অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

চলিত বৰ্ষৰ অক্টোবৰ মাহত দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দক্ষিণ কোৰিয়াত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠক হ’ব পাৰে । অৱশ্যে এই বিষয়ে আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই ।

শীৰ্ষ সন্মিলনৰ সময়ত হ’ব পাৰে দ্বিপাক্ষিক বৈঠক-

আমেৰিকাৰ সংবাদ মাধ্যম সংস্থা চি এন এনে শনিবাৰে ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰে । এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতাৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ শীৰ্ষ উপদেষ্টাসকলে প্ৰস্তুতি চলাইছে । অক্টোবৰৰ শেষৰ ফালে আৰু নৱেম্বৰৰ আৰম্ভণিতে গিয়েংজুত অনুষ্ঠিত হ’বলগীয়া এছিয়া পেচিফিক অৰ্থনৈতিক সহযোগিতা সন্মিলনক ​​ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বৈঠকৰ বাবে এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে গণ্য কৰা হৈছে । বিষয়াসকলৰ উদ্ধৃতিৰে কোৱা হৈছে যে শীৰ্ষ সন্মিলনৰ সময়ত ট্ৰাম্প-জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠকৰ সন্দৰ্ভত গুৰুতৰ আলোচনা চলি আছে যদিও এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট পৰিকল্পনা কৰা হোৱা নাই ।

কিম জং উনক সাক্ষাৎ কৰিব পাৰে ট্ৰাম্পে-

সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা মাহত শ্বি জিনপিং আৰু ট্ৰাম্পৰ মাজত টেলিফোনিক বাৰ্তালাপ হৈছিল, য’ত জিনপিঙে ট্ৰাম্পক পত্নীৰ সৈতে চীন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই কথাত সন্মতি প্ৰকাশ কৰে । অৱশ্যে এই ভ্ৰমণৰ কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই । দক্ষিণ কোৰিয়াত উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক সাক্ষাৎ কৰিব পাৰে ট্ৰাম্পে । অৱশ্যে এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনত কিম জং উনে অংশগ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই ।

লগতে পঢ়ক : ‘ট্ৰাম্পক হৃদয়ৰ পৰা শলাগ লৈছো’; ট্ৰাম্পৰ ইউ টাৰ্ণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যুত্তৰ

‘প্ৰধানমন্ত্ৰী মোদীক লগ পাই বৰ ভাল লাগিল…’; জিনপিঙে কৰিলে মোদীৰ প্ৰশংসা

জিনপিঙে কৰিলে মোদীৰ প্ৰশংসা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰত-চীনৰ বন্ধুত্বক বৰ্তমানৰ পৰিস্থিতিত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীক লগ পাই মই অতিশয় আনন্দিত হৈছো…আৰু সাম্প্ৰতিক পৰিস্থিতিত ভাৰত আৰু চীনৰ বাবে ভাল প্ৰতিবেশী আৰু বন্ধু হোৱাটো গুৰুত্বপূৰ্ণ।

জিনপিঙে কয় যে বৰ্তমানৰ পৃথিৱীখন শতিকাত এবাৰ ঘটা পৰিৱৰ্তনৰ এটা পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈ আছে।আন্তর্জাতিক পৰিস্থিতি অস্থিৰ আৰু জটিল হৈয়ে আছে…এইবাৰ চীন-ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল।

জিনপিঙে কয় যে দুয়োখন দেশে নিজৰ সম্পৰ্কক কৌশলগত দৃষ্টিকোণ আৰু দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চোৱা আৰু পৰিচালনা কৰা উচিত।

বহুপক্ষীয়তাবাদ, বহুমেৰু বিশ্বক বজাই ৰাখিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বৃহত্তৰ গণতন্ত্ৰ আনিবলৈ আমি একেলগে কাম কৰিব লাগিব।

একে সময়তে আমি এছিয়া আৰু সমগ্ৰ বিশ্বৰ শান্তি আৰু সমৃদ্ধিৰ বাবে আমাৰ আন্তৰিক অৱদান আগবঢ়াব লাগিব।” তেওঁ ক’লে, ত্যেনজিনত আকৌ এবাৰ তোমাক লগ পাই বৰ ভাল লাগিল।

চাংহাই সহযোগিতা সংস্থা (এছচিঅ’) ত্যেনজিন শীৰ্ষ সন্মিলনৰ বাবে চীনলৈ আপোনাক স্বাগতম।যোৱা বছৰ কাজানত আমাৰ মাজত সফল বৈঠক হৈছিল,আৰু চীন-ভাৰতৰ সম্পৰ্কৰ নতুন আৰম্ভণি হ’ল।

দুয়োপক্ষই সেই গুৰুত্বপূৰ্ণ সহমত ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিছে, আমি সেইটোৱেই একমত হৈছিলো, আৰু তেতিয়াৰ পৰাই দ্বিপাক্ষিক আলোচনা আৰু সহযোগিতাৰ ক্ষেত্ৰত নতুন অগ্ৰগতি হৈছে।’

“চীন আৰু ভাৰত পূবৰ দুখন প্ৰাচীন সভ্যতা।আমি বিশ্বৰ দুখন জনবহুল দেশ আৰু লগতে গ্ল’বেল চাউথৰ গুৰুত্বপূৰ্ণ সদস্য”।

“আমাৰ দুয়োখন দেশে নিজৰ নিজৰ নাগৰিকৰ মংগল বৃদ্ধি,উন্নয়নশীল দেশসমূহৰ ঐক্য আৰু পুনৰুজ্জীৱিতকৰণৰ প্ৰসাৰ,আৰু মানৱ সমাজৰ প্ৰগতি আগুৱাই নিয়াৰ এক ঐতিহাসিক দায়িত্ব আছে”।

“দুয়োখন দেশৰ বাবে ভাল প্ৰতিবেশী আৰু বন্ধু হোৱাটো সঠিক সিদ্ধান্ত,ইজনে সিজনৰ সফলতাৰ অংশীদাৰ হওক,আৰু ‘ড্ৰেগন আৰু হাতী’ একেলগে আগবাঢ়ি যায়।”

লগতে পঢ়ক: পুটিনক সাক্ষাতৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী-জেলেনস্কিৰ টেলিফোনিক বাৰ্তালাপ … সংঘাত নিৰাময় আৰু শান্তি পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ মন্ত্ৰী এছ জয়শংকৰৰ; দিলে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান চীন ভ্ৰমণত আছে।জয়শংকৰৰ এই ভ্ৰমণে ভাৰত আৰু চীনৰ সম্পৰ্কত ব্যাপক উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।

ইফালে জয়শংকৰে প্ৰথমে বেইজিঙত তেওঁৰ সমকক্ষ ৱাং য়িক সাক্ষাৎ কৰাৰ পিছত এতিয়া চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিছে।

এই বৈঠকৰ বিষয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত তথ্য দি কয় যে তেওঁ ছি জিনপিঙলৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰপতি ছি জিনপিঙকো দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।

জয়শংকৰে এই সময়ছোৱাত এই কথাখিনিক গুৰুত্ব দিছিল যে ভাৰত আৰু চীনৰ সম্পৰ্কক দিশ দিয়াৰ ক্ষেত্ৰত দুয়োখন দেশৰ শীৰ্ষ নেতৃত্বৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ।

সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে এছ চি অ’ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনত উপস্থিত হয় বৈদেশিক মন্ত্ৰীগৰাকী।

ইয়াৰ পূৰ্বে সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ সমকক্ষ ৱাং য়িৰ সৈতে বৈঠকত মিলিত হয়।বৈঠকৰ সময়ত জয়শংকৰে কৈছিল যে যোৱা ৯ মাহত দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ দিশত ভাল অগ্ৰগতি লাভ কৰা হৈছে।

লগতে পঢ়ক: ‘ভাৰত আৰু চীনৰ মাজত সহযোগিতা প্ৰয়োজনীয়’; চীনৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ এছ জয়শংকৰৰ

১২ বছৰত প্ৰথমবাৰলৈ; BRICS শীৰ্ষ সন্মিলনত নাথাকিব জিনপিং, পুটিন

BRICS শীৰ্ষ সন্মিলনত নাথাকিব জিনপিং

BRICS শীৰ্ষ সন্মিলনত এইবাৰ বিশ্বৰ দুজন ডাঙৰ নেতাই অংশগ্ৰহণ নকৰে। এই সন্মিলনত উপস্থিত নাথাকিব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

১২ বছৰ ধৰি ধাৰাবাহিকভাৱে BRICS ৰ সভাত অংশগ্ৰহণ কৰা জিনপিং এইবাৰ প্ৰথমবাৰৰ বাবে উপস্থিত নাথাকিব। আনহাতে পুটিনে ইতিমধ্যে ICCৰ ৱাৰেণ্টৰ বাবে এনে ভ্ৰমণৰ পৰা আঁতৰি আহিছে।

অহা ৬-৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত ব্ৰিকছ সন্মিলন অনুষ্ঠিত হ’ব।যি সময়ত দুটা শক্তিশালী জাতিৰ নেতাসকলে পিছুৱাই গৈছে, এই মঞ্চত ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিশালীভাৱে উত্থান হোৱা দেখা গৈছে।

‘ব্ৰিকছ’ৰ পৰা চীনৰ বাঢ়িল দূৰত্ব

চীনে আনুষ্ঠানিকভাৱে ব্ৰাজিলক জনাইছে যে এইবাৰ জিনপিঙে এই সন্মিলনত অংশগ্ৰহণ নকৰে। তেওঁৰ ঠাইত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী লি কিয়ঙে।

চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ৰ পৰা ব্ৰাজিলৰ দূৰত্ব এই ‘কূটনৈতিক শীতলতা’ৰ এটা কাৰণ হ’ব পাৰে।

