শেষকৃত্য সম্পন্ন আয়াতুল্লাহ আলী খামেইনীৰ; অন্তিম যাত্ৰাত লাখ লাখ লোক সমবেত

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া মাশাহাদৰ ইমাম ৰেজা মছজিদত অনুষ্ঠিত হয়।

ইৰাণে বৃহস্পতিবাৰে তেওঁলোকৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক মাশাহাদত অৱস্থিত ইমাম ৰেজাৰ দৰগাহ (শ্ৰাইন)ত সমাধিস্থ কৰে। এসপ্তাহ ধৰি চলা জানাজা সমদল আৰু শোকসভাৰ অন্তত তেওঁৰ এই অন্তিম বিদায় সম্পন্ন হয়। ২৮ ফেব্ৰুৱাৰীত যুদ্ধৰ প্ৰথম দিনাই আমেৰিকাৰ বিমান আক্ৰমণত খামেইনীৰ মৃত্যু হৈছিল।

খামেইনীৰ নশ্বৰ দেহ এখন ট্ৰাকত তুলি মাশাহাদৰ জনাকীৰ্ণ পথসমূহৰ মাজেৰে ইমাম ৰেজাৰ দৰগাহলৈ লৈ যোৱা হয়। এই সময়ছোৱাত ক’লা পোছাক পৰিহিত হাজাৰ হাজাৰ শোকাকুল লোকে ইৰাণী পতাকা, প্ৰয়াত নেতাগৰাকীৰ ছবি আৰু বৈপ্লৱিক শ্ল’গান সম্বলিত ৰঙা পোষ্টাৰ জোকাৰি অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰে।

২৮ ফেব্ৰুৱাৰীত তেহৰাণত থকা তেওঁৰ বাসগৃহত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত খামেইনীৰ মৃত্যু হৈছিল। ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ প্ৰথম দিনাই এই আক্ৰমণ সংঘটিত হৈছিল। তেওঁৰ সৈতে পৰিয়ালৰ কেইবাজনো সদস্যও নিহত হৈছিল। পিছত তেওঁৰ পুত্ৰ মোজতবা খামেনেইক নতুন সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হয়, কিন্তু উক্ত আক্ৰমণত তেওঁ আহত হোৱাৰ খবৰ ওলোৱাৰ পিছৰে পৰা তেওঁক ৰাজহুৱাভাৱে দেখা পোৱা হোৱা নাই আৰু তেওঁ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানসমূহতো উপস্থিত থকা নাই।

খামেইনীক ইমাম ৰেজাৰ দৰগাহ চৌহদত নিৰ্মিত সমাধিস্থলত জানাজা কৰা হয়। নৱম শতিকাত নিৰ্মিত এই ধৰ্মীয় স্থলীক ছিয়া মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়, তালৈ প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী দৰ্শনৰ বাবে যায়। খামেইনীৰ জন্মও মাশাহাদতে হৈছিল আৰু তেওঁ প্ৰাৰম্ভিক ধৰ্মীয় শিক্ষাও ইয়াতেই গ্ৰহণ কৰিছিল।

লগতে পঢ়ক: আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ মিছাইল-ড্ৰোণ আক্ৰমণ

‘আমি ভাল মানুহ, গতিকে এদিনৰ ৰেহাই দিলোঁ’; খামেইনীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ ট্ৰাম্পৰ কটাক্ষ

ইৰাণত খামেইনীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতে ড’নাল্ড ট্ৰাম্পে তীক্ষ্ণ সমোলেচনা কৰি কয় যে, “আমি ভাল, গতিকে আমি এদিনৰ ৰেহাই দিলোঁ।”

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে ইৰাণক লৈ পুনৰ এবাৰ তীব্ৰ মন্তব্য কৰিছে। আমেৰিকাৰ স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উপলক্ষে মাউণ্ট ৰাছম’ৰত অনুষ্ঠিত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি ট্ৰাম্পে কয় যে আমেৰিকাই ইৰাণক ‘এদিনৰ সকাহ’ কেৱল এই বাবেই দিছে কাৰণ আমি ভাল মানুহ।’ ইয়াৰ পূৰ্বে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী নিহত হৈছিল।

নিজৰ ভাষণত ট্ৰাম্পে দাবী কৰে যে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে কঠোৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিলে, যাৰ পিছত তেহৰানে বুজাবুজিৰ বাবে প্ৰয়াস চলাইছে। তেওঁ কয়, ‘আমি যুদ্ধত ইৰাণৰ কঁকাল ভাঙি দিছো। এতিয়া আমাৰ সৈতে চুক্তি কৰাৰ বাহিৰে তেওঁলোকৰ হাতত আন কোনো উপায় নাই আৰু এতিয়া তেওঁলোকে আমাৰ সৈতে চুক্তি কৰিবলৈ ব্যাকুল হৈ পৰিছে। আমি তেওঁলোকক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এসপ্তাহৰ সময় দিছিলো, কাৰণ আমি মানৱতা বুজি পাওঁ।’

ট্ৰাম্পৰ এই মন্তব্য এনে এক সময়ত আহিছে যেতিয়া ইৰাণত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পৰ্কীয় কাৰ্যসূচী আয়োজন কৰাৰ খবৰ প্ৰকাশ পাইছে। তেহৰানস্থিত গ্ৰেণ্ড মোচল্পাত শেষ দৰ্শনৰ ব্যৱস্থা কৰা হৈছে, য’ত বিপুল সংখ্যক লোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাজধানী তেহৰানৰ কেইবাখনো গুৰুত্বপূৰ্ণ পথত যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছে আৰু ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এই শোক ব্যৱস্থাৰ বাবে সাধাৰণ জনজীৱন ব্যাহত হোৱা বুলিও জানিব পৰা গৈছে।

জানিব পৰা মতে, অন্তিম যাত্ৰাৰ সময়ত লাখ লাখ লোক সমবেত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। নিৰাপত্তা আৰু ভিৰ ব্যৱস্থাপনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বহু অঞ্চলত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে, নশ্বৰ দেহটো ইৰাণৰ অন্যান্য চহৰৰ লগতে চুবুৰীয়া ইৰাকলৈকো লৈ যোৱাৰ প্ৰস্তুতি চলোৱা হৈছে। অৱশ্যে, ট্ৰাম্পৰ দাবী আৰু ইৰাণৰ ফালৰ পৰা প্ৰকাশ কৰা আনুষ্ঠানিক তথ্যৰ মাজত কেইবাটাও দিশত স্বতন্ত্ৰ নিশ্চিতকৰণৰ প্ৰয়োজন আছে। এনে ক্ষেত্ৰত সংশ্লিষ্ট দেশসমূহৰ আনুষ্ঠানিক বিবৃতি আৰু বিশ্বাসযোগ্য আন্তঃৰাষ্ট্ৰীয় উৎসৰ পৰা তথ্য নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।

লগতে পঢ়ক: খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব বিহাৰৰ ৰাজ্যপাল,পবিত্ৰ মাৰ্ঘেৰিটাৰ

খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব বিহাৰৰ ৰাজ্যপাল,পবিত্ৰ মাৰ্ঘেৰিটাৰ

ইৰাণী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনানে ।

প্ৰাক্তন ইৰাণী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনানে ভাৰতক প্ৰতিনিধিত্ব কৰে। চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত খামেইনী নিহত হৈছিল।

এই অনুষ্ঠান সন্দৰ্ভত  ‘এক্স’ৰ এটা  পোষ্টত ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনায় যে তেওঁলোকে ভাৰত চৰকাৰ আৰু দেশবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁ লিখিছে, “তেহৰানত অনুষ্ঠিত ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা গ্ৰেণ্ড আয়াতুল্লাহ চৈয়দ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত মাননীয় @GovernorBihar আৰু মই ভাৰতক প্ৰতিনিধিত্ব কৰিলোঁ। ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ হৈ আমাৰ শ্ৰদ্ধা নিৱেদন কৰিলোঁ।” আনহাতে, বিহাৰৰ ৰাজ্যপালগৰাকীয়েও এটা ‘এক্স’ পোষ্টত উল্লেখ কৰে যে শেহতীয়া সংঘৰ্ষত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ তেওঁলোকে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

শুকুৰবাৰে আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ সময়ত ইৰাণৰ শীৰ্ষ নেতাসকল ইমাম খোমেইনী গ্ৰেণ্ড মোচাল্লাত একত্ৰিত হয়। ইৰাণ চৰকাৰৰ তিনিটা শাখাৰ মুৰব্বীসকলক প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰা দেখা গৈছিল। ইৰাণৰ সামৰিক কমাণ্ডাৰ মহচেন ৰেজায়ী, বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচী, ইৰাণৰ মুখ্য ন্যায়াধীশ গোলামহোছেইন মহচেনী এজেয়ী, সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কালিবাফ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেশ্কিয়ানে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

তেহৰানত আনুষ্ঠানিক ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ভাৰতৰ হাই-প্ৰফাইল বিশিষ্ট ব্যক্তিসকলেও ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেইনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভাৰতত থকা ইৰাণৰ দূতাবাছে ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে, “ভাৰতীয় বিশিষ্ট ব্যক্তিসকলে ইৰাণৰ শ্বহীদ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেনেইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।” ইৰাণৰ দূতাবাছে শ্বেয়াৰ কৰা ছবিখনত পিপলছ ডেম’ক্ৰেটিক পাৰ্টী (PDP)ৰ সভানেত্ৰী মেহবুবা মুফতি আৰু কংগ্ৰেছ দলৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুৰব্বী ছলমান খুৰ্ছিদৰ লগতে আন কেইবাজনকো দেখা গৈছে। ইৰাণী নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নেতাসকল উপস্থিত হৈছেহি।

ইৰাণৰ চৰকাৰী বিষয়াৰ উদ্ধৃতি দি প্ৰেছ টিভিয়ে প্ৰকাশ কৰা অনুসৰি, এই বহুদিনীয়া অন্ত্যেষ্টিক্ৰিয়াত ১৫ৰ পৰা ২০ নিযুত (১.৫ ৰ পৰা ২ কোটি) শোকাকুল জনতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক সম্প্ৰচাৰক প্ৰতিষ্ঠানটোৱে লগতে জনোৱা মতে, শনিবাৰ আৰু দেওবাৰেও এই কাৰ্যসূচী অব্যাহত থাকিব আৰু সোমবাৰে তেহৰানৰ মাজেৰে অন্ত্যেষ্টিক্ৰিয়া সমদল উলিওৱাৰ পূৰ্বে মৃতদেহটো গ্ৰেণ্ড মোচাল্লাত ৰাইজৰ দৰ্শনৰ বাবে ৰখা হ’ব। ইয়াত উল্লেখ কৰা হৈছে যে পবিত্ৰ চহৰ কোমত পৰৱৰ্তী ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত ইৰাকৰ বাগদাদ, কাৰবালা আৰু নাজাফত অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু অহা ৯ জুলাইত মাশ্বহাদত কবৰস্থ কৰা হ’ব।

লগতে পঢ়ক: ইৰাণত উপস্থিত ভাৰতীয় ধৰ্মগুৰু; আয়াতুল্লাহ আলী খামেইনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ইৰাণত উপস্থিত ভাৰতীয় ধৰ্মগুৰু; আয়াতুল্লাহ আলী খামেইনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ইৰাণৰ প্ৰয়াত উচ্চতম নেতা আয়াতুল্লাহ খামেইনীৰ জানাজাত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ বিশ্বৰ নেতাসকল উপস্থিত হৈছে। তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ কেইবাগৰাকীও ভাৰতীয় ৰাজনীতিবিদ আৰু ধৰ্মগুৰুও তেহৰানত উপস্থিত হৈছে ।

তেহৰানত ইৰাণৰ প্ৰাক্তন উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰাও এটা প্ৰতিনিধি দল ইৰাণত উপস্থিত হয়। এই দলটোত বিহাৰৰ ৰাজ্যপাল লেফটিনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনৈন আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী (MoS) পবিত্ৰ মাৰ্ঘেৰিটা অন্তৰ্ভুক্ত আছিল। ইৰাণৰ তৰফৰ পৰা বিজেপি আৰু কংগ্ৰেছলৈ অন্ত্যেষ্টিক্ৰিয়াৰ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল। কংগ্ৰেছৰ হৈ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চলমান খুৰ্ছিদ আৰু সাংসদ পৱন খেৰা তাত উপস্থিত থাকে। ইয়াৰ লগতে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপি (PDP) প্ৰধান মেহবুবা মুফতী আৰু জম্মু-কাশ্মীৰ আঞ্জুমান-এ-শৰী শ্বিয়ানৰ সভাপতি আগা চৈয়দ হাছান মোচাৱী আল চাফাৱীও তাত উপস্থিত হয়।

উল্লেখ্য যে খামেইনীৰ নশ্বৰ দেহ অন্তিম দৰ্শনৰ বাবে তেহৰানৰ ইমাম খোমেনী গ্ৰেণ্ড মছজিদত ৰখা হৈছে। ২০২৬ চনৰ ৯ জুলাইত তেওঁৰ গৃহচহৰ মাশ্বহাদত তেওঁৰ জানাজা সম্পন্ন হ’ব। ইৰাণৰ প্ৰয়াত উচ্চতম নেতা আয়াতুল্লাহ খামেইনীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশ্বৰ বিভিন্ন দেশৰ প্ৰধান নেতাসকল তেহৰানৰ গ্ৰেণ্ড মোচাল্লাত (প্ৰাৰ্থনা গৃহ) উপস্থিত হৈছে। ভাৰতৰ পৰা ৰাজনীতিবিদসকলৰ উপৰিও কেইবাটাও ধৰ্মৰ ধৰ্মীয় নেতায়ো তেহৰানত উপস্থিত হৈছে।

ইৰানী সংবাদ মাধ্যমে শ্বেয়াৰ কৰা ভিডিঅ’সমূহত খামেইনীৰ মৃতদেহ থকা কফিনটো ক’ত ৰখা হৈছে, সেয়া স্পষ্টকৈ দেখুওৱা হৈছে। আনহাতে, ভাৰতৰ হিন্দু, মুছলিমকে ধৰি শিখ ধৰ্মগুৰুসকলেও তাত প্ৰাৰ্থনা জনাইছে। ভাৰতত থকা ইৰাণৰ  দূতবােস  নিজৰ এক্স হেণ্ডেলত শ্ৰদ্ধাঞ্জলি সম্পৰ্কীয় কেইবাখনো ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। নিজৰ প্ৰয়াত নেতাজনক অন্তিম বিদায় দিবলৈ তেহৰানত অজস্ৰ লোকৰ সমাৱেশ ঘটিছে। জনসাধাৰণে ক’লা কাপোৰ পিন্ধি, হাতত ইৰাণৰ পতাকা জোকাৰি আৰু শ্ল’গান দি ৰাজপথত সমদল কৰিছে। খামেইনীৰ নশ্বৰ দেহ শুকুৰবাৰে (৩ জুলাই ২০২৬) পুৱা তেহৰানৰ গ্ৰেণ্ড মোচাল্লাত ৰখা হয়। আনহাতে, তেওঁৰ কফিনটো ইমাম হুছেইনৰ দৰগাহৰ পৰা অনা এখন পবিত্ৰ ৰঙা পতাকাৰে ঢাকি দিয়া হৈছে। ইৰাণ চৰকাৰৰ মতে, এইখন প্ৰতিৰোধ, ত্যাগ আৰু সত্যৰ প্ৰতীক। খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰক্ৰিয়া ৪-৯ জুলাই ২০২৬ লৈকে চলিব। ইৰাণ আৰু ইৰাকৰ প্ৰধান চহৰ কোম, তেহৰান, কৰবালা আৰু নাজাফত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।

উল্লেখ্য যে ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত খামেইনীৰ নিহত হৈছিল। দুয়োখন দেশৰ পৰা অহা ভাবুকিৰ বাবে ইৰাণে খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া পিছুৱাই দিছিল।

লগতে পঢ়ক: ভূমিকম্পৰ পাছত আকাশৰ এই ৰূপ দেখি স্তব্ধ হৈ পৰিল সকলো!

