ভয়ংকৰ ভূমিস্খলন, কেইবাজনো লোকৰ মৃত্যুৰ আশংকা

ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে

নাগালেণ্ডত হোৱা প্ৰচণ্ড বৰষুণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । দেওবাৰ, ৰাজ্যখনৰ মন (Mon) চহৰত ধাৰাষাৰ বৰষুণৰ বাবে সংঘটিত হোৱা এক ভয়ংকৰ ভূমিস্খলনত চাৰিগৰাকী মহিলাকে ধৰি অতি কমেও সাতজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । এই দুৰ্ঘটনাত অসম ৰাইফলছ কেম্পৰ তলৰ অংশত ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ।

প্ৰাথমিক তথ্য অনুসৰি, উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ যাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ মাজতে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে ।

ভূমিস্খলনৰ ফলত পকী ঘৰকে ধৰি ১০ টাতকৈও অধিক ঘৰ মাটিৰ তলত পোত গৈছে বুলি জানিব পৰা গৈছে । অঞ্চলটোত ধাৰাবাহিকভাৱে হৈ থকা ধাৰাসাৰ বৰষুণৰ মাজতে এই ঘটনা সংঘটিত হৈছে । ধাৰাষাৰ বৰষুণৰ বাবে ভূমিস্খলনৰ আশংকা আৰু অধিক বৃদ্ধি পাইছে । ঠাইডোখৰৰ অস্থিৰ ভূখণ্ড, নতুনকৈ হোৱা ভূমিস্খলন আৰু পানীৰ তীব্ৰ সোঁতৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে, যাৰ ফলত জৰুৰীকালীন কৰ্মী আৰু সঁজুলিসমূহ প্ৰভাৱিত স্থানলৈ লৈ যোৱাত পলম হৈছে ।

জীৱিতসকলৰ সন্ধান উলিয়াবলৈ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ জুখিবলৈ স্থানীয় প্ৰশাসন তথা উদ্ধাৰকাৰী সংস্থাসমূহে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ মাজত কাম কৰি আছে । অৱশ্যে, এতিয়ালৈকে নিশ্চিতভাৱে মৃতকৰ সংখ্যা প্ৰকাশ কৰা নাই অথবা এতিয়াও কিমান লোক সন্ধানহীন হৈ আছে সেই সন্দৰ্ভত কোনো তথ্য যোগান ধৰা নাই প্ৰশাসনে ।

লগতে পঢ়ক : অৰুণাচলত পুনৰ ডাৱৰ বিস্ফোৰণৰ তাণ্ডৱ; উটুৱাই নিলে পথ-দলং

ভূ-স্বৰ্গত প্ৰকৃতিৰ তাণ্ডৱ, ভয়ংকৰ ভূমিস্খলনৰ পিছত হাহাকাৰ

নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতা সম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সমীপত আজি এক বৃহৎ ভূমিস্খলন সংঘটিত হয়

জম্মু আৰু কাশ্মীৰত প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ । ৰাজ্যখনৰ কিশ্তৱাৰ জিলাৰ নিৰ্মীয়মাণ ৫৪০ মেগাৱাট ক্ষমতা সম্পন্ন কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ সমীপত আজি এক বৃহৎ ভূমিস্খলন সংঘটিত হয় । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত অঞ্চলটোত থকা কেইবাখনো বাহন ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে আৰু ব্যাপক ক্ষতিসাধন হয় ।

বোকা-মাটিৰ তলত আৱদ্ধ বাহন: চলিছে উদ্ধাৰ অভিযান

জানিব পৰা মতে প্ৰবল বৃষ্টিপাতৰ বাবে অহা বোকা-মাটিৰ খহনীয়াৰ তলত বহু বাহন আৱদ্ধ হৈ পৰিছে । ইয়াৰে বহুখন বাহন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

ক্ষতিগ্ৰস্ত বাহনসমূহ উদ্ধাৰ কৰিবলৈ আৰু অঞ্চলটোলৈ যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক কৰি তুলিবলৈ উদ্ধাৰকাৰী দল আৰু গধুৰ যন্ত্ৰ-পাতি ততালিকে কামত লগোৱা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে ।

ডোডো জিলাত আকস্মিক বান

কেৱল কিশ্তৱাৰেই নহয়, ইফালে ডোডো জিলাৰ কিছু অংশতো ফ্লেছ ফ্লাড অৰ্থাৎ আকস্মিক বানে তীব্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে । হঠাতে অহা এই বানে অঞ্চলটোৰ স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰি তুলিছে আৰু কেইবাটাও স্থানত সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছে । অৱশ্যে, বৰ্তমানলৈকে কোনো লোকক্ষতি বা প্ৰাণহানিৰ খবৰ অহা নাই বুলি বাতৰিত প্ৰকাশ পাইছে ।

কোৱাৰ জলবিদ্যুৎ প্ৰকল্প সুৰক্ষিত: কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিং

এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে কিশ্তৱাৰৰ নিৰ্মীয়মাণ কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ চৌহদত আকস্মিক বানৰ পানী সোমাই পৰাৰ খবৰ পোৱাৰ পিছতে তেওঁ ডিভিজনেল কমিছনাৰ ৰমেশ কুমাৰৰ সৈতে কথা পাতিছে ।

মন্ত্ৰীগৰাকীয়ে দেশবাসীক আশ্বস্ত কৰি পুনৰ কয়, “ভাগ্যবশতঃ কোনো জীৱন বা সম্পত্তিৰ ক্ষতি হোৱা নাই । প্ৰকল্পৰ সৈতে জড়িত কিছুমান গধুৰ যন্ত্ৰ-পাতিও কোনো ক্ষতি নোহোৱাকৈ নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে ।” সামগ্ৰিকভাৱে, নিৰ্মীয়মাণ জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰতিটো অংশ বৰ্তমান সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে ।

লগতে পঢ়ক : বেয়া বতৰৰ বাবে ব্যাহত দিল্লী-মুম্বাইৰ বিমান সেৱা

গুৱাহাটীৰ ৩৬৬ টা স্থানক লৈ প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী

চিনাক্ত কৰা ঠাইসমূহৰ ভিতৰত গুৱাহাটীৰ চুনচালী অঞ্চল আটাইতকৈ বেছি সংকটজনক অৱস্থাত আছে

ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত থকা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীসহ সমগ্ৰ কামৰূপ মহানগৰ জিলাত ভূমিস্খলনৰ এক তীব্ৰ আশংকাই দেখা দিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) শেহতীয়াকৈ চলোৱা এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰভিত্তিক মূল্যায়নত জিলাখনৰ ৩৬৬ টা স্থানক ‘ভূমিস্খলন প্ৰৱণ’ বৰ্গৰ অন্তৰ্ভুক্ত কৰিছে । বাৰিষাৰ এই সংকটপূৰ্ণ সময়ছোৱাত জনসাধাৰণৰ সুৰক্ষাক লৈ এতিয়া প্ৰশাসনৰ লগতে সৰ্বসাধাৰণৰ মাজতো উদ্বেগ বৃদ্ধি পাইছে ।

চুনচালী আৰু নুনমাটিত আটাইতকৈ বেছি বিপদ

ASDMA-ৰ তথ্য অনুসৰি, চিনাক্ত কৰা ঠাইসমূহৰ ভিতৰত গুৱাহাটীৰ চুনচালী অঞ্চল আটাইতকৈ বেছি সংকটজনক অৱস্থাত আছে, য’ত সৰ্বাধিক ৭৭ টা স্থান ভূমিস্খলন প্ৰৱণ বুলি চিহ্নিত কৰা হৈছে । ইয়াৰ পিছতে ক্ৰমে—

নুনমাটি: ৪০ টা স্থান

খাৰঘুলী: ৩৭ টা স্থান

খানাপাৰা: ৩৩ টা স্থান

নাৰেংগী: ৩১ টা স্থান

হেঙেৰাবাৰী: ৩০ টা স্থান

কাহিলীপাৰা: ২৫ টা স্থান

ইয়াৰ উপৰি শান্তিপুৰ, নৰকাসুৰ পাহাৰ, মালিগাঁও, কালাপাহাৰ আৰু কামাখ্যা-নীলাচল পাহাৰৰ কেইবাটাও পকেটক ভৌগোলিকভাৱে অত্যন্ত সংবেদনশীল বুলি ঘোষণা কৰা হৈছে।

কিয় বাঢ়িছে এই বিপদ?

ভৌগোলিক আৰু ঐতিহাসিক ঘটনাৱলীৰ বিশ্লেষণ কৰি মূল্যায়নটোৱে জানিবলৈ দিছে যে বেছিভাগ দুৰ্যোগ প্ৰৱণ অঞ্চলেই পাহাৰীয়া ভূখণ্ড, মাটি খন্দা আৰু কটা অঞ্চল তথা অনিয়ন্ত্ৰিত নগৰীকৰণৰ কৱলত পৰা এলেকা । অপৰিকল্পিত নিৰ্মাণ কাৰ্য, বনাঞ্চল ধ্বংস আৰু পাহাৰীয়া পৰিস্থিতিতন্ত্ৰৰ ওপৰত ক্ৰমান্বয়ে বাঢ়ি অহা মানৱীয় হেঁচাই এই ভূমিস্খলনৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে ।

নাগৰিকক সতৰ্ক কৰি প্ৰশাসনৰ নিৰ্দেশনা

তীব্ৰ বৃষ্টিপাতৰ সময়ত পাহাৰীয়া এলেকাত বসবাস কৰা লোকসকলক বিশেষভাৱে সতৰ্ক থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে । তলত উল্লেখ কৰা প্ৰাৰম্ভিক লক্ষণসমূহ দেখা পালেই তাৎক্ষণিকভাৱে ওচৰৰ প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনোৱা হৈছে : ১/ মাটিত হঠাতে ফাট মেলা বা ফাঁক সৃষ্টি হোৱা। ২/ গছ-গছনি বা বিজুলীৰ খুঁটা এফালে হেলনীয়া হৈ পৰা । ৩/ পাহাৰৰ মাটিৰ পৰা অস্বাভাৱিকভাৱে পানীৰ সীৰলু ওলোৱা ।

দুৰ্যোগৰ সম্ভাৱ্য ক্ষয়-ক্ষতি আৰু ধন-জনৰ হানি ৰোধ কৰাৰ বাবে কৰ্তৃপক্ষই জনসাধাৰণৰ সক্ৰিয় সহযোগিতা আৰু সজাগতা অত্যন্ত জৰুৰী বুলি দোহাৰিছে ।

লগতে পঢ়ক : গুৱাহাটীবাসী সাৱধান! দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী সতৰ্কবাণী!

গুৱাহাটীবাসী সাৱধান! দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী সতৰ্কবাণী!

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ মতে গুৱাহাটী মহানগৰীৰ ২০ টা বিশেষ অঞ্চলক আটাইতকৈ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে

গুৱাহাটী মহানগৰীৰ বাবে এক ডাঙৰ সতৰ্কবাণী! শেহতীয়াকৈ গুৱাহাটীৰ ৩৬৬ টা ভূমিস্খলন প্ৰৱণ অঞ্চলৰ ওপৰত চলোৱা এক সমীক্ষাত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । প্ৰতিবেদন অনুসায়ী, চহৰখনত হোৱা বেছিভাগ ঢাল খহি পৰা বা ভূমিস্খলনৰ ঘটনা প্ৰাকৃতিক কাৰণত হোৱা নাই, বৰঞ্চ ইয়াৰ বাবে প্ৰত্যক্ষভাৱে দায়ী মানুহৰ অবিবেচক কাৰ্যকলাপ । পৰিকল্পনাহীন নগৰীকৰণ আৰু অপৰিপক্ক উন্নয়নমূলক কাম-কাজে গুৱাহাটীৰ পাহাৰীয়া পৰিস্থিতিতন্ত্ৰলৈ কঢ়িয়াই আনিছে চৰম বিপৰ্যয় ।

আটাইতকৈ বিপদজনক ২০ টা অঞ্চল :

