দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি
চলিত বৰ্ষৰ অক্টোবৰ মাহত দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দক্ষিণ কোৰিয়াত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠক হ’ব পাৰে । অৱশ্যে এই বিষয়ে আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই ।
শীৰ্ষ সন্মিলনৰ সময়ত হ’ব পাৰে দ্বিপাক্ষিক বৈঠক-
আমেৰিকাৰ সংবাদ মাধ্যম সংস্থা চি এন এনে শনিবাৰে ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰে । এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতাৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ শীৰ্ষ উপদেষ্টাসকলে প্ৰস্তুতি চলাইছে । অক্টোবৰৰ শেষৰ ফালে আৰু নৱেম্বৰৰ আৰম্ভণিতে গিয়েংজুত অনুষ্ঠিত হ’বলগীয়া এছিয়া পেচিফিক অৰ্থনৈতিক সহযোগিতা সন্মিলনক ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বৈঠকৰ বাবে এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে গণ্য কৰা হৈছে । বিষয়াসকলৰ উদ্ধৃতিৰে কোৱা হৈছে যে শীৰ্ষ সন্মিলনৰ সময়ত ট্ৰাম্প-জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠকৰ সন্দৰ্ভত গুৰুতৰ আলোচনা চলি আছে যদিও এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট পৰিকল্পনা কৰা হোৱা নাই ।
কিম জং উনক সাক্ষাৎ কৰিব পাৰে ট্ৰাম্পে-
সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা মাহত শ্বি জিনপিং আৰু ট্ৰাম্পৰ মাজত টেলিফোনিক বাৰ্তালাপ হৈছিল, য’ত জিনপিঙে ট্ৰাম্পক পত্নীৰ সৈতে চীন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই কথাত সন্মতি প্ৰকাশ কৰে । অৱশ্যে এই ভ্ৰমণৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই । দক্ষিণ কোৰিয়াত উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক সাক্ষাৎ কৰিব পাৰে ট্ৰাম্পে । অৱশ্যে এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনত কিম জং উনে অংশগ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই ।
লগতে পঢ়ক : ‘ট্ৰাম্পক হৃদয়ৰ পৰা শলাগ লৈছো’; ট্ৰাম্পৰ ইউ টাৰ্ণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যুত্তৰ









