মহানগৰীত ভয়ংকৰ ভূমিস্খলনঃ মাটিৰ তলত পোত গ’ল এটা পৰিয়াল!

মহানগৰীত ভয়ংকৰ ভূমিস্খলনঃ মাটিৰ তলত পোত গ’ল এটা পৰিয়াল!

অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে ভূমিস্খলন সংঘটিত হৈছে সোমবাৰে মহানগৰীত সংঘটিত হোৱা এক ভূস্খলনৰ ঘটনাত এটা চাৰিজনীয়া পৰিয়াল ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে । জানিব পৰা মতে, আটাইতকৈ ভয়াৱহ আৰু মৰ্মন্তুদ ঘটনাটো সংঘটিত হৈছে মালিগাঁৱৰ মাধৱদেৱ নগৰ অঞ্চলত । নেৰানেপেৰা বৰষুণৰ

অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে ভূমিস্খলন সংঘটিত হৈছে

সোমবাৰে মহানগৰীত সংঘটিত হোৱা এক ভূস্খলনৰ ঘটনাত এটা চাৰিজনীয়া পৰিয়াল ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে । জানিব পৰা মতে, আটাইতকৈ ভয়াৱহ আৰু মৰ্মন্তুদ ঘটনাটো সংঘটিত হৈছে মালিগাঁৱৰ মাধৱদেৱ নগৰ অঞ্চলত । নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ এটা বিশাল অংশ হঠাতে খহি পৰে ৰঞ্জিত দাস নামৰ এজন ব্যক্তিৰ বাসগৃহৰ ওপৰত । পলকতে সমগ্ৰ ঘৰখন মাটিৰ তলত জাহ যায় আৰু ৰঞ্জিত দাসৰ চাৰিজনীয়া পৰিয়ালটো জীৱন্তে আৱদ্ধ হৈ পৰে ।

ঘটনাৰ পিছতে স্থানীয় ৰাইজে দেখুওৱা তৎপৰতাৰ বাবে অতি কম সময়ৰ ভিতৰতে খৰতকীয়া উদ্ধাৰ অভিযান চলোৱা সম্ভৱ হয় । স্থানীয় লোকসকলৰ সাহসিকতা আৰু ক্ষিপ্ৰ প্ৰচেষ্টাৰ ফলত ধ্বংসাৱশেষৰ মাজৰ পৰা ৰঞ্জিত দাস, তেওঁৰ পত্নী সাবিত্ৰী দাস আৰু তেওঁলোকৰ দুটি সন্তানক সফলতাৰে উদ্ধাৰ কৰা হয় । বৰ্তমান সাবিত্ৰী দাস আৰু সন্তান দুটিৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জনাইছে যদিও ৰঞ্জিত দাসৰ শাৰীৰিক অৱস্থা এতিয়াও অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

কামাখ্যা মন্দিৰ পথতো খহিল পাহাৰ

আনহাতে, মালিগাঁৱৰে কামাখ্যা কলনী অঞ্চলতো আন এক ভূমিস্খলনৰ খবৰ পোৱা গৈছে । পাহাৰৰ পৰা বিপুল পৰিমাণৰ মাটি আৰু শিল খহি পৰাৰ ফলত অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ সংযোগকাৰী পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । ইয়াৰ ফলত সমগ্ৰ এলেকাটোতে যান-বাহন চলাচল ব্যাহত হৈ পৰিছে আৰু তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ।

কেৱল এয়াই নহয়, ঐতিহাসিক শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা মন্দিৰলৈ যোৱা মূল পথটোৰো দুটাকৈ স্থানত ভূমিস্খলন সংঘটিত হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বৰ্তমান স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বাহিনী যুদ্ধকালীন তৎপৰতাৰে নিয়োজিত হৈ পৰিছে ।

লগতে পঢ়ক : উজনিৰ ৪ জিলাত ভয়াৱহ বান পৰিস্থিতি, মুকলি হেল্পলাইন নম্বৰ