বিৰাট কোহলীৰ এটা পৰামৰ্শই সলালে ভাগ্য, জাপান অ’পেনত সিন্ধুৰ ঐতিহাসিক জয়
সুদীৰ্ঘ দুটা বছৰৰ ডাঙৰ খিতাপৰ খৰাং অন্ত পেলাই পুনৰ সফলতাৰ শীৰ্ষলৈ উলটিল ভাৰতৰ তাৰকা বেডমিণ্টন তাৰকা পি ভি সিন্ধু । অৱশেষত ‘জাপান অ’পেন ২০২৬’ৰ খিতাপ দখল কৰি এক আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰাৰ লগতে এই প্ৰতিযোগিতা জিকি ইতিহাস ৰচা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে নিজৰ নাম খোদিত কৰিলে সিন্ধুৱে ।
কেৱল কঠোৰ পৰিশ্ৰম আৰু ফিটনেছেই নহয়, এই ঐতিহাসিক সফলতাৰ আঁৰত ক্ৰিকেট মহাতাৰকা বিৰাট কোহলীৰ এক বিশেষ পৰামৰ্শইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰিছে তেওঁ ।
বিৰাট কোহলীৰ পৰামৰ্শই আনিলে টাৰ্নিং পইণ্ট
ধাৰাবাহিকভাৱে দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকাৰ সময়ত সিন্ধুৱে বিৰাট কোহলীৰ সৈতে যোগাযোগ কৰিছিল । নিজৰ কেৰিয়াৰৰ শতকহীন কঠিন পৰ্যায় অতিক্ৰম কৰাৰ অভিজ্ঞতাৰ বিষয়ে সোধাত কোহলীয়ে কৈছিল যে তেওঁ পুনৰ ৰাণ কৰাৰ মূল আনন্দখিনি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল । বিৰাটৰ এই উত্তৰেই সিন্ধুৰ মানসিকতাত এক ডাঙৰ পৰিৱৰ্তন আনি দিয়ে ।
ৰিহ্যাব আৰু হেৰুৱা আনন্দৰ পুনৰুদ্ধাৰ
ভৰিৰ বুঢ়া আঙুলিৰ লিগামেন্টত আঘাত পোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শমৰ্মে সিন্ধুৱে তিনি মাহৰ বিৰতি ল’বলগীয়া হয় । ইয়াৰ পিছত তেওঁৰ স্বামী ভেংকট দত্ত ছাইৰ উদ্যোগত আমেৰিকাৰ আটলাণ্টাস্থ এক্স’ছ স্প’ৰ্টছ পাৰফৰমেন্স চেণ্টাৰত তেওঁ ৰিহ্যাব আৰু ফিটনেছৰ বাবে বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে ।
এক সাক্ষাৎকাৰত দত্ত ছাইয়ে কয়, “বিৰাটৰ কথাষাৰ ধাৰাবাহিকভাৱে মোৰ মূৰত ঘূৰি আছিল । আমাৰ মূল উদ্দেশ্য আছিল সিন্ধুৰ ভিতৰত খেলৰ প্ৰতি থকা আনন্দখিনি পুনৰ জাগ্ৰত কৰা । আটলাণ্টাত তিনিগৰাকী দক্ষ প্ৰশিক্ষকৰ তত্ত্বাৱধানত আৰু পৰিয়ালৰ সংগত তেওঁ বেডমিণ্টনৰ প্ৰতি থকা নিজৰ প্ৰেম পুনৰ ঘূৰাই পালে ।”
লগতে পঢ়ক : ফাইনেলত পৰাজয়ৰ পাছত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ মেছিৰ