উল্লেখ্য যে, ভাৰতেও BRIৰ পৰা আঁতৰি আছে।ইয়াৰ পৰা বুজা যায় যে চীনৰ স্বেচ্ছাচাৰী আৰু আগ্ৰাসী নীতি এতিয়া ব্ৰিকছৰ দৰে মঞ্চত গ্ৰহণ কৰা হোৱা নাই।

জিনপিঙৰ অনুপস্থিতিয়ে দেখুৱাইছে যে চীনে এতিয়া ব্ৰিকছত নিজৰ দখল দুৰ্বল অনুভৱ কৰিছে।যেতিয়া ভাৰতে এই মঞ্চক গ্ল’বেল চাউথৰ কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ হিচাপে ব্যৱহাৰ কৰি আছে।

BRICS শীৰ্ষ সন্মিলন নাথাকে পুটিন

আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ গ্ৰেপ্তাৰৰ পৰোৱানাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ব্ৰাজিললৈ নাযায়।তেওঁৰ ঠাইত বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।

ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়াৰ দুৰ্বল স্থিতি আৰু ভাৰতৰ শক্তিশালী আইনী আৰু কূটনৈতিক ভাবমূৰ্তিৰ বৈপৰীত্যও প্ৰতিফলিত হয়।

লগতে পঢ়ক: ইজৰাইলৰ ওপৰত ক্ষুণ্ণ হৈ পৰিল ড’নাল্ড ট্ৰাম্প; ক’লে- ইৰাণক লৈয়ো সুখী নহয়

জি জিনপিঙে পোনপটীয়াকৈ আক্ৰমণ কৰিলে আমেৰিকাৰ কোষাগাৰ ! এতিয়া কি কৰিব ট্ৰাম্পে?

চীনে পোনপটীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰত হাত দিবলৈ চেষ্টা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে দিয়া তথ্যত এই আচৰিত কথাটো প্ৰকাশ পাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলৰ মতে, চীনৰ নিৰ্দেশত হেকাৰসকলে এই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগৰ প্ৰণালীত প্ৰৱেশ কৰিছিল আৰু কিছুমান কৰ্মচাৰীৰ ৱৰ্কষ্টেচন আৰু অশ্ৰেণীবদ্ধ নথিপত্ৰত প্ৰৱেশ কৰিছিল।

কোষাগাৰ বিভাগে ঘটনাটোক “ডাঙৰ চাইবাৰ আক্ৰমণ” বুলি বৰ্ণনা কৰিছে আৰু এখন পত্ৰত আইন প্ৰণেতাসকলক ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল।

বিভাগটোৱে কৈছিল যে এই ঘটনাটোৰ তদন্তৰ বাবে এফবিআই আৰু অন্যান্য সংস্থাৰ সৈতে কাম কৰি আছে।

চীনে অভিযোগবোৰক “ভিত্তিহীন” বুলি অভিহিত কৰিছিল আৰু কৈছিল যে তেওঁলোকে কোনো ধৰণৰ হেকিং সমৰ্থন নকৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ ওপৰত সাম্প্ৰতিক সময়ত এনে ধৰণৰ উচ্চ-প্ৰফাইল আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে, আৰু এই কথিত আক্ৰমণটো কেৱল উচ্চ-প্ৰফাইল আক্ৰমণৰ এটা শৃংখলাৰনতুন অংশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে ইয়াৰ পত্ৰত কৈছিল যে আক্ৰমণটো চীন-ভিত্তিক এডভান্সড পাৰচিষ্টেণ্ট থ্ৰেট (এপিটি) হেকাৰসকলে সংঘটিত কৰিছিল।

বিভাগটোৰ মতে, তেওঁলোকে তৃতীয় পক্ষৰ দ্বাৰা প্ৰদান কৰা সেৱা ব্যৱহাৰ কৰে আৰু চীনা হেকাৰসকলে এই তৃতীয় পক্ষৰ সেৱাত প্ৰৱেশ কৰি প্ৰণালীটোত প্ৰৱেশ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে গ্ৰহণ কৰা তৃতীয় পক্ষটোৰ নাম হৈছে ‘বিয়ণ্ডট্ৰাষ্ট’। ইয়াৰ কাম হৈছে বিভাগটোৰ কৰ্মচাৰীসকলক দূৰৱৰ্তী স্তৰত কাৰিকৰী সমৰ্থন প্ৰদান কৰা।

বিভাগটোৱে কৈছিল যে এই মুহূৰ্তত কোনো প্ৰমাণ নাই যে ঘটনাটোৰ পিছত হেকাৰসকলে কোনো তথ্য প্ৰাপ্ত কৰিছিল।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে অভিযোগসমূহ “ভিত্তিহীন” বুলি খাৰিজ কৰিছিল।তেওঁ কয়, “চীনে সকলো ধৰণৰ হেকিংৰ বিৰোধিতা কৰে আৰু ৰাজনৈতিক উদ্দেশ্যৰ বাবে সংঘটিত সকলো ধৰণৰ মিছা কথাক প্ৰত্যাখ্যান কৰে।”