যাপক স্থিতি প্ৰদান কৰা হৈছিল, কিন্তু তেওঁ ইয়াক গ্ৰহণ কৰা নাছিল । আৰ আৰ, তেওঁৰ খেলুৱৈ আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ অনুৰাগীয়ে তেওঁৰ উজ্জ্বল সেৱাৰ বাবে ৰাহুল দ্ৰাবিড়ক ধন্যবাদ জনায় ।‘
আৰ আৰ ফ্ৰেঞ্চাইজিয়ে টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ বিষয়ে এটা আৱেগিক পোষ্টো শ্বেয়াৰ কৰে । এই পোষ্টটোত লিখা হৈছে, ‘আপোনাৰ উপস্থিতিয়ে তৰুণ আৰু অভিজ্ঞ উভয়কে অনুপ্ৰাণিত কৰিছে । সদায় ৰয়েল । সদায় কৃতজ্ঞ ।‘
ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত ৰাজস্থান ৰয়েলছে আই পি এল ২০২৫ৰ সময়ছোৱাত ১৪খন মেচৰ ভিতৰত মাত্ৰ চাৰিখনতহে জয়লাভ কৰিবলৈ সক্ষম হয় । ফলত দলটোৱে পইন্ট তালিকাৰ নৱম স্থান দখল কৰে । দ্ৰাবিড়ে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক হোৱাৰ পূৰ্বে ভাৰতীয় দলত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব চম্ভালি আছিল । দ্ৰাবিড়ৰ প্ৰশিক্ষণ আৰু ৰোহিত শৰ্মাৰ অধিনায়কত্বত টি-২০ বিশ্বকাপ ২০২৪ত জয়লাভ কৰে টিম ইণ্ডিয়াই । আনহাতে দ্ৰাবিড়ৰ প্ৰশিক্ষণত ভাৰতীয় দলটোৱে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলতো প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : ইতিহাস সৃষ্টিৰ পৰা বঞ্চিত পি ভি সিন্ধু; বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত