বিক্ৰম-১ৰ সফল কক্ষপথ উৎক্ষেপণৰ পিছত স্কাইৰুটৰ ডাঙৰ ঘোষণা...

বিক্ৰম-১ৰ সফল কক্ষপথ উৎক্ষেপণৰ পিছত স্কাইৰুটৰ ডাঙৰ ঘোষণা…

ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ ঐতিহাসিক সফলতাৰ পিছতে স্কাইৰুট এৰ’স্পেছে এক বৃহৎ ঘোষণা কৰিছে। কোম্পানীটোৱে এতিয়া প্ৰতিমাহে এটাকৈ ৰকেট নিৰ্মাণ কৰাৰ লগতে বাণিজ্যিক মহাকাশ বিমান উৰণৰ বাবে সাজু হৈছে। ভাৰতৰ প্ৰথমটো ব্যক্তিগত অৰ্বিটেল ৰকেট বিক্ৰম-১ ৰ ঐতিহাসিক সফলতাৰ পিছত স্কাইৰুট এৰ’স্পেচ (Skyroot Aerospace) এতিয়া পৰৱৰ্তী

ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ ঐতিহাসিক সফলতাৰ পিছতে স্কাইৰুট এৰ’স্পেছে এক বৃহৎ ঘোষণা কৰিছে। কোম্পানীটোৱে এতিয়া প্ৰতিমাহে এটাকৈ ৰকেট নিৰ্মাণ কৰাৰ লগতে বাণিজ্যিক মহাকাশ বিমান উৰণৰ বাবে সাজু হৈছে।

ভাৰতৰ প্ৰথমটো ব্যক্তিগত অৰ্বিটেল ৰকেট বিক্ৰম-১ ৰ ঐতিহাসিক সফলতাৰ পিছত স্কাইৰুট এৰ’স্পেচ (Skyroot Aerospace) এতিয়া পৰৱৰ্তী ডাঙৰ পদক্ষেপৰ বাবে সাজু হৈছে। কোম্পানীটোৱে ঘোষণা কৰিছে যে এতিয়া তেওঁলোকৰ মূল লক্ষ্য হ’ব কমাৰ্চিয়েল স্পেচ লঞ্চ (বাণিজ্যিক মহাকাশ উৎক্ষেপণ) আৰম্ভ কৰা। স্কাইৰুটৰ চিঅ’ (CEO) পৱন কুমাৰ চান্দানাই কয় যে কোম্পানীটোৱে এতিয়া নিয়মিতভাৱে উপগ্ৰহ উৎক্ষেপণ কৰাৰ দিশত কাম কৰিব। ইয়াৰ লগতে প্ৰতি মাহে এটা ৰকেট নিৰ্মাণ কৰাৰ ক্ষমতা বিকশিত কৰাৰো লক্ষ্য স্থিৰ কৰা হৈছে।

স্কাইৰুটৰ CEO পৱন কুমাৰ চান্দানাই মন্তব্য কৰা অনুসৰি বিক্ৰম-১ ৰ সফলতাৰ পিছত কোম্পানীয়ে এতিয়া কমাৰ্চিয়েল ফ্লাইট মুকলি কৰিব। তেওঁৰ মতে, বৰ্তমান আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে বিক্ৰম-১ ৰ উৎক্ষেপণ নিয়মীয়া কৰা। ইয়াৰ সমান্তৰালকৈ কোম্পানীটোৱে পৰৱৰ্তী প্ৰজন্মৰ বিক্ৰম-২ ৰকেটৰ কামো দ্ৰুতগতিত চলাই আছে।

প্ৰায় আঠ বছৰ পূৰ্বে স্কাইৰুট এৰ’স্পেচৰ যাত্ৰা আৰম্ভ হৈছিল। এতিয়া কোম্পানীটোৱে ইয়াৰ উৎপাদন ক্ষমতা দ্ৰুতগতিত বৃদ্ধি কৰিছে। চান্দানাই জনায় যে কোম্পানীটোৰ প্ৰডাকচন ফেচিলিটি (উৎপাদন কেন্দ্ৰ) প্ৰতি মাহে এটা ৰকেট তৈয়াৰ কৰিবলৈ সক্ষম হ’ব। কোম্পানীটোৰ লক্ষ্য হৈছে প্ৰথমে ধাৰাবাহিক আৰু নিৰ্ভৰযোগ্য উৎক্ষেপণ কৰা, আৰু তাৰ পিছত সমগ্ৰ বিশ্বতে নিজৰ কমাৰ্চিয়েল সেৱা সম্প্ৰসাৰণ কৰা।

স্কাইৰুটৰ CEO পৱন কুমাৰ চান্দানাই কয় যে কোম্পানীটোৱে বিশ্বৰ অন্যতম প্ৰধান উপগ্ৰহ উৎক্ষেপণ সেৱা প্ৰদানকাৰী (Satellite Launch Service Provider) হোৱাৰ দিশত কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে ইউৰোপ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ইতিমধ্যে কোম্পানীটোৰ বহু গ্ৰাহক আছে।

পৱন কুমাৰ চান্দানাই কয় যে ভাৰত চৰকাৰে মহাকাশ খণ্ডত কৰা সংস্কাৰে ব্যক্তিগত কোম্পানীসমূহৰ বাবে নতুন পথ মুকলি কৰিছে। নতুন মহাকাশ নীতি (Space Policy), ISRO আৰু IN-SPACe ৰ দৰে সংস্থাসমূহৰ সহযোগৰ বাবেই কোম্পানীটোৱে প্ৰযুক্তিগত আৰু নিয়ন্ত্ৰণমূলক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হ’ল। তেওঁ লগতে কয় যে এই মিছনৰ সফলতাত দেশৰ ৪০০ তকৈও অধিক ভেণ্ডৰৰ অৱদান গুৰুত্বপূৰ্ণ আছিল আৰু বিক্ৰম-১ ৰ এই কৃতিত্ব সমগ্ৰ দেশৰে কৃতিত্ব।

বিক্ৰম-১ ৰ সফলতাৰ পিছত স্কাইৰুটৰ পৰৱৰ্তী ফ’কাচ হৈছে নিয়মীয়া কমাৰ্চিয়েল লঞ্চ আৰম্ভ কৰা, প্ৰতি মাহে এটা ৰকেট তৈয়াৰ কৰা আৰু বিক্ৰম-২ৰ বিকাশ আগুৱাই লৈ যোৱা। কোম্পানীটোৱে বিশ্বাস কৰে যে এই পদক্ষেপসমূহে তেওঁলোকক গোলকীয় মহাকাশ উৎক্ষেপণ বজাৰত এক শক্তিশালী পৰিচয় আনি দিব।

লগতে পঢ়ক: গগণ ফালি মহাকাশত বিক্ৰম-১; 3D-প্ৰিণ্টেড ইঞ্জিনৰ শক্তিৰে স্কাইৰুটৰ ইতিহাস