ফিফা বিশ্বকাপ ২০২৬: প্ৰথমবাৰৰ বাবে বিজয়ী দলে লাভ কৰিব বিশেষ উপহাৰ

প্ৰতিটো আঙঠিৰ এফালে ফিফা বিশ্বকাপৰ ট্ৰফী খোদিত থকাৰ বিপৰীতে আনটো ফাল বিজয়ী দলটোৰ পৰিচয় আৰু ঐতিহ্য প্ৰতিফলিত কৰাকৈ কাষ্টমাইজ কৰা হ’ব

ফুটবল বিশ্বকাপৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে পূৰ্বে নোহোৱা এক পৰম্পৰাৰ সূচনা কৰিবলৈ সাজু হৈছে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফা (FIFA) । ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত বিজয়ী দলটোক আইকনিক স্বৰ্ণিল ট্ৰফী আৰু সোণৰ পদকৰ উপৰিও প্ৰদান কৰা হ’ব বিশেষভাৱে অৰ্ডাৰ দি প্ৰস্তুত কৰা “চেম্পিয়নশ্বিপ আঙঠি” (Bespoke Championship Rings) । ফিফাৰ ৱেবছাইট অনুসৰি, ইয়াৰ পূৰ্বে ফিফাৰ কোনো প্ৰতিযোগিতাতে এনেধৰণৰ পুৰস্কাৰ আগবঢ়োৱা হোৱা নাই ।

আমেৰিকাৰ ক্ৰীড়াজগতৰ এক পুৰণি আৰু জনপ্ৰিয় পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । অহা ১৯ জুলাই, দেওবাৰে (স্থানীয় সময় অনুসৰি) নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া স্পেইন আৰু আৰ্জেন্টিনাৰ মাজৰ মেগা ফাইনেল খেলখনৰ সামৰণিৰ পিছতে চেম্পিয়ন দলটোক এই বিশেষ আঙঠিসমূহ প্ৰদান কৰা হ’ব ।

মাত্ৰ ২,০২৬ টা আঙঠি আৰু অনন্য ডিজাইন

এই ঐতিহাসিক টুৰ্নামেণ্টখন স্মৰণীয় কৰি ৰাখিবলৈ মুঠ ২,০২৬ টা সুকীয়া নম্বৰযুক্ত আঙঠি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰে ৩০ টা আঙঠি বিজয়ী দলৰ খেলুৱৈ আৰু সদস্যসকলৰ বাবে সংৰক্ষিত থাকিব । বাকী ১,৯৯৬ টা আঙঠি বিশ্বজুৰি ফুটবল অনুৰাগীসকলৰ বাবে ‘অফিচিয়েল লাইচেঞ্চড প্ৰডাক্ট’ হিচাপে মুকলি কৰা হ’ব ।

প্ৰতিটো আঙঠিৰ এফালে ফিফা বিশ্বকাপৰ ট্ৰফী খোদিত থকাৰ বিপৰীতে আনটো ফাল বিজয়ী দলটোৰ পৰিচয় আৰু ঐতিহ্য প্ৰতিফলিত কৰাকৈ কাষ্টমাইজ কৰা হ’ব । প্ৰতিটো আঙঠিতে একক নম্বৰ থকাৰ লগতে ইয়াৰ সৈতে এটা সত্যতাৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হ’ব ।

খেলৰ শেষত অনুষ্ঠিত হ’বলগীয়া বিজয় উৎসৱৰ সময়ত কেৱল বিজয়ী দলৰ অধিনায়ক আৰু মুখ্য প্ৰশিক্ষকক সাময়িকভাৱে দুটা আঙঠি দিয়া হ’ব । পৰৱৰ্তী সময়ত সকলো খেলুৱৈৰে হাতৰ সঠিক জোখ লৈ চূড়ান্তভাৱে ৩০ টা আঙঠি কাষ্টম-মেড হিচাপে সাজু কৰি আনুষ্ঠানিকভাৱে খেলুৱৈসকলৰ হাতত অৰ্পণ কৰা হ’ব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত কোনে কোনে পৰিৱেশন কৰিব অনুষ্ঠান?

