২০২৬ বিশ্বকাপ ফাইনেল: মেছিৰ ইতিহাস ৰচনাৰ সপোন আৰু এমবাপেৰ প্ৰত্যাহ্বান

মেছিৰ বাবে এয়া কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ আৰু ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ ট্ৰফী দাঙি ধৰাৰ সোণালী সুযোগ

সমগ্ৰ বিশ্বৰ ফুটবল প্ৰেমীৰ অপেক্ষাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী । অহা ১৯ জুলাই অৰ্থাৎ দেওবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ২০২৬-ৰ সেই বহু প্ৰত্যাশিত মেগা ফাইনেল । এই ঐতিহাসিক যুঁজত খিতাপ দখলৰ যুঁজত অবতীৰ্ণ হ’ব ফুটবল বিশ্বৰ দুই মহাশক্তি আৰ্জেণ্টিনা আৰু স্পেইন ।

ট্ৰফীৰ উপৰিও এইবাৰ সমগ্ৰ বিশ্বৰ চকু নিবদ্ধ থাকিব ফুটবলৰ যাদুকৰ লিয়নেল মেছিৰ ওপৰত । ডিফেন্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই এইবাৰো খিতাপ ৰক্ষা কৰি ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে । মেছিৰ বাবে এয়া কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ আৰু ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ ট্ৰফী দাঙি ধৰাৰ সোণালী সুযোগ তেওঁৰ সন্মুখত । খিতাপৰ উপৰিও মেছিৰ হাতত আছে গোল্ডেন বল আৰু গোল্ডেন বুটৰ দৰে সন্মানীয় বঁটা আঁজুৰি আনি ইতিহাস ৰচনা কৰাৰ অন্তিম সুযোগ ।

মেছিৰ সপোনৰ হেঙাৰ কিলিয়ান এমবাপে!

আৰ্জেণ্টিনা ফাইনেলত প্ৰৱেশ কৰিলেও মেছিৰ এই ঐতিহাসিক যাত্ৰাত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে ফ্ৰান্সৰ তাৰকা ষ্ট্ৰাইকাৰ কিলিয়ান এমবাপে । যদিও ফ্ৰান্সৰ দলটো ছেমিফাইনেলত স্পেইনৰ হাতত পৰাজিত হৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছে, তথাপিও ‘গোল্ডেন বুট’ৰ দৌৰত এমবাপেই মেছিক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ।

বৰ্তমানলৈকে এই টুৰ্ণামেণ্টত লিয়নেল মেছি আৰু কিলিয়ান এমবাপে দুয়োগৰাকীয়ে ৮ টাকৈ গ’ল দি সমতাত আছে ।

ফিফাৰ টাই-ব্ৰেকাৰ নিয়ম: কোনে পাব গোল্ডেন বুট?

ফিফাৰ নিয়ম অনুসৰি, যদি টুৰ্ণামেণ্টৰ শেষত দুজন খেলুৱৈৰ গ’লৰ সংখ্যা সমান হয়, তেন্তে ‘এছিষ্ট’ ( অৰ্থাৎ লগৰ খেলুৱৈক গ’ল কৰাত কৰা সহায়)ক টাই-ব্ৰেকাৰ হিচাপে গণ্য কৰা হয় ।

লিয়নেল মেছি: ৪ টা এছিষ্ট (বৰ্তমান আগবাঢ়ি আছে)

কিলিয়ান এমবাপে: ৩ টা এছিষ্ট

মেছি বৰ্তমান এটা এছিষ্টৰ ব্যৱধানত আগবাঢ়ি আছে যদিও তেওঁৰ এই স্থান একেবাৰেই সুৰক্ষিত নহয় ।

ফাইনেলৰ পূৰ্বেই খেলপথাৰত নামিব এমবাপে

ফাইনেল মেচখনৰ ঠিক এদিন পূৰ্বেই, অৰ্থাৎ ১৮ জুলাইৰ নিশা ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় স্থানৰ বাবে খেলিবলগীয়া মেচখনত অৱতীৰ্ণ হ’ব । এই মেচখনতেই এমবাপেই মেছিৰ সপোন ভাঙি চূৰমাৰ কৰাৰ সুযোগ পাব :

১ টা গ’ল কৰিলে: এমবাপেই মেছিক পিছ পেলাই গোল্ডেন বুটৰ দৌৰত এক নম্বৰ স্থান পাব ।

২ টা গ’ল কৰিলে: ফাইনেলৰ পূৰ্বেই মেছিৰ ওপৰত মানসিক চাপ দুগুণ বৃদ্ধি পাব আৰু তেতিয়া মেছিয়ে গোল্ডেন বুট পাবলৈ হ’লে স্পেইনৰ বিৰুদ্ধে যিকোনো প্ৰকাৰে গ’ল কৰিবই লাগিব ।

সৰ্বকালৰ অভিলেখতো খহনীয়াৰ সম্ভাৱনা

কেৱল চলিত বিশ্বকাপৰে নহয়, ফিফা বিশ্বকাপৰ সৰ্বকালৰ সৰ্বাধিক গ’লদাতাৰ অভিলেখৰ ক্ষেত্ৰতো মেছিক পিছ পেলাব পাৰে এমবাপেই । বৰ্তমানলৈকে ফিফা বিশ্বকাপৰ ইতিহাসত মেছিৰ নামত ২১ টা গ’ল থকাৰ বিপৰীতে এমবাপেৰ নামত আছে ২০ টা গ’ল । ইংলেণ্ডৰ বিৰুদ্ধে যদি এমবাপেই ২ টা গ’ল কৰিবলৈ সক্ষম হয়, তেন্তে তেওঁ ফিফাত সৰ্বাধিক গ’ল কৰা খেলুৱৈ হিচাপে মেছিক অতিক্ৰম কৰিব ।

লগতে পঢ়ক : ২০২৬ ফিফা বিশ্বকাপত ধনৰ বৰষুণ: কিমান লাভ কৰিব চেম্পিয়ন-ৰানাৰ্ছ আপ দলে ?

বাথটাবৰ সেই কণমানি কেঁচুৱাটো এতিয়া মেছিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান!

ফুটবল জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ লিয়েনেল মেছি আৰু আজিৰ উদীয়মান তাৰকা লামিন য়ামালৰ এই যাত্ৰাটো কেৱল খেল নহয়

সময় সঁচাকৈয়ে বৰ আচৰিত! ১৯ বছৰৰ পূৰ্বৰ এটা পুৰণি ফটোশ্বুট যে এদিন ফুটবল ইতিহাসৰ আটাইতকৈ আৱেগিক আৰু ৰোমাঞ্চকৰ মুখামুখিৰ কাৰণ হৈ পৰিব, কোনেও ভবা নাছিল ।

ফুটবল জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ লিয়েনেল মেছি আৰু আজিৰ উদীয়মান তাৰকা লামিন য়ামালৰ এই যাত্ৰাটো কেৱল খেল নহয়, যেন এক ভাগ্যৰ খেল!

নীলা বাথটাবৰ সেই মুহূৰ্তটো

২০০৭ চনৰ ডিচেম্বৰ মাহ । তেতিয়া লিয়েনেল মেছিৰ বয়স মাত্ৰ ২০ বছৰ, বাৰ্চিলোনাৰ এজন উদীয়মান জিলিকি উঠা তৰা । আনফালে, স্পেইনৰ কেটালোনিয়াৰ এটা সাধাৰণ পৰিয়ালৰ মাত্ৰ ৬ মহীয়া এটা কেঁচুৱা- নাম তেওঁৰ লামিন য়ামাল ।

Diario Sport আৰু UNICEFৰ এটা চেৰিটি ৰেফেল জিকি য়ামালৰ পৰিয়ালে সুযোগ পাইছিল বাৰ্চিলোনাৰ ড্ৰেছিং ৰুমত মেছিক লগ কৰাৰ । সেইদিনা ২০ বছৰীয়া মেছিয়ে এটা নীলা প্লাষ্টিকৰ বাথটাবত থকা ৬ মহীয়া য়ামালক নিজৰ কোলাত তুলি লৈ অতি মৰমেৰে গা ধুৱাই দিছিল । মেছিয়ে চাগে সপোনতো ভবা নাছিল যে তেওঁৰ কোলাত হাঁহি থকা এই নিষ্পাপ কেঁচুৱাটোৱেই ১৯ বছৰৰ পিছত তেওঁৰ আৰু সমগ্ৰ আৰ্জেণ্টিনা দলটোৰ বিশ্বকাপ জয়ৰ সপোনৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰাচীৰ হৈ থিয় দিব!

য়ামালৰ পিতৃয়ে পিছলৈ ইনষ্টাগ্ৰামত এই ছবিখন শ্বেয়াৰ কৰি বৰ ধুনীয়াকৈ লিখিছিল- “দুজন লেজেণ্ডৰ আৰম্ভণি”। সঁচাকৈ, সেইয়া আছিল এক ইতিহাসৰ সূচনা।

১৯ জুলাইৰ সেই মহাৰণ

১৯ জুলাই ২০২৬, নিউ জাৰ্চীৰ ফুটবল খেলপথাৰ । সমগ্ৰ বিশ্ব থিয় হৈ ৰ’ব এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ ।

এফালে ৩৯ বছৰীয়া লিয়েনেল মেছি: ফুটবল জগতৰ সম্ৰাট, যিয়ে নিজৰ কেৰিয়াৰৰ শেষৰ ফালে থিয় হৈও এতিয়াও অনবদ্য ফৰ্মত আছে । নিজৰ দেশক একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন কৰাৰ আৰু কেতিয়াও নোপোৱা ‘গোল্ডেন বুট’ বুটলি লোৱাৰ শেষ সুযোগ তেওঁৰ হাতত ।

আনফালে ১৯ বছৰীয়া লামিন য়ামাল: ইউৰোপীয় চেম্পিয়ন স্পেইনৰ নতুন আশাৰ প্ৰতীক । যিজন ল’ৰাই মেছিৰ পুৰণি ক্লাব বাৰ্চিলোনাৰ জৰিয়তেই ডাঙৰ হৈছে, তেওঁও বিশ্বজয়ৰ যুঁজত নামিব ।

লগতে পঢ়ক : ছেমি ফাইনেলত জয়লাভৰ পিছতে বিতৰ্কত আৰ্জেণ্টিনা!

ইংলেণ্ডৰ সপোন চুৰমাৰ কৰি মহাকাব্যিক জয়েৰে ফাইনেলত মেছীৰ আৰ্জেণ্টিনা

ফিফা বিশ্বকাপ ২০২৬ ৰ দ্বিতীয় ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৭ মিনিটত দুটা গ’ল দি একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত স্থান দখল কৰে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই। অন্তিম মুহূৰ্তলৈকে ইংলেণ্ডে আধিপত্য বিস্তাৰ কৰি আছিল যদিও শেষৰ ৭ মিনিটত মেছী বাহিনীয়ে সমগ্ৰ খেল সলনি কৰি দিয়ে ।

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিলে লিয়’নেল মেছীৰ আৰ্জেণ্টিনাই। ছেমিফাইনেলৰ এক শ্বাসৰুদ্ধকৰ মহাসমৰত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইংলেণ্ডক ২-১ ব্যৱধানত ধূলিস্যাৎ কৰে। খেলখনৰ অন্তিম মুহূৰ্তলৈকে ইংলেণ্ডে আধিপত্য বিস্তাৰ কৰি আছিল যদিও শেষৰ ৭ মিনিটত মেছী বাহিনীয়ে সমগ্ৰ খেল সলনি কৰি দিয়ে ।

এই জয়েৰে আৰ্জেণ্টিনাই অভিলেখসংখ্যক ৭ম বাৰৰ বাবে ফিফা বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে। এতিয়া ২০২৬ বিশ্বকাপৰ মেগা ফাইনেলত আৰ্জেণ্টিনাৰ মুখামুখি হ’ব স্পেইন। আনহাতে, ছেমিফাইনেলতে ট্ৰফীৰ সপোন ভংগ হোৱা ইংলেণ্ডে এতিয়া তৃতীয় স্থানৰ বাবে ফ্ৰান্সৰ বিৰুদ্ধে খেলিব লাগিব।

শেষ ৭ মিনিটত আৰ্জেণ্টিনাৰ ৰাজকীয় প্ৰত্যাৱৰ্তন:
খেলৰ প্ৰথমাৰ্ধ গ’লহীনভাৱে শেষ হোৱাৰ পিছত, দ্বিতীয়াৰ্ধত এন্থনী গৰ্ডনৰ এক অনবদ্য গ’লৰ সহায়ত ইংলেণ্ডে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল। এসময়ত এনে লাগিছিল যেন মেছীৰ বিশ্বকাপ ধৰি ৰখাৰ সপোন চূৰ্ণ-বিচুৰ্ণ হ’ব আৰু থমাছ টুচেলৰ ইংলেণ্ড ফাইনেললৈ যাব।

কিন্তু ফুটবল জগতত যে মেছীৰ যাদু কেতিয়াও শেষ নহয়, সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল। নিজে গ’ল নকৰিলেও লিয়’নেল মেছীয়ে মেচৰ শেষৰ ফালে দুটাকৈ চমৎকাৰ পাছ আগবঢ়ায়। প্ৰথমে এনজো ফাৰ্নাণ্ডিছে গ’ল দি খেলখন ১-১ সমতালৈ আনে। ইয়াৰ ঠিক পিছতেই, ইনজুৰী টাইমৰ দ্বিতীয় মিনিটত লাউটাৰো মাৰ্টিনেজে ইংলেণ্ডৰ ডিফেন্সক ভেদ কৰি বিজয়ী গ’লটো কৰে আৰু আৰ্জেণ্টিনাক ২-১ ৰ এক অবিশ্বাস্য জয় উপহাৰ দিয়ে।
ফাউল আৰু হালধীয়া কাৰ্ডৰ উত্তেজনাপূৰ্ণ যুঁজ:
প্ৰথমৰে পৰা দুয়োটা দলেই অতি আক্ৰমণাত্মক আৰু কঠিন গেম খেলা দেখা গৈছিল। খেলৰ প্ৰথম ১২ মিনিটতে ৮ টাকৈ ফাউল হয়। ইংলেণ্ডৰ তাৰকা জুড বেলিংহাম আৰু এলিয়ট এণ্ডাৰছনক আৰ্জেণ্টিনাৰ খেলুৱৈয়ে কেইবাবাৰো ফাউল কৰে। আনহাতে, ব্ৰিটেইনৰ অধিনায়ক হেৰী কেন আৰু এন্থনী গৰ্ডনেও মেছীক লক্ষ্য কৰি ফাউল কৰাৰ চেষ্টা চলায়। খেলখনত এণ্ডাৰছন আৰু আৰ্জেণ্টিনাৰ লিচান্দ্ৰো মাৰ্টিনেজে হালধীয়া কাৰ্ডো দেখিবলৈ পায়।

কিন্তু শেষ মুহূৰ্তৰ স্নায়ুযুদ্ধত ইংলেণ্ডক পিছ পেলাই শেষ হাঁহি মাৰিলে মেছী এণ্ড কোম্পানীয়ে। এতিয়া সমগ্ৰ বিশ্বৰ চকু থাকিব আৰ্জেণ্টিনা বনাম স্পেইনৰ সেই ঐতিহাসিক ফাইনেল মেচখনৰ ওপৰত।

