আৰ্জেন্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজে কেইবাটাও উৎকৃষ্ট প্ৰতিৰোধ কৰি দলক খেলখনত সন্মানজনক স্থিতিত ৰাখিছিল
ফিফা বিশ্বকাপ ২০২৬-ৰ শ্বাসৰুদ্ধকৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হৈ ৰানাৰ্ছ-আপ খিতাপতে সন্তুষ্ট থাকিবলগীয়া হ’ল ডিফেণ্ডিং চেম্পিয়ন আৰ্জেন্টিনা । দেওবাৰে নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত এই তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ মেচখনৰ অতিৰিক্ত সময়ৰ ১০৬ নম্বৰ মিনিটত ফেৰান টৰেছে কৰা একমাত্ৰ নিৰ্ণায়ক গ’লটোৰ সহায়ত স্পেইনে ২০১০ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰে ।
মেচখনত স্পেইনে বল বেছিভাগ সময় নিজৰ নিয়ন্ত্ৰণত ৰাখি আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰাৰ বিপৰীতে, আৰ্জেন্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজে কেইবাটাও উৎকৃষ্ট প্ৰতিৰোধ কৰি দলক খেলখনত সন্মানজনক স্থিতিত ৰাখিছিল ।
ভাৰতীয় অনুৰাগীৰ প্ৰতি কৃতজ্ঞতা
আৰ্জেন্টিনাৰ এই অভিযানৰ সমাপ্তিৰ পিছতে ভাৰতস্থিত আৰ্জেন্টিনাৰ ৰাষ্ট্ৰদূত মেৰিয়ানো কাউচিনোৱে ‘এক্স’ যোগে সমগ্ৰ প্ৰতিযোগিতাত অবিচলিত সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰতীয় ফুটবল অনুৰাগীসকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰে ।
বিশেষকৈ ২০২২ চনত লিয়নেল মেছিয়ে দেশখনক বিশ্বজয়ী কৰাৰ পিছৰে পৰা ভাৰতত আৰ্জেন্টিনাৰ অনুৰাগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । ভাৰতীয়সকলৰ এই আৱেগক সন্মান জনাই ৰাষ্ট্ৰদূতগৰাকীয়ে লিখিছে :
“এই শেহতীয়া বিশ্বকাপৰ সময়ছোৱাত আৰ্জেন্টিনা দলটোৰ প্ৰতি অন্তহীন সমৰ্থন প্ৰদৰ্শন কৰাৰ বাবে মই ভাৰতীয় জনসাধাৰণৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ । ভাৰতক আকৌ এবাৰ ধন্যবাদ!”
লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: জিলিকিল ৰড্ৰি, এমবাপে, চিমন আৰু কুবাৰ্ছী!









