“ঘৰ-দুৱাৰ, দৰকাৰী নথি-পত্ৰ, কিতাপ সকলো ব্যৱস্থা কৰা হ’ব”; বন্যাৰ্তক আশ্বাস মুখ্যমন্ত্ৰীৰ

“ঘৰ-দুৱাৰ, দৰকাৰী নথি-পত্ৰ, কিতাপ সকলো ব্যৱস্থা কৰা হ’ব”; বন্যাৰ্তক আশ্বাস মুখ্যমন্ত্ৰীৰ  

চৰাইদেউত বান সাহায্য শিবিৰলৈ গৈ তাত আশ্ৰয় লৈ থকা পৰিয়ালসমূহক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্তক ঘৰ-দুৱাৰ, দৰকাৰী নথি-পত্ৰ, কিতাপ-কাগজ সকলোৰে ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। বান বিধ্বস্ত উজনি অসমত এক অবৰ্ণনিয় পৰিৱেশ। বানাক্ৰান্তৰ মাজত এক হাহাকাৰ

চৰাইদেউত বান সাহায্য শিবিৰলৈ গৈ তাত আশ্ৰয় লৈ থকা পৰিয়ালসমূহক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্তক ঘৰ-দুৱাৰ, দৰকাৰী নথি-পত্ৰ, কিতাপ-কাগজ সকলোৰে ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

বান বিধ্বস্ত উজনি অসমত এক অবৰ্ণনিয় পৰিৱেশ। বানাক্ৰান্তৰ মাজত এক হাহাকাৰ পৰিস্থিতি। তাৰ মাজতে বুধবাৰে বন্যাৰ্তৰ সৈতে মত-বিনিময় কৰিবলৈ সোণাৰীৰ আশ্ৰয়শিবিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বানত সৰ্বোচ্চ হেৰুৱাই কান্দি কান্দি মুখ্যমন্ত্ৰী গৰাকীক দুৰ্দশাৰ কথা জনালে বানাক্ৰান্তই। তাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে ক্ষতিগ্ৰস্তসকলৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিছে।

ঘৰ-দুৱাৰ, দৰকাৰী নথি-পত্ৰ, কিতাপ-কাগজ সকলোৰে ব্যৱস্থা কৰা হ’ব বুলি বন্যাৰ্তক সম্পূৰ্ণ আশ্বাস দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।সোণাৰিৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে,  বানত নিহত  আত্মীয়লৈ ৪ লাখকৈ টকা তৎকালীন সাহায্য ৰাজ্য চৰকাৰে আগবঢ়াব।

আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এক অবৰ্ণনিয় পৰিৱেশ। বহুত মানুহ সাহয্য শিবিৰলৈ আহিছে যদিও এতিয়াও বহু মানুহ আৱদ্ধ হৈ আছে। বহু গাঁৱত এতিয়াও চৰকাৰ বা SDRF বাহিনী যাব পৰা নাই। আমি যিমান পাৰো ৰাইজৰ লগত থাকি তেওঁলোকৰ সেঁৱা কৰিবলৈ চেষ্টা কৰিম। মই গোটেই খিনি নিজেই পৰিদৰ্শন কৰি যাম।

তেওঁ লগতে কয়, আৰ্মী, SDRF , চৰকাৰ সকলোৱে একেলগে মিলি কাম কৰি গৈছে। ৰাইজৰ ঘৰবোৰ ভাঙিছে, ছাত্ৰ-ছাত্ৰী সকলৰ কিতাপ-বহী নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট বানে উটুৱাই নিছে, এই সকল ৰাইজক চৰকাৰে যিমান সম্ভৱ সিমান সহায় কৰিব। ৰাজ্য চৰকাৰে সাহায্যৰ নামত যিমান টকা খৰচ কৰে সেয়া সকলো কেন্দ্ৰ চৰকাৰেই দিয়ে। বানাক্ৰান্তৰ সহায় কৰিবলৈ চেষ্টাৰ ক্ৰুটী কৰা নাই কিন্তু কিছুমান  ঠাইত কোনো প্ৰকাৰে যাবলৈ সুবিধা নাই। ডাৱৰ বিস্ফোৰণৰ কথা নাগালেণ্ড প্ৰশাসনে আমাক লগে লগেই জনাইছিল। কিন্তু পানীৰ সোঁত ইমানেই বেছি আছিল যে কোনেও সময়েই নাপালে।   

লগতে পঢ়ক: বান বিধ্বস্ত ৩ খনকৈ জিলালৈ ব্যৱস্থা; বিশেষ জৰুৰীকালীন টেলিকমৰ ব্যৱস্থা

শেহতীয়া প্ৰৱন্ধসমূহ