প্ৰথমবাৰলৈ খেমেইনীৰ মৃত্যুত শোক প্ৰকাশ ভাৰতৰ; শোক প্ৰস্তাৱত স্বাক্ষৰ বৈদেশিক সচিবৰ

ইৰাণৰ প্ৰাক্তন উচ্চতম নেতা আলী খামেনেইৰ মৃত্যুত বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী নতুন দিল্লীত থকা ইৰাণৰ দূতাবাসত উপস্থিত হয়। বৈদেশিক সচিব গৰাকীয়ে শোক প্ৰস্তাৱত স্বাক্ষৰ কৰে।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুৰ ষষ্ঠ দিনৰ দিনা ভাৰতে শোক প্ৰকাশ কৰিছে।বৃহস্পতিবাৰে নতুন দিল্লীত থকা ইৰাণৰ দূতাবাসত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী উপস্থিত হৈ শোক প্ৰস্তাৱত স্বাক্ষৰ কৰে।

তেওঁ ভাৰত চৰকাৰৰ হৈ এই স্বাক্ষৰ কৰে। য’ত ভাৰতে শেহতীয়া ঘটনাটোক লৈ ইৰাণৰ প্ৰতি শোক আৰু সংহতি প্ৰকাশ কৰাৰ লগতে প্ৰাক্তন উচ্চতম নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণত আয়াতুল্লাহ আলী খেমেইনীৰ নিহত হৈছিল।এই ঘটনাই সমগ্ৰ ইৰাণক জোকাৰি গৈছে।

লগতে পঢ়ক: ভীষণ পৰিণতিৰ সন্মুখীন হ’ব লাগিবঃ যুদ্ধ জাহাজ ধ্বংসৰ পিছতে আমেৰিকাক ইৰাণৰ সকীয়নি

ইৰাণৰ আটাইতকৈ পবিত্ৰ চহৰত খেমেইনীক কৰা হ’ব সমাধিস্থ…

আমেৰিকা-ইজৰাইল যুদ্ধত নিহত হোৱা আয়াতুল্লাহ আলী খেমেইনীক মছহাদ চহৰত সমাধিস্থ কৰাৰ প্ৰস্তুতি চলি আছে।তেহৰাণত অনুষ্ঠিত হ’ব খেমেইনীৰ বিদায়ী অনুষ্ঠান।

আমেৰিকা-ইজৰাইল যুদ্ধত নিহত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীক দেশখনৰ এখন পবিত্ৰ চহৰত সমাধিস্থ কৰাৰ প্ৰস্তুতি চলি আছে।

ইৰাণৰ অৰ্ধ-অফিচিয়েল ফাৰ্চ নিউজ এজেন্সীৰ উদ্ধৃতি দি,এ এফ পিয়ে প্ৰকাশ কৰে যে,তেওঁক মছহাদত সমাধিস্থ কৰা হ’ব,যিখন উত্তৰ-পূবৰ আটাইতকৈ পবিত্ৰ চহৰ।এই চহৰখনতেই খেমেইনীয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃকো ইমাম ৰজা দৰগাহৰ ভিতৰত সমাধিস্থ কৰা হৈছিল।

জানিব পৰা মতে, আজি নিশা ইৰাণৰ সময় অনুসৰি নিশা ১০ বজাৰ পৰা খেমেইনীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা আৰম্ভ হ’ব।ইমাম খুমেইনী মছজিদত তিনিদিনীয়া বিদায়ী অনুষ্ঠান অনুষ্ঠিত হ’ব।সম্প্ৰতি সমাধিস্থ কাৰ্যসূচী চলি আছে,যিটো ঘোষণা কৰা হ’ব।

ইৰাণৰ দ্বিতীয় বৃহত্তম চহৰ হৈছে মছহাদ,ই দেশৰ অন্যতম গুৰুত্বপূৰ্ণ ধৰ্ম কেন্দ্ৰ।তাত ইমাম ৰেজাৰ দৰগাহ আছে,যিটো ছিয়া ইছলামৰ এটা প্ৰধান তীৰ্থস্থান,য’ত প্ৰতি বছৰে লাখ লাখ লোক উপস্থিত হয়।

খেমেইনী ইৰাণৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰপতি আছিল আৰু ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত মাত্ৰ দ্বিতীয়জন সৰ্বোচ্চ নেতা আছিল।দেশৰ সৰ্বোচ্চ বিষয়া হিচাপে তেওঁৰ ওচৰত প্ৰতিৰক্ষা, অৰ্থনীতি, শিক্ষা আদি গুৰুত্বপূৰ্ণ চৰকাৰী বিষয়সমূহৰ চূড়ান্ত কৰ্তৃত্ব আছিল।

তিনি দশকৰো অধিক সময় ধৰি তেওঁ ইৰাণৰ ৰাজনৈতিক ব্যৱস্থাত শক্তিশালী দখল বজাই ৰাখিছিল আৰু সমগ্ৰ মধ্যপ্ৰাচ্যতে ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিলে।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে ভাৰতীয়ৰ বাবে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন; হেল্পলাইন নম্বৰ মুকলি

‘এই হত্যা মানৱ নৈতিকতাৰ উলংঘা…’; খেমেইনীৰ মৃত্যুক লৈ ক্ষোভ প্ৰকাশ পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ কয় খেমেইনীৰ হত্যাকাণ্ড মানৱ নৈতিকতা আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰা হৈছে।

ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।খেমেইনীৰ মৃত্যুত পুটিনে শোক প্ৰকাশ কৰিছে।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনী আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ হত্যাক লৈ ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানক গভীৰ শোক প্ৰকাশ কৰিছে।

পুটিনে কয় যে মানৱ নৈতিকতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক স্পষ্টভাৱে অৱজ্ঞা কৰি হত্যাকাণ্ড সংঘটিত কৰা হৈছে।তেওঁ কয় যে খেমেইনীক ৰাছিয়াত এজন অসাধাৰণ ৰাষ্ট্ৰনেতা হিচাপে স্মৰণ কৰা হ’ব,ৰাছিয়া আৰু ইৰাণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাত যিয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

ইয়াৰ লগতে পুটিনে পেজেছকিয়ানক খেমেইনীৰ আত্মীয়ৰ সৈতে আৰু আপোনজনৰ লগতে ইৰাণ চৰকাৰ আৰু লগতে তেওঁ ইৰাণবাসীক আন্তৰিক সমবেদনা আৰু সমৰ্থন প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ উত্তেজনাক লৈ কাশ্মীৰত প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল ছিয়া মুছলমান

খেমেইনীৰ মৃত্যুৰ পিছতেই জ্বলিছে কৰাচী-লাহোৰ-ইছলামাবাদ; নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনী আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিহত হোৱাৰ পিছতেই পাকিস্তানৰ কৰাচীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুত খবৰ পোৱাৰ পিছত পাকিস্তানৰ ৰাজধানী ইছলামবাদ, কৰাচী আৰু লাহোৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

লগতে POK ৰ অৱস্থিত স্কাৰডু চহৰতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কৰাচীস্থিত আমেৰিকাৰ কনছুলেটৰ বাহিৰত শ শ প্ৰতিবাদকাৰী সমবেত হয়।

এই প্ৰতিবাদত ১২ গৰাকীকৈ লোকৰ মৃত্যু হয়। একে সময়তে লাহোৰতো বৃহৎ সংখ্যক লোকে আমেৰিকাৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা গৈছিল।

ৰাজধানী ইছলামবাদত খেমেইনীৰ মৃত্যুক লৈ ৰাজপথলৈ ওলাই আহিল জনসাধাৰণ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰে।

এই প্ৰতিবাদৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যাতে ইছলামবাদত কৰাচীৰ দৰে পৰিস্থিতি নহয়।

জানিবলৈ পোৱা মতে, কৰাচীত প্ৰতিবাদকাৰীয়ে হাতুৰী আৰু লোহাৰ ৰডেৰে কনছুলেটৰ ভৱনত আক্ৰমণ কৰে। প্ৰতিবাদকাৰীয়ে মূল গেট ভাঙি কনছুলেটৰ চৌহদত প্ৰৱেশ কৰে। প্ৰতিবাদৰ সময়ত অগ্নি বোমা নিক্ষেপ কৰাৰ ফলত কনছুলেট ভৱনৰ কেইবাটাও অংশ জ্বলি উঠে।

এই সকলোবোৰ ঘটনা আমেৰিকা-ইজৰাইলৰ ‘অপাৰেচন এপিক ফিউৰি’ ৰ পিছত সংঘটিত হৈছে, য’ত দাবী কৰা হৈছে যে ইৰাণৰ কেইবাজনো শীৰ্ষ নেতা নিহত হৈছে আৰু পাৰমাণৱিক স্থানৰ ক্ষতিসাধন হৈছে।

লগতে পঢ়ক: পাকিস্তানস্থিত আমেৰিকাৰ দূতাবাসত ছিয়া মুছলমানৰ ভয়ংকৰ আক্ৰমণ, ৮জনৰ মৃত্যু