খেলৰ ২২ সংখ্যক মিনিটত ফ্ৰান্সৰ ডিফেণ্ডাৰৰ এক মাৰাত্মক ভুলৰ বাবে ৰেফাৰীয়ে স্পেইনক পেনাল্টি উপহাৰ দিয়ে
চলিত ফিফা বিশ্বকাপ ২০২৬ (FIFA World Cup 2026) ৰ এক শিহৰণকাৰী ছেমিফাইনেলত ফ্ৰান্সক ২-০ ব্যৱধানত পৰাস্ত কৰি স্পেইনে অতি দৰ্শনীয়ভাৱে ফাইনেলৰ টিকট নিশ্চিত কৰিছে। স্পেনিছ বাহিনীৰ পদ্ধতিগত আৰু আক্ৰমণাত্মক খেলৰ সন্মুখত ফ্ৰান্সৰ ডিফেঞ্চ লাইন তচনচ হৈ পৰে, যাৰ ফলত অধিনায়ক কিলিয়ান এমবাপেৰ বিশ্বজয়ৰ সপোন আধাতে ভাঙি চুৰমাৰ হয়।
প্ৰশিক্ষক লুইচ ডে লা ফুৱেণ্টেৰ নিখুঁত ৰণনীতি আৰু ‘লা ৰোজা’ৰ আক্ৰমণাত্মক খেলৰ আগত ফ্ৰান্সৰ ডিফেঞ্চ লাইনে খেলৰ প্ৰথমৰে পৰা দিশ হেৰুৱাই পেলাইছিল।
প্ৰথমাৰ্ধতে মিকেল অয়াৰজাবালৰ পেনাল্টি শ্বটেৰে খহিল ফ্ৰান্সৰ প্ৰতিৰক্ষা-
খেলৰ আৰম্ভণিৰে পৰাই স্পেইনে ফ্ৰান্সৰ ওপৰত চাপ সৃষ্টি কৰিছিল। খেলৰ ২২ সংখ্যক মিনিটত ফ্ৰান্সৰ ডিফেণ্ডাৰৰ এক মাৰাত্মক ভুলৰ বাবে ৰেফাৰীয়ে স্পেইনক পেনাল্টি উপহাৰ দিয়ে। স্পেনিছ ফৰৱাৰ্ড মিকেল অয়াৰজাবালে (Mikel Oyarzabal) কোনো ভুল নকৰি এটা বাঁওভৰিৰ বুলেট শ্বটেৰে ফ্ৰান্সৰ গ’লৰক্ষক মাইক মাইগনানক সম্পূৰ্ণ পৰাস্ত কৰে।
এই টুৰ্নামেণ্টত প্ৰথমবাৰৰ বাবে পিছ পৰি পৰা ফ্ৰান্সৰ ওপৰত মানসিক চাপ স্পষ্টকৈ দেখা গৈছিল। খেলৰ মাজভাগত ৰোড্ৰীৰ নিয়ন্ত্ৰণে স্পেইনক আৰু অধিক শক্তিশালী কৰি তোলে।
পেদ্ৰো পৰোৰ আকৰ্ষণীয় গ’ল আৰু ফ্ৰান্সৰ বিদায় ঘন্টা-
প্ৰথমাৰ্ধৰ ১-০ অগ্ৰগতিৰ পিছত দ্বিতীয় অৰ্ধতো স্পেইনে আক্ৰমণ অব্যাহত ৰাখে। খেলৰ ৫৮ সংখ্যক মিনিটত ডিফেণ্ডাৰ পেদ্ৰো পৰোৱে (Pedro Porro) সোঁফালেৰে এক দ্ৰুত দৌৰেৰে দানি অলমোৰ সৈতে সুন্দৰ পাছিং খেলি ফ্ৰান্সৰ ডিফেঞ্চ লাইন ফালি সোমাই পৰে। পৰোৱে সোঁ চুকেদি মৰা নিখুঁত শ্বটটোৱে পোনপটীয়াকৈ জাল স্পৰ্শ কৰে আৰু স্পেইনে ২-০ ৰ অগ্ৰগতি লয়। এই গ’লটোৱে ফ্ৰান্সৰ খেললৈ ঘূৰি অহাৰ শেষ আশাকণো নোহোৱা কৰি পেলায়।
উইলিয়াম চালিবাৰ আঘাত: ফ্ৰান্সৰ বাবে চৰম দুৰ্ভাগ্য-
ফ্ৰান্সৰ বাবে এই মেচখন কেৱল কৌশলগতভাৱেই নহয়, শাৰীৰিকভাৱেও দুৰ্ভাগ্যজনক আছিল। খেলৰ প্ৰাৰম্ভিক পৰ্যায়তে ফ্ৰান্সৰ নিৰ্ভৰযোগ্য ডিফেণ্ডাৰ উইলিয়াম চালিবাই (William Saliba) হঠাতে আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ এৰিবলগীয়া হয়। চালিবাৰ দৰে খেলুৱৈৰ অনুপস্থিতিয়ে ফ্ৰান্সৰ প্ৰতিৰক্ষা ব্যৱস্থাক সম্পূৰ্ণ দুৰ্বল কৰি তোলে, যাৰ পূৰ্ণ সুযোগ ল’লে স্পেইনে।
এতিয়া অপেক্ষা দেওবাৰৰ মহা-ফাইনেললৈ! ডলাছৰ ঐতিহাসিক জয়ৰ পিছত এতিয়া স্পেইনে বিশ্ব জয়ৰ ট্ৰফী উঠাবলৈ মাত্ৰ এখোজ দূৰত থিয় দিছে।
লগতে পঢ়ক : পৰাজিত হৈয়ো জিনিলে হৃদয়, ওচলোত নৰৱে ফুটবল দলক অভূতপূৰ্ব আদৰণি