সমীক্ষা মতে গুৱাহাটী মহানগৰীৰ ২০ টা বিশেষ অঞ্চলক আটাইতকৈ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে । ইয়াৰ ভিতৰত আছে- ফটাশিল, গড়ভাঙা, গোটাগৰী, হেঙেৰাবাৰী, জালুকবাৰী-লংকেশ্বৰ, কাহিলীপাৰা, কালাপাহাৰ, কামাখ্যা-নীলাচল, খানাপাৰা, খাৰঘুলি, কইনাধৰা, মালিগাঁও, নৱগ্ৰহ, নৰকাসুৰ, নৰেংগী, নুনমাটি, শান্তিপুৰ, শৰণীয়া, শুক্ৰেশ্বৰ আৰু চূনচালি ।

প্ৰাপ্ত তথ্য অনুসায়ী, খাৰঘূলি অঞ্চলত আটাইতকৈ বেছি অৰ্থাৎ ৭৭ টা স্পৰ্শকাতৰ স্থান পোৱা গৈছে । ইয়াৰ পিছতে থকা অন্যান্য বিপদজনক অঞ্চলসমূহ হ’ল :

-নুনমাটি: ৪০ টা স্থান

-নৰেংগী: ৩৭ টা স্থান

-খানাপাৰা: ৩৩ টা স্থান

-মালিগাঁও: ৩১ টা স্থান

-জালুকবাৰী-লংকেশ্বৰ: ৩০ টা স্থান

প্ৰতিবেদন মতে আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে যে চিনাক্ত কৰা স্থানসমূহৰ ৭৪ শতাংশতে মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন । ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে এইসমূহ অঞ্চলৰ আশে-পাশে থকা জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : গুৱাহাটীৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ… ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত জনজীৱন

হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ

হিমাচল প্ৰদেশত প্ৰকৃতিৰ ৰূদ্ৰ ৰূপ । ধাৰাসাৰ বৰষুণৰ ফলত মাণ্ডী জিলাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বিগত ২৪ ঘণ্টা ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে নদীৰ জলস্তৰ বৃদ্ধি পাইছে । নিহাৰী তহচিলৰ ব্ৰগটা গাঁৱত মুষলধাৰ বৰষুণৰ পিছত গভীৰ নিশা সংঘটিত হোৱা ভূমিস্খলনে তিনিজনৰ প্ৰাণ কাঢ়ি নিয়ে । নিহতসকলৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু এটি আঠ মহীয়া শিশু ।

মূষলধাৰ বৰষুণৰ বাবে অঞ্চলটোৰ বহু ঠাইত ভূমিস্খলন আৰু পথ বন্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে । প্ৰশাসনে ততাতৈয়াকৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে সাহায্য সামগ্ৰী আৰু অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰিছে । বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কবাণীক গুৰুত্বসহকাৰে লৈ ৰাইজক স্পৰ্শকাতৰ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

ধৰমপুৰত বজাৰ আৰু বাছ ষ্টেণ্ডত বাঢ়নী পানী প্ৰৱেশ কৰিছে । সম্পূৰ্ণ ডুব গৈছে ধৰমপুৰ বাছ ষ্টেণ্ড । তাত ৰখাই থোৱা বহু বাছ পানীয়ে উটুৱাই লৈ যায় । বজাৰৰ কেইবা ডজনো দোকান-পোহাৰ আৰু ষ্টল বানৰ কবলত বিধ্বস্ত হৈ পৰে । ঘৰৰ ভিতৰত আঁঠুলৈকে পানীৰে ভৰি পৰিছে আৰু সকলো সামগ্ৰী নষ্ট হৈ পৰিছে ।

বজাৰৰ বহু ঠাইত পথ ভাঙি গৈছে । ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । দুৰ্যোগ ব্যৱস্থাপনা দলক প্ৰেৰণ কৰা হৈছে যদিও বেয়া বতৰৰ বাবে সাহায্যৰ কামত অসুবিধাৰ সৃষ্টি হৈছে । প্ৰশাসনে জনোৱা মতে, এই পৰ্যন্ত আধা ডজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষী আৰু এছ ডি আৰ এফৰ দলসমূহে অহৰহ তেওঁলোকৰ সন্ধানত ব্যস্ত হৈ আছে ।

ধৰমপুৰৰ উপৰিও হিমাচল প্ৰদেশৰ মাণ্ডীৰ আন আন অঞ্চলতো বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বহু গ্ৰাম্য অঞ্চলৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । সৰু সৰু দলংবোৰ জাহ গৈছে আৰু পথবোৰ ধ্বংসাৱশেষেৰে ভৰি পৰিছে । মাণ্ডি-কুল্লু ঘাইপথৰ বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি পথত আবদ্ধ হৈ থাকিবলগীয়া হৈছে যাত্ৰীসকল ।

লগতে পঢ়ক : ডাৱৰ বিস্ফোৰণত ডেৰাডুনত ভয়ংকৰ পৰিস্থিতি… ধ্বংসস্তুপত পৰিণত ঘৰ-দুৱাৰ

চুডানত ভয়ংকৰ ভূমিস্খলন… মাটিৰ তলত সম্পূৰ্ণৰূপে পোত গ’ল এখন গাঁও

চুডানত ভয়ংকৰ ভূমিস্খলন

চুডানৰ পশ্চিম অঞ্চল দাৰফুৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰত এহেজাৰৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । দেশখন নিয়ন্ত্ৰণ কৰা বিদ্ৰোহী সংগঠন- চুডান মুক্তি লিবাৰেশ্যন মুভমেন্ট সেনাই সোমবাৰে জনোৱা মতে, কেইবাদিনো হৈ থকা ধাৰাসাৰ বৰষুণৰ অন্তত দেওবাৰে টাৰ্চিন গাঁৱত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয় । খবৰ অনুসৰি এই গাঁওখন মধ্য দাৰফুৰৰ মাৰা পৰ্বতমালাত অৱস্থিত । এই ভূমিস্খলনক শেহতীয়া বছৰবোৰৰ আটাইতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ বুলি গণ্য কৰা হৈছে ।

প্ৰায় সকলো গাঁওবাসীৰ মৃত্যু-

চুডান লিবাৰেশ্যন মুভমেন্ট- সেনাই জনোৱা মতে, প্ৰাথমিক তথ্য অনুসৰি ভয়ংকৰ ভূমিস্খলনত টাৰ্চিন গাঁৱত বাস কৰা প্ৰায় সকলো লোকৰ মৃত্যু হৈছে । মাত্ৰ এজন ব্যক্তিৰহে এই দুৰ্যোগৰ পৰা প্ৰাণৰক্ষা পৰে । এই দুৰ্যোগত প্ৰায় এক হাজাৰ লোকৰ মৃত্যু হৈছে বুলি অনুমান কৰা হৈছে । ভয়ংকৰ ভূমিস্খলনত গাঁওখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে ।

মৃতদেহ উদ্ধাৰ কৰিবলৈ ৰাষ্ট্ৰসংঘলৈ আবেদন-

ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সাহায্য গোটসমূহক সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱাত সহায় কৰিবলৈ আৰু ধ্বংসাৱশেষৰ তলত পোত যোৱা মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে । স্থানীয় সংবাদ মাধ্যমে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত দেখা গৈছে যে পাহাৰৰ মাজৰ সমগ্ৰ অঞ্চলটো সমতল হৈ পৰিছে আৰু তাত থকা ধ্বংসাৱশেষত মানুহে উদ্ধাৰ অভিযানত নামিছে ।

২০২৩ৰ পৰা সেনা আৰু আৰ এছ এফৰ অব্যাহত যুদ্ধ-

ইতিমধ্যে চুডানে ভয়ংকৰ গৃহযুদ্ধৰ সৈতে যুঁজি থকাৰ সময়তে এই দুৰ্যোগ সংঘটিত হৈছে । ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ৰাজধানী খাৰ্টুমকে ধৰি বহু ঠাইত দেশৰ সেনা আৰু অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত যুদ্ধ চলি আহিছে । সেনা আৰু আৰ এছ এফৰ মাজত হোৱা যুদ্ধৰ বাবে মাৰা পৰ্বতমালাকে ধৰি দাৰফুৰ অঞ্চলৰ বহু অংশ ৰাষ্ট্ৰসংঘ আৰু সাহায্য গোটৰ সহায়ৰ হাতৰ বাহিৰত ।

মাৰা পাহাৰত আশ্ৰয় লৈছে হাজাৰ হাজাৰ স্থানচ্যুত পৰিয়ালে-

মাৰা পৰ্বতমালা অঞ্চলত চুডান লিবাৰেশ্যন মুভমেন্ট-সেনা দাৰফুৰ আৰু কৰ্ডোফানত সক্ৰিয় কেইবাটাও বিদ্ৰোহী গোটৰ ভিতৰত অন্যতম । চলি থকা গৃহযুদ্ধত ই কোনো পক্ষৰ সৈতে জড়িত নহয় । মাৰা পৰ্বতমালা হৈছে আল-ফাশ্বাৰৰ দক্ষিণ-পশ্চিমে বিস্তৃত ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আগ্নেয়গিৰিৰ পৰ্বতমালা । ৰাজধানী খাৰ্টুমৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অঞ্চলত সংঘাতত স্থানচ্যুত হোৱা হাজাৰ হাজাৰ পৰিয়ালে ইয়াত আশ্ৰয় লৈছে ।

সংঘাতত এতিয়ালৈকে ৪০ হাজাৰৰো অধিক লোকৰ মৃত্যু-

চুডানত এতিয়ালৈকে এই সংঘাতত ৪০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, আৰু ১.৪ কোটিতকৈ অধিক লোকে ঘৰ এৰি যাবলৈ বাধ্য হৈছে । দেশৰ বহু ঠাইত দুৰ্ভিক্ষ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ বাবে মানুহে জীয়াই থাকিবলৈ ঘাঁহ খাবলৈ বাধ্য হৈছে । ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ সংগঠনৰ মতে এই সংঘাতত জাতিগত হিংসা, গণহত্যা, ধৰ্ষণ আদি গুৰুতৰ অপৰাধ সংঘটিত হৈছে । আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়েও যুদ্ধাপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : মোদী-পুটিনৰ মিত্ৰতা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাহাকাৰ… একপক্ষীয় বাণিজ্যিক সম্পৰ্কৰ অভিযোগ

পাকিস্তানত প্ৰকৃতিৰ বিভীষিকা… জলপ্ৰলয়ত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে তিনিশ

পাকিস্তানত প্ৰকৃতিৰ বিভীষিকা

পাকিস্তানত এতিয়া প্ৰকৃতিৰ বিভীষিকা । পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । কেইবাদিনো ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনে এতিয়ালৈকে অঞ্চলটোত ৩০০ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে ।

প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে এই বানত ৩০৭ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে বুনাৰত কমেও ১৮৪ জন লোকৰ মৃত্যু হৈছে । শ্বাংলাত ৩৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মানছেহৰাত ২৩ জন, শ্বাটত ২২ জন, বাজাউৰত ২১ জন, বট্টাগ্ৰামত ১৫ জন, ল’ৱাৰ ডিৰত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এবটাবাদত এটি শিশুৰ পানীত পৰি মৃত্যু হয় ।

শুকুৰবাৰে হোৱা ভয়াৱহ বানপানীয়ে পথ, দলং, অট্টালিকা, বিদ্যুৎ সংযোগকে ধৰি আন্তঃগাঁথনিৰ ভয়াৱহ ক্ষতিসাধন কৰিছে । ডনে প্ৰকাশ কৰা অনুসৰি বানপানীৰ সময়ত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা পানী হ্ৰাস পোৱাৰ পিছতহে জানিব পৰা যাব বুলি বিষয়াসকলে কয় ।

পি ডি এম এই ক্ষয়-ক্ষতিৰ মূল্যায়ন অব্যাহত ৰাখি কয় যে ৭টা ঘৰ ধ্বংস হোৱাৰ লগতে ৩৮টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে, বেছিভাগেই শ্বাট জিলাত । পি ডি এম এই আৰু কয় যে তিনিখন বিদ্যালয় ধ্বংস হোৱাৰ লগতে আন তিনিখন বিদ্যালয়ৰ ক্ষতিসাধন হৈছে । ডনে প্ৰকাশ কৰা অনুসৰি ২১ আগষ্টলৈকে প্ৰদেশখনৰ বিভিন্ন ঠাইত বৰষুণ অব্যাহত থাকিব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে ।

