ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গলত পৰাস্ত কৰি স্পেইনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ বুটলিবলৈ সক্ষম হয়
ফুটবল বিশ্বই পালে নতুন সম্ৰাট । দেওবাৰে নিশা নিউ জাৰ্ছীৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত ২০২৬ৰ ফিফা বিশ্বকাপৰ এক ৰোমাঞ্চকৰ ফাইনেল মেচত স্পেইনে ইতিহাস ৰচনা কৰে । ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গলত পৰাস্ত কৰি স্পেইনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ বুটলিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে ২০১০ চনত স্পেনিছ দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফী অৰ্জন কৰিছিল ।
অতিৰিক্ত সময়ত নিৰ্ণয় হ’ল ভাগ্য: ফেৰান টৰেছৰ মেজিক
নিৰ্ধাৰিত ৯০ মিনিটলৈকে দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা যায় যদিও স্ক’ৰ লাইন ০-০ ত আবদ্ধ হৈ থাকে । ফলত খেলখন অতিৰিক্ত সময়লৈ টানি নিবলগীয়া হয় । অৱশেষত মেচৰ ১০৬ নম্বৰ মিনিটত স্পেইনৰ ছাবষ্টিটিউট খেলুৱৈ ফেৰান টৰেছে আন এজন ছাবষ্টিটিউট খেলুৱৈ নিকো উইলিয়ামছৰ এক সুন্দৰ পাছক গললৈ ৰূপান্তৰ কৰি ষ্টেডিয়ামত উপস্থিত হাজাৰ হাজাৰ স্পেনিছ সমৰ্থকক উল্লাসিত কৰি তোলে । এই একমাত্ৰ গলেই স্পেইনৰ বাবে বিজয়ৰ দুৱাৰ মুকলি কৰে ।
ভাঙিল আৰ্জেণ্টিনাৰ ‘বেক-টু-বেক’ সপোন
এই পৰাজয়ৰ লগে লগে আৰ্জেণ্টিনাৰ চতুৰ্থবাৰৰ বাবে বিশ্বকাপ জয়ৰ সপোন ধূলিসাৎ হয় । কেৱল সেয়াই নহয়, ইটালী (১৯৩৪, ১৯৩৮) আৰু ব্ৰাজিলৰ (১৯৫৮, ১৯৬২) দৰে একেৰাহে দুবাৰকৈ বিশ্বকাপ জিকাৰ বিৰল অভিলেখ স্পৰ্শ কৰিব নোৱাৰিলে আৰ্জেণ্টিনাই । মেচখনত আৰ্জেণ্টিনাৰ মহানায়ক তথা অধিনায়ক লিয়নেল মেছিৰ যাদু সম্পূৰ্ণ ব্যৰ্থ প্ৰমাণিত হয় । স্পেনিছ ডিফেণ্ডাৰসকলে মেছিক আৱদ্ধ কৰি ৰাখি খেলপথাৰত কোনো ধৰণৰ আধিপত্য বিস্তাৰৰ সুযোগ নিদিলে ।
প্ৰথমাৰ্ধত স্পেইনৰ আধিপত্য আৰু মাৰ্টিনেজৰ আঘাত
খেলৰ আৰম্ভণিৰে পৰাই স্পেইনে অতি আক্ৰমণাত্মক ফুটবল খেলে । প্ৰথমাৰ্ধত দলটোৰ বল পজেশ্যন আছিল ৬৫ শতাংশ । স্পেইনে দুবাৰকৈ গলপোষ্টলৈ সঠিক শ্বট লৈছিল যদিও আৰ্জেণ্টিনাই এটাও শ্বট ল’বলৈ সক্ষম হোৱা নাছিল । অৱশ্যে স্পেইনৰ তাৰকা ফুটবলাৰ লেমিন ইয়ামালো প্ৰথমাৰ্ধত বিশেষ জিলিকিব নোৱাৰিলে । খেলৰ মাজতে আৰ্জেণ্টিনাৰ ডিফেণ্ডাৰ লিছান্দ্ৰ’ মাৰ্টিনেজে হালধীয়া কাৰ্ড পোৱাৰ কিছু সময় পিছতে আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ এৰিবলগীয়া হয় আৰু তেওঁৰ স্থানত নিকোলাছ ওটামেণ্ডী ফিল্ডত নামে ।
দ্বিতীয়াৰ্ধত এমিলিয়ানো মাৰ্টিনেজৰ প্ৰাচীৰ আৰু এঞ্জোৰ ৰঙা কাৰ্ড
দ্বিতীয়াৰ্ধত স্পেইনৰ আধিপত্য আৰু অধিক বৃদ্ধি পায় (৬৮% বল পজেশ্যন)। স্পেনিছ ষ্ট্ৰাইকাৰসকলে ৮ বাৰকৈ আৰ্জেণ্টিনাৰ গলপোষ্টত তীব্ৰ আক্ৰমণ চলায়, কিন্তু আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজে দেৱালৰ দৰে থিয় দি প্ৰতিটো আক্ৰমণকে সফলতাৰে প্ৰতিহত কৰে । আৰ্জেণ্টিনাই দ্বিতীয়াৰ্ধতো এটাও শ্বট টাৰ্গেটত ৰাখিব নোৱাৰিলে ।
মেচৰ একেবাৰে শেষ মুহূৰ্তত আৰ্জেণ্টিনাই ডাঙৰ মোক্ষম আঘাত পায় । দলৰ মিডফিল্ডাৰ এঞ্জো ফাৰ্নাণ্ডেজে মেচত দ্বিতীয়বাৰৰ বাবে হালধীয়া কাৰ্ড পোৱাৰ বাবে নিয়ম অনুসায়ী ৰঙা কাৰ্ড খাই খেলপথাৰৰ পৰা বহিষ্কৃত হ’বলগীয়া হয় ।
ফাইনেললৈ দুয়ো দলৰ কঠিন যাত্ৰা
খিতাপৰ যুঁজখনত উপনীত হ’বলৈ দুয়োটা দলেই কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল । স্পেইনে নকআউট পৰ্যায়ত ফ্ৰান্স আৰু পৰ্তুগালৰ দৰে শক্তিশালী শক্তিক পৰাস্ত কৰিছিল । আনহাতে, আৰ্জেণ্টিনাই একেৰাহে তিনিখন নকআউট মেচ অতিৰিক্ত সময়লৈকে খেলি ফাইনেলৰ টিকট কাটিছিল । কিন্তু শেষ হাঁহিটো মাৰিলে স্পেইনে আৰু ইউৰোপৰ এই ফুটবল শক্তিটোৱে পুনৰ এবাৰ বিশ্ব জয়ৰ গৌৰৱ অৰ্জন কৰিলে ।
লগতে পঢ়ক : বিশ্বকাপ ফাইনেলৰ পূৰ্বে আৱেগিক লিয়নেল মেছি









