“আমাৰ হাতত ব্লেড থাকিব আৰু আপোনালোকৰ ডিঙি”; ইৰানৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীক মৃত্যুৰ ভাবুকি

“আমাৰ হাতত ব্লেড থাকিব আৰু আপোনালোকৰ ডিঙি”; ইৰানৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীক মৃত্যুৰ ভাবুকি

আমেৰিকাৰ সৈতে যুদ্ধবিৰতিৰ পিছত ইৰানত ক্ষমতাৰ সংগ্ৰাম তীব্ৰতৰ হৈ পৰিছে। আমেৰিকাৰ সৈতে চুক্তিত উপনীত হোৱাৰ বাবে ইৰানৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে। আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতিৰ পিছত এতিয়া ইৰানৰ ভিতৰত ৰাজনৈতিক সংকট গভীৰ হৈ পৰাৰ খবৰ আহিছে। দেশখনৰ প্ৰয়াত সৰ্বোচ্চ নেতা

আমেৰিকাৰ সৈতে যুদ্ধবিৰতিৰ পিছত ইৰানত ক্ষমতাৰ সংগ্ৰাম তীব্ৰতৰ হৈ পৰিছে। আমেৰিকাৰ সৈতে চুক্তিত উপনীত হোৱাৰ বাবে ইৰানৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে।

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতিৰ পিছত এতিয়া ইৰানৰ ভিতৰত ৰাজনৈতিক সংকট গভীৰ হৈ পৰাৰ  খবৰ আহিছে। দেশখনৰ প্ৰয়াত সৰ্বোচ্চ নেতা আলী খামেইনীৰ মৃত্যুৰ পিছত ইৰানৰ ভিতৰত উত্তেজনা এই পৰ্যায়লৈ বৃদ্ধি পাইছে যে তাত এতিয়া সামৰিক অভ্যুত্থানৰ আশংকা কৰা হৈছে। আমেৰিকাৰ সৈতে হোৱা যুদ্ধবিৰতিক লৈ দেশখনৰ কট্টৰপন্থী গোটবোৰ ইমানেই ক্ষুব্ধ হৈ পৰিছে যে তেওঁলোকে ৰাষ্ট্ৰপতি মছুদ পেজেশ্বকীয়ান আৰু শীৰ্ষ কূটনীতিবিদসকলৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। আনকি এক ধৰ্মীয় সভাত ৰাষ্ট্ৰপতিক ৰাজহুৱাকৈ ‘ডিঙি কাটি দিয়া’ৰ ভাবুকিও দিয়া হৈছে।

শেহতীয়াকৈ তেহৰানত যেতিয়া সৰ্বোচ্চ নেতা আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সমদল উলিওৱা হৈছিল, সেই শোকাকুল পৰিৱেশৰ পৰিৱৰ্তে হিংসাত্মক আৰু ৰাজনৈতিক ক্ষোভৰ পৰিৱেশ সৃষ্টি হৈছিল। ক’লা কাপোৰ পিন্ধি অহা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী আৰু কট্টৰপন্থীয়ে প্ৰয়াত নেতাজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি মছুদ পেজেশ্বকীয়ানক পোনপটীয়াকৈ লক্ষ্য কৰি লৈছিল। জনতাই ৰাষ্ট্ৰপতিৰ সমুখতে ‘বুজাবুজি কৰা সকলৰ মৃত্যু হওক’ বুলি শ্লোগান দিছিল।

কেৱল ইমানেই নহয়, আমেৰিকাৰ সৈতে আলোচনাৰ নেতৃত্ব দিয়া আৰু নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰোৱা ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে উগ্ৰ জনতাৰ ক্ষোভৰ বাবে প্ৰাণ বচাই পলায়ন কৰিবলগীয়া হৈছিল। কট্টৰপন্থীৰ উগ্ৰ জনতাই আৰাঘচিক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে আৰু তেওঁক ‘দেশদ্ৰোহী’ তথা বিক্ৰী যোৱা বুলি অভিহিত কৰে।

যিটো ইৰানৰ কট্টৰপন্থী গোটবোৰৰ মাজত দ্ৰুতগতিত বিয়পি পৰিছে। আচলতে, আলী খামেইনীৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মোজতবা খামেইনীক নতুন সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। কিন্তু মোজতবা বিগত বহু সময় ধৰি সম্পূৰ্ণৰূপে ৰাজহুৱা জীৱনৰ পৰা সন্ধানহীন হৈ আছে।

মোজতবাই না দেশবাসীক সম্বোধন কৰিছে, না তেওঁক কৰবাত দেখিবলৈ পোৱা গৈছে। কিছুমান মানুহৰ মতে তেওঁৰ প্ৰাণৰ সংশয় আছে, আনহাতে একাংশই কয় যে তেওঁ শাৰীৰিকভাৱে অক্ষম। মোজতবা খামেইনীৰ এই ৰহস্যজনক অনুপস্থিতিৰ মাজতে কট্টৰপন্থীসকলে অভিযোগ উত্থাপন কৰিছে যে ইৰানৰ বৰ্তমান বিশ্বৰ সন্মুখত দৃশ্যমান হৈ থকা নেতা যেনে  ৰাষ্ট্ৰপতি পেজেশ্বকীয়ান, মুখ্য আলোচক মহম্মদ বাঘেৰ গালিবাফ আৰু বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে দেশত এক গোপন সামৰিক অভ্যুত্থানৰ কামত লিপ্ত হৈ আছে।

কট্টৰপন্থীসকলৰ মতে, এই নেতাসকলে সৰ্বোচ্চ নেতাৰ নিৰ্দেশক ভৰিৰে মোহাৰি আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনৰ সৈতে নিজৰ ইচ্ছামতে বুজাবুজি কৰিছে।

কট্টৰপন্থী সাংসদ মেহমুদ নবাৱিয়ানে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুকলিকৈ সতৰ্কবাণী দি লিখিছে: “ইৰানৰ জনসাধাৰণৰ বাবে এক সকীয়নি। দেশত সামৰিক অভ্যুত্থান হ’বলৈ গৈ আছে নেকি? বিদায়ৰ এই মুহূৰ্তবোৰত আমি আমাৰ শ্বহীদ ইমামৰ তেজৰ প্ৰতিশোধ লোৱাৰ পতাকা উত্তোলন কৰিম আৰু এই অভ্যুত্থানৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিম।”

ইৰানৰ ভিতৰত এই আভ্যন্তৰীণ সংঘাত ইমানেই হিংসাত্মক হৈ পৰিছে যে ৰাষ্ট্ৰপতিক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। শাসন ব্যৱস্থাৰ ঘনিষ্ঠ তথা এজন ধৰ্মীয় নেতা মহম্মদ আলী বক্সীয়ে এটা অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতি পেজেশ্বকীয়ানক পোনপটীয়া শব্দৰে সকীয়াই দি কয়, “মিষ্টাৰ প্ৰেচিডেণ্ট, যদি সৰ্বোচ্চ নেতাৰ চৰ্তসমূহ পূৰণ কৰা নহয়, তেন্তে মনত ৰাখিব যে আমাৰ হাতত ব্লেড থাকিব আৰু আপোনাৰ ডিঙি থাকিব। আমি আপোনাৰ জীৱন নৰক সদৃশ কৰি তুলিম।”

ইফালে, চৰকাৰে সামৰিক অভ্যুত্থানৰ হুংকাৰ দিয়া কট্টৰপন্থী সাংসদ মেহমুদ নবাৱিয়ানক সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ পৰা বহিষ্কাৰ কৰিছে। নবাৱিয়ানৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ আমেৰিকাৰ সৈতে চলি থকা গোপন আলোচনাৰ নথি-পত্ৰ সংবাদ মাধ্যমত ফাদিল কৰি এই বুজাবুজি ভংগ কৰাৰ চেষ্টা চলাইছিল।

‘জেভ-এ-পায়দাৰী’-ৰ সৈতে জড়িত এই কট্টৰপন্থীসকলে নিজক ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ প্ৰকৃত পহৰাদাৰ বুলি গণ্য কৰে আৰু যিকোনো মূল্যৰ বিনিময়ত আমেৰিকাৰ সৈতে হাত মিলোৱাৰ বিৰোধী। বৰ্তমান ইৰানত ক্ষমতাৰ এই যুঁজ অতি বিপজ্জনক মোৰত উপনীত হৈছে।

লগতে পঢ়ক: ইৰানৰ ওপৰত আমেৰিকাৰ পুনৰ মিছাইলৰ বৰষুণ; CENTCOM-এ শ্বেয়াৰ কৰিলে ভিডিঅ’

শেহতীয়া প্ৰৱন্ধসমূহ