ফাইনেলত পৰাজয়ৰ পাছত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ মেছিৰ

ফাইনেলত পৰাজয়ৰ পাছত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ মেছিৰ

ফিফা বিশ্বকাপ ২০২৬: ফাইনেলৰ পৰাজয়ৰ পিছত মেছিৰ প্ৰথম প্ৰতিক্ৰিয়া— “এই আঘাত শুকুৱাবলৈ সময় লাগিব” ফিফা বিশ্বকাপ ২০২৬ৰ শ্বাসৰুদ্ধকৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ পিছত অৱশেষত নীৰৱতা ভাঙিলে আৰ্জেন্টিনাৰ অধিনায়ক লিয়নেল মেছিয়ে । নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত এই ঐতিহাসিক মেচখনৰ ১০৫ নম্বৰ মিনিটত

ফিফা বিশ্বকাপ ২০২৬: ফাইনেলৰ পৰাজয়ৰ পিছত মেছিৰ প্ৰথম প্ৰতিক্ৰিয়া— “এই আঘাত শুকুৱাবলৈ সময় লাগিব”

ফিফা বিশ্বকাপ ২০২৬ৰ শ্বাসৰুদ্ধকৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ পিছত অৱশেষত নীৰৱতা ভাঙিলে আৰ্জেন্টিনাৰ অধিনায়ক লিয়নেল মেছিয়ে । নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত এই ঐতিহাসিক মেচখনৰ ১০৫ নম্বৰ মিনিটত ফেৰান টৰেছে কৰা নিৰ্ণায়ক গ’লটোৰে স্পেইনে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা আৱেগিক প’ষ্টত মেছিয়ে স্বীকাৰ কৰে যে এই পৰাজয়ৰ কষ্ট অতি গভীৰ । তেওঁ লিখিছে—

“বিশ্বকাপ ফাইনেলত পোৱা পৰাজয়ৰ বিষ অতি ডাঙৰ, এই ঘা শুকাবলৈ সময় লাগিব । কিন্তু মই সমগ্ৰ টুৰ্ণেমেণ্টৰ ভাল স্মৃতিবোৰ লগত লৈ যাম । সমগ্ৰ দেশৰ অভূতপূৰ্ব সমৰ্থন আৰু দলৰ পৰিশ্ৰমে আমাক পুনৰ বিশ্বৰ শ্ৰেষ্ঠ পৰ্যায়লৈ আনিলে । একেৰাহে দুবাৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাটো কোনো সৰু কথা নহয় ।”

বিশ্বকাপত ৮টা গ’ল আৰু ৪টা এছিষ্টেৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা অধিনায়কগৰাকীয়ে সমগ্ৰ দেশৰ অনুৰাগীক ধন্যবাদ জনোৱাৰ লগতে বিজয়ী স্পেইন দলকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । খিতাপ হেৰুৱালেও নিজৰ দলৰ অদম্য সংগ্ৰাম আৰু প্ৰত্যাৱৰ্তনৰ ওপৰত তেওঁ সম্পূৰ্ণ গৌৰৱান্বিত বুলি স্পষ্ট কৰি দিয়ে ।

উল্লেখ্য য়ে, অধিনায়ক লিয়নেল মেছিয়েও সমগ্ৰ অভিযানত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায় । তেওঁ ৮ টা গ’ল কৰে, ৪ টা এছিষ্ট দিয়ে আৰু মুঠ ৮৫৩ মিনিট পথাৰত অতিবাহিত কৰে । কেইবাটাও মুহূৰ্তত তেওঁ এনেকুৱা গ’ল কৰিলে যিটো কোনেও আশা কৰা নাছিল । অৱশ্যে ফাইনেলত স্পেইনৰ শক্তিশালী ৰক্ষণভাগ আৰু ফেৰান টৰেছৰ নিৰ্ণায়ক গ’লৰ আগত আৰ্জেন্টিনাৰ সপোন ভাগি পৰে ।

লগতে পঢ়ক : বিশ্বকাপৰ ৰণক্ষেত্ৰৰ পৰা ভাৰতক ধন্যবাদ জনালে আৰ্জেন্টিনাই