২০২৪ চনত সামৰিক আইন জাৰি কৰাৰ ব্যৰ্থ প্ৰচেষ্টাৰ বাবে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে
দক্ষিণ কোৰিয়াৰ এখন আদালতে প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ২০২৪ চনত দেশত সামৰিক আইন জাপি দিয়া, ক্ষমতাৰ অপব্যৱহাৰ আৰু বিদ্ৰোহৰ উচটনি দিয়াৰ ষড়যন্ত্ৰৰ গোচৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰে। এই ক্ষেত্ৰত তেওঁক মৃত্যুদণ্ডৰ শাস্তি দিয়া হ’লহেঁতেন, কিন্তু আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰে।
৬৫ বছৰীয়া ইউন চুক ইয়েলে ২০২৪ চনৰ ডিচেম্বৰ মাহত সেনা আৰু আৰক্ষী বাহিনী সক্ৰিয় কৰি সংসদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল।
অভিযোগ অনুসৰি তেওঁ অবৈধভাৱে উদাৰ সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰীয় বিধানসভাৰ ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰিছিল। নিজৰ সিদ্ধান্তৰ পক্ষ লৈ তেওঁ কৈছিল যে “জাতীয় বিৰোধী শক্তি”ক বন্ধ কৰিবলৈ এই পদক্ষেপৰ প্ৰয়োজন আছিল, যিয়ে তেওঁৰ এজেণ্ডাত বাধাৰ সৃষ্টি কৰিছিল।
জানিব পৰা মতে সেই সময়ত প্ৰায় ছয় ঘণ্টা ধৰি এই সামৰিক আইন প্ৰযোজ্য আছিল। অস্ত্ৰধাৰী জোৱান আৰু আৰক্ষীয়ে সংসদ ভৱন ঘেৰাও কৰিছিল।
কিন্তু সাংসদসকলে বাধা ভাঙি সংসদ ভৱনত প্ৰৱেশ কৰি সৰ্বসন্মতিক্ৰমে সামৰিক আইন প্ৰত্যাহাৰ কৰাৰ সপক্ষে ভোটদান কৰে, ইয়াৰ পিছত জৰুৰীকালীন আদেশ প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল।
লগতে পঢ়ক: পঞ্জাৱ সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; চণ্ডীগড়ত হাই-এলাৰ্ট