ইফালে বানপানী অহাৰ পিছত বুনেৰ জিলাৰ উদ্ধাৰকাৰী দলে ৩০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি আৱদ্ধ হৈ থকা ২০৭১ জন লোকক সুৰক্ষিত স্থানলৈ উদ্ধাৰ কৰে । লগতে দুৰ্যোগপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলি থকাৰ বাবে সমগ্ৰ জিলাখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । আনহাতে এবটাবাদ চহৰখন বানত বেয়াকৈ প্ৰভাৱিত হৈছে, প্ৰায় সকলো মূল পথ ডুব গৈছে ।

লগতে পঢ়ক : সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ… তিনি ঘন্টা ধৰি চলিল ট্ৰাম্প-পুটিনৰ ৰুদ্ধদ্বাৰ বৈঠকৰ

মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ… ভূমিস্খলনৰ ফলত ২ জনৰ মৃত্যু

মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ

শুকুৰবাৰৰ পৰা মহাৰাষ্ট্ৰৰ বহু ঠাইত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । একাংশ গাঁৱত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে মায়ানগৰী মুম্বাইৰ অৱস্থাও ধাৰাষাৰ বৰষুণত ক্ৰমে শোচনীয় হৈ পৰিছে । মুম্বাইৰ ৰাজপথত সকলোফালে এতিয়া পানী দেখা গৈছে । বৰষুণৰ বাবে মুম্বাইৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে ভূমিস্খলনো সংঘটিত হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ ভিখৰ’ৰি অঞ্চলৰ বর্ষনগৰত ভূমিস্খলন সংঘটিত হৈছে ৷ এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে ।

নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইত ভূমিস্খলন-

১৬ আগষ্টৰ নিশা ২:৩৯ বজাত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা । MFB য়ে পুৱা ৫.৫০ বজাত এই দুৰ্ঘটনাৰ খবৰ দিয়ে । বিখৰোলিৰ জন কল্যাণ ছ’চাইটিত সংঘটিত হয় এই ভূমিস্খলন । তথ্য অনুসৰি পাহাৰীয়া অঞ্চলৰ পৰা মাটি আৰু শিল এটা জুপুৰীত খহি পৰে । এই দুৰ্ঘটনাত ৪ জন লোক আহত হয় । তেওঁলোকক ৰাজাৱদী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু তেতিয়ালৈকে দুজন লোকৰ মৃত্যু হয় ।

মুম্বাইত বৰষুণৰ বাবে ৰেড এলাৰ্ট-

ধাৰাসাৰ বৰষুণৰ বাবে মুম্বাইত জাৰি কৰা হৈছে ৰেড এলাৰ্ট । ইয়াৰ পূৰ্বে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছিল মহানগৰখনত । ইয়াৰ পিছত আই এম ডিয়ে ৰেড এলাৰ্টৰ বিষয়ে অৱগত কৰে । বি এম চিয়েও ইয়াৰ বিষয়ে এক্সত পোষ্ট কৰিছে । মুষলধাৰ বৰষুণৰ বাবে মায়ানগৰী মুম্বাইৰ বহু অঞ্চল পানীৰে ভৰি পৰিছে ।

লগতে পঢ়ক : আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস; ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন; সন্ধান নাই  ৯ সেনা জোৱানৰ

সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন

দেশৰ বহু ঠাইত সময়ৰ আগতেই বাৰিষাৰ আগমন ঘটিছে।উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

দেওবাৰে সন্ধিয়া ছিকিমৰ এটা সেনা শিবিৰত হোৱা ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হয়।মৃত লোক সকলৰ এতিয়াও চিনাক্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ৯ জন জোৱানো সন্ধানহীন হৈ আছে,যাৰ বাবে তালাচী অভিযান চলি আছে।

শুকুৰবাৰৰ পৰা একেৰাহে তৃতীয় দিন মংগন জিলাত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ বাবে উত্তৰ ছিকিমত বৰ্তমান প্ৰায় ১৫০০ ৰো অধিক পৰ্যটক আবদ্ধ হৈ আছে।

লগতে পঢ়ক: অজিত পাৱাৰক বিশ্বাসঘাটকতা; নাগালেণ্ডৰ সাত বিধায়কৰ NDPP ত যোগদান