‘এয়া আক্ৰমণ নহয়, শাস্তি হে…’; ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ

ইৰাণৰ বিৰুদ্ধে বৰ্তমানলৈকে আমেৰিকাই গ্ৰহণ কৰা সৰ্ববৃহৎ সামৰিক ব্যৱস্থাৰ সন্দৰ্ভত এটা ডাঙৰ দাবী উত্থাপন হৈছে। ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাই। ড’নাল্ড ট্ৰাম্পে কয় যে এইটো কেৱল আক্ৰমণ নহয়, শাস্তিহে।

মধ্যপ্ৰাচ্যত উত্তেজনা পুনৰবাৰ তীব্ৰতৰ হৈ পৰিছে। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে ব্যাপক বিমান আক্ৰমণ চলাই হৰমুজ প্ৰণালীৰ আশে-পাশে থকা কেইবাটাও সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে। আমেৰিকান বিষয়াসকলৰ মতে, এই কাৰ্যবাহী প্ৰায় ১০ দিন পূৰ্বে কৰা আক্ৰমণৰ তুলনাত বহু বেছি ব্যাপক আৰু শক্তিশালী আছিল। আনহাতে, ইৰাণেও আমেৰিকান আক্ৰমণৰ প্ৰত্যুত্তৰত আমেৰিকাৰ যুদ্ধজাহাজলৈ মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলাইছে।

ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাই। এজন জ্যেষ্ঠ আমেৰিকান বিষয়াৰ মতে, এইবাৰৰ সামৰিক পদক্ষেপ পূৰ্বৰ তুলনাত চাৰিৰ পৰা পাঁচ গুণ ডাঙৰ আছিল আৰু এই অপাৰেচন কেইবা ঘণ্টালৈকে চলিব পাৰে। বিষয়াজনে ইয়াক এপ্ৰিল মাহত হোৱা যুদ্ধবিৰতিৰ পিছত ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ আটাইতকৈ তীব্ৰ সামৰিক অভিযান বুলি অভিহিত কৰে।

আমেৰিকান সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি, এই আক্ৰমণ কেৱল প্ৰতিশোধমূলক নহয়, বৰঞ্চ ইৰাণক এক কঠোৰ বাৰ্তা দিয়াৰ উদ্দেশ্যে কৰা হৈছে। বিষয়াজনে ইংগিত দিয়ে যে সামৰিক অভিযান এতিয়াই শেষ হোৱা নাই আৰু অনাগত দিনতো এই ব্যৱস্থা অব্যাহত থাকিব পাৰে। আমেৰিকান সেনাই জনোৱা মতে, তেওঁলোকৰ লক্ষ্য আছিল ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক সামৰ্থ্য। আমেৰিকাই দাবী কৰিছে যে হৰমুজ প্ৰমালীত বাণিজ্যিক জাহাজসমূহৰ বাবে বিপদ সৃষ্টি কৰিবলৈ এই ঘাটিসমূহ ব্যৱহাৰ কৰা হৈছিল।

আনহাতে, ইৰাণে আমেৰিকান আক্ৰমণৰ প্ৰত্যুত্তৰত ওমান সাগৰত থকা আমেৰিকাৰ নৌসেনাৰ জাহাজসমূহলৈ এণ্টি-শ্বিপ ক্ৰুজ মিছাইল আৰু ড্ৰোণ নিক্ষেপ কৰিছে। প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ যুদ্ধজাহাজলৈ অন্ততঃ দুটা এণ্টি-শ্বিপ ক্ৰুজ মিছাইল আৰু কেইবাটাও ড্ৰোণ নিক্ষেপ কৰা হৈছে। মিছাইলসমূহ প্ৰতিহত কৰা হৈছে নে নাই, বা ইয়াৰ ফলত হোৱা কোনো ক্ষতিৰ বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা হোৱা নাই আৰু আমেৰিকায়ো এই আক্ৰমণৰ কথা নিশ্চিত কৰা নাই। ইৰাণৰ উপকূলত আজি নিশা হোৱা বৃহৎ আক্ৰমণ আৰু তেল বাণিজ্যৰ ৰেহাই বাতিল কৰাৰ প্ৰত্যুত্তৰত ইৰাণৰ ফালৰ পৰা এই পদক্ষেপ লোৱা হ’ব পাৰে।

আমেৰিকান চেন্ট্ৰেল কমাণ্ড (CENTCOM)ৰ মতে, মঙলবাৰে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা তিনিখন বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত এই সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমেৰিকাই সতৰ্ক কৰি দিছে যে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যক লক্ষ্য কৰি লোৱাৰ যিকোনো প্ৰচেষ্টাই গধুৰ মূল্য ভৰিব লাগিব।

সামৰিক পদক্ষেপৰ সমান্তৰালভাৱে আমেৰিকাই ইৰাণৰ তেল ব্যৱসায়ৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে। ৱাশ্বিংটনে কয় যে বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত এই পদক্ষেপ লোৱা হৈছে। আনহাতে, ইৰাণে এই নিষেধাজ্ঞাক যোৱা মাহত হোৱা চুক্তিৰ স্পষ্ট উলংঘা বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক এই ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক: নাটো সন্মিলনৰ পূৰ্বে ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ: মিছাইল আৰু ড্ৰোনৰ আঘাতত কঁপি উঠিল কিয়েভ

‘খেমেইনীৰ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব,ইয়াৰ মূল্য দিব লাগিব’; ট্ৰাম্পৰ ভাবুকি ইৰাণৰ

ইৰাণৰ জ্যেষ্ঠ নেতা আলী লাৰীজানীয়ে তেহৰানে তেওঁক ৰেহাই নিদিয়ে বুলি ড’নাল্ড ট্ৰাম্পক সকীয়নী দিছে।সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ হত্যাৰ মূল্য তেওঁ দিব লাগিব।

মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ইৰাণৰ জ্যেষ্ঠ নেতা তথা নিৰাপত্তাৰক্ষী মুৰব্বী আলী লাৰীজানীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ কঠোৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

তেওঁ কৈছে যে,তেহৰানে তেওঁক এৰি নিদিয়ে,আৰু ট্ৰাম্পে উচ্চতম নেতা আয়াতুল্লাহ আলী খেমেইনীৰ হত্যাৰ মূল্য দিব লাগিব।শনিবাৰে লাৰীজানীয়ে কয় যে ইৰাণে নিজৰ নেতাৰ তেজৰ প্ৰতিশোধ ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ।

ইৰাণৰ চৰকাৰী টেলিভিছনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আলী লাৰীজানীয়ে অভিযোগ কৰে যে ড’নাল্ড ট্ৰাম্পে ইৰাণৰ প্ৰতিক্ৰিয়াক ভুলকৈ লৈছে। এই যুঁজখন অতি সোনকালে শেষ হ’ব নোৱাৰে।

তেওঁ লগতে কয়, “ভেনিজুৱেলাত কি হৈছিল তাৰ এটা ধাৰণা ট্ৰাম্পৰ আছিল।তেওঁলোকৰ ভাল লাগিল।এই যুঁজখন সোনকালে শেষ হ’ব নোৱাৰে।তেওঁলোকে অনুভৱ কৰিছিল যে ইৰাণতো অতি সোনকালে একে কাম কৰিব পাৰিব।কিন্তু এতিয়া তেওঁ নিজেই বেয়াকৈ আবদ্ধ হৈ পৰিছে।”

আলী লাৰীজানীয়ে আৰু কয়, “আমি তেওঁক এৰি নিদিও। তেওঁ যি কৰিছে তাৰ মূল্য দিব লাগিব।তেওঁ যি কৰিছে তাৰ মূল্য দিব লাগিব।তেওঁ আমাৰ নেতাক হত্যা কৰাৰ লগতে আমাৰ ১০০০ৰো অধিক লোকক শ্বহীদ কৰিলে।” ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সতো তেওঁ সতৰ্কবাণী দিছে।

তেওঁ লিখিছে যে  যেতিয়ালৈকে ইৰাণে নিজৰ নেতাৰ তেজৰ প্ৰতিশোধ নলয়, তেতিয়ালৈকে তেহৰান শান্ত নহয়। তেওঁ আৰু লিখিছে যে, “তেওঁলোকে কৰা কামৰ প্ৰতিশোধ নোলোৱালৈকে আমি তেওঁলোকক অকলে এৰি নাযাওঁ।”

লগতে পঢ়ক: নৰৱেৰ আমেৰিকান দূতাৱাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণ

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে ভাৰতীয়ৰ বাবে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন; হেল্পলাইন নম্বৰ মুকলি

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে হেল্পলাইন নম্বৰো জাৰি কৰিছে।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সদৰী কৰে  যে,পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।ইয়াৰ বাবে হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে।মধ্যপ্ৰাচ্যৰ যুদ্ধ তীব্ৰতৰ হৈ পৰিছে।

এনে পৰিস্থিতিত বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীত এটা বিশেষ কণ্ট্ৰল ৰুম স্থাপন কৰা হৈছে।এই নিয়ন্ত্ৰণ কক্ষ পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ কাৰ্যক্ষম হ’ব আৰু ইয়াৰ উদ্দেশ্য ভাৰতীয় নাগৰিকক সহায় কৰা আৰু অঞ্চলটোৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ দিয়।

লগতে পঢ়ক: ‘আমি নিৰাপদ নহয়, আমাক ৰক্ষা কৰক’; যুদ্ধৰ মাজতে ইৰাণত আবদ্ধ ১১০ জন ভাৰতীয় ছাত্ৰৰ চৰকাৰক সহায়ৰ আবেদন

উত্তেজনাৰ মাজতে ৰাছিযাৰ সৈতে যুদ্ধভ্যাস ইৰাণৰ, পশ্চিম এছিয়াৰ কাষ চাপি আহিছে আমেৰিকাৰ যুদ্ধ জাহাজ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তিৰ আশা প্ৰকাশ কৰিছে যদিও ধৰি আলোচনা স্থবিৰ হৈ ৰৈছে

আমেৰিকাৰ বিমানবাহী যুদ্ধ জাহাজ পশ্চিম এছিয়াৰ কাষ চাপি অহাৰ সময়তে ইৰাণে বৃহস্পতিবাৰে ৰাছিয়াৰ সৈতে বাৰ্ষিক সামৰিক অনুশীলন অনুষ্ঠিত কৰে । ইফালে আমেৰিকা আৰু ইৰাণ দুয়োখন দেশেই তেহৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আলোচনা বিফল হ’লে যুদ্ধৰ বাবে সাজু হোৱাৰ ইংগিত দিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তিৰ আশা প্ৰকাশ কৰিছে যদিও ধৰি আলোচনা স্থবিৰ হৈ ৰৈছে । ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ দাবীৰ ওপৰত আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে । ইৰাণক ক্ষেপণাস্ত্ৰ কাৰ্যসূচী বাতিল কৰাৰ লগতে সশস্ত্ৰ সংগঠনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ আমেৰিকা আৰু ইজৰাইলে দাবী জনাইছে । যোৱা কেইটামান সপ্তাহত পৰোক্ষ আলোচনাই কোনো বিশেষ অগ্ৰগতি লাভ কৰা নাই । এই সময়খিনি দুয়োপক্ষই যুদ্ধৰ চূড়ান্ত প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰাৰ আশংকাও দেখা গৈছে ।

যোৱা বছৰ ইজৰাইল আৰু আমেৰিকাৰ সৈতে ১২ দিনীয়া সংঘাত আৰু জানুৱাৰী মাহত গণ প্ৰতিবাদৰ হিংসাত্মক দমনৰ পিছত ইৰাণ চৰকাৰ পূৰ্বতকৈ অধিক দুৰ্বল হৈ পৰিছে । ইয়াৰ পিছতো ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ ঘাটি আক্ৰমণ কৰিবলৈ সক্ষম হৈ আছে আৰু যিকোনো আক্ৰমণে আঞ্চলিক যুদ্ধৰ সূচনা কৰিব পাৰে বুলি সকীয়াই দিছে । ইৰাণে এই সপ্তাহত হৰমুজ জলদ্বীপত লাইভ ফায়াৰ অনুশীলন চলাইছিল, যাৰ মাজেৰে বিশ্বৰ ব্যৱসায়িক তেলৰ এক পঞ্চমাংশ পাৰ হৈ যায় ।

ভূমধ্য সাগৰত আমেৰিকাৰ যুদ্ধজাহাজ-

আমেৰিকাই অধিক যুদ্ধজাহাজ আৰু বিমান নিয়োগ কৰিছে আৰু ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড বিমানবাহী জাহাজ ভূমধ্য সাগৰত আছে । অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আমেৰিকাই নিশ্চিতভাৱে ইৰাণক আক্ৰমণ কৰিব । কিন্তু ইমান বৃহৎ বাহিনী আৰু জাহাজৰ আগমনে ট্ৰাম্পৰ আক্ৰমণৰ ক্ষমতা অধিক শক্তিশালী কৰি তুলিছে । ইচ্ছা কৰিলে এতিয়া আমেৰিকাই ইৰাণ আক্ৰমণ কৰিব পাৰে ।

লগতে পঢ়ক : দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক যাৱজ্জীৱন কাৰাদণ্ড; দেশত জাৰি কৰিছিল সামৰিক আইন

মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; ক’লে ‘এয়া যুদ্ধৰ যুগ নহয়…’

মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান চাইপ্ৰাছ ভ্ৰমণত আছে, য’ত তেওঁ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু আঞ্চলিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । মধ্যপ্ৰাচ্যৰ সংঘাতক লৈয়ো উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানৱতাক শান্তি আৰু স্থিতিশীলতাৰ প্ৰয়োজন । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে আমি এক সুনিৰ্দিষ্ট ৰোডমেপ প্ৰস্তুত কৰিম যিয়ে ভাৰত আৰু চাইপ্ৰাছৰ মাজত সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে যৌথভাৱে সংবাদমেল সম্বোধন কৰে । সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত চাইপ্ৰাছৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজকীয় আদৰণি আৰু আতিথ্যৰ বাবে মই ৰাষ্ট্ৰপতিগৰাকীক আন্তৰিকতাৰে ধন্যবাদ জনাইছো । চাইপ্ৰাছৰ মাটিত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু ইয়াৰ জনসাধাৰণে দেখুওৱা মৰম আৰু প্ৰেমে মোৰ হৃদয় চুই গৈছে । মাত্ৰ কিছু সময়ৰ পূৰ্বে মোক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছিল । এই সন্মান কেৱল মোৰ নহয়, ই ১৪০ কোটি ভাৰতীয়ৰ সন্মান । এয়া ভাৰত আৰু চাইপ্ৰাছৰ অভেদ্য বন্ধুত্বৰ মোহৰ । ইয়াৰ বাবে মই আকৌ এবাৰ মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো ।

তেওঁ কয় যে আমি চাইপ্ৰাছৰ সৈতে আমাৰ সম্পৰ্কক অতি গুৰুত্ব দিওঁ । গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত ভাগ-বতৰা কৰা বিশ্বাস আমাৰ অংশীদাৰিত্বৰ শক্তিশালী ভেটি । ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্ব পৰিস্থিতিৰ দ্বাৰা গঢ় লৈ উঠা নাই, সীমাৰেখাৰে বান্ধ খাই থকাও নহয় । ইয়াক বাৰে বাৰে পৰীক্ষা কৰা হৈছে আৰু সময়ৰ প্ৰতিটো পৰ্যায়তে আমি সহযোগিতা, সন্মান আৰু সমৰ্থনৰ অনুভূতিক জীয়াই ৰাখিছো । আমি ইখনে সিখনৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰো ।

মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ-

তেওঁ কয় যে ৰাষ্ট্ৰসংঘক সমসাময়িক কৰি তুলিবলৈ প্ৰয়োজনীয় সংস্কাৰৰ ক্ষেত্ৰত আমাৰো একেধৰণৰ মতামত আছে । নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদক সহায় কৰাৰ বাবে চাইপ্ৰাছৰ প্ৰতি আমি কৃতজ্ঞ ৷ মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ আমি দুয়ো উদ্বেগ প্ৰকাশ কৰিছো । মধ্যপ্ৰাচ্যৰ সংঘাতৰ নেতিবাচক প্ৰভাৱ কেৱল সেই অঞ্চলবোৰতে সীমাবদ্ধ নহয় । আমি বিশ্বাস কৰোঁ যে এয়া যুদ্ধৰ যুগ নহয়, আলোচনাৰ জৰিয়তে সমাধান আৰু স্থিৰতা পুনৰুদ্ধাৰ মানৱতাৰ আহ্বান । ভূমধ্যসাগৰীয় অঞ্চলৰ সৈতে সংযোগ বৃদ্ধিৰ কথাও আমি কথা পাতিলোঁ ৷ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰে অঞ্চলটোত শান্তি আৰু সমৃদ্ধিৰ বাট মুকলি কৰিব বুলি আমি একমত ।

‘এক নতুন অধ্যায় লিখাৰ সোণালী সুযোগ’

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে দুটা দশকৰো অধিক ব্যৱধানৰ অন্তত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে চাইপ্ৰাছ ভ্ৰমণ কৰিছে । পাৰস্পৰিক সম্পৰ্কৰ এক নতুন অধ্যায় লিখাৰ এয়া এক সোণালী সুযোগ । আজি ৰাষ্ট্ৰপতি আৰু মোৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ ওপৰত এক বিস্তৃত আলোচনা হ’ল । চাইপ্ৰাছৰ ‘ভিজন ২০৩৫’ আৰু ‘উন্নত ভাৰত ২০৪৭’ৰ বহু দিশত সাদৃশ্য আছে, গতিকে আমি একেলগে ভৱিষ্যত গঢ় দিম । আমাৰ অংশীদাৰিত্বক কৌশলগত দিশ দিবলৈ আমি অহা পাঁচ বছৰৰ বাবে এক সুনিৰ্দিষ্ট ৰোডমেপ তৈয়াৰ কৰিম । প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰিবলৈ দ্বিপাক্ষিক ‘ৰক্ষা সহযোগিতা কাৰ্যসূচী’ৰ অধীনত প্ৰতিৰক্ষা উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । চাইবাৰ আৰু সামুদ্ৰিক সুৰক্ষা সন্দৰ্ভত এক সুকীয়া আলোচনা আৰম্ভ কৰা হ’ব ।

লগতে পঢ়ক : ইৰাণক কঠোৰ সকিয়নী ড’নাল্ড ট্ৰাম্পৰ; ক’লে- যদি আক্ৰমণ কৰে তেন্তে…