নতুন দিল্লীত উপস্থিত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং; ৮ বছৰৰ প্ৰথমটো ৰাজ্যিক ভ্ৰমণ

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙৰ ভাৰত আগমনৰ লগে লগে ভাৰত আৰু কোৰিয়াৰ মাজৰ সম্পৰ্কই এক গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হৈছে।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙে দেওবাৰে তেওঁৰ পত্নী কিম হেই-কিউঙৰ সৈতে তিনিদিনীয়া ৰাজ্যিক ভ্ৰমণৰ বাবে ভাৰতত উপস্থিত হয়।যোৱা আঠ বছৰৰ ভিতৰত দক্ষিণ কোৰিয়াৰ নেতাগৰাকীৰ এইটোৱেই প্ৰথম ভাৰত ভ্ৰমণ।বিমানবন্দৰত কৰ্পৰেট পৰিক্ৰমা আৰু পথ পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই তেওঁক আদৰণি জনায়। ২০২৫ চনৰ জুন মাহত কাৰ্যভাৰ গ্ৰহণ কৰা ৰাষ্ট্ৰপতি লীৰ এই ভ্ৰমণক ভাৰত আৰু দক্ষিণ কোৰিয়াৰ বিশেষ ৰণনীতি সম্পৰ্কৰ পুনৰুজ্জীৱিতকৰণ হিচাপে চোৱা হৈছে।

সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ লগতে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ হায়দৰাবাদ হাউছত হ’বলগীয়া শীৰ্ষ সন্মিলনৰ আলোচনা এই ভ্ৰমণৰ মূল আকৰ্ষণ হ’ব। এই সময়ছোৱাত অৰ্ধপৰিবাহী, সেউজ শক্তি, প্ৰতিৰক্ষা উৎপাদন, আৰু ‘মেক ইন ইণ্ডিয়া’ শক্তিশালী কৰাৰ বাবে কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: “১০ টকা দিব লাগিব”: প্ৰচাৰৰ মাজতে দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী মোদীয়ে

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক যাৱজ্জীৱন কাৰাদণ্ড; দেশত জাৰি কৰিছিল সামৰিক আইন

২০২৪ চনত সামৰিক আইন জাৰি কৰাৰ ব্যৰ্থ প্ৰচেষ্টাৰ বাবে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে

দক্ষিণ কোৰিয়াৰ এখন আদালতে প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ২০২৪ চনত দেশত সামৰিক আইন জাপি দিয়া, ক্ষমতাৰ অপব্যৱহাৰ আৰু বিদ্ৰোহৰ উচটনি দিয়াৰ ষড়যন্ত্ৰৰ গোচৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰে। এই ক্ষেত্ৰত তেওঁক মৃত্যুদণ্ডৰ শাস্তি দিয়া হ’লহেঁতেন, কিন্তু আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰে।

৬৫ বছৰীয়া ইউন চুক ইয়েলে ২০২৪ চনৰ ডিচেম্বৰ মাহত সেনা আৰু আৰক্ষী বাহিনী সক্ৰিয় কৰি সংসদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল।

অভিযোগ অনুসৰি তেওঁ অবৈধভাৱে উদাৰ সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰীয় বিধানসভাৰ ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰিছিল। নিজৰ সিদ্ধান্তৰ পক্ষ লৈ তেওঁ কৈছিল যে “জাতীয় বিৰোধী শক্তি”ক বন্ধ কৰিবলৈ এই পদক্ষেপৰ প্ৰয়োজন আছিল, যিয়ে তেওঁৰ এজেণ্ডাত বাধাৰ সৃষ্টি কৰিছিল।

জানিব পৰা মতে সেই সময়ত প্ৰায় ছয় ঘণ্টা ধৰি এই সামৰিক আইন প্ৰযোজ্য আছিল। অস্ত্ৰধাৰী জোৱান আৰু আৰক্ষীয়ে সংসদ ভৱন ঘেৰাও কৰিছিল।

কিন্তু সাংসদসকলে বাধা ভাঙি সংসদ ভৱনত প্ৰৱেশ কৰি সৰ্বসন্মতিক্ৰমে সামৰিক আইন প্ৰত্যাহাৰ কৰাৰ সপক্ষে ভোটদান কৰে, ইয়াৰ পিছত জৰুৰীকালীন আদেশ প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল।

লগতে পঢ়ক: পঞ্জাৱ সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; চণ্ডীগড়ত হাই-এলাৰ্ট

অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

চলিত বৰ্ষৰ অক্টোবৰ মাহত দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দক্ষিণ কোৰিয়াত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠক হ’ব পাৰে । অৱশ্যে এই বিষয়ে আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই ।

শীৰ্ষ সন্মিলনৰ সময়ত হ’ব পাৰে দ্বিপাক্ষিক বৈঠক-

আমেৰিকাৰ সংবাদ মাধ্যম সংস্থা চি এন এনে শনিবাৰে ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰে । এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতাৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ শীৰ্ষ উপদেষ্টাসকলে প্ৰস্তুতি চলাইছে । অক্টোবৰৰ শেষৰ ফালে আৰু নৱেম্বৰৰ আৰম্ভণিতে গিয়েংজুত অনুষ্ঠিত হ’বলগীয়া এছিয়া পেচিফিক অৰ্থনৈতিক সহযোগিতা সন্মিলনক ​​ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বৈঠকৰ বাবে এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে গণ্য কৰা হৈছে । বিষয়াসকলৰ উদ্ধৃতিৰে কোৱা হৈছে যে শীৰ্ষ সন্মিলনৰ সময়ত ট্ৰাম্প-জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠকৰ সন্দৰ্ভত গুৰুতৰ আলোচনা চলি আছে যদিও এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট পৰিকল্পনা কৰা হোৱা নাই ।

কিম জং উনক সাক্ষাৎ কৰিব পাৰে ট্ৰাম্পে-

সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা মাহত শ্বি জিনপিং আৰু ট্ৰাম্পৰ মাজত টেলিফোনিক বাৰ্তালাপ হৈছিল, য’ত জিনপিঙে ট্ৰাম্পক পত্নীৰ সৈতে চীন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই কথাত সন্মতি প্ৰকাশ কৰে । অৱশ্যে এই ভ্ৰমণৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই । দক্ষিণ কোৰিয়াত উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক সাক্ষাৎ কৰিব পাৰে ট্ৰাম্পে । অৱশ্যে এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনত কিম জং উনে অংশগ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই ।

লগতে পঢ়ক : ‘ট্ৰাম্পক হৃদয়ৰ পৰা শলাগ লৈছো’; ট্ৰাম্পৰ ইউ টাৰ্ণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যুত্তৰ

উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে…

উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে

দক্ষিণ কোৰিয়াৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা লি জে ম্যুঙে জয়লাভ কৰিছে । ইয়াৰ লগে লগে লি জে ম্যুং দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে । নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰথম ভাষণত লি জে ম্যুঙে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বুলি মন্তব্য কৰে ।

লি জে ম্যুঙে কয় যে তেওঁৰ চৰকাৰে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিব যাতে কোৰিয়া উপদ্বীপত শান্তি স্থাপন কৰিব পৰা যায় । কিন্তু তেওঁ লগতে কয় যে যদি উত্তৰ কোৰিয়াৰ পৰা অহা প্ৰৰোচনা অব্যাহত থাকে, তেন্তে আমেৰিকাৰ সৈতে মিলি তেওঁলোকে উত্তৰ কোৰিয়াৰ আগ্ৰাসনৰ উপযুক্ত উত্তৰ দিব । ম্যুঙে কয় যে তেওঁৰ চৰকাৰে জাপান আৰু আমেৰিকাৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব ।

অভিনন্দন প্ৰধানমন্ত্ৰী মোদীয়ে-

দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে লি জে ম্যুঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায় । বুধবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে মিষ্টাৰ লি জে ম্যুংক অভিনন্দন । তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক কৌশলগতভাৱে শক্তিশালী কৰিবলৈ মই আগ্ৰহী ।’

দক্ষিণ কোৰিয়াত সাধাৰণ নির্বাচন অনুষ্ঠিত হোৱাৰ সময়তে প্রাক্তন ৰক্ষণশীল ৰাষ্ট্ৰপতি ইউন ছুক-য়লে হঠাতে দেশখনত সামৰিক আইন জাপি দিয়াৰ নির্দেশ দিছিল ৷ ইয়াৰ ফলত দক্ষিণ কোৰিয়াত ৰাজনৈতিক অশান্তিৰ সৃষ্টি হয় । কিন্তু ব্যাপক প্ৰতিবাদৰ অন্তত কেইঘণ্টামানৰ ভিতৰতে সামৰিক আইন জাৰি কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলগীয়া হয় ইউন ছুক-য়লে । কিন্তু তাৰ পিছত দক্ষিণ কোৰিয়া ৰাজনৈতিক সংকটত আবদ্ধ হৈ পৰে । এতিয়া লি জে ম্যুঙৰ জয়ৰ লগে লগে সেই সংকটৰ অন্ত পৰিছে ।

কোন হয় লি জে ম্যুং-

৬০ বছৰীয়া লীক বিভিন্ন সমীক্ষাত ৰাষ্ট্ৰপতি পদৰ বাবে আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থী হিচাপে অভিহিত কৰা হৈছিল । যোৱা বছৰৰ ডিচেম্বৰ মাহত যেতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি ইউনে দেশত সামৰিক আইন জাপি দিছিল, তেতিয়া তেওঁৰ বিৰোধিতা কৰাসকলৰ ভিতৰত লি জে ম্যুং আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি । তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ দৌৰত অংশগ্ৰহণ কৰিছিল লীয়ে । ২০২২ চনৰ আৰম্ভণিতে তেওঁ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আছিল আৰু ইউনৰ বিৰুদ্ধে ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচনত পৰাস্ত হৈছিল ।

লীয়ে দক্ষিণ কোৰিয়াৰ আটাইতকৈ জনবহুল প্ৰদেশ গিয়েংগিৰ গৱৰ্ণৰ আৰু ছিয়ংনাম চহৰৰ মেয়ৰ হিচাপেও অধিষ্ঠীত হৈছিল । লীয়ে কয় যে তেওঁ দেশৰ অৰ্থনীতিৰ উন্নতি সাধন কৰাৰ বাবে কাম কৰিব ।

লগতে পঢ়ক : আমাক দোষ দিয়া বন্ধ কৰক, নিজৰ ভিতৰলৈ চাওক… শ্বাহবাজৰ মন্তব্যক লৈ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ

বনজুইৰ বিধ্বংসী ৰূপ… ১৬ জন লোকৰ মৃত্যু, ১৯ জন আহত

দক্ষিণ কোৰিয়াৰ দক্ষিণ অঞ্চলত খৰালি বতৰ আৰু প্ৰচণ্ড বতাহৰ ফলত হোৱা অগ্নিকাণ্ডত এতিয়ালৈকে ১৬ জন লোকৰ মৃত্যু হৈছে । এই অগ্নিকাণ্ডত ঊনৈশজন লোক আহত হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে ।

শুকান বতাহৰ ফলত কেইবাটাও অঞ্চলত সংঘটিত হোৱা বনজুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে মঙলবাৰে আণ্ডং চহৰ আৰু অন্যান্য দক্ষিণ-পূব চহৰৰ কৰ্তৃপক্ষই মানুহক ঘৰৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে । এই অগ্নিকাণ্ডৰ ফলত ৪৩ হাজাৰ বিঘাৰো অধিক ভূমি ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি উইছয়ঙৰ ১৩০০ বছৰীয়া বৌদ্ধ মন্দিৰ গৌনছাও এই জুইত জাহ যায় । অৱশ্যে ইয়াৰ ফলত কোনো লোক আহত হোৱাৰ কোনো তথ্য পোৱা হোৱা নাই । শিলৰ বুদ্ধ প্ৰতিমূৰ্তিকে ধৰি মন্দিৰৰ কিছু ধন-সম্পত্তি, কাঠৰ অট্টালিকাবোৰ জুই লগাৰ আগতেই খালী কৰা হয় ।

৫৫০০ৰো অধিক লোকে ঘৰ এৰিবলগীয়া হয়-

দক্ষিণ কোৰিয়াৰ আভ্যন্তৰীণ আৰু সুৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এণ্ডং, উইচেং, ছানচেয়ং আৰু উলছান চহৰত ৫৫০০ৰো অধিক লোকে ঘৰ খালী কৰিবলৈ বাধ্য হৈছে । দক্ষিণ কোৰিয়াৰ বিষয়াসকলে পূৰ্বে কয় যে অগ্নিনিৰ্বাপক বাহিনীয়ে আটাইতকৈ ডাঙৰ জুই নিৰ্বাপন কৰিছে যদিও শুকান বতৰৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয় আৰু পুনৰ জুই বিয়পি পৰে ।

জুই নিৰ্বাপনৰ বাবে ৯০০০ অগ্নিনিৰ্বাপক বাহিনী আৰু ১৩০ খনতকৈও অধিক হেলিকপ্টাৰ নিয়োগ-

প্ৰায় ৯,০০০ অগ্নিনিৰ্বাপক বাহিনী, ১৩০ খনতকৈও অধিক হেলিকপ্টাৰ আৰু শ শ বাহন নিয়োগ কৰা হয় । কিন্তু নিশাৰ ভিতৰতে প্ৰচণ্ড বতাহৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা আংশিকভাৱে বন্ধ হৈ পৰে, যাৰ ফলত আণ্ডং আৰু উইছং কাউন্টিৰ কৰ্তৃপক্ষই কেইবাখনো গাঁও আৰু ইয়াৰ আশে-পাশে থকা বাসিন্দাসকলক বিশ্ববিদ্যালয়, নিৰাপদ স্থান বা অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত হবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ ভিতৰত আছিল স্কুল আৰু ইনড’ৰ জিম, কিয়নো প্ৰচণ্ড বতাহৰ বাবে উইছংত জুই বিয়পি পৰিছিল ।

আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ কাৰ্যত খং উঠিল উত্তৰ কোৰিয়াৰ;  হতাশ হৈ নিক্ষেপ কৰিলে বিমান বিৰোধী ক্ষেপণাস্ত্ৰ

দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ এক কাৰ্য্যই জোকাৰি গৈছে উত্তৰ কোৰিয়াক ।লগে লগে তেওঁলোকে এণ্টি এয়াৰক্ৰাফ্ট মিছাইল নিক্ষেপ কৰে।

কোৱা হৈছে যে আমেৰিকা আৰু দক্ষিণ কোৰিয়াই যৌথ অনুশীলনৰ অংশ হিচাপে কেইবাটাও সুৰংগ বিস্ফোৰণ কৰিছিল।

ইয়াৰ বাবে উত্তৰ কোৰিয়াই নিজৰ পাৰমাণৱিক অস্ত্ৰ ধ্বংসৰ ভাবুকিৰ সন্মুখীন হৈছে। যাৰ ফলত তেওঁলোকে এটা নতুন পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।

উত্তৰ কোৰিয়াৰ এই পদক্ষেপে আমেৰিকাৰ শিবিৰৰ লগতে চুবুৰীয়া দেশসমূহতো আলোড়নৰ সৃষ্টি কৰিছে। শুকুৰবাৰে উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে নতুন বিমান বিৰোধী ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা বুলি দাবী কৰে।

উত্তৰ কোৰিয়াই এই দাবী এনে এটা সময়ত কৰিছে যেতিয়া শেহতীয়াকৈ তেওঁলোকৰ সেনাই আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ যৌথ সামৰিক অনুশীলনৰ বিৰুদ্ধে গুৰুতৰ পদক্ষেপ লোৱাৰ ভাবুকি দিছে।

আচলতে দক্ষিণ কোৰিয়াৰ সৈতে উত্তৰ কোৰিয়াৰ শত্ৰুতা বহুত পুৰণি। কিন্তু আমেৰিকাৰ সৈতে ইয়াৰ শত্ৰুতাৰ কাৰণ হৈছে দক্ষিণ কোৰিয়াক আমেৰিকাৰ সমৰ্থন।

গতিকে যেতিয়াই আমেৰিকা আৰু দক্ষিণ কোৰিয়াই একেলগে সামৰিক অনুশীলন কৰে তেতিয়াই উত্তৰ কোৰিয়াই এই সামৰিক অনুশীলনসমূহক ইয়াক আক্ৰমণ কৰাৰ অভ্যাস হিচাপে লয়

গতিকে তেওঁলোকে নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষাৰে উত্তৰ দিয়ে। উত্তৰ কোৰিয়াৰ চৰকাৰী ‘কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সী’ই জনোৱা মতে, বৃহস্পতিবাৰে দেশখনৰ নেতা কিম জং উনৰ তত্বাৱধানত এই ক্ষেপণাস্ত্ৰ পৰীক্ষণসমূহ সম্পন্ন কৰা হৈছে। তেওঁ কয় যে এই ক্ষেপণাস্ত্ৰসমূহ উত্তৰ কোৰিয়াৰ বাবে “আন এটা ডাঙৰ প্ৰতিৰক্ষা অস্ত্ৰ ব্যৱস্থা”।