মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে হেল্পলাইন নম্বৰো জাৰি কৰিছে।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সদৰী কৰে যে,পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।ইয়াৰ বাবে হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে।মধ্যপ্ৰাচ্যৰ যুদ্ধ তীব্ৰতৰ হৈ পৰিছে।

এনে পৰিস্থিতিত বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীত এটা বিশেষ কণ্ট্ৰল ৰুম স্থাপন কৰা হৈছে।এই নিয়ন্ত্ৰণ কক্ষ পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ কাৰ্যক্ষম হ’ব আৰু ইয়াৰ উদ্দেশ্য ভাৰতীয় নাগৰিকক সহায় কৰা আৰু অঞ্চলটোৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ দিয়।