ফিফা বিশ্বকাপ ২০২৬: ফ্ৰান্সৰ প্ৰাচীৰ ভাঙি ফাইনেলত স্পেইন

খেলৰ ২২ সংখ্যক মিনিটত ফ্ৰান্সৰ ডিফেণ্ডাৰৰ এক মাৰাত্মক ভুলৰ বাবে ৰেফাৰীয়ে স্পেইনক পেনাল্টি উপহাৰ দিয়ে

চলিত ফিফা বিশ্বকাপ ২০২৬ (FIFA World Cup 2026) ৰ এক শিহৰণকাৰী ছেমিফাইনেলত ফ্ৰান্সক ২-০ ব্যৱধানত পৰাস্ত কৰি স্পেইনে অতি দৰ্শনীয়ভাৱে ফাইনেলৰ টিকট নিশ্চিত কৰিছে। স্পেনিছ বাহিনীৰ পদ্ধতিগত আৰু আক্ৰমণাত্মক খেলৰ সন্মুখত ফ্ৰান্সৰ ডিফেঞ্চ লাইন তচনচ হৈ পৰে, যাৰ ফলত অধিনায়ক কিলিয়ান এমবাপেৰ বিশ্বজয়ৰ সপোন আধাতে ভাঙি চুৰমাৰ হয়।

প্ৰশিক্ষক লুইচ ডে লা ফুৱেণ্টেৰ নিখুঁত ৰণনীতি আৰু ‘লা ৰোজা’ৰ আক্ৰমণাত্মক খেলৰ আগত ফ্ৰান্সৰ ডিফেঞ্চ লাইনে খেলৰ প্ৰথমৰে পৰা দিশ হেৰুৱাই পেলাইছিল।

প্ৰথমাৰ্ধতে মিকেল অয়াৰজাবালৰ পেনাল্টি শ্বটেৰে খহিল ফ্ৰান্সৰ প্ৰতিৰক্ষা-

খেলৰ আৰম্ভণিৰে পৰাই স্পেইনে ফ্ৰান্সৰ ওপৰত চাপ সৃষ্টি কৰিছিল। খেলৰ ২২ সংখ্যক মিনিটত ফ্ৰান্সৰ ডিফেণ্ডাৰৰ এক মাৰাত্মক ভুলৰ বাবে ৰেফাৰীয়ে স্পেইনক পেনাল্টি উপহাৰ দিয়ে। স্পেনিছ ফৰৱাৰ্ড মিকেল অয়াৰজাবালে (Mikel Oyarzabal) কোনো ভুল নকৰি এটা বাঁওভৰিৰ বুলেট শ্বটেৰে ফ্ৰান্সৰ গ’লৰক্ষক মাইক মাইগনানক সম্পূৰ্ণ পৰাস্ত কৰে।

এই টুৰ্নামেণ্টত প্ৰথমবাৰৰ বাবে পিছ পৰি পৰা ফ্ৰান্সৰ ওপৰত মানসিক চাপ স্পষ্টকৈ দেখা গৈছিল। খেলৰ মাজভাগত ৰোড্ৰীৰ নিয়ন্ত্ৰণে স্পেইনক আৰু অধিক শক্তিশালী কৰি তোলে।

পেদ্ৰো পৰোৰ আকৰ্ষণীয় গ’ল আৰু ফ্ৰান্সৰ বিদায় ঘন্টা-

প্ৰথমাৰ্ধৰ ১-০ অগ্ৰগতিৰ পিছত দ্বিতীয় অৰ্ধতো স্পেইনে আক্ৰমণ অব্যাহত ৰাখে। খেলৰ ৫৮ সংখ্যক মিনিটত ডিফেণ্ডাৰ পেদ্ৰো পৰোৱে (Pedro Porro) সোঁফালেৰে এক দ্ৰুত দৌৰেৰে দানি অলমোৰ সৈতে সুন্দৰ পাছিং খেলি ফ্ৰান্সৰ ডিফেঞ্চ লাইন ফালি সোমাই পৰে। পৰোৱে সোঁ চুকেদি মৰা নিখুঁত শ্বটটোৱে পোনপটীয়াকৈ জাল স্পৰ্শ কৰে আৰু স্পেইনে ২-০ ৰ অগ্ৰগতি লয়। এই গ’লটোৱে ফ্ৰান্সৰ খেললৈ ঘূৰি অহাৰ শেষ আশাকণো নোহোৱা কৰি পেলায়।

উইলিয়াম চালিবাৰ আঘাত: ফ্ৰান্সৰ বাবে চৰম দুৰ্ভাগ্য-

ফ্ৰান্সৰ বাবে এই মেচখন কেৱল কৌশলগতভাৱেই নহয়, শাৰীৰিকভাৱেও দুৰ্ভাগ্যজনক আছিল। খেলৰ প্ৰাৰম্ভিক পৰ্যায়তে ফ্ৰান্সৰ নিৰ্ভৰযোগ্য ডিফেণ্ডাৰ উইলিয়াম চালিবাই (William Saliba) হঠাতে আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ এৰিবলগীয়া হয়। চালিবাৰ দৰে খেলুৱৈৰ অনুপস্থিতিয়ে ফ্ৰান্সৰ প্ৰতিৰক্ষা ব্যৱস্থাক সম্পূৰ্ণ দুৰ্বল কৰি তোলে, যাৰ পূৰ্ণ সুযোগ ল’লে স্পেইনে।

এতিয়া অপেক্ষা দেওবাৰৰ মহা-ফাইনেললৈ! ডলাছৰ ঐতিহাসিক জয়ৰ পিছত এতিয়া স্পেইনে বিশ্ব জয়ৰ ট্ৰফী উঠাবলৈ মাত্ৰ এখোজ দূৰত থিয় দিছে।

লগতে পঢ়ক : পৰাজিত হৈয়ো জিনিলে হৃদয়, ওচলোত নৰৱে ফুটবল দলক অভূতপূৰ্ব আদৰণি

ভয়াৱহ বনজুইত হাহাকাৰ পৰিস্থিতি, ১১ জনৰ মৃত্যু, সন্ধানহীন ১৯

ভয়ংকৰ বনজুইৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে

স্পেইনৰ দক্ষিণ প্ৰান্তৰ আন্দালুছিয়া অঞ্চলত এক ভয়ংকৰ বনজুইৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই ভয়াৱহ অগ্নিকাণ্ডত বৰ্তমানলৈকে অতি কমেও ১১ জন লোকৰ কৰুণ মৃত্যু হৈছে । ইয়াৰ উপৰিও ১৯ জন লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু প্ৰায় ৬০০ জন বাসিন্দাই নিজৰ ঘৰ-দুৱাৰ এৰি সুৰক্ষিত স্থানলৈ পলায়ন কৰিবলগীয়া হৈছে ।

বতাহৰ দিশ সলনি হোৱাৰ সম্ভাৱনাই উদ্ধাৰকাৰী দল আৰু স্থানীয় প্ৰশাসনৰ চিন্তা আৰু অধিক বৃদ্ধি কৰিছে । বৰ্তমান যুদ্ধকালীন তৎপৰতাৰে জুই নিৰ্বাপনৰ অভিযান অব্যাহত ৰখা হৈছে ।

আন ঠাইলৈ বিয়পিছে জুই-

আন্দালুছিয়াৰ আঞ্চলিক চৰকাৰে এক বিবৃতিত নিশ্চিত কৰিছে যে লছ গালাৰ্ডোছ পৌৰসভাত এই বনজুইৰ উৎপত্তি হৈছিল । প্ৰথমাৱস্থাত ১২ জন লোকৰ মৃত্যুৰ খবৰ ওলাইছিল যদিও পিছত চৰকাৰে ইয়াক সংশোধন কৰি ১১ জন বুলি স্পষ্ট কৰে । বৰ্তমান এই জুই আলমেৰিয়া প্ৰদেশৰ লছ গালাৰ্ডোছ, বেদায়াৰ আৰু আন্তাছ পৌৰসভালৈ ভয়ংকৰভাৱে বিয়পি পৰিছে । চৰকাৰী হিচাপ মতে, ইতিমেধ্যে প্ৰায় ৩,১৫০ হেক্টৰ বনভূমি এই জুইত ভস্মীভূত হৈছে ।

৬০০ লোক গৃহহীন: থিয়েটাৰ হ’লত ল’বলগীয়া হৈছে আশ্ৰয়

বনজুইৰ সংহাৰী ৰূপৰ বাবে প্ৰায় ৬০০ গৰাকী বাসিন্দা গৃহহীন হৈ পৰিছে । কেৱল যোৱা নিশাৰ ভিতৰতে প্ৰায় ১২০ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয় । আলমোচাইজাৰ, ফুয়েন্টে ডেল আলবাৰিকো, লছ পিনোছ, লা চেনেৰা আৰু বেদায়াৰৰ পিনাৰ অঞ্চলৰ লোকসকলক বৰ্তমান লুব্ৰিন থিয়েটাৰ আৰু গাৰুচা থিয়েটাৰত অস্থায়ীভাৱে আশ্ৰয় দিয়া হৈছে । দুয়োটা থিয়েটাৰতে ৭৪ জনকৈ লোকক থকাৰ ব্যৱস্থা কৰা হৈছে ।

চৰকাৰৰ জৰুৰীকালীন নিৰ্দেশনা-

আন্দালুছিয়াৰ জৰুৰীকালীন পৰিস্থিতি মন্ত্ৰী এণ্টনিঅ’ ছাঞ্জ কেবেলোই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ত এক পোষ্টযোগে ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে । তেওঁ কয়:

“মই সকলোৰে দায়িত্ববোধৰ ওচৰত আহ্বান জনাব বিচাৰো । জৰুৰীকালীন পৰিস্থিতিত কৰ্তৃপক্ষৰ নিৰ্দেশনাসমূহ কেৱল পৰামৰ্শ বা অনুৰোধ নহয়, এইবোৰ আপোনালোকৰ জীৱন ৰক্ষাৰ বাবেহে প্ৰস্তুত কৰা হৈছে । গতিকে প্ৰশাসনে স্থানান্তৰৰ নিৰ্দেশ দিলে লগে লগে নিৰ্ধাৰিত সুৰক্ষিত পথেৰে নিজকে স্থানান্তৰ কৰক ।”

কেইবাজনো লোক গুৰুতৰভাৱে অগ্নিদগ্ধ

প্ৰশাসনে জনোৱা মতে, চাৰিজন লোক জুইৰ ফলত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ লগতে ধোঁৱাৰ বাবে উশাহ-নিশাহত কষ্ট পাইছে । তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ছেভিলৰ বিখ্যাত ভাৰ্জেন ডেল ৰচিঅ’ চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ কথা বিবেচনা কৰা হৈছে । আনহাতে, সামান্যভাৱে আঘাতপ্ৰাপ্ত আন ৪ জন লোকক ঘটনাস্থলীতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ।

বৰ্তমান জুইৰ আগ্ৰাসন কিছু পৰিমাণে থমকি ৰৈছে যদিও বতাহৰ গতি সলনি হ’লে জুই পুনৰ ভয়াৱহ হৈ পৰাৰ আশংকাত সমগ্ৰ আলমেৰিয়া অঞ্চলত সতৰ্কতা বাহাল ৰখা হৈছে ।

লগতে পঢ়ক : অসহনীয় তাপপ্ৰৱাহৰ মাজতে বনজুইৰ তাণ্ডৱ, সহস্ৰাধিক লোকক স্থানান্তৰ

স্পেইন আৰু গ্ৰীচ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে নিষিদ্ধ  হ’ব ছ’চিয়েল মিডিয়া

১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে স্পেইন আৰু গ্ৰীচ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব পাৰে ছ’চিয়েল মিডিয়া।

মঙলবাৰে স্পেইন আৰু গ্ৰীচে চৰকাৰে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়,যিহেতু ইউৰোপত এই প্ৰযুক্তিৰ বিৰুদ্ধে মনোভাৱ কঠোৰ হৈ পৰিছে, যাৰ বিষয়ে একাংশই কৈছে যে ইয়াক নিচাযুক্ত হোৱাৰ বাবেহে ডিজাইন কৰা হৈছে।

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে কয় যে স্পেইনে১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিব বিচাৰিছে।

গ্ৰীচেও ১৫ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে একেধৰণৰ নিষেধাজ্ঞা ঘোষণা কৰাৰ সম্ভাৱনা আছে।স্পেইন আৰু গ্ৰীচেও ব্ৰিটেইন আৰু ফ্ৰান্সৰ দৰে দেশত যোগদান কৰিছে, যিসকলে ছ’চিয়েল মিডিয়াত অধিক কঠোৰ স্থিতি লোৱাৰ কথা চিন্তা কৰিছে।

ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত অষ্ট্ৰেলিয়াই এনে কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল, যিয়ে ১৬ বছৰৰ তলৰ শিশুৰ বাবে এনে প্লেটফৰ্ম নিষিদ্ধ কৰিছিল।

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে মঙলবাৰে কয়,১৬ বছৰৰ তলৰ শিশুক পৰ্ণগ্ৰাফী আৰু হিংসাৰ দৰে ক্ষতিকাৰক বিষয়বস্তুৰ পৰা ৰক্ষা কৰিবলৈ স্পেইনে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ চেষ্টা কৰিব।’

লগতে পঢ়ক: এআইক লৈ বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

স্পেইনত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ বৈদেশিক মন্ত্ৰীৰ…ক’লে, বিশ্বত ভাৰতৰ স্থিতি আজি গুৰুত্বপূৰ্ণ

বৰ্তমান দুদিনীয়া স্পেইন ভ্ৰমণত আছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । তেওঁ মাদ্ৰিদত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে । তেওঁ কয় যে যেতিয়া আন এখন দেশৰ বৈদেশিক মন্ত্ৰালয় আৰু ৰাষ্ট্ৰদূতে আপোনাক তেওঁলোকৰ লগত বাৰ্তালাপ কৰিবলৈ আহিবলৈ কয়, তেতিয়া এয়া কিয় এনেকুৱা হৈছে ভাবিব লাগিব ? আজি বিশ্বত ভাৰতৰ স্থিতি অতি গুৰুত্বপূৰ্ণ । আজি বিশ্বৰ সকলো দেশেই অনুভৱ কৰিছে যে ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো আমাৰ হিতৰ পক্ষে ।

তেওঁ কয় যে আজি ৰাছিয়া আৰু ইউক্ৰেইন, ইজৰাইল আৰু ইৰাণৰ সৈতে বাৰ্তালাপৰ অৱস্থাত থকা দেশ অতি কম আৰু দুয়োখন দেশৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে । কোৱাডৰ সদস্য আৰু লগতে ব্ৰিকছৰ সদস্য দেশ অতি কম । এইটো অতি অনন্য । আজিৰ পৃথিৱীখনলৈ চালে ই অতি মেৰুকৃত । এই মেৰুকৃত পৃথিৱীত ভাৰত এনে এখন দেশ যিয়ে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাসৰ শ্লোগানক বিশ্বৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছে ।

বাংগালুৰুত মুকলি হ’ব স্পেইনৰ দূতাবাস-

বৈদেশিক মন্ত্ৰীয়ে কয় যে বাৰ্চিলোনাত আমাৰ কনছুলেট আছে । অতি সোনকালে বাংগালুৰুত স্পেইনৰ কনছুলেট হ’ব । আমাৰ সম্পৰ্ক যে গভীৰ হৈ আহিছে সেয়া স্পষ্ট । ব্যৱসায় বাঢ়িছে । আমি সিদ্ধান্ত লৈছো যে ২০২৬ চনক আমি দুয়োখন দেশৰ মাজত সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ আদান-প্ৰদানৰ বছৰ হিচাপে পালন কৰিম । গতিকে ২০২৫ চনত আমি ২০২৬ চনৰ বাবে প্ৰস্তুতি চলাবলৈ কঠোৰ পৰিশ্ৰম কৰিম ।

বিশ্বৰ বাবে কিবা এটা কৰাৰ ক্ষমতা ভাৰতৰ আছে-

আমাৰ যি আছিল, যিয়েই সৃষ্টি কৰিছিলো, পৃথিৱীখনক কিবা এটা দিয়াৰ ইচ্ছা আছিল বুলিও তেওঁ কয় । আমি এনে এখন দেশ য’ত এজন গড় ভাৰতীয়ই বছৰি ৩০০০ ইউৰো উপাৰ্জন কৰে । স্পেইনৰ গড় আয় ৪৫,০০০ ইউৰো, যিটো এজন ভাৰতীয়তকৈ ১৫ গুণ বেছি । ই ধন বা সম্পদৰ প্ৰশ্ন নহয় । এয়া হৃদয় আৰু মনৰ প্ৰশ্ন । বিশ্বৰ বাবে কিবা এটা কৰিবলৈ ভাৰতৰ সামৰ্থ্য, চিন্তাধাৰা, ক্ষমতা আছে ।