ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ

ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি উপস্থিত থাকে ফুটবল সম্ৰাট লিয়নেল মেছি । তেওঁক আই চি চিৰ অধ্যক্ষ জয় শ্বাহে প্ৰদান কৰে বিশেষ উপহাৰ । বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছিয়ে তেওঁৰ “GOAT Tour to India 2025″ৰ অংশ হিচাপে কলকাতা, হায়দৰাবাদ আৰু মুম্বাইৰ পিছত দিল্লীত উপস্থিত

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি উপস্থিত থাকে ফুটবল সম্ৰাট লিয়নেল মেছি । তেওঁক আই চি চিৰ অধ্যক্ষ জয় শ্বাহে প্ৰদান কৰে বিশেষ উপহাৰ ।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছিয়ে তেওঁৰ “GOAT Tour to India 2025″ৰ অংশ হিচাপে কলকাতা, হায়দৰাবাদ আৰু মুম্বাইৰ পিছত দিল্লীত উপস্থিত হয় । এই ভ্ৰমণৰ সময়ত মেছিয়ে ১৫ ডিচেম্বৰ, সোমবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । মেছি চাবলৈ ষ্টেডিয়ামখন অনুৰাগীৰে ভৰি পৰে । অনুৰাগীৰ পৰা লাভ কৰা মৰমত মেছি আপ্লুত হৈ পৰে । মেছিৰ সৈতে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ ৰড্ৰিগো ডি পল আৰু উৰুগুৱেৰ কিংবদন্তি লুইছ ছুয়াৰেজো উপস্থিত আছিল ।

অৰুণ জেটলী ষ্টেডিয়ামত লিয়নেল মেছিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু দিল্লী জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলীক সাক্ষাৎ কৰে । শ্বাহে মেছিক ভাৰতীয় ক্ৰিকেট দলৰ ১০ নম্বৰ জাৰ্চি উপহাৰ দিয়ে । লগতে শ্বাহে লুইছ ছুৱেৰেজক ৯ নম্বৰৰ জাৰ্চি আৰু ৰড্ৰিগো ডি পলক ৭ নম্বৰ জাৰ্চি প্ৰদান কৰে ।

লগতে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে লিয়নেল মেছিক ভাৰতীয় ক্ৰিকেটাৰৰ স্বাক্ষৰিত ক্ৰিকেট বেট প্ৰদান কৰে । অনুষ্ঠানটোক আৰু বিশেষ কৰি তুলিবলৈ শ্বাহে মেছিক আই চি চি টি-২০ বিশ্বকাপ ২০২৬লৈ নিমন্ত্ৰণ কৰি ভাৰত বনাম ইউ এছ এৰ খেলখনৰ টিকট উপহাৰ দিয়ে ।

লিয়নেল মেছিয়ে কয়, “মই পূৰ্বেই জানিছিলোঁ যে ভাৰতত বহুত মৰম পাই, কিন্তু প্ৰত্যক্ষভাৱে অনুভৱ কৰাটো সম্পূৰ্ণ বেলেগ অভিজ্ঞতা আছিল । যোৱা কেইদিনমানত আপোনালোক সকলোৱে আমাৰ বাবে যিখিনি কৰিলে সেয়া আছিল আচৰিত ধৰণৰ, উন্মাদনাতকৈ কম নহয় । আপোনালোকৰ সকলো মৰমৰ বাবে আকৌ এবাৰ ধন্যবাদ । আমি নিশ্চিতভাৱে আকৌ ভাৰতলৈ আহিম, হয়তো মেচ খেলিবলৈ বা আন কোনো অনুষ্ঠানৰ বাবে । কিন্তু এটা কথা নিশ্চিত যে আমি আহিম ।”

লগতে পঢ়ক : কেৱল ৰোহিত-কোহলীয়েই নহয়… বৰ্তমানৰ প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈক লৈ বিচিচিআইৰ কঠোৰ স্থিতি

শেহতীয়া প্ৰৱন্ধসমূহ