লগতে পঢ়ক: আইচিচিৰ ডাঙৰ সিদ্ধান্ত; সলনি হ’ল ২০২৭ ৰ এদিনীয়া বিশ্বকাপৰ ফৰ্মেট

এমবাপ্পেক অতিক্ৰমি গ’ল্ডেন বুটৰ দৌৰৰ শীৰ্ষত লিয়’নেল মেছি

ফিফা বিশ্বকাপৰ ক্ৰমাগত অষ্টমখন খেলত গ’ল দি নতুন অভিলেখ গঢ়িলে লিয়’নেল মেছিয়ে।কেপ ভাৰ্ডেৰ বিৰুদ্ধে ৩-২ গ’লত ৰোমাঞ্চকৰ জয়ত মেছিয়ে প্ৰতিযোগিতাখনৰ সপ্তমটো গ’ল আৰু বিশ্বকাপ কেৰিয়াৰৰ ২০তম গ’লটো দিয়ে।

লিয়’নেল মেছিৰ ৰেকৰ্ড ভংগৰ ধাৰা থমকি ৰোৱাৰ নাম লোৱা নাই। আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে ফিফা বিশ্বকাপৰ একেৰাহে অষ্টমখন মেচত গ’ল দি নিজৰ ৰেকৰ্ড অধিক শক্তিশালী কৰিলে।ফিফা বিশ্বকাপৰ একেৰাহে আঠখন খেলত গ’ল দিয়া বিশ্বৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় লিয়’নেল মেছি। কেপ ভাৰ্ডেৰ বিৰুদ্ধে শনিবাৰে খেলা অতি ৰোমাঞ্চকৰ মেচখনত অতিৰিক্ত সময়ত আৰ্জেণ্টিনাই ৩-২ গ’লত জয়লাভ কৰি ৰাউণ্ড অব-১৬ ত স্থান নিশ্চিত কৰে।

খেলখনৰ ২৯ নং মিনিটত মেছিয়ে এক সুন্দৰ গ’ল দিয়ে। ডিফেণ্ডাৰ লিছান্দ্ৰ’ মাৰ্টিনেজে বক্সৰ ভিতৰলৈ এটা দীঘলীয়া আৰু সঠিক পাছ পঠিয়াইছিল, য’ত মেছিয়ে উৎকৃষ্ট টাইমিঙৰ সৈতে দৌৰি গৈছিল। তেওঁ প্ৰথম টাচটো বৰ সুন্দৰকৈ ল’লে আৰু তাৰ পিছত গ’লৰক্ষক ভ’জিনহাৰ ওপৰেৰে বলটো নেটৰ ওপৰৰ অংশলৈ পঠিয়াই আৰ্জেণ্টিনাক ১-০ ব্যৱধানত আগুৱাই লৈ যায়।

এয়া মেছিৰ বিশ্বকাপ কেৰিয়াৰৰ ২০ সংখ্যক গ’ল আছিল।ইয়াৰ সৈতে তেওঁ এই তালিকাত দ্বিতীয় স্থানত থকা ফ্ৰান্সৰ কিলিয়ান এমবাপ্পেতকৈ দুটা গ’লৰ অগ্ৰগতি লাভ কৰে।মেছি এতিয়া বিশ্বকাপ ইতিহাসৰ আটাইতকৈ বেছি গ’ল কৰা খেলুৱৈ হৈ পৰিছে। চলিত বিশ্বকাপত এয়া মেছিৰ সপ্তমটো গ’ল আছিল। ইয়াৰ সৈতে তেওঁ ‘গ’ল্ডেন বুট’ৰ দৌৰত এমবাপ্পেক পিছ পেলাই। এমবাপ্পেৰ নামত বৰ্তমান ছয়টা গ’ল থকাৰ বিপৰীতে মেছি সাতটা গ’লেৰে আটাইতকৈ আগত আছে। একেৰাহে আঠখন বিশ্বকাপ মেচত গ’ল কৰা মেছিয়ে এই সময়ছোৱাত ১২ টা গ’ল দিছে। এই ধাৰাবাহিকতাই তেওঁৰ দুৰ্দান্ত ফৰ্মৰ প্ৰমাণ দিয়ে।

মেচৰ আৰম্ভণিৰে পৰাই মেছিক আক্ৰমণাত্মক ৰূপত দেখা গৈছিল। ১৫ সংখ্যক মিনিটত তেওঁৰ বাওঁ ভৰিৰ শ্বটটো সামান্য ব্যৱধানত পোষ্টৰ বাহিৰলৈ গুচি যায়। ইয়াৰ তিনি মিনিট পিছত তেওঁ প্ৰায় ২৫ গজ দূৰৰ পৰা এটা ফ্ৰী-কিক লাভ কৰে, কিন্তু কেপ ভাৰ্ডেৰ অভিজ্ঞ গ’লৰক্ষক ভ’জিনহাই তাক সহজেই ৰক্ষা কৰে।

অৱশ্যে ইয়াৰ পিছত মেছিয়ে ২৯ সংখ্যক মিনিটত এক সুন্দৰ ফিনিচিং কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। গ’ল কৰাৰ পিছত তেওঁ হাত মেলি লিছান্দ্ৰ’ মাৰ্টিনেজৰ ফালে ইংগিত কৰে আৰু তেওঁৰ পাছটোক প্ৰশংসা কৰে। ইয়াৰ পিছত সমগ্ৰ দলে তেওঁক সাৱটি ধৰি আনন্দ উদযাপন কৰে।

এয়া মেছিৰ আন্তৰ্জাতিক কেৰিয়াৰৰ ১২৪ সংখ্যক গ’ল আছিল। আন্তৰ্জাতিক ফুটবলত তেওঁতকৈ আগত কেৱল পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আছে, যাৰ নামত ১৪৬ টা গ’ল নথিভুক্ত হৈ আছে।

মেচৰ শেষত আৰ্জেণ্টিনাৰ মিডফিল্ডাৰ ৰড্ৰিগো ডি পলে মেছিৰ প্ৰশংসা কৰি কয়:”মোৰ বাবে তেওঁৰ সৈতে থকা বন্ধুত্বৰ মূল্য বহুত বেছি। বন্ধুত্ব জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰসমূহৰ ভিতৰত অন্যতম আৰু মই নিজকে ভাগ্যৱান বুলি ভাবো যে তেওঁৰ সৈতে মই এই মুহূৰ্তবোৰ কটাইছোঁ।”

যদিও কেপ ভাৰ্ডেই বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল আৰু খেলখন অতিৰিক্ত সময়লৈকে টানি লৈ গৈছিল, তথাপিও অৱশেষত আৰ্জেণ্টিনাই ৩-২ ব্যৱধানত জয়লাভ কৰি শেষ-১৬ ৰ স্থান দখল কৰে।

লগতে পঢ়ক: ফিফা বিশ্বকাপত ইজিপ্তৰ ইতিহাস; পেনাল্টী শ্বুটআউটত অষ্ট্ৰেলিয়াক পৰাস্ত

ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি উপস্থিত থাকে ফুটবল সম্ৰাট লিয়নেল মেছি । তেওঁক আই চি চিৰ অধ্যক্ষ জয় শ্বাহে প্ৰদান কৰে বিশেষ উপহাৰ ।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছিয়ে তেওঁৰ “GOAT Tour to India 2025″ৰ অংশ হিচাপে কলকাতা, হায়দৰাবাদ আৰু মুম্বাইৰ পিছত দিল্লীত উপস্থিত হয় । এই ভ্ৰমণৰ সময়ত মেছিয়ে ১৫ ডিচেম্বৰ, সোমবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । মেছি চাবলৈ ষ্টেডিয়ামখন অনুৰাগীৰে ভৰি পৰে । অনুৰাগীৰ পৰা লাভ কৰা মৰমত মেছি আপ্লুত হৈ পৰে । মেছিৰ সৈতে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ ৰড্ৰিগো ডি পল আৰু উৰুগুৱেৰ কিংবদন্তি লুইছ ছুয়াৰেজো উপস্থিত আছিল ।

অৰুণ জেটলী ষ্টেডিয়ামত লিয়নেল মেছিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু দিল্লী জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলীক সাক্ষাৎ কৰে । শ্বাহে মেছিক ভাৰতীয় ক্ৰিকেট দলৰ ১০ নম্বৰ জাৰ্চি উপহাৰ দিয়ে । লগতে শ্বাহে লুইছ ছুৱেৰেজক ৯ নম্বৰৰ জাৰ্চি আৰু ৰড্ৰিগো ডি পলক ৭ নম্বৰ জাৰ্চি প্ৰদান কৰে ।

লগতে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে লিয়নেল মেছিক ভাৰতীয় ক্ৰিকেটাৰৰ স্বাক্ষৰিত ক্ৰিকেট বেট প্ৰদান কৰে । অনুষ্ঠানটোক আৰু বিশেষ কৰি তুলিবলৈ শ্বাহে মেছিক আই চি চি টি-২০ বিশ্বকাপ ২০২৬লৈ নিমন্ত্ৰণ কৰি ভাৰত বনাম ইউ এছ এৰ খেলখনৰ টিকট উপহাৰ দিয়ে ।

লিয়নেল মেছিয়ে কয়, “মই পূৰ্বেই জানিছিলোঁ যে ভাৰতত বহুত মৰম পাই, কিন্তু প্ৰত্যক্ষভাৱে অনুভৱ কৰাটো সম্পূৰ্ণ বেলেগ অভিজ্ঞতা আছিল । যোৱা কেইদিনমানত আপোনালোক সকলোৱে আমাৰ বাবে যিখিনি কৰিলে সেয়া আছিল আচৰিত ধৰণৰ, উন্মাদনাতকৈ কম নহয় । আপোনালোকৰ সকলো মৰমৰ বাবে আকৌ এবাৰ ধন্যবাদ । আমি নিশ্চিতভাৱে আকৌ ভাৰতলৈ আহিম, হয়তো মেচ খেলিবলৈ বা আন কোনো অনুষ্ঠানৰ বাবে । কিন্তু এটা কথা নিশ্চিত যে আমি আহিম ।”

লগতে পঢ়ক : কেৱল ৰোহিত-কোহলীয়েই নহয়… বৰ্তমানৰ প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈক লৈ বিচিচিআইৰ কঠোৰ স্থিতি

কলকাতাৰ ঘটনাক লৈ মেছীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

মেছীৰ ওচৰত ক্ষমা বিচাৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ।

-কলকাতাৰ ঘটনাক লৈ মেছীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

-কলকাতাৰ চল্টলেক ষ্টেডিয়ামলৈ আমন্ত্ৰণ জনাইছিল কিংবদন্তী ফুটবলাৰ মেছীক

-মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি

-মাত্ৰ ১০ মিনিটতে মেছীয়ে ত্যাগ কৰিছিল ষ্টেডিয়াম

-ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে মেছীক চাবলৈ অহা দৰ্শক

-মেছীয়ে ষ্টেডিয়াম ত্যাগ কৰাৰ পিছতেই দৰ্শকে লণ্ড-ভণ্ড কৰে ষ্টেডিয়াম

-হাজাৰ হাজাৰ টকা খৰচ কৰি দৰ্শকে চাবলৈ আহিছিল মেছীক

-মেছীক আমন্ত্ৰণ কৰি এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বাবে ক্ষমা বিচাৰিছে মমতা বেনাৰ্জীয়ে

-এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে তদন্ত কমিটি

-অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অসীম কুমাৰ ৰয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবক লৈ গঠন কৰা হৈছে এই কমিটি

লগতে পঢ়ক : ৰণক্ষেত্ৰলৈ পৰিণত হ’ল খেলপথাৰ, ফুটবল সম্ৰাটক চাবলৈ নাপায় অনুৰাগীৰ তাণ্ডৱ