টি-২০ বিশ্বকাপৰ ৱাৰ্ম আপ মেচৰ বাবে ঘোষণা টিম ইণ্ডিয়া, দললৈ উভতিল তিলক বাৰ্মা

টি-২০ বিশ্বকাপৰ পূৰ্বে দুখনকৈ প্ৰস্তুতি মেচ খেলিব টিম ইণ্ডিয়াই । ইয়াৰ বাবে ঘোষণা কৰা হৈছে দল ।

টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াৰ প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে । ইয়াৰ মাজতে ঘোষণা কৰা হৈছে ইণ্ডিয়া এ দল, যিয়ে বিশ্বকাপৰ পূৰ্বে দুখন গুৰুত্বপূৰ্ণ ৱাৰ্ম আপ মেচ খেলিব । উল্লেখ্য যে, এই প্ৰথম অনুশীলন মেচখনত আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি আহিব যুৱ বেটছমেন তিলক বাৰ্মা ।

আয়ুষ বাদোনীক অধিনায়কৰ দায়িত্ব-

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আয়ুষ বাদোনীক ইণ্ডিয়া এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । আজি দলটোৱে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন ৱাৰ্ম আপ মেচ খেলিব । দ্বিতীয়খন খেল নামিবিয়াৰ বিৰুদ্ধে বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্স (CoE)ত অনুষ্ঠিত হ’ব । এই দুখন মেচত খেলুৱৈসকলে বিশ্বকাপৰ পূৰ্বে নিজৰ ফৰ্ম আৰু ফিটনেছ পৰীক্ষা কৰাৰ এক ভাল সুযোগ লাভ কৰিব ।

তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তনত শক্তি বৃদ্ধি ভাৰতৰ-

টিম ইণ্ডিয়াৰ বাবে আটাইতকৈ উৎসাহজনক খবৰটো হ’ল তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তন । শেহতীয়াকৈ তিলকৰ অস্ত্ৰোপচাৰ হৈছিল আৰু এতিয়া তেওঁক বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সে ফিট বুলি ঘোষণা কৰিছে । ২ ফেব্ৰুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে তেওঁ ইণ্ডিয়া এৰ হৈ খেলিব, তাৰ পিছত তেওঁ ছিনিয়ৰ দলত যোগদান কৰিব । তেওঁৰ প্ৰত্যাৱৰ্তনৰ ফলত ভাৰতীয় দলৰ মিডল অৰ্ডাৰ শক্তিশালী হ’ব বুলি আশা কৰা হৈছে ।

আই পি এলৰ তাৰকাৰে সমৃদ্ধ ভাৰতীয় দল-

১৫ জনীয়া ইণ্ডিয়া এ দলত আছে আই পি এলত ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়োৱা কেইবাগৰাকীও খেলুৱৈ । নমন ধীৰ, বিপ্ৰজ নিগম আৰু বেগী বলাৰ মায়ংক যাদৱৰ দৰে যুৱ খেলুৱৈ দলটোৰ অংশ । এই খেলুৱৈসকলে নিজৰ প্ৰদৰ্শনেৰে নিৰ্বাচকসকলক আপ্লুত কৰাৰ সুযোগ পাব ।

অপেক্ষা কৰিব লাগিব কেইবাজনো খেলুৱৈয়ে-

ৱাশ্বিংটন সুন্দৰক পুনৰবাৰ দলৰ পৰা আঁতৰত আছে । শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ শৃংখলাত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলাত ব্যৰ্থ হয় আৰু আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই তেওঁ । খবৰ অনুসৰি সুন্দৰে অতি সোনকালে ফিটনেছ টেষ্টত অৱতীৰ্ণ হ’ব লাগিব । ইফালে, কান্ধৰ আঘাতৰ পৰা সুস্থ হৈ উঠা ৰিয়ান পৰাগ দললৈ ঘূৰি আহিছে, যিটো ইণ্ডিয়া এৰ বাবে ভাল খবৰ ।

ইণ্ডিয়া এ স্কোৱাড-

আয়ুষ বাদোনি (অধিনায়ক), নমন ধীৰ, আশুতোষ শৰ্মা, প্ৰিয়ংশ আৰ্য্য, এন জগদীশন (উইকেটকীপাৰ), তিলক বাৰ্মা, ৰিয়ান পৰাগ, মানৱ সুথাৰ, অশোক শৰ্মা, উৰভিল পেটেল (উইকেটকীপাৰ), গুৰজপনীত সিং, বিপ্ৰজ নিগম, ৰবি বিষ্ণোই, খলিল আহমেদ, মায়ংক যাদৱ ।

লগতে পঢ়ক : “ফিল দ্য থ্ৰিল”… থিম ছং মুকলি কৰি টি-২০ বিশ্বকাপৰ ৰণশিঙা বজালে আইচিচিয়ে

৪ বেটছমেন, ৪ অল ৰাউণ্ডাৰ, ২ উইকেটকীপাৰ… টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াৰ কম্বিনেচন

টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হৈছে টিম ইণ্ডিয়া । জানক এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলৰ কম্বিনেচন…

২০ ডিচেম্বৰ শনিবাৰে আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ঘোষণা কৰা হয় ভাৰতীয় দল । আগন্তুক এই মেগা ইভেণ্টৰ বাবে সূৰ্যকুমাৰ যাদৱে টিম ইণ্ডিয়াৰ অধিনায়কত্ব লাভ কৰাৰ বিপৰীতে অক্ষৰ পেটেলক সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । শুভমন গীলক এই দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই । ৭ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব টি-২০ বিশ্বকাপ ।

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াত অভিজ্ঞতা আৰু যুৱৰ এক শক্তিশালী মিশ্ৰণ দেখা গৈছে । সূৰ্যকুমাৰ যাদৱ, যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া আৰু অৰ্শদীপ সিঙৰ দৰে অভিজ্ঞ খেলুৱৈ দলটোৰ অংশ । অভিষেক শৰ্মা, ঈশান কিষণ, তিলক বাৰ্মা, হৰ্ষিত ৰানাৰ দৰে যুৱ তাৰকাৰ ওপৰতো আস্থা ৰাখিছে বি চি চি আইয়ে ।

টিম ইণ্ডিয়াত আছে চাৰিজন বেটছমেন, দুজন বেটিং অল-ৰাউণ্ডাৰ, দুজন স্পীন-বলিং অল-ৰাউণ্ডাৰ, তিনিজন স্পেচিয়েলিষ্ট ফাষ্ট বলাৰ, দুজন উইকেটকীপাৰ আৰু দুজন স্পেচিয়েলিষ্ট স্পীনাৰ । অভিষেক শৰ্মাই সঞ্জু চেমছনৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে, আনহাতে ৰিংকু সিং বা শিৱম ডুবেই ফিনিছাৰ হিচাপে খেলিব পাৰে । প্ৰয়োজন হ’লে শীৰ্ষ ক্ৰমত সঞ্জুৰ ঠাইত ঈশাণকো বিবেচনা কৰা হ’ব পাৰে ।

কুলদীপ আৰু বৰুণৰ স্পীন যাদু-

বেট আৰু বল দুয়োটা ক্ষেত্ৰতে ভাল প্ৰদৰ্শনৰ দায়িত্ব অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰৰ কান্ধত থাকিব । অভিষেক শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাই বেটিঙত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীৰ স্পীনে যিকোনো দলৰ অগ্ৰগতিত ব্যাঘাত জন্মাব পাৰে । তদুপৰি এছিয়া উপমহাদেশত অনুষ্ঠিত হৈছে টি-২০ বিশ্বকাপ, য’ত পৰিস্থিতি এই দুজন স্পীনাৰৰ হৈ উঠিব পাৰে । ইফালে ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰানা আৰু অৰ্শদীপ সিঙৰ বিপক্ষৰ বেটিং মেৰুদণ্ড যিকোনো সময়ত ভাঙিব পৰাৰ ক্ষমতা আছে ।

আগন্তুক টি-২০ বিশ্বকাপত পাকিস্তান, আমেৰিকা যুক্তৰাষ্ট্ৰ, নামিবিয়া, নেদাৰলেণ্ডৰ সৈতে টিম ইণ্ডিয়াক গ্ৰুপ এত স্থান দিয়া হৈছে । ভাৰতৰ চাৰিওখন গ্ৰুপ মেচ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব । ভাৰতীয় দলটোৱে অহা ৭ ফেব্ৰুৱাৰীত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব । ইয়াৰ পিছতে ১২ ফেব্ৰুৱাৰীত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত নামিবিয়াৰ বিৰুদ্ধে খেলিব । ইয়াৰ পিছত ভাৰতীয় দলটোৱে ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত মুখামুখি হ’ব তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে । অহা ১৮ ফেব্ৰুৱাৰীত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অন্তিমখন গ্ৰুপ মেচ অনুষ্ঠিত হ’ব ।

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ১৫ জনীয়া ভাৰতীয় দল :

সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল (সহ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, সঞ্জু চেমছন (উইকেটকীপাৰ), অৰ্শদীপ সিং, ৰিংকু সিং, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, ৱাশ্বিংটন সুন্দৰ আৰু ঈশান কিষণ (উইকেটকীপাৰ) ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে বি চি চি আইৰ ৫টা ডাঙৰ সিদ্ধান্ত… যিয়ে আচৰিত কৰিছে সকলোকে

ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি উপস্থিত থাকে ফুটবল সম্ৰাট লিয়নেল মেছি । তেওঁক আই চি চিৰ অধ্যক্ষ জয় শ্বাহে প্ৰদান কৰে বিশেষ উপহাৰ ।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছিয়ে তেওঁৰ “GOAT Tour to India 2025″ৰ অংশ হিচাপে কলকাতা, হায়দৰাবাদ আৰু মুম্বাইৰ পিছত দিল্লীত উপস্থিত হয় । এই ভ্ৰমণৰ সময়ত মেছিয়ে ১৫ ডিচেম্বৰ, সোমবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । মেছি চাবলৈ ষ্টেডিয়ামখন অনুৰাগীৰে ভৰি পৰে । অনুৰাগীৰ পৰা লাভ কৰা মৰমত মেছি আপ্লুত হৈ পৰে । মেছিৰ সৈতে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ ৰড্ৰিগো ডি পল আৰু উৰুগুৱেৰ কিংবদন্তি লুইছ ছুয়াৰেজো উপস্থিত আছিল ।

অৰুণ জেটলী ষ্টেডিয়ামত লিয়নেল মেছিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু দিল্লী জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলীক সাক্ষাৎ কৰে । শ্বাহে মেছিক ভাৰতীয় ক্ৰিকেট দলৰ ১০ নম্বৰ জাৰ্চি উপহাৰ দিয়ে । লগতে শ্বাহে লুইছ ছুৱেৰেজক ৯ নম্বৰৰ জাৰ্চি আৰু ৰড্ৰিগো ডি পলক ৭ নম্বৰ জাৰ্চি প্ৰদান কৰে ।

লগতে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে লিয়নেল মেছিক ভাৰতীয় ক্ৰিকেটাৰৰ স্বাক্ষৰিত ক্ৰিকেট বেট প্ৰদান কৰে । অনুষ্ঠানটোক আৰু বিশেষ কৰি তুলিবলৈ শ্বাহে মেছিক আই চি চি টি-২০ বিশ্বকাপ ২০২৬লৈ নিমন্ত্ৰণ কৰি ভাৰত বনাম ইউ এছ এৰ খেলখনৰ টিকট উপহাৰ দিয়ে ।

লিয়নেল মেছিয়ে কয়, “মই পূৰ্বেই জানিছিলোঁ যে ভাৰতত বহুত মৰম পাই, কিন্তু প্ৰত্যক্ষভাৱে অনুভৱ কৰাটো সম্পূৰ্ণ বেলেগ অভিজ্ঞতা আছিল । যোৱা কেইদিনমানত আপোনালোক সকলোৱে আমাৰ বাবে যিখিনি কৰিলে সেয়া আছিল আচৰিত ধৰণৰ, উন্মাদনাতকৈ কম নহয় । আপোনালোকৰ সকলো মৰমৰ বাবে আকৌ এবাৰ ধন্যবাদ । আমি নিশ্চিতভাৱে আকৌ ভাৰতলৈ আহিম, হয়তো মেচ খেলিবলৈ বা আন কোনো অনুষ্ঠানৰ বাবে । কিন্তু এটা কথা নিশ্চিত যে আমি আহিম ।”

লগতে পঢ়ক : কেৱল ৰোহিত-কোহলীয়েই নহয়… বৰ্তমানৰ প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈক লৈ বিচিচিআইৰ কঠোৰ স্থিতি

টি-২০ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে বিপৰ্যয়ৰ সন্মুখীন টিম ইণ্ডিয়া, আই চি চিয়ে বিহিলে জৰিমনা

টি-২০ শৃংখলাৰ পূৰ্বে বিপদৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া । আই চি চিয়ে ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াৰ সময়ত ভাৰতীয় দলে কৰা ভুলৰ বাবে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা ।

ৰায়পুৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াৰ সময়ত লেহেমীয়া অভাৰ ৰেটৰ বাবে আই চি চিয়ে টিম ইণ্ডিয়াক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহিছে । পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ হোৱাৰ মাত্ৰ এদিন পূৰ্বে আই চি চিয়ে এই কথা ঘোষণা কৰে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এক বিবৃতিত কয় যে ভাৰতৰ বিৰুদ্ধে আই চি চিৰ খেলুৱৈ আৰু খেলুৱৈ সহায়ক কৰ্মীৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে, যিটো নূন্যতম অভাৰ ৰেট অপৰাধৰ সৈতে জড়িত ।

আই চি চিয়ে জনোৱা মতে, সময় ভাট্টা লক্ষ্য কৰিও কে এল ৰাহুলৰ দলে লক্ষ্যৰ পৰা দুটা অভাৰ কম হোৱাৰ পিছত এমিৰেটছ আই চি চি এলিট পেনেলৰ মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে এই অনুমোদন জাৰি কৰে ।

ভুল স্বীকাৰ কে এল ৰাহুলৰ-

যদিহে অনুমোদিত হয় তেন্তে তেওঁলোকৰ দলে নিৰ্ধাৰিত সময়ত বলিং কৰিব নোৱাৰা প্ৰতিটো অভাৰৰ বাবে খেলুৱৈসকলক তেওঁলোকৰ মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহা হয় । ষ্টেণ্ড ইন কেপ্তেইন হিচাপে কে এল ৰাহুলে অভিযোগ স্বীকাৰ কৰি অনুমোদন গ্ৰহণ কৰে, গতিকে কোনো আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাছিল ।

ৰায়পুৰত পৰাস্ত টিম ইণ্ডিয়া-

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাৰতে ২-১ ব্যৱধানত জয়লাভ কৰিছিল যদিও যিখন খেলৰ বাবে টীম ইণ্ডিয়া জৰিমণাৰ সন্মুখীন হয় সেইখন খেলত জয়ী হৈছিল আলহী দলটো । ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলী (১০২) আৰু ৰুতুৰাজ গাইকোৱাদৰ (১০৫) শতকৰ সহায়ত টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি মুঠ ৩৫৮ ৰান সংগ্ৰহ কৰাত সহায় কৰিছিল ।

অৱশ্যে ষ্টেডিয়ামত নিয়ৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি দ্বিতীয় ইনিংছত বেটিং সহজ কৰি তুলিছিল । লক্ষ্য অনুসৰণ কৰি এইডেন মাৰ্ক্ৰামে ১১০ ৰানৰ এক উজ্জ্বল ইনিংছ খেলে । এই মেচখনত জয়লাভ কৰি আলহী দলটোৱে শৃংখলা সমতা স্থাপন কৰে যদিও নিৰ্ণায়ক এদিনীয়া খেলখনত ভাৰতে ৯ উইকেটত জয়লাভ কৰি শৃংখলাটো জয় কৰে ।

মঙলবাৰে ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০

টেষ্ট আৰু এদিনীয়া শৃংখলাৰ পাছত এতিয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাই টি-২০ শৃংখলা খেলিব । পাঁচখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৯ ডিচেম্বৰ, মঙলবাৰে কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ।

লগতে পঢ়ক : নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব

অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত… কেতিয়া হ’ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ?  

টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ  

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা ২-১ ব্যৱধানত দখল কৰে ভাৰতীয় দলে । ৮ নৱেম্বৰ শনিবাৰে ব্রিজবেনৰ দ্য গাব্বাত অনুষ্ঠিত হয় এই শৃংখলাৰ অন্তিমখন মেচ ৷ অৱশ্যে বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় । উল্লেখ্য যে, ২০০৮ চনৰ পৰা অষ্ট্ৰেলিয়াৰ মাটিত টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই টীম ইণ্ডিয়া । সেই ধাৰা পুনৰ ৰক্ষা কৰে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে ।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত টিম ইণ্ডিয়াই ৫ খন টি-২০ মেচ আৰু তিনিখন এদিনীয়া খেল খেলিছিল । শুভমন গীলৰ অধিনায়কত্বত ভাৰতে ১-২ ব্যৱধানত এদিনীয়া শৃংখলাত পৰাস্ত হয় । অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত ভাৰতীয় খেলুৱৈসকলে বিশেষ বিৰতি নাপাব । ভাৰতীয় দলটোৱে এতিয়া ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া, পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব ।

ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ১৪ নৱেম্বৰত কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব, য’ত এসপ্তাহতকৈও কম সময় বাকী আছে । ইয়াৰ পিছত ২২ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু অন্তিম টেষ্ট মেচ । টেষ্টৰ পিছতে আৰম্ভ হ’ব এদিনীয়া শৃংখলা । ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । দ্বিতীয়খন খেল ৩ ডিচেম্বৰত ৰায়পুৰত অনুষ্ঠিত হ’ব আৰু অন্তিম এদিনীয়া ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব ।

কেতিয়া অনুষ্ঠিত হ’ব টি-২০ মেচ ?

এদিনীয়া খেলৰ পিছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই পাঁচখন খেলৰ টি-২০ শৃংখলাত মুখামুখি হ’ব । ৯ ডিচেম্বৰত কটকত অনুষ্ঠিত হ’ব টি-২০ ছিৰিজৰ প্ৰথমখন মেচ । ইয়াৰ পিছত ১১ ডিচেম্বৰ (মুল্লানপুৰ), ১৪ ডিচেম্বৰ (ধৰমশালা), ১৭ ডিচেম্বৰ (লক্নৌ) আৰু ১৯ ডিচেম্বৰ (আহমেদাবাদ)ত অনুষ্ঠিত হ’ব টি-২০ মেচ ।

উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলে টেষ্ট শৃংখলাৰ বাবে নিজৰ দল ঘোষণা কৰিছে । টেষ্ট শৃংখলাত টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে শুভমন গীল, দক্ষিণ আফ্ৰিকাৰ দলৰ নেতৃত্ব দিব টেম্বা বাভুমাই । এদিনীয়া আৰু টি-২০ শৃংখলাৰ দল এতিয়াও চূড়ান্ত হোৱা নাই ।

টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়া :

শুভমন গীল (অধিনায়ক), ঋষভ পন্ট (উপ-অধিনায়ক/উইকেটকীপাৰ), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পাদ্দিকল, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু আকাশ দীপ ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াত মেন ইন ব্লুৰ পৰাক্ৰম; ২-১ ব্যৱধানত শৃংখলা দখল ভাৰতীয় দলৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া; পাৰ্থত উপস্থিত কোহলী, ৰোহিত আৰু গীল

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে বৃহল্পতিবাৰে পুৱা পাৰ্থত উপস্থিত হয় ভাৰতীয় এদিনীয়া দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈ বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু নতুন অধিনায়ক শুভমন গীল । কোহলী, ৰোহিত আৰু গীলৰ সৈতে যোগদান কৰে কে এল ৰাহুল, যশস্বী জয়ছোৱাল, অৰ্শদীপ সিং, হৰ্ষিত ৰানা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে । সহায়ক কৰ্মচাৰীৰ একাংশ সদস্যও দলটোৰ লগত যায় । আনহাতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু বাকী প্ৰশিক্ষক কৰ্মচাৰীয়ে দিল্লীৰ পৰা সন্ধিয়াৰ বিমানেৰে যাত্ৰা কৰিব আৰু দলটোত যোগদান কৰিব ।

১৯ অক্টোবৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই শৃংখলা আৰম্ভ হ’ব । প্ৰথমখন মেচ পাৰ্থত অনুষ্ঠিত হ’ব, তাৰ পিছত দ্বিতীয়খন এদিনীয়া এডিলেইডত (২৩ অক্টোবৰ) আৰু তৃতীয় আৰু অন্তিমখন মেচ ছিডনীত (২৫ অক্টোবৰ) অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুয়োটা দলৰ মাজত পাঁচখন মেচৰ টি-২০ শৃংখলা ।

এই এদিনীয়া শৃংখলাটো বিশেষ কাৰণ চেম্পিয়নছ ট্ৰফী ২০২৫ জয়ৰ পিছত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ এয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় শৃংখলা । বিশেষকৈ শুভমন গীলক টিম ইণ্ডিয়াৰ এদিনীয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ পিছত দুয়োজন জ্যেষ্ঠ খেলুৱৈৰ ভৱিষ্যত সন্দৰ্ভত কিছুদিনৰ পৰা জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । কোহলী আৰু ৰোহিতে দুয়োজনেই টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও খবৰ অনুসৰি দুয়োজনে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে খেলিব বিচাৰে ।

ইফালে টিম ইণ্ডিয়াৰ নতুন অধিনায়ক শুভমন গীলেও নিজৰ বিবৃতিত স্পষ্টকৈ উল্লেখ কৰিছে যে দলটোক কোহলী আৰু ৰোহিতৰ দৰে খেলুৱৈৰ অভিজ্ঞতাৰ প্ৰয়োজন । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়লাভ কৰাৰ পিছত গীলে কয় যে, “এই দুয়োজন খেলুৱৈৰ অভিজ্ঞতা আৰু ভাৰতৰ হৈ তেওঁলোকে জয়ী হোৱা মেচৰ সংখ্যা বিৰল । এনে অভিজ্ঞতা, দক্ষতা আৰু গুণগত মানৰ খেলুৱৈ বিশ্বত বহুত কম ।” গীলৰ বক্তব্যই নিশ্চিত কৰিছে যে জ্যেষ্ঠ খেলুৱৈৰ সৈতে যুৱ অধিনায়কগৰাকীয়ে পৰৱৰ্তী বিশ্বকাপলৈকে ভাৰতীয় ক্ৰিকেটক শক্তিশালী দিশত লৈ যাব বিচাৰিছে ।

লগতে পঢ়ক : টি২০ বিশ্বকাপ ২০২৬ : নিশ্চিত ১৯ টা দল, কোনে কোনে অৰ্জন কৰিলে যোগ্যতা

দিল্লীত জয়ৰ কাষ চাপিছে টিম ইণ্ডিয়া; কুলদীপৰ পিছত জিলিকি উঠিল বুমৰাহ

দিল্লীত জয়ৰ কাষ চাপিছে টিম ইণ্ডিয়া

দিল্লী টেষ্টৰ চতুৰ্থ দিনৰ শেষলৈকে ভাৰতীয় দলটোৱে এটা উইকেট হেৰুৱাই ৬৩ ৰান সংগ্ৰহ কৰিছে । টিম ইণ্ডিয়াই জয়ী হ’বলৈ এতিয়াও আৰু ৫৮ ৰান সংগ্ৰহ কৰিব লাগিব । চতুৰ্থ দিনা ষ্টাম্পলৈকে ক্ৰীজত আছে কে এল ৰাহুল আৰু সাই সুদৰ্শন । চতুৰ্থ দিনা ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছ ৩৯০ ৰানত সমাপ্ত হোৱাৰ বিপৰীতে ভাৰতীয় দলে প্ৰথম ইনিংছত অগ্ৰগতিৰ ভিত্তিত ১২১ ৰানৰ লক্ষ্য লাভ কৰে ।

চতুৰ্থ দিনটোত ৱেষ্ট ইণ্ডিজে নিজৰ স্ক’ৰ ১৭০/২ লৈ বৃদ্ধি কৰে । তৃতীয় স্থানত শ্বাহী হোপ আৰু জন কেম্পবেলে ১৩৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । চতুৰ্থ দিনা দুয়োজনে সহজভাৱে ইনিংছ অব্যাহত ৰাখে । শ্বাহী হোপে নিজৰ টেষ্ট কেৰিয়াৰৰ তৃতীয়টো শতক অৰ্জন কৰে । হোপৰ ৮ বছৰৰ পিছত টেষ্ট শতক অৰ্জন কৰে । তেওঁ ১০৩ ৰান সংগ্ৰহ কৰে ।

আনহাতে জন কেম্পবেলে ১১৫ ৰান সংগ্ৰহ কৰে । কেম্পবেল আৰু হোপে ১৭৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি ৱেষ্ট ইণ্ডিজক ইনিংছৰ পৰাজয়ৰ পৰা ৰক্ষা কৰে । ৱেষ্ট ইণ্ডিজে ২৭১ ৰানত চতুৰ্থ উইকেট হেৰুৱাইছিল যেতিয়া হোপে ১০৩ ৰানত আউট হৈছিল । ইয়াৰ পিছত উইকেটৰ পতন আৰম্ভ হয় । ৪০ ৰানৰ ভিতৰত পৰৱৰ্তী ৫টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজ দলে ।

জেডেন ছিলছ আৰু জাষ্টিন গ্ৰীভছে দশম উইকেটত ৭৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি দলটোক ৩৯০ ৰানলৈ লৈ যায় । চতুৰ্থ দিনত ৱেষ্ট ইণ্ডিজৰ নিম্ন ক্ৰমৰ বেটছমেনক পেভিলিয়নৰ বাট দেখুৱাই যশপ্ৰীত বুমৰাহে । ৱেষ্ট ইণ্ডিজৰ শেষৰ ৩ জন বেটছমেনক বুমৰাহে আউট কৰে ।

ভাৰতৰ সন্মুখত ১২১ ৰানৰ লক্ষ্য-

টিম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজক ফ’ল’ অন খেল খেলাই । অগ্ৰগতিৰ বাবে ভাৰতীয় দলটোৱে ১২১ ৰানৰ লক্ষ্য লাভ কৰে । দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালে বেটিং কৰিবলৈ আহিছিল যদিও মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি আউট হয় । চতুৰ্থ দিনটোত ভাৰতে কেলৱ জয়ছোৱালৰ উইকেট হেৰুৱাই । কে এল ৰাহুলে ২৫ ৰান আৰু সুদৰ্শনে ৩০ ৰান সংগ্ৰহ কৰি খেলি আছে । পঞ্চম দিনা জয়ী হ’বলৈ আৰু মাত্ৰ ৫৮ ৰানহে কৰিব লাগিব টিম ইণ্ডিয়াই ।

লগতে পঢ়ক : স্মৃতি মন্ধানাই ৰচিলে ইতিহাস: এটা বছৰতে মহিলা ODI ত সম্পূৰ্ণ কৰিলে হাজাৰ ৰান

ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া… দেৱদত্ত পাডিক্কালৰ প্ৰৱেশ, বাহিৰ কৰুণ নায়াৰ

ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া

অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে । টিম ইণ্ডিয়াত কেইবাটাও ডাঙৰ পৰিৱৰ্তন হৈছে । শুভমন গীলৰ নেতৃত্বত ইংলেণ্ডলৈ যোৱা টেষ্ট দলটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে ।

এই ছিৰিজৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ৰবীন্দ্ৰ জাডেজাক । ঋষভ পন্টৰ আঘাতৰ বাবে জাডেজাক এই দায়িত্ব দিয়া হৈছে । দললৈ ঘূৰি আহিছে দেৱদত্ত পাডিক্কাল । ইংলেণ্ড ভ্ৰমণৰ সময়ত টিম ইণ্ডিয়াত অন্তৰ্ভূক্ত হোৱা কৰুণ নায়াৰক এই শৃংখলাৰ পৰা বাদ দিয়া হৈছে । ২ অক্টোবৰৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্ট । ১০ অক্টোবৰত ৰাজধানী দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট ।

ইতিমধ্যে কৰুণ নায়াৰে এই শৃংখলাত স্থান পাব নে নাপায় তাকে লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । ইংলেণ্ড ভ্ৰমণৰ সময়ত তেওঁৰ প্ৰদৰ্শন বিশেষ আকৰ্ষণীয় নাছিল । সেয়েহে এই শৃংখলাৰ পৰা বাদ পৰে নায়াৰ । ইফালে ইংলেণ্ড ভ্ৰমণত স্থান নোপোৱা অক্ষৰ পেটেল দললৈ পুনৰ ঘূৰি আহিছে ।

দুখন টেষ্টৰ ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে ভাৰতৰ টেষ্ট দলত কোনো ডাঙৰ পৰিৱৰ্তন হোৱাৰ আশা কৰা নাছিল । মানচেষ্টাৰত চতুৰ্থখন টেষ্টত সোঁ ভৰিত আঘাত হোৱা উইকেটকীপাৰ ঋষভ পন্ট ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ পৰা বাহিৰ হৈছে । তেওঁৰ ঠাইত ধ্ৰুৱ জুৰেলে প্ৰথম পছন্দৰ বিকল্প হিচাপে খেলিব, আনহাতে তামিলনাডুৰ এন জগদীশা বেকআপ উইকেটকীপাৰ হিচাপে পৰিগণিত হ’ব । ফাষ্ট বলিং আক্ৰমণৰ নেতৃত্ব দিব যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, আৰু প্ৰসিদ্ধ কৃষ্ণই । স্পীন আক্ৰমণৰ নেতৃত্ব দিব কুলদীপ যাদৱে । ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেলে স্পীন অল-ৰাউণ্ডাৰৰ ভূমিকা পালন কৰিব ।

বেটছমেন : শুভমন গীল, যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, দেৱদত্ত পাডিক্কাল

উইকেটৰক্ষক : ধ্ৰুৱ জুৰেল, এন জগদীশন

স্পীনাৰ : কুলদীপ যাদৱ

বেটিং অল ৰাউণ্ডাৰ : নীতিশ কুমাৰ ৰেড্ডী

স্পীন অল-ৰাউণ্ডাৰ : ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল

ফাষ্ট বলাৰ : যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ টিম ইণ্ডিয়াৰ ১৫ জনীয়া দল-

শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, দেৱদত্ত পডিক্কাল, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা (সহ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, এন জাগদীশন (উইকেটকীপাৰ), মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ ।

লগতে পঢ়ক : বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ…

এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ… নিৰ্বাপিত হোৱাৰ পথত পাকিস্তানৰ আশা

এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ

এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে টিম ইণ্ডিয়াই ।এতিয়া সকলোৰে দৃষ্টি ইউ এ ই আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত থাকিব যে কোনটো দলে গ্ৰুপৰ পৰা যোগ্যতা অৰ্জন কৰিব । কিন্তু টিম ইণ্ডিয়াৰ পথ স্পষ্ট হৈ পৰিছে । আচলতে সোমবাৰে গ্ৰুপ এৰ- ইউ এ ই আৰু ওমানৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল । এই খেলখনত ইউ এ ইয়ে ওমানক ৪২ ৰানত পৰাস্ত কৰে । এয়া আছিল ওমানৰ ক্ৰমাগত দ্বিতীয়টো পৰাজয় । যাৰ বাবে দলটোৰ প্ৰস্থান নিশ্চিত হৈছে । একে সময়তে টিম ইণ্ডিয়াই নিজৰ দুয়োখন মেচতে জয়ী হৈ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াই ইউ এ ইক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল । ইয়াৰ পিছত দেওবাৰে টিম ইণ্ডিয়াই পাকিস্তানকো ৭ উইকেটত পৰাস্ত কৰে । উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিছে । ৪টাকৈ দলক দুটাকৈ ভিন্ন গোটত ভাগ কৰা হৈছে । প্ৰতিটো গ্ৰুপৰ ২টা দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

এছিয়া কাপ ২০২৫ৰ গ্ৰুপ এত ৪ টা দল- ভাৰত-পাকিস্তান, ইউ এ ই আৰু ওমান । ভাৰতে এই পৰ্যন্ত ২ খন খেল খেলি দুয়োখন খেলতে জয়লাভ কৰিছে । আনহাতে পাকিস্তান আৰু ইউ এ ইয়ে এখনকৈ মেচত জয়লাভ কৰিছে । আনহাতে ওমানে দুয়োখন মেচতে পৰাস্ত হৈছে । এই প্ৰতিযোগিতাত ওমানৰ যাত্ৰা প্ৰায় সমাপ্ত হৈছে ।

১৭ ছেপ্টেম্বৰত পাকিস্তান আৰু ইউ এ ইৰ মাজত এখন মেচ অনুষ্ঠিত হ’ব । এই মেচখনেই নিৰ্ধাৰণ কৰিব কোনটো দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব । যদি ইউ এ ইয়ে অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰে তেন্তে ইউ এ ইয়ে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব । অৱশ্যে নেট ৰান ৰেটৰ ক্ষেত্ৰত পাকিস্তান আগবাঢ়ি আছে ।

এছিয়া কাপ ২০২৫ৰ সপ্তমখন খেলত আজি আয়োজক সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আৰু ওমানৰ মাজত অনুষ্ঠিত হয় । ওমান দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ইউ এ ইৰ দলটোৱে শ্বাৰাফু আৰু অধিনায়ক ৱাছিমৰ অৰ্ধ শতকৰ সহায়ত ওমানৰ সন্মুখত ১৭৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ওমানৰ দলটো ১৩০ ৰানতে অল আউট হৈ পৰাজয় স্বীকাৰ কৰে ।

লগতে পঢ়ক : ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে… পি চি বিয়ে নিলম্বন কৰিলে নিজৰেই বিষয়াক