দিল্লীত অসম ভৱন আৰু প্ৰস্তাৱিত সাংস্কৃতিক কেন্দ্ৰৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

দিল্লীত অসম ভৱন আৰু প্ৰস্তাৱিত সাংস্কৃতিক কেন্দ্ৰৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

দিল্লীৰ দ্বাৰকা ছেক্টৰ-১৭ত অস চৰকাৰে নিৰ্মাণ কৰিব লগা অসম ভৱন আৰু প্ৰস্তাৱিত সাংস্কৃতিক কেন্দ্ৰৰ স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দিল্লী-এনচিআৰত বসবাস কৰা অসমীয়াসকলৰ দীৰ্ঘদিনীয়া হেঁপাহ পূৰণৰ উদ্দেশ্যে নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ-১৭ ত অসম চৰকাৰে নিৰ্মাণ কৰিব এটা আধুনিক সাংস্কৃতিক তথা সন্মিলন কেন্দ্ৰ

দিল্লীৰ দ্বাৰকা ছেক্টৰ-১৭ত অস চৰকাৰে নিৰ্মাণ কৰিব লগা অসম ভৱন আৰু প্ৰস্তাৱিত সাংস্কৃতিক কেন্দ্ৰৰ স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

দিল্লী-এনচিআৰত বসবাস কৰা অসমীয়াসকলৰ দীৰ্ঘদিনীয়া হেঁপাহ পূৰণৰ উদ্দেশ্যে নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ-১৭ ত অসম চৰকাৰে নিৰ্মাণ কৰিব এটা আধুনিক সাংস্কৃতিক তথা সন্মিলন কেন্দ্ৰ আৰু ‘নামঘৰ’ । দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱিত প্ৰকল্পৰ বাবে আৱণ্টিত ভূমি পৰিদৰ্শন কৰে ।

এই পৰিদৰ্শন কালত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ জনায় যে অহা বছৰৰ জানুৱাৰী মাহৰ পৰা ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব । এই ভৱনটোৰ ওপৰৰ মহলাত নামঘৰ আৰু তলত ৩০০ ৰ পৰা ৪০০ লোক বহিব পৰা এটা বহুমুখী প্ৰেক্ষাগৃহ থাকিব, যিয়ে দিল্লীত থকা অসমীয়া সমাজৰ সাংস্কৃতিক আৰু সামাজিক আদান-প্ৰদানৰ এক প্ৰধান কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব ।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বাৰকা ছেক্টৰ-১৩ ত নিৰ্মীয়মাণ নতুন ‘অসম হাউচ’ ভ্ৰমণ কৰি ইয়াৰ স্থিতিৰ বুজ লয় । দিল্লীলৈ চিকিৎসা আৰু উচ্চ শিক্ষাৰ বাবে অহা ৰাজ্যৰ লোকসকলক আৰামদায়ক আৰু সুলভ বাসস্থান প্ৰদান কৰাৰ উদ্দেশ্যে ২০২৩ চনৰ ২২ এপ্ৰিলত ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰে যে এই নতুন অসম হাউচ আৰু চৰ্দাৰ পেটেল মাৰ্গৰ পুনৰ নিৰ্মিত অসম ভৱন- দুয়োটাকে এই বছৰৰ দুৰ্গা পূজাৰ পূৰ্বে উদ্বোধন কৰা হ’ব । ইয়াৰ উপৰিও দ্বাৰকাত কাৰ্বি ভৱন আৰু ডিমাছা ভৱনৰ নিৰ্মাণ কাৰ্যও ক্ষিপ্ৰতাৰে চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ৰাজ্যৰ পথ সংযোগ ব্যৱস্থা উন্নত কৰাